Class 3 Assamese Chapter 5 মাকণৰ চিঠি
Class 3 Assamese Chapter 5 মাকণৰ চিঠি, SEBA
Chapter 5 মাকণৰ
চিঠি Class 3 Assamese Question Class 3 অংকুৰণ Question
Answer by Buranjipedia
মাকণৰ চিঠি(Chapter
– 5) ক
– পাঠভিত্তিক ক্রিয়া-কলাপ
প্রশ্ন ১। উত্তৰ দিয়া :
(ক) মিস্ত্রীজনে প্রধান শিক্ষকক কাগজত কি লিখি দিলে ?
উত্তৰ :- মিস্ত্রীজনে তেওঁ কৰা কামৰ বাবদ পাবলগা টকাৰ
হিচাপখিনি কাগজ এখনত লিখি প্রধান শিক্ষকক দিলে।
(খ) মিস্ত্রীজন স্কুলত কি কাম কৰিছিল ?
উত্তৰ :- মিস্ত্রীজনে স্কুলত কাঠৰ আচবাব সজা কাম কৰিছিল।
(গ) প্রধান শিক্ষকে মিস্ত্রীজনক টকা কেইটামান দিয়া দেখি
মাকণে কি ভাবিলে ?
উত্তৰ :- প্রধান শিক্ষকে মিস্ত্রীজনক টকা কেইটামান দিয়া
দেখি তারো ঘৰত কৰা কামৰ বাবদ মাকৰ পৰা পইচা বিচাৰিব পাৰে বুলি মাকণে ভাবিলে।
(ঘ) কামবোৰৰ বাবে মাকণে মাকৰ পৰা কি বিচাৰিছে ?
উত্তৰ : কামবোৰৰ বাবে মাকণে মাকব পবা তিনিটকা বিচাৰিছে।
প্রশ্ন ২। (ক) স্কুলৰপৰা আহি মাকণে কি কি কৰিলে ?
উত্তৰ :- স্কুলৰপৰা আহি মাকণে মাকে বাঢ়ি থোৱা ভাত কেইটা
খাই, বাহি বস্তুখিনি ঢাকি থৈ বাচনখিনি ধুই, কোঠাটো সাবি অটালে। তাৰ পাছত
তাইৰ কামৰ বাবদ টকা বিচাৰি মাকলৈ এখন চিঠি লিখিলে।
(খ) মাকে চিঠিত মাকণৰ বাবে কৰা কি কি কামৰ হিচাপ দিছে ?
উত্তৰ :- মাকে চিঠিত মাকণক তুলি-তালি আঠ বছৰীয়া কৰা, কাপোৰ-কানি ধুই দিয়া, ৰান্ধি-বাঢ়ি খুওৱা, বেমাৰত টোপনি ক্ষতি কৰি
শুশ্রূষা কৰা আদি কামৰ হিচাপ দিছে।
(গ) মাকৰ চিঠিখন পঢ়ি মাকণে কি কি শিকিলে ?
উত্তৰ :- মাকৰ চিঠিখন পঢ়ি মাকণে কিদৰে ডাঙৰ বা সৰুলৈ চিঠি
লিখিব লাগে সেয়া শিকাৰ লগতে নিজৰ ঘৰখনত কৰা কামৰ বাবে যে পইচা বিচাৰিব নালাগে সেই
কথাটোও ভালদৰে শিকিলে।
প্রশ্ন ৩। চিঠি লিখোতে কালৈ, কেনেকৈ সম্বোধন কৰি লিখিবা ?
(ক) মাৰালৈ।
উত্তৰ :- পুজনীয়া, শ্রদ্ধেয়া।
(খ) দেউতাৰালৈ।
উত্তৰ :- পূজনীয়, শ্রদ্ধেয়।
(গ) সৰু লৈ।
উত্তৰ :- মৰমৰ।
(ঘ) বন্ধুলৈ।
উত্তৰ :- প্রিয়।
প্রশ্ন ৪। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া :
(ক) চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ক’ত লিখিব লাগে?
উত্তৰ :- চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ওপৰত লিখিব
লাগে।
(খ) ঠিকনাত কি কি লিখিব লাগে ?
উত্তৰ :- ঠিকনাত যালৈ চিঠি দিয়া হয় তেওঁৰ নাম, গাঁও/নগৰৰ নাম, ডাকঘৰ, জিলাৰ নাম আৰু পিনকোড
সম্পূর্ণকৈ লিখিব লাগে।
(গ) খামৰ ওলোটা পিঠিত কাৰ ঠিকনা লিখিব লাগে?
উত্তৰ :- খামৰ ওলোটা পিঠিত যিজনে চিঠি লিখে তেওঁৰ নাম-ঠিকনা
লিখিব লাগে।
(ঘ) চিঠি কেনেকৈ পঠিয়াব লাগে লিখা।
উত্তৰ :- ডাকঘৰৰ পৰা কিনি অনা খাম বা দোকানৰ পৰা কিনি অনা
খামত ডাক-টিকট লগাই লিখা চিঠিখন খামত ভৰাই সেইটো ভালদৰে আঠাৰে বন্ধ কৰি খামত যালৈ
চিঠি দিয়া হয় তেওঁৰ সম্পূৰ্ণ নাম, ঠিকনা লিখি ডাকঘৰৰ জৰিয়তে
চিঠিখন পঠিয়াব লাগে। ডাকঘৰত, চিঠি দিয়া ৰঙা বাকচ এটা থাকে। এই বাকচত চিঠিখন ভৰাই দিলেই
সময়ত ডাকঘৰৰ লোকে বাকচ খুলি চিঠিখন ওলাই লৈ নিৰ্দিষ্ট ঠাইলৈ পঠিওৱাৰ ব্যৱস্থা
কৰিব।
খ – ভাষা অধ্যয়ন (ব্যৱহাৰিক
ব্যাকৰণ)
প্ৰঃ ১। যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখে আহা
উত্তৰ :-
|
বিস্ময় স্ম স + ম |
সই মই স্ম |
|
বিপ্লৱ প্ল প + ল |
পই নই প্ল |
|
শুশ্রূষা শ্রূ শ + ৰ + ঊ |
শই ৰই শ্ৰ তাত ঊকাৰে শ্রূ |
প্ৰঃ ২। যুক্তাক্ষৰ গঠন কৰোঁ আহা :
উত্তৰ :-
|
স + ম |
সই মই
স্ম |
|
প + ল |
পই লই প্ল |
|
শ + ৰ + ঊ |
শই ৰই শ্ৰ তাত ঊ কাৰে শ্রূ |
প্রঃ ৩। খালী ঠাইত যুক্তাক্ষৰ লিখি পঢ়োঁ আহা :
উদাহৰণ :- ৰণ ― স্মৰণ
উত্তৰ :-
স্ম = বিস্ময় বিস্মিত
= স্মাৰক
প্ল = প্লাৱন প্লাম = প্লেগ
শ্রূ = শুশ্রূষা
= শুশ্রূষাকাৰিণী
প্রঃ ৪। তলৰ বাক্যত চিন দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা
শব্দবোৰ লিখা :
(ক) স্কুলৰ পৰা আহি ৰীতাই দেখিলে যে ঘৰৰ আগফালৰ দুৱাৰখন বন্ধ হৈ আছে।
(খ) লৰালৰিকৈ তাই কাষতে থকা বাওঁফালৰ সৰু খিৰিকীখন টানি চালে।
(গ) সেইখনো টান, খুলিব নোৱাৰি।
(ঘ) খেলিবলৈ নাপাব বুলি তাইৰ বেজাৰ লাগিল।
উত্তৰ :-
|
শব্দ |
বিপৰীত অৰ্থ বুজোৱা শব্দ |
|
আগফাল |
পাছফাল |
|
বন্ধ |
খোলা, মুক্ত |
|
কাষত |
নিলগত, আঁতৰত, দূৰৈত |
|
বাঁওফাল |
সোঁফাল |
|
সৰু |
ডাঙৰ |
|
টান |
ঢিলা |
|
নোৱাৰি |
পাৰি |
|
নাপাব |
পাব |
|
বেজাৰ |
আনন্দ |
প্রঃ ৫। পাঠটো পঢ়ি পাঠত থকা যুৰীয়া শব্দবোৰ বিচাৰি নিজৰ
বহীত লিখা। উদাহৰণ : লৰা-লৰি
উত্তৰ :- পাঠটোত থকা যুৰীয়া শব্দবোৰ তলত দিয়া
হ’ল—ঢাকি-ঢুকি, কুশল-মংগল, খা-খবৰ, তুলি-তালি, কাপোৰ-কানি।
প্ৰঃ ৬। শব্দ আৰু বাক্যৰ ধাৰণা সম্পর্কে বুজাই লিখা।
উত্তৰ :- মাকণ, মা, চিঠি, লিখ––এই বোৰ একোটা শব্দ। এই
শব্দবোৰ লগলগাই মারুণ মা চিঠি লিখ— বুলি লিখিলে ই বাক্য হিচাপে সম্পূর্ণ অৰ্থ
প্ৰকাশ কৰিব পৰা নাই। গতিকে এই শব্দকেইটা যদি আমি এনেদৰে লিখোঁ— মাকণে মাকলৈ চিঠি
লিখিলে – তেতিয়া ই এটা সম্পূর্ণ অর্থ প্রকশ কৰিব আৰু বাক্যত পৰিণত হ’ব। কিন্তু মন
কৰি চালে গম পাব যে বাক্যত পৰিণত হ’বলৈ ব্যৱহাৰ হোৱা শব্দবোৰৰ ৰূপৰ কিছু সলনি
হৈছে। মনে—মাকণ—মাকণে, মাক-মাকলৈ, লিখ–লিখিলে ৰূপ লৈছে। অর্থাৎ শব্দবোৰে বাক্যত ব্যৱহাৰ হোৱাৰ
লগে লগে পদ নাম পায় আৰু শব্দবোৰ পদলৈ ৰূপান্তৰ হ’লৈ শব্দৰ ৰূপৰ সলনি হয়।
যেনে—
|
শব্দ |
পদ |
|
মাকক |
মাকণে, মাকণৰ, মাকণলৈ, মাকণক |
|
মাক |
মাকলৈ, মাকক, মাকৰ, |
|
চিঠি |
চিঠিব, চিঠিত |
|
লিখ |
লিখিছে, লিখিব, লিখিছিল |
প্ৰঃ ৭। তলৰ শব্দবোৰ খটুৱাই কেইটামান বাক্য লিখা।
শব্দ :- বহিমলা, জাকৈ, মাছ ধৰ।
উদাহৰণ :- ৰহিমলাই জাকৈৰে মাছ ধৰিছে।
উত্তৰ :-
ৰহিমলা :- বহিমলা জাকৈ বোৱাত পাকৈত।
ৰহিমলাই জাকৈৰে খালত মাছ ধৰিছে।
জাকৈৰে মাছ ধৰা ৰহিমলা এজনী ভাল ছোৱালী।
জাকৈ :- সৰু বাঁহেৰে জাকৈ সাজে।
মাছুৱৈয়ে জাকৈৰে মাছ ধৰে।
গাঁৱৰ প্ৰায়ভাগ তিৰোতাই জাকৈৰে মাছ ধৰিবলৈ জানে।
মাছ :- মাছ পানীত থাকে।
মাছে পানীত সাঁতুৰিবলৈ জানে।
ডাঙৰ মাছ দ’ পানীত থাকে।
ধৰ :- মাছুয়েয়ে মাছ ধৰি জীৱিকা
অৰ্জন কৰে।
মাছ ধৰাটো এটা কষ্টকৰ, কিন্তু আনন্দদায়ক কাম।
ৰহিম মাছ ধৰাত পাকৈত লোক।
জানো আহা :
প্রঃ ১। ভাষা কাক বোলে ? ভাষা কেইবিধৰ আৰু কি কি?
উত্তৰ :- মানুহে মনৰ ভাব প্রকাশ কৰি লিখা বা কোৱা কথাকে
ভাষা বোলা হয়।
কোৱা আৰু লিখাৰ ধৰণ অনুযায়ী ভাষা দুবিধ বা দুই প্রকাৰৰ।
(১)
ঘৰুৱা বা গৃহ ভাষা।
(২)
মান্য বা সাধু ভাষা।
সাধাৰণতে ঘৰত কথা কওঁতে ব্যৱহৃত ভাষাকে ঘৰুৱা বা গৃহ ভাষা
বোলে।
যেনে—
(১)
মই মাছ ধৰৱা জানু।
(২)
তই ক’ত যাহ।
আনহাতে, ভাষাৰ ব্যাকৰণ সন্মত বিধি মতে কোৱা বা লিখিত ৰুপটোকে সাধুভাষা
বা মান্য ভাষা বোলে। ওপৰত গৃহ ভাষাৰ উদাহৰণত দেখুওৱা বাক্য দুটা সাধু ভাষা বা
মান্য ভাষাত প্ৰকাশ কৰিলে তাৰ ৰূপ এনে ধৰণৰ হ’ব।
(১)
মই মাছ ধৰিবলৈ জানো।
(২)
ত’ই কলৈ যাব।
গৃহ ভাষা আৰু মান্য ভাষাৰ পাৰ্থক্য বুজিবলৈ তলৰ বাক্য
কেইটালৈ মন কৰা :
|
গৃহ-ভাষা |
মান্য ভাষা |
|
(১) কাম কললি পইচা পায় বুলি
মই আজিহে জানলু। |
কাম কৰিলে পইচা পায় বুলি মই আজিহে জানিলোঁ। |
|
(২) ময়ো ঘৰত কৰা কামৰ বাবে
পইচা পাবা লাগেই। |
ঘৰত কাম কৰা বাবে ময়ো পইচা পাব লাগে। |
|
(৩) মই ঘৰতে যাওঁ মই লিখবা
জানু। |
মই ঘৰলৈ যাওঁ মই লিখিবলৈ জানোঁ। |
প্রঃ ২। মাকণর ভায়েকে কোৱা কথাখিনি তোমাৰ ককা, আইতা বা আন মানুহে ঘৰুৱা ভাষাত
কেনেকৈ কয় কোৱা।
উত্তৰ :- মাকণৰ ভায়েকে কোৱা কথাখিনি হ’ল― বাইদেউ, এইটো মায়ে তোমাক দিবলৈ কৈছে।
এই কথাষাৰ ককা, আইতা বা আন মানুহে ঘৰুৱা ভাষাত
এইদৰে ক’ব― বাইদেউ, এইটো মায়ে তোক দিবা দিছি।
গ – জ্ঞান সম্প্ৰসাৰণ
প্ৰঃ ১। গৰমৰ বন্ধ কেনেকৈ কটালা সেই বিষয়ে জনাই তোমার
লগৰীয়া এগৰাকীলৈ এখন চিঠি লিখা।
উত্তৰ :- গুৱাহাটী
প্রিয় বন্ধু তৰুণ,
তাৰিখ……………
প্ৰথমতে মোৰ হিয়া ভৰা মৰম ল’বা। বহুদিন হ’ল চিঠি-পত্ৰ
নোপোৱা বাবে মনটো বেয়া লাগি আছে। লগতে গৰমৰ বন্ধ তুমি কেনেকৈ কটালা সেই বিষয়ে
জানিবলৈ মোৰ বৰ মন গৈছে। এনে কাৰণতে মই নো গ্রীষ্ম বন্ধ বা গৰমৰ বন্ধ কিদৰে কটালো
সেয়া উল্লেখ কৰি এই চিঠি লিখিবলৈ ওলাইছো। গৰমৰ বন্ধৰ পিছদিনাখনেই আগতে আঁচনি কৰি
থোৱা মতে মির্জাত থকা মোমাইদেউহঁতৰ ঘৰলৈ গ’লোঁ। ‘তাত মই যাম বুলি মোমাইদেৱে আগতে
অংকৰ শিক্ষক এগৰাকী ঠিক কৰি থৈছিল। সেইমতে তাত কটোৱা দিনকেইটাত ৰাতিপুৱা ৯ বজাত মই
নিয়মিতভাৱে অংক শিকিছিলোঁ। আবেলি খেল পথাৰত সাধাৰণ খেলা-ধূলা কৰিছিলোঁ। ইয়াত
থাকোঁতেই মোমাইদেউহঁতৰ সৈতে মই দখলা পাহাৰৰ শিৱমন্দিৰ, ৰঙা মাটিৰ দুধ কুঁৱৰী থান আদি
চালোঁ। অৱশ্যে এইবোৰ কামৰ লগতে মই পঢ়াশুনাও চলাই গৈছিল। বিদ্যালয় খোলাৰ দুদিন
আগতে ঘৰলৈ আহি আজি তোমালৈ এই চিঠি লিখিলোঁ। আমাৰ ঘৰত আটাইয়ে কুশলে আছে। তোমাৰ
সকলো খা-খবৰ জনাই উত্তৰ পঠিয়াবা। পুনৰ মোৰ মৰম ল’বা।
ইতি―
তোমাৰ মৰমৰ
কৌশিক
ঠিকনা :
প্রতি—
শ্রী….………………
গাওঁ….………………
ডাকঘৰ……………………
জিলা….………………
পিন….………………
প্রঃ ২। ভাবা আৰু লিখা :
(ক) তোমাৰ ঘৰৰ কাৰোবাৰ অসুখ হলে তুমি কি কি কৰিবা।’
উত্তৰ :- আমাৰ ঘৰৰ কাৰোবাৰ অসুখ হ’লৈ মই ৰোগীৰ কাষত থাকি
তেওঁক আৱশ্যকীয় বয়-বস্তুৰ যোগান ধৰিম আৰু সেৱা-শুশ্রূষা কৰিম। আৱশ্যক হ’লে ডাঙৰৰ
দিহা মতে চিকিৎসাৰ ব্যৱস্থা কৰিম।
(খ) ঘৰত ডাঙৰ লোকসকল কোনো কামৰ বাবে বাহিৰলৈ গ’লে ঘৰত তুমি
কি কি সাৱধানতা অবলম্বন কৰিবা।
উত্তৰ :- ঘৰত ডাঙৰ মানুহ নাথাকিলে পদূলিৰ জপনাখন ভালদৰে
বন্ধ কবিম। ঘৰৰ সন্মুখৰ দুৱাৰখনো বন্ধ কৰি থম আৰু পাছফালৰ দুৱাৰো বন্ধ কৰি ৰাখিম।
কোনো অচিনাকি লোক আহিলে ওচৰ-চুবুৰীয়াকে মাতিহে আৱশ্যক মতে পদূলিৰ জপনা খুলিম। ঘৰৰ
ভিতৰত সাৱধানে থাকিম। ভূমিকম্প, ধুমুহা-বতাহ আদি আহিলে চুবুৰীয়াৰ ডাঙৰ লোকৰ সহায় ল’ম।
সাঁথৰ ভাঙি কওঁ আহা :
(ক) মাক জুটুলি-পুটুলি
পুতেক চোকা টেকেলা।
উত্তৰ :- নিজে কৰা।
(খ) ৰজাৰ ক’লী গাই
ঘাটে ঘাটে পানী খায়।
উত্তৰ :- নিজে কৰা।
ঘ – প্রকল্প
তোমালোকৰ ঘৰলৈ অহা চিঠি-পত্ৰবোৰ তলত দিয়া ধৰণেৰে ভাগ কৰি
এখন এলবাম প্রস্তুত কৰা।
উত্তৰ :- নিজে কৰা।