Class 3 Assamese Chapter 2 একতাৰ বল

Class 3 Assamese Chapter 2 একতাৰ বল

Class 3 Assamese Chapter 2 একতাৰ বল, SEBA Chapter 2 একতাৰ বল Class 3 Assamese Question Answer Class 3 অংকুৰণ Question Answer by Buranjipedia

একতাৰ বল (Chapter – 2)

ক -পাঠভিত্তিক ক্রিয়া

প্ৰঃ ১। সাধুটো তোমাৰ নিজৰ কথাৰে কোৱা। 

উত্তৰ :- ওপৰত দিয়া পাঠটোৰ মূলকথা পঢ়া। 

প্রঃ ২। উত্তৰ দিয়া :

(ক) গাওঁবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ কি হৈছিল

উত্তৰ :- গাওঁবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতৰ মাজত মিলা-প্ৰীতি নথকা কথাটোৱে তেওঁক বৰ চিন্তিত কৰি তুলিছিল।

(খ) সাধুকথা ক’ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে কি কৰিলে

উত্তৰ :- সাধুকথা ক’ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে ককাকৰ কাষত জুম বান্ধিলে।

(গ) খেতিয়কজনৰ কেইজন পুতেক আছিল

উত্তৰ : খেতিয়কজনৰ চাৰিজন পুতেক আছিল।

(ঘ) পুতেক কেইজনৰ মাজত মিলা-প্ৰীতি আছিল নে

উত্তৰ : পুতেকহঁতৰ মাজত মিলা-প্ৰীতি নাছিল।

(ঙ) দেউতাকে পুতেকহঁতক ইকৰা কাঠীবোৰ কি কৰিবলৈ দিলে

উত্তৰ :- দেউতাকে পুতেকহঁতক এডাল এডালকৈ প্ৰত্যেকক ইকৰাৰ কাঠী দি সেয়া ভাঙিবলৈ দিলে।

(চ) ইকবাৰ মুঠাটো সিহঁতে অকলশৰীয়াকৈ ভাঙিব পাৰিলেনে ?

উত্তৰ :- ইকৰাৰ মুঠাটো সিহঁতৰ কোনোজনেই অকলশৰীয়াকৈ ভাঙিব নোৱাৰিলে।

(ছ) মিলিজুলি থাকিলে কি হয় ?

উত্তৰ :- মিলিজুলি থাকিলে আন কোনেও বিপদ-বিঘিনি ঘটাব নোৱাৰে। 

প্রঃ ৩। থালখনত থকা শব্দবোৰ পঢ়া।শব্দবোৰৰ অৰ্থ পচিটোৰ পৰা বিচাৰি নিজৰ বহীত লিখা।

জহকালি

চেষ্টা কৰি পোৱা

কাণসাৰ

একতা

পাঙিলে

কোনো কথালৈ মনোযোগ দিয়া

মিলা-প্রীতি

ভাবিলে

অর্জন

গৰমকালি

উত্তৰ :-

জহকালি

গৰমকালি

কাণসাৰ

কোনো কথালৈ মনোযোগ দিয়া

পাঙিলে

ভাবিলে

মিলা-প্রীতি

একতা

অর্জন

চেষ্টা কৰি পোৱা

প্রঃ ৪। তলৰ শব্দ কেইটা ক্ৰমত সজাই বাক্যটো পুনৰ লিখা। 

উদাহৰণ :- আছিল এখন খেতিয়ক গাওঁত এজন। 

উত্তৰ :- এখন গাওঁত এজন খেতিয়ক আছিল। 

(ক) চাৰিজন আছিল খেতিয়কজনৰ পুতেক।

উত্তৰ :- খেতিয়কজনৰ চাৰিজন পুতেক আছিল। 

(খ) পুতেক নাছিল মাজত কেইজনৰ মিলা-প্রীতি।

উত্তৰ :- পুতেক কেইজনৰ মাজত মিলা-প্রীতি নাছিল।

(গ) ক্রমে আহিল হৈ বুঢ়া খেতিয়কজন। 

উত্তৰ :- খেতিয়কজন ক্রমে বুঢ়া হৈ আহিল।

খ – ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রঃ ১। নাওখনত থকা শব্দবোৰ পঢ়া। খালী ঠাইত উপযুক্ত শব্দ লিখি বাক্যবোৰ সম্পূৰ্ণ কৰা।

স্বভাৱ

পোহ-পাল

সাফল্য

মূল্যৱান

বুদ্ধি

(ক) তেওঁৰ ___ভাল।

উত্তৰ :- তেওঁৰ স্বভাৱ ভাল।

(খ) অবাবত ___সময় নষ্ট নকৰিবা।

উত্তৰ :- অবাবত মূল্যবান সময় নষ্ট নকৰিবা।

(গ) মিলিজুলি কাম কৰিলে সহজে ___অৰ্জন কৰিব পাৰি।

উত্তৰ :- মিলিজুলি কাম কৰিলে সহজে সাফল্য অর্জন কৰিব পাৰি। 

(ঘ) খেতিয়কজনে খেতি-বাতি কৰি পৰিয়ালটো ___ দিছিল।

উত্তৰ :- খেতিয়কজনে খেতি-বাতি কৰি পৰিয়ালটো পোহ-পাল দিছিল। 

(ঙ) বলেৰে নোৱাৰিলে ___প্ৰয়োগ কৰিবা।

উত্তৰ :- বলেৰে নোৱাৰিলে বুদ্ধি প্ৰয়োগ কৰিবা।

প্রঃ ২। (ক) যুক্তাক্ষৰ ভাঙি পঢ়ো আহা

মূল্যবান   ল্য    ল+য়     ল-ই    য়-হ ল্

বাণিজ্য    জ্য    জ+য়    জ-ই    য়-ই জ্

সদস্য      স্য     স+য়    স-ই     য়-ই স্

কাম্য       ম্য     ম+য়    ম-ই    য়-হ ম্

খাদ্য        দ্য     দ+য়    দ-ই     য়-ই দ্

(খ) যুক্তাক্ষৰ গঠন কৰোঁ আহা—

ল + য়    লই     য়ই  ―   ল্য

জ + য়   জই     য়ই  ―   জ্য

স + য়   সই      য়ই  ―   স্য

ন + য়   নই      য়ই  ―  ন্য

মনত ৰাখিবা :- , , স-অৰ লগত ‘য়’ যোগ হ’লে এইবোৰৰ উচ্চাৰণ ‘‍‍্য’ হয়। যেনে – শ্যামল, ভবিষ্যত, শস্য, মৎস্য আদি।

প্রঃ ৩। হাতেৰে আমি কি কি কৰোঁ লিখা।

খেলো হাতেৰে আমি কেম, লুডু, মাৰ্বল খেলোঁ।

খোলোঁ হাতেৰে আমি গাঁঠি খোলো।

ভাঙো হাতেৰে আমি ইকৰা ভাঙো।

প্রঃ ৪। মাছৰ ভিতৰৰ পৰা যুক্তাক্ষৰ আনি বাক্যকেইটা সম্পূৰ্ণ কৰা।

জ্য,     ল‍্য,       স‍্য

(ক) পিতৃ-মাতৃ আমাৰ পূ ___

উত্তৰ :- পিতৃ-মাতৃ আমাৰ পূজ্য।

(খ) সময় অমূ ___ধন৷

উত্তৰ :- সময় অমূল্য ধন।

(গ) শিক্ষাগুৰু সকল নম ___

উত্তৰ :- শিক্ষাগুক সকল নমস্য। 

প্রঃ ৫। জানো আহা

বাক্য, পদ, বাক্যৰ ভাগ

বাক্য :- কিছুমান শব্দ লগ লাগি এটা সম্পূর্ণ অর্থ প্রকাশ কৰিলে সেই শব্দৰ গোটটোকে বাক্য বোলা হয়। যেনে— খায়, ভাত, বামে—এই শব্দ কেইটাৰে আমি লিখিব পৰা বাকাটো হ’ল-বামে ভাত খায়। তলত কিছুমান বাকা দিয়া হ’ল—

(ক) হবিয়ে কিতাপ পঢ়ে।

(খ) যদু ঘৰলৈ গ’ল।

(গ) আমিনা মাকৰ ঘৰলৈ আহিল।

(ঘ) ৰহিমে অংক কৰিছে।

(ঙ) ল’ৰাহঁতে পথাৰত বল খেলিছে।

পদ :- বাক্যত ব্যৱহাৰ হোৱা শব্দ বোধক পদ বোলে। যেনে-বামে গত খায়। এই বাক্যটোত ব্যৱহাৰ হোৱা ৰাম, ভাত, খায়—এই শব্দকেইটাই বাক্যত ব্যৱহাৰ হোৱাৰ লগে লগে ইহঁতে পদ নাম পাইছে। অর্থাৎ বাকাত ব্যৱহাৰ হোৱাৰ আগতে বাকাৰ পদবোর শব্দ রূপে থাকে। শব্দবোৰ ব্যাকৰণৰ নিয়ম মতে সজাই পৰাই বাক্য সাজা হয়।

বাক্যৰ ভাগ :- প্রত্যেক বাক্যৰ দুটো ভাগ থাকে।ইয়াৰ এটা ভাগত (১) যাৰ বিষয়ে কোৱা হয় সেই ভাগটো থাকে আৰু আনটো ভাগত।

(২) যিহৰ বিষয়ে কোৱা হয় সেই ভাগটো থাকে। যেনে–খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। এই বাকটোৰ ভাগ দুটা হ’ল—

বাক্যৰ ভাগ

১ম ভাগ

২য় ভাগ

খেতিয়ক জন

ক্ৰমে বুঢ়া হৈ আহিল

ইয়াত (১) যাব বিষয়ে কোৱা হয় সেই ১ম ভাগটোত ‘খেতিয়কজন’। আৰু 

(২) যিহৰ বিষয়ে কোৱা হয় সেই দ্বিতীয় ভাগটোত `ক্রমে বুঢ়া হৈ আহিল’ অংশত ভাগ হৈছে। 

এইদৰে আমি প্রত্যেক বাক্যকে দুটা ভাগত ভাগ কৰিব পাৰোঁ

বাক্য

১ম ভাগ

দ্বিতীয় ভাগ

ককাকে সাধুকথা কৈছে

ককাকে

সাধুকথা কৈছে

সি বিদ্যালয়লৈ গ’ল

সি

বিদ্যালয়লৈ গ’ল

সিহঁত ঘৰলৈ আহিল

সিহঁত

ঘৰলৈ আহিল

প্রঃ ৬। তলৰ বাক্যকেইটা ভাগ কবি লিখোঁ আহা—

(ক) মতিউৰ এজন ভাল ল’ৰা। 

(খ) পংকজে কিতাপ পঢ়িছে।

(গ) ৰতন বজাবলৈ গ’ল।

উত্তৰ :-

১ম ভাগ

২য় ভাগ

(ক) মতিউৰ

এজন ভাল ল’ৰা।

(খ) পংকজে

কিতাপ পঢ়িছে।

(গ) ৰতন

বজাৰলৈ গ’ল।

প্রঃ ৭। যুক্তাক্ষৰ গঠন কৰোঁ আহা— 

উদাহৰণ :- ক + য় = ক‍্য।

উত্তৰ :- 

ল + য় = ল্য = (মূল্যৱান)

জ + য় = জ্য = (পূজা)

দ + য় = দ্য = (পাদ্য)

স + য় = স্য = (সদস্য)

গ – জ্ঞান সম্প্ৰসাৰণ

প্ৰঃ ১। ‘‍্য’ কাৰ থকা শব্দ লিখোঁ আহা

মূ

ৰা 

উত্তৰ :-  

মূ

মূল্য

ৰা 

ৰাজ্য

স‍্য

প্রঃ ২। তলৰ ছবিকেইখন চাই সাধুটো সজাই-পৰাই কোৱা

Class 3 Assamese Chapter 2 একতাৰ বল
Class 3 Assamese Chapter 2 একতাৰ বল



উত্তৰ :- এজন খেতিয়কে পথাৰত শইচ সিঁচিছিল। খেতিয়কজনে শইচৰ গুটি সিঁচি থকা অৱস্থাত চৰাইবোবে খেতিয়কজনক দেখা পাইছিল। চৰাইৰ খাদ্যই হ’ল শইচৰ গুটি। সেয়ে খেতিয়কজনে গুটি সিঁচাৰ পাছত ঘৰলৈ যোৱাৰ সময়তে চৰাইবোৰে শইচৰ গুটিখিনি খাবলৈ মনতে পাঙিলে। ইফালে চৰায়ে যে শইচৰ গুটি খাই খেতিৰ অনিষ্ট কৰে সেইকথা অভিজ্ঞতাৰ পৰা খেতিয়কজনে ভালদৰে বুজি পাইছিল। সেয়ে চৰাইবোৰে যাতে শইচৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে তেওঁ চৰাই অহা দিশৰ প্রতি নজর দি এখন ভাল পাতি থৈ ঘৰলৈ গুচি গ’ল। খেতিয়কজন খেতিপথাৰৰ পৰা যোৱাৰ পাছতে চৰাইবোৰে জাক পাতি উৰি আহি পথাৰত নামোতে খেতিয়কজনে পাতি থোবা জালত আটায়ে বন্দী হ’ল। চৰাইবোৰৰ মাজত হাহাকাৰ লাগিল। খেতিয়কজন পুনৰ উভতি আহিলেই সিহঁতৰ মৃত্যু নিশ্চিত। ইয়াকে ভাবি সিহঁত ভয়ত বিতত হ’ল। জালৰ পৰা ৰক্ষা পৰাৰ কোনো উপায় নেদেখি সিহঁতে আর্তনাদ কৰিবলৈ ধৰিলে। এনে সময়তে সিহঁতৰ মাজৰ বয়সীয়া চৰাইটোৰে মাত লগালে। তোমালোক মনে মনে থাকা। চিঞৰ-বাখৰ কৰিলে মানুহে শুনিব আৰু মানুহে আহি আমাক আটাইকে নিধন করিব। গতিকে তাকে নকৰি আমি আটাইয়ে নিজৰ শক্তি প্রয়োগ কৰি জালখন আমি উৰুৱাই লৈ যাওঁ বলা। এনে কৰিলেহে আমি বিপদৰ পৰা ৰক্ষা পৰিম আৰু নির্জন ঠাইত গৈ জালখন ফালি আমি পুনব মুক্ত হ’ব পাৰিম। সকলোৱে বয়সীয়া চৰাইটোৰ দিহা মতে দেহৰ শক্তি প্রয়োগ কৰি খেতিয়কজন পুনৰ আহি পোৱাৰ আগে আগে তাৰপৰা জালখনৰ সৈতে দূৰলৈ উৰি গুচি গাগ আৰু সম্ভাব্য বিপদৰ পৰাও বুধিব বলেৰে আৰু একতার শক্তিৰে ৰক্ষা পৰিল।

প্রঃ ৩৷ কোৱা :

(ক) খেতিয়কজনে কি কৰিছিল ?

উত্তৰ :- খেতিয়কজনে খেতিপথাৰত শইচৰ গুটি সিঁচিছিল আৰু শইচৰ গুটিবোৰ চৰায়ে খাই যাতে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে খেতিডৰাত জাল পাখি থৈছিল।

(খ) শেষত কি হ’ল ?

উত্তৰ :- খেতিয়কজনে ভয় কৰা মতে শইচৰ গুটি খাবলৈ চৰাইবোৰ আহি পাতি থোৱা জালত বন্দী হৈছিল। কিন্তু বিপদতো হতাশ নী বয়সীয়া চৰাইটোৰ কথামতে সিহঁত আটাইয়ে মিলি খেতিয়কে পাতি থোৱা জাল খনকে উৰুৱাই নি মৃত্যুৰ মুখৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছিল।

প্রঃ ৪। জানো আহা :

(ক) লগে-ভাগে কৰিব পৰা কেইটামান কামৰ উদাহৰণ দাঙি ধৰা। 

উত্তৰ :- (ক) বিপদত নপৰিবৰ বাবে হাতীয়ে সদায় জাক-পাতি ফুৰে। 

(খ) বান্দৰবোৰেও জাক-পাতি একে ঠাইত বাস কৰে।

(গ) কাউৰীবোৰেও বিপদত পৰিলে চিঞৰ-বাখৰ কৰে আৰু সেই চিঞৰ-বাখৰ শুনাৰ লগে লগে আন আন ঠাইত থকা কাউৰীবোৰ গোট খায়।

(ঘ) পৰুৱাবোৰেও প্রবল বানপানীৰ সোঁতত পবিও আটাইয়ে একগোট হৈ বিপদৰ পৰা ৰক্ষা পৰে।

(ঙ) মানুহেও প্রকাণ্ড গছ বা শিল একোটা সমূহীয়া চেষ্টাৰে ইঠাইৰ পৰা আন ঠাইলৈ লৈ যায়। 

(চ) পৰুৱাবোৰে সকলো কাম আটাইয়ে মিলিজুলি কৰে।

ঘ – প্রকল্প

প্রঃ ১। (ক) গুৰি পৰুৱা এটাৰ সন্মুখত চেনি বা অন্য আহাৰ দি তালৈ মন কৰা। সি কি কৰে ভালকৈ লক্ষ্য কৰা আৰু এটি টোকা লিখা।

উত্তৰ :- গুৰি পৰুৱা এটাৰ সন্মুখত চেনি বা অন্য আহাৰ দিলে সি প্ৰথমতে বস্তুটো চাই লব। তাৰ পিছত সি বস্তুটোৰ পৰা আঁতৰি আহি ইকালে সিফালে চাব, কোনোবা পকৱাক ওচৰত পায় নেকি? পালে তাক লগত লৈ আহিব আৰু আন আন পকৱাৰ অন্বেষণ কৰি জাক হৈ সেই বস্তু সিহঁতে নিজৰ ভঁৰাললৈ কঢ়িয়াই নিয়াৰ চেষ্টা কৰিব। পৰুৱাই খাদ্য সামগ্ৰী সঞ্চয় কৰাত সদায়ে গুৰুত্ব আৰোপ কৰে যাতে অকাল বা অভাবৰ দিনত খাদ্যৰ অভাৱ নঘটে।

(খ) ঘৰত সকলোৱে মিলিজুলি কৰিব লগা কামৰ এখন তালিকা কৰা।

উত্তৰ :- ঘৰুৱা চাফাই কাম, ফুলনি বাগিচাৰ যতন লোৱা, বাচন-বৰ্তন ধোৱা, খেলা-ধূলা কৰা আদি কামবোৰ সকলোৱে মিলিজুলি কৰিব পাৰি। 

(গ) লগে-ভাগে কাম কৰাৰ উপৰি আমি লগে-ভাগে খাই আনন্দ পাওঁ। সৰস্বতী পূজা, মধ্যাহ্ন ভোজনত লগে-ভাগে খোৱাৰ অভিজ্ঞতা বর্ণনা কৰা।

উত্তৰ :- সৰস্বতী পূজা আৰু বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত আমি আমাৰ শ্ৰেণীৰ সকলো ল’ৰা-ছোৱালী মিলিয়ে প্রায়ে একেলগে বহোঁ। এনেদৰে বন্ধু-বান্ধৱীৰ সৈতে নানা গল্প-গুজৱৰ মাজেদি খাদ্য-খাই এক সমূহীয়া তৃপ্তি পোৱা যায়।

 

Post a Comment

Previous Post Next Post