Class 3 Assamese Chapter 1 আমাৰ গাওঁ – অতুল চন্দ্ৰ হাজৰিকা
Class 3 Assamese Chapter 1 আমাৰ গাওঁ – অতুল চন্দ্ৰ
হাজৰিকা, SEBA Chapter 1 আমাৰ গাওঁ Class 3
Assamese Question Answer Class 3 অংকুৰণ Question
Answer
আমাৰ গাওঁ – অতুল চন্দ্ৰ
হাজৰিকা (Chapter – 1)
ক -পাঠভিত্তিক প্রশ্নোত্তৰ
প্রঃ ১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ কৰো আহা।
উত্তৰ :- নিজে পঢ়া আৰু আবৃত্তি কৰা।
২। কওঁ আহা :
(ক) পদূলি মুখত কি ফুল ফুলে ?
উত্তৰ :- পদূলি মুখত গধূলিগোপাল ফুলে।
(খ)
গাওঁৰ পুখুৰীত কি হাঁহ চৰে ?
উত্তৰ :- গাওঁৰ পুখুৰীত ৰাজহাঁহ চৰে।
(গ) পথাৰখন দেখিবলৈ কেনেকুৱা ?
উত্তৰ :- পথাৰখন পকা ধানেৰে দেখিবলৈ সোণালী বৰণীয়া।
(ঘ) গাওঁৰ ৰাইজে মিলিজুলি কি কৰে ?
উত্তৰ :- গাওঁৰ ৰাইজে মিলিজুলি একেখন গাওঁতে মৰমৰ হাট পাতি
থাকে।
(ঙ) কি কি শুৱনি বস্তুৰে গাওঁখন ভৰি আছে ?
উত্তৰ :- গাওঁখন ভৰি থকা শুৱনি বস্তুবোৰ হ’ল–ঘরবাৰী পদূলি
মুখত ফুলি থকা ফুল, ৰাজহাঁহ চৰি থকা পুখুৰী, তামোল-পানব বারী, পকা ৷ ধানৰ সোণালী পথাৰ, নানা বৰণীয়া ফুল, পখিলা, গোহালি ভৰা গৰু, ৷ পানী ভৰা নৈঘাট, বকুল তলব বাট আৰু সহজ-সবল
জীৱনযাপন কৰা মানুহবোৰৰ মাজত থকা মিলা প্রীতি।
(চ) পদ্যটিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে ?
উত্তৰ :- গাওঁৰ ভাই-ভণী ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা, ছখিনাক একোটি থুপিৰে ফুল বুলি
কোৱা হৈছে।
প্ৰঃ ২। আমাৰ গাওঁ পদ্যটিৰ প্রথম আঠশাৰীৰ কথাখিনি নিজৰ
কথাৰে কোৱা।
উত্তৰ :- গাওঁখন শুৱনি ঘৰ-বাৰীৰে ভৰা। পদূলি মুখত
গধূলিগোপালে শোভা কৰি থাকে। তামোল-পাণেৰে ভৰি থাকে শুৱনি বাৰীখন। সোণ বৰণীয়া পকা
ধানেৰে ভৰি থকা পথাৰখনৰ ৰূপে মানুহৰ মন-প্রাণ আনন্দিত হয়। এই সমূহৰ সমাহাৰত গাওঁৰ
প্ৰাকৃতিক শোভা মনোমুগ্ধকৰ হৈ উঠে।
প্রঃ ৩। পদ্যটি পঢ়ি তুমি বুজি নোপোৱা শব্দবোৰ চিনাক্ত কৰা।
সেইবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা।
উত্তৰ :-
|
শব্দ |
অর্থ |
|
শুৱনি |
দেখিবলৈ ধুনীয়া, মনোমোহা। |
|
ভৰা |
পূৰ্ণ, ভর্তি হৈ
থকা, ভৰি থকা। |
|
পদূলি মুখ |
ঘৰৰ সন্মুখ ভাগ। |
|
মনোহৰ |
মনোমুগ্ধকৰ, মনোৰম। |
|
চৰে |
বিচৰণ কৰে। |
|
সোণালী |
সোণ বৰণীয়া। |
|
গছজুপি |
গছজোপা। |
|
ৰচকী |
উৎসাহী, চঞ্চলা। |
|
সুৱদি |
শুনিবলৈ ভাল, সুৰীয়া, লয়যুক্ত। |
|
গঞালোক |
গাওঁলীয়া মানুহ। |
|
মিলিজুলি |
সমিলমিল। |
|
সৱে |
সকলোৱে। |
|
হাট |
বজাৰ। |
|
নামঘৰ |
প্রার্থনা গৃহ। |
প্রঃ ৪। লিখা :
(ক) পদ্যটোত থকা মানুহৰ নাম লিখা।
উত্তৰ :- পদ্যটোত থকা মানুহৰ নামকেইটা হ’ল—ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা, ছখিনা।
(খ) পদ্যটোত থকা শুৱনি বস্তুবোৰৰ নাম লিখা।
উত্তৰ :- পদ্যটোত থকা শুৱনি বস্তুবোৰৰ নাম হ’ল— শুৱনি ঘৰ, তামোল-পাণৰ বাৰী, পদূলিমুখত ফুলি থকা গধূলিগোপাল, ধানেৰে ভৰি থকা সোণালী পথাৰ, ৰাজহাঁহ চবি থকা পুখুৰী, মৌৱে বাহ লোৱা ঔ-গছ, বিবিধ চৰাই-চিৰিকটি আৰু ফুল, ৰচকী পখিলা, গোহালিভৰা গৰু-গাইবোৰ, নামঘৰ, পানী ভবা নৈঘাট আদি।
(গ) পদ্যটোত বিচাৰি উলিয়াই লিখা।
উত্তৰ :-
|
‘ৰ’ আখৰটো প্ৰথমতে থকা শব্দ |
‘ৰ’ আখৰটো মাজত থকা শব্দ |
‘ৰ’ আখৰটো শেষত থকা শব্দ |
|
ৰাজহাঁহ |
বাৰীখনি |
আমাৰ, ভৰা, |
|
ৰহিম |
বাটৰুৱা |
মনোহৰ, পথাৰ, |
|
ৰচকী |
মৰমৰ |
গছৰ, গাওঁৰ, |
|
পুখুৰী, চৰে, |
||
|
নামঘৰ, বকুলৰ, |
||
|
থুপিৰ, মুখৰ |
খ – ভাষা অধ্যয়ন (ব্যৱহাৰিক
ব্যাকৰণ)
প্রঃ ১। তলৰ স্বৰচিহ্নযুক্ত বর্ণকেইটাৰ ৰূপ সলনি কৰি দুটাকৈ
শব্দ গঠন কৰা।
উত্তৰ :-
|
যেনে — শূ →শু→শিশু শুৱনি |
|
ৰু → ৰু → গৰু সৰু |
|
ৰূ → ৰূ → ৰূপ ৰূপালী |
|
হূ → হু → হুদু হুকম |
|
গু → গু → গুটিমালি গুৱাহাটী |
প্রঃ ২। তলত দিয়া প্ৰতিটো শব্দৰে দুটাকৈ বাক্য সাজোঁ আহা—
উদাহৰণ : শুৱনি :- আমাৰ গাওঁখন অতি শুৱনি।
হৰিণাৰ চুকুযুৰি শুৱনি।
শব্দ :- মনোহৰ, ৰচকী, মিলিজুলি।
উত্তৰ :- মনোহৰ :- (১) পকা ধাননি পথাৰৰ মনোহৰ ৰূপ
চাবলগীয়া।
(২)
অসমৰ মনোহব প্রাকৃতিক ৰূপে মানুহক মুগ্ধ কৰে।
ৰচকী :- (১) সুনীতা এগৰাকী ৰচকী ছোৱালী।
(২)
ৰচকী পখিলাই ফুলে ফুলে গুণগুণায়।
মিলিজুলি :- (১) গাওঁত মানুহে মিলিজুলি বসবাস
কৰে।
(২)
সকলোৱে মিলিজুলি থাকিলে সমাজত শান্তি বিৰাজ কৰে।
প্রঃ ৩। তলত আঁচটনা শব্দৰ বিপৰীত অর্থ বুজোৱা শব্দৰে খালী
ঠাই পূৰ কৰোঁ আহা—
উদাহৰণ :- সৰু নামঘৰ বৰ নামঘৰ।
(ক) ভৰা বাৰীখনি ___বাৰীখনি
উত্তৰ :- ভৰা বাৰীখনি খালি বাৰীখনি।
(খ) পকা ধান ___ধান।
উত্তৰ :- পকাধান কেঁচা ধান।
(গ) তলেদি বাট ___বাট।
উত্তৰ :- তলেদি বাট ওপৰেদি বাট।
গ – জ্ঞান সম্প্ৰসাৰণ
প্রঃ ১। পদ্যটোত নথকা কিন্তু তোমাৰ অঞ্চলত থকা শুৱনি
বস্তুবোৰৰ বিষয়ে কোৱা।
উত্তৰ :- পদ্যটোত নথকা কিন্তু আমাৰ অঞ্চলত থকা শুৱনি
বস্তবোৰ হ’ল – সেউজীয়া দলিচা যেন লগা গাওঁৰ সন্মুখৰ গো-চৰণীয়া পথাৰ, নামঘৰৰ সন্মুখৰ প্ৰকাণ্ড বকুল
জোপা, বিদ্যালয়ৰ ফুলনি বাগিছাখন, গছ-গছনি, ফুলনিৰে আবৃত গাওঁৰ বিষ্ণু
মন্দিৰটো আদি।
প্রঃ ২। বিভিন্ন পুথিৰ পৰা পদ্য সংগ্ৰহ কৰি পঢ়া।
উত্তৰ : পুথিভঁৰালৰ পৰা কিতাপ সংগ্ৰহ কৰি ‘আমাৰ গাওঁৰ দৰে
কবিতাবোৰ টোকাবহী এখনত লিখি লৈ পঢ়া।
প্ৰঃ ৩। ‘আমাৰ গাওঁ’ পদ্যটোৰ সহায় লৈ নিজাকৈ আন এটা পদ্য
লিখা।
উত্তৰ :-
মোৰ দেশ মোৰ গাওঁ
মই তোমাক ভাল পাওঁ
তোমাৰ কোলাত শুই মই
নিশাকালত টোপনি যাওঁ।
প্ৰঃ ৪। তলৰ ছবিখন চাই দলত আলোচনা কৰা।ছবিখনত কি কি দেখা
পালা সেই বিষয়ে প্রত্যেকেই চাৰিটাকৈ বাক্য লিখা।
উত্তৰ :- ছবিখনত গছ-গছনি থকা মুকলি আলিবাটৰ কাষত ফল-মূল
বিক্ৰী কৰি থকা মানুহজন দেখা গৈছে। ডাঙৰ গছজোপাৰ তলতে এটা পানীৰ কুঁৱা আছে। তিৰোতা
এগৰাকীয়ে কুৱাটোৰ পৰা পানী তুলিবলৈ লৈছে। কেইজনমান বিক্রেতাই গ্রাহকক ফল-মূল
বিক্ৰী কৰি থকা দেখা গৈছে। বস্তু বেচা-কিনা কৰা ঠাইখনৰ ওচৰে পাজবে লোকবসতি আছে।
লোকবসতিত গোহালিব কাযত গরুও দেখা গৈছে। ইয়াৰ পৰা বস্তু বেচা-কিনা কৰা ঠাইখন
গাওঁলীয়া অঞ্চলত বুলি বুজিব পাৰি।
ঘ – প্রকল্প
প্রঃ ১। বিভিন্ন ধর্মৰ উপাসনা-গৃহব ছবি সংগ্রহ কৰি সঠিক
ঠাইত ছবিবোৰ লগোৱা।
উত্তৰ :- মন্দিৰ, মছজিদ, গীর্জা, গুরুদ্বাৰ, বৌদ্ধ মঠ, নামঘৰ আদিৰ ছবি সংগ্ৰহ কৰি
এলবামত যুগুতাই থোৱা।
প্রঃ ২। প্রত্যেকেই উপাসনা গৃহৰ বিষয়ে কোৱা।
উত্তৰ :- প্রত্যেক মানুহৰ নিজা ধর্ম আৰু উপাসনা গৃহ আছে।
এনে উপাসনা গৃহবোৰ হ’ল মন্দিৰ, মছজিদ, গীর্জা, গুরুদ্বাৰ, বৌদ্ধমঠ, নামঘৰ আদি। প্রত্যেক মানুহ নিজ নিজ ধর্ম অনুসৰি নিজা উপাসনা
গৃহত নিজৰ নিজৰ উপাস্য দেৱতাক প্রার্থনা জনায়। হিন্দুরে নামঘৰ, মন্দিব আদিত উপাসনা কৰে। ইছলাম
ধর্মীলোকে মছজিদত প্রার্থনা কৰে, খ্ৰীষ্টিয়ান সকলে গীৰ্জাত আৰু বৌদ্ধধর্মী সকলে বৌদ্ধ মঠ বা
বৌদ্ধ বিহাৰত প্ৰাৰ্থনা জনায়। শিখধর্মী সকলে গুৰুদ্বাৰত প্ৰাৰ্থনা কৰে।
প্রঃ ৩। গধূলিগোপাল সন্ধিয়া ফুলে। ৰাতিফুলা ফুলৰ এখন
তালিকা কৰা।
উত্তৰ :- ৰাতি ফুলা ফুলবোৰ হ’ল–শেৱালি, তগৰ, স্থলপদ্ম, ভেঁটফুল, ৰজনীগন্ধা, কামিনীকাঞ্চন, হাচনুহানা ইত্যাদি।
প্রঃ ৪। তুমি দেখা চৰাইবোৰ নিৰীক্ষণ কৰা। তলৰ চৰাই দুবিধৰ
যিয়ে দুটাকৈ বাক্য লিখা।
উত্তৰ :- (১) ঘনচিৰিকা :- ঘনচিৰিকা এবিধ সৰু উৰণীয়া
চৰাই। ই মানুহৰ বসতি অঞ্চলত বাস কৰে। বিভিন্ন শইচৰ খুদ-কণ, গছৰ গুটি আদি ই ভক্ষণ কৰে।
(২) শালিকা :- শালিকাও এবিধ সৰু আকৃতিৰ চৰাই।
ই মানুহৰ বসতি অঞ্চলত বাস কৰে। ই শিকালে মানুহৰ দৰে মাত মাতিবলৈ শিকে। শইচৰ
খুদ-কণেই শালিকাৰ প্ৰধান খাদ্য।
প্রঃ ৫। বাৰীত তামোল-পাণাৰ বাহিৰে আৰু কি কি ফলৰ গছ থাকে ? সেইবোৰৰ নাম লিখি তাৰ কাষত
ফলবোৰৰ ছবি আঁকা।
উত্তৰ :- বাৰীত তামোল-পাণৰ বাহিৰেও আম, কল, কঁঠাল, নাৰিকল, অমিতা, ৰবাৰ টেঙা, ডালিম, লিচু, বেল, কৰ্দৈ, আনাৰস আদিৰ গছ থাকে। (ছবি নিজে
আঁকা।)
⇒ লগে-ভাগে গাওঁ আহা :- (নিজে গোৱা।)


