Class 3 Assamese Chapter 3 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
Class 3 Assamese Chapter 3 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, SEBA
Chapter 3 ৰূপকোঁৱৰ
জ্যোতিপ্ৰসাদ আগৰৱালা Class 3 Assamese Question Assam Board Class 3 অংকুৰণ Question
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা (Chapter – 3)
ক – পাঠভিত্তিক ক্রিয়া-কলাপ
প্ৰঃ ১। কোৱা আৰু লিখা :
(ক) জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান ক’ত ?
উত্তৰ :- ডিব্ৰুগড়ৰ তামোলবাৰী চাহ-বাগিচা।
(খ) উচ্চশিক্ষা গ্রহণ কৰিবলৈ যোৱা ঠাইখন কি ?
উত্তৰ :- লণ্ডন।
(গ) তেখেতৰ পূৰ্বপুৰুষসকল ক’ৰ ?
উত্তৰ :- ৰাজস্থানৰ।
(ঘ) বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন কি ?
উত্তৰ :- জার্মানীৰ বার্লিন।
(ঙ) জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম বোলছবিখনৰ নাম
কি ?
উত্তৰ :- ‘জয়মতী’।
(ট) তেখেতে চৈধ্য বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম কি ?
উত্তৰ :- “শোণিতকুৱৰী”।
প্ৰঃ ২। উত্তৰ দিয়া :
(ক) জ্যোতিপ্ৰসাদ আগৰৱালাক কিয় ‘ৰূপকোঁৱৰ’ আখ্যাৰে বিভূষিত
কৰা হৈছে ?
উত্তৰ :- অসমীয়া সংস্কৃতিক ন-ন ৰূপ দিয়াৰ বাবে
জ্যোতিপ্ৰসাদ আগৰৱালাক ‘ৰূপকোঁৱৰ’ আখ্যা দিয়া হৈছে।
(খ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো কিয় ‘শিল্পী দিৱস’
হিচাপে পালন কৰা হয় ?
উত্তৰ :- জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতৰ
মৃত্যুৰ দিনটো ‘শিল্পী দিবস’ হিচাপে পালন কৰা হয়।
প্রঃ ৩। তলৰ শব্দবোৰ পাঠত বিচাৰি পঢ়া। দলত আলোচনা কৰি
শব্দৰ লগত অর্থ কাঁড় চিনেৰে মিলোৱা।
উত্তৰ :-
|
শব্দ |
অর্থ |
|
সম্রাপ্ত |
মান্য, সম্মান
পোৱাৰ যোগ্য। |
|
নিগাজিকৈ |
স্থায়ীভাৱে। |
|
নিৰ্মাণ |
সজা, গঢ়া, তৈয়াৰ কৰা, প্ৰস্তুত
কৰা কাৰ্য। |
|
বিভূষিত |
অলংকৃত। |
|
অৱদান |
দান, বৰঙণি। |
প্রঃ ৪। শুদ্ধ উত্তৰটোৰে বাক্যটো পুনৰ লিখা :
(ক) ১৯০৩ চনত / ১৯০৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।
উত্তৰ :- ১৯০৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।
(খ) জয়মতী/ইন্দ্ৰমালতী প্রথম অসমীয়া বোলছবি।
উত্তৰ :- জয়মতী প্রথম অসমীয়া বোলছবি।
(গ) ১৭ জানুৱাৰী/১৭ জুন তাৰিখে ‘শিল্পী দিৱস’ পালন কৰা হয়।
উত্তৰ :- ১৭ জানুৱাৰী তাৰিখে ‘শিল্পী দিৱস’ পালন কৰা হয়।
(ঘ) ১৭ জুন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন/মৃত্যুদিন।
উত্তৰ :- ১৭ জুন জ্যোতিপ্ৰসাদ আগৰৱালার জন্মদিন।
খ – ভাষা অধ্যয়ন (ব্যৱহাৰিক
ব্যাকৰণ)
প্ৰঃ ১। এটা শব্দত প্ৰকাশ কৰোঁ আহা—
উদাহৰণ :- গীত গোৱা লোক
উত্তৰ :- গায়ক।
(ক) গীতত সুৰ দিয়া লোক।
উত্তৰ :- সুৰকাৰ।
(খ) গীত ৰচনা কৰা লোক।
উত্তৰ :- গীতিকাৰ।
(গ) অভিনয় কৰা লোক।
উত্তৰ :- অভিনেতা।
(ঘ) নাটক ৰচনা কৰা লোক।
উত্তৰ :- নাট্যকাৰ।
(ঙ) ভাও দিয়া লোক।
উত্তৰ :- ভাৱৰীয়া।
প্রঃ ২। বাক্য গঠন কৰা :
নির্মাণ, নিগাজি, অৱদান, বোলছবি।
উত্তৰ :- নির্মাণ :- জ্যোতিপ্ৰসাদ আগৰৱালাই বোলছবি
নিৰ্মাণ কৰিছিল।
নিগাজি :- ৰাজস্থানৰ পৰা আহি জ্যোতিপ্ৰসাদ
আগৰৱালাৰ পূর্বপুৰুষে তেজপুৰত নিগাজিকৈ বাস কৰিছিল।
অৱদান :- জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া
সংস্কৃতিলৈ বৃহৎ অৱদান যোগাই থৈ গৈছে।
বোলছবি :- প্রথম অসমীয়া বোলছবি
জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল।
প্ৰঃ ৩। যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা―
কণ্ঠ :- ণ্ঠ ণ+ঠ ণই ঠই ণ্ঠ
শিল্পী :- ল্প ল+প লই পই ল্প
সম্ভ্রান্ত :- ম্ভ্র ম+ভ মই ভই ম্ভ তাত ৰ-কাৰে ম্ভ্র
সংস্কৃতি :- স্কৃ স+ক+ঋ সই কই স্ক তাত ঋ
কাৰে স্কৃ
ডিব্ৰুগড় :- ব্ৰু ব+ৰ+উ বই ৰই ব্ৰ তাত উ
কাৰে ব্রু।
অণ্ড :- ণ্ড ণ+ড নই ডই ণ্ড
দিল্লী :- ল্লী ল+ল লই লই ল্ল তাত ঈ-কাৰে
ল্লী
অন্ত :- ন্ত ন+ত নই তই ন্ত
দুষ্কৃতি :- ষ্কৃ ষ+ক+ঋ ষই কই ষ্ক তাত ঋকাৰে ষ্কৃ
অগ্নি :- গ্নি গ+ন+ই গই নই গ্ন তাত ইকাৰে
গ্নি৷
প্রঃ ৪। যুক্তাক্ষৰ গঠন কৰোঁ আহা :
ণ+ঠ ণই ঠই ন্ঠ
ল+প লই পই ল্প
ম+ভ+ৰ মই ভই ম্ভ তাত ৰ কৰে ম্ভ্ৰ
স+ক+ঋ সই কই স্ক তাত ঋ কৰে স্কৃ
ব+ৰ+উ বই ৰই ব্র তাত উ কৰে ব্ৰু
ধ+ৰ+উ ধই ৰই ধ্ৰ তাত উ কৰে ধ্ৰু
ন+থ নই থই ন্থ
ম+ৰ মই ৰই ম্ৰ
ষ+ক+ঋ ষই কই ষ্ক তাত ঋ কৰে ষ্কৃ
প+ৰ+উ পই ৰই প্ৰ তাত উ কৰে প্ৰু
গ – জ্ঞান সম্প্ৰসাৰণ
প্ৰঃ ৫৷ খালি ঘৰত যুক্তাক্ষৰ লিখি শব্দবোৰ পঢ়োঁ আহা―
ন্ঠ কণ্ঠ বৈকু…ন্ঠ ….. অ ….ন্ঠ ….ক
….ন্ঠ….
উত্তৰ :- ল্প শিল্প কল্পনা কল্পতৰু
প্রঃ ৬। যুক্তাক্ষৰ ভাঙি লিখা―
উত্তৰ :- ব্ৰু=ব+ৰ ব্র তাত উ-কাৰে ব্ৰু৷
ধ্ৰু =ধ+ৰ ধ্ৰ তাত উ-কাৰে ধ্ৰু৷
ম্ভ্ৰ =ম+ভ ম্ভ তাত ৰ-কাৰে ম্ভ্ৰ৷
প্রঃ ৭। তলত দিয়াবোৰৰ উত্তৰ লিখা।
(ক) অসমৰ সংগীত সূর্য ?
উত্তৰ :- ডা ভূপেন হাজৰিকা।
(খ) অসমৰ নট সূর্য ?
উত্তৰ :- ফণী শর্মা।
(গ) অসমৰ কলাগুক।
উত্তৰ :- বিষ্ণুপ্ৰসাদ ৰাভা।
(ঘ) অসমৰ গোৱালপৰীয়া লোকগীতৰ সম্রাজ্ঞী।
উত্তৰ :- প্রতিমা বৰুৱা পাণ্ডে।
(ঙ) অসমৰ জিকিৰ সম্রাট ?
উত্তৰ :- ৰেকিবউদ্দিন আহমেদ।
প্রঃ ৮। উত্তৰ দিয়া :
(ক) আইদেউ সন্দিকৈ কোন আছিল ?
উত্তৰ :- আইদেউ সন্দিকৈ অসমীয়া বোলছবিৰ প্রথম নায়িকা
আছিল।
(খ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন বোলছবিত আইদেউ সন্দিকৈয়ে
কি ভূমিকাত অভিনয় কৰিছিল ?
উত্তৰ :- জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ বোলছবিত আইদেউ
সন্দিকৈয়ে জয়মতীৰ ভূমিকাত অভিনয় কৰিছিল।
(গ) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা একাধাৰে কি আছিল ?
উত্তৰ :- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা একাধারে কবি, চিত্ৰকৰ, সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, পৰিচালক, প্রযোজক, গায়ক, প্ৰৱন্তকাৰ আছিল।
প্ৰঃ ৯। উত্তৰ দিয়া :
(ক) বিদ্যালয়ত তোমালোকে কি কি দিবস পালন কৰা তাৰ এখন তালিকা
প্রস্তুত কৰা।
উত্তৰ :- বিদ্যালয়ত পালন কৰা দিবসবোৰ হ’ল – স্বাধীনতা দিৱস, গণতন্ত্র দিৱস, গান্ধীজয়ন্তী, বিশ্ব পৰিৱেশ দিৱস, শিল্পী দিৱস, বিষ্ণুৰাভা দিৱস, শিক্ষক দিৱস, শিশু দিৱস ইত্যাদি।
(খ) কেইখনমান অসমীয়া বোলছবিৰ নাম কোৱা।
উত্তৰ :- কেইখন অসমীয়া বোলছবি হল জয়মতী, ৰুপহী, পাৰঘট, বেউলা, নিমিলা অংক, লাচিত বৰফুকন, প্রতিধ্বনি, এৰা বাটৰ সুৰ, হৃদয়ৰ প্ৰয়োজন, তামাই, ডাঃ বেজবৰুৱা, শকুন্তলা, সন্ধ্যাৰাগ ইত্যাদি।
(গ) তোমাৰ বিদ্যালয়ত ‘শিল্পী দিৱস’ কেনেদৰে উদ্যাপন কৰা
সেই বিষয়ে পাঁচটা বাক্য লিখা।
উত্তৰ :- শিল্পী দিৱস আমাৰ বিদ্যালয়ত উৎসাহ-উদ্দীপনাৰে
পালন কৰা হয়। সেইদিনা বিদ্যালয়ত শিল্পী দিৱস পালনৰ বাবে অস্থায়ী মঞ্চ সজা হয়।
সেই মঞ্চত শিক্ষক সকলৰ দিহা মতে গীত-মাত পৰিৱেশন কৰা হয়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ
আগৰৱালাৰ জীৱন আৰু কৰ্মৰ ভিত্তিত কুইজ প্ৰতিযোগিতা আৰু জ্যোতিসংগীত প্রতিযোগিতা, বচনা প্রতিযোগিতা, আবৃত্তি প্রতিযোগিতা আদি পাতি
জ্যোতিপ্ৰসাদক আৰু তেওঁৰ অৱদানক স্মৰণ কৰা হয়। এই দিৱস পালনৰ জৰিয়তে আমি
সাহিত্য-সংস্কৃতিৰ সৈতে পৰিচিত হোৱাৰ লগতে নিজৰ প্ৰতিভা বিকাশৰো সুযোগ লাভ কৰোঁ।
ঘ – প্রকল্প
প্রঃ ১। জ্যোতিপ্ৰসাদ আগৰৱালাই তোমালোকৰ বাবে ৰচনা কৰা
‘ঘোঁৰা ডাঙৰীয়া’ নামৰ নাটিকাখন শ্রেণীৰ সকলো ছাত্র-ছাত্রী লগ হৈ অভিনয় কৰা।
উত্তৰ :- নিজে নিজে আনসকলৰ সৈতে মিলি শিক্ষকৰ তত্ত্বাবধানত
নাটিকাখিনি অভিনয় কৰি চোৱা।
প্রঃ ২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত সংগ্রহ কৰি দলত পৰিবেশন
কৰা।
উত্তৰ :- নিজে কৰা।

