Class 3 Assamese Chapter 4 আগলি বাঁহত বগলীৰ বাহ
Class 3
Assamese Chapter 4 আগলি বাঁহত বগলীৰ বাহ, SEBA Chapter 4 আগলি বাঁহত বগলীৰ বাহ Class 3 Assamese Question Class
3 অংকুৰণ Question Answer
আগলি বাঁহত বগলীৰ বাহ (Chapter – 4)
ক – পাঠভিত্তিক ক্রিয়া-কলাপ
প্রঃ ১। (ক) পদ্যটি আবৃত্তি
কৰোঁ আহা।
উত্তৰ :- নিজে অভ্যাস কৰা।
(খ) পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা।
উত্তৰ :- নিজে পঢ়া।
(গ) পদটিৰ লগত থকা ছবিকেইখন চোৱা আৰু বৰ্ণনা কৰা। (চিত্ৰ পাঠ্যপুথিত চোৱা।)
উত্তৰ :- পদ্যটিৰ প্ৰথমখন ছবিত
ল’ৰা-ছোৱালীবোৰ আমগছৰ তলত লগ হৈ হাঁকুটিৰে আম পাৰি থকা দেখা গৈছে। হাঁকুটিবে আম
গছৰ ডালত হেঁচা দিয়াত পকা আমবোৰ মাটিলৈ সৰি পৰা দেখা গৈছে।এজনে আকৌ গছজোপাৰ গুৰিতে
হেঁচুকি আম পাৰিবলৈ চেষ্টা কৰিছে।
দ্বিতীয়খন ছবিত বগলীয়ে বাহ
লোৱা বাৰীৰ বাঁহ গছ জোপা দেখা গৈছে।
তৃতীয় আৰু পঞ্চমখন ছবিত
বয়সীয়া লোক এজনৰ (খুৰাৰ) সৈতে শিশু এটাক দেখা গৈছে।
চতুৰ্থখন ছবিত বজাৰলৈ যোৱা
মানুহ, বয়বস্তু ক্ৰয় কৰি অনা এগৰাকী মাতৃ আৰু এজনী সৰু ছোৱালীক দেখাৰ লগতে ‘বেলুন’
বিক্রেতা, বেলুন কিনিবলৈ অহা এহাল শিশু আৰু বজাৰৰ দৃশ্য দেখা গৈছে।
ষষ্ঠখন ছবিত খন কঁচু গছ
দুজোপামান দেখা গৈছে।
প্ৰঃ ২। তলৰ প্ৰশ্নবোৰৰ উত্তৰ
কোৱা আৰু লিখা
(ক) আমৰ ডাল কোনে লৰাইছে ?
উত্তৰ :- ল’ৰাহঁতে আমৰ ডাল
লৰাইছে।
(খ) আমৰ ডাল লবোৱা সঁজুলিটো কি ?
উত্তৰ :- আমৰ ডাল লৰোৱা
সঁজুলিবিধ হ’ল বৰহাঁকুটি।
(গ) গছৰ কাষতে কি আছে ?
উত্তৰ :- গছৰ কাষতে বাঁহ গছজোপা
আছে।
(ঘ) বগা বগলীৰ বাহ ক’ত আছে ?
উত্তৰ :- বগা বগলীৰ বাহ বাঁহ
গছত আছে।
(ঙ) আলি-বাটটো কিয় পিছল হৈছে ?
উত্তৰ :- বৰষুণ পৰা বাবে
আলিবাটটো পিছল হৈছে।
প্রঃ ৩। পদ্যটো গদ্য ৰূপত কওঁ
আহা।
উত্তৰ :- ল’ৰাহঁতে বৰহাঁকুটিৰে
গছজোপা লৰাই আম পাৰিছে। হাঁকুটিৰ হেঁচাত গছজোপা লবি পরা আমবোৰ তলত অ’ত-ত’ত সিঁচৰিত
হৈ পৰিছে আৰু কিছুমান আম কাযত থকা খালতো পৰিছে। ল’ৰাহঁতে, আম পাৰিবলৈ বাৰীলৈ আহ-যাহ
কৰোঁতে বাৰীত থকা বাঁহগছত বগলীয়ে বাহ সজাটোও দেখিলে। ল’বাইহঁতে বগলীৰ বাহখন দেখা
পোৱা দেখি খুবাকে সিহঁতক বগলীয়ে শুকান ডাল-পাতেৰে সজা বাহখন নাভাঙিবলৈ ল’ৰাহঁতক
নিষেধ কৰিলে। ইফালে বৰষুণত বাট-পথ পিছল হোৱা সত্ত্বেও খুবাই থৰক বৰক খোজেৰে বজাৰলৈ
গৈ থকা দেখি ভতিজাকে তেওঁক যাত্রাপথত হাতত ধৰি আগবঢ়াই দি সহায় কৰিছে। খুৰাৰ কষ্ট
দেখি ভতিজাকে তেওঁক বজাবলৈ নগ’লে নহয় নেকি, বুলি প্ৰশ্ন কৰিছে।
খ – ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রঃ ১। তলৰ শব্দবোৰ শুদ্ধ
উচ্চাৰণেৰে পঢ়া আৰু কাষৰ বাকচত লিখা।
উত্তৰ :
|
কত |
কত |
ক’ত |
ক’ত |
বল |
বল |
ব’ল |
ব’ল |
|
গাত |
গাত |
গাঁত |
গাঁত |
বাঁহ |
বাঁহ |
বাহ |
বাহ |
|
কলা |
কলা |
ক’লা |
ক’লা |
মহ |
মহ |
ম’হ |
ম’হ |
প্রঃ ২। উপযুক্ত স্থানত অ’-কাৰ
বহুৱাই বাক্যটো শুদ্ধকৈ লিখোঁ আহা―
(ক) লৰাবিলাকে পথাৰত লৰা-ঢপৰা কৰিছে।
উত্তৰ :- ল’ৰাবিলাকে পথাৰত
লৰা-ঢপৰা কৰিছে।
(খ) মহটোৱে পথাৰত মহৰ কামোৰত নেজ লৰাইছে।
উত্তৰ :- ম’হটোৱে পথাৰত মহৰ
কামোৰত নেজ লৰাইছে।
(গ) সিহঁতে দলবান্ধি শিৱদল চাবলৈ গৈছে।
উত্তৰ :- সিহঁতে দলবান্ধি
শিবদলৈ চাবলৈ গৈছে।
প্ৰঃ ৩। তলৰ খালী ঠাইত বিপৰীত
অর্থ বুজোৱা শব্দ লিখা :
(ক) বগা বগলী …………কাউৰী
উত্তৰ :- বগা বগলী
ক’লা কাউৰী।
(খ) শুকান ঘাঁহ .…………ঘাঁহ।
উত্তৰ :- শুকান ঘাঁহ
কেঁচা ঘাঁহ।
(গ) দুষ্ট ল’ৰা …………লৰা।
উত্তৰ :- দুষ্ট ল’ৰা শান্ত ল’ৰা।
(ঘ) মিঠা আম …………আম।
উত্তৰ :- মিঠা আম টেঙা
আম।
প্রঃ ৪। উদাহৰণটো ভালদৰে পঢ়া।
তলত দিয়া শব্দ কেইটাৰে বাক্য গঠন কৰা :
|
পঢ় |
খায় |
উদাহৰণ :-
|
নাচ |
|
জুনুকাই নাচে। |
|
জুনুকাই নানাচে। |
|
জুনুকাই নাচেনে ? |
উত্তৰ :-
|
পঢ় |
খায় |
|
ৰাহুলে পঢ়ে। |
নীলাই খায়। |
|
ৰাহুলে নপঢ়ে। |
নীলাই নাখায়। |
|
ৰাহুলে পঢ়ে নে ? |
নীলাই খায়নে ? |
প্রঃ ৫। শব্দৰ উপযুক্ত স্থানত
চন্দ্রবিন্দু (৺) বহুৱাই কাষৰ বাকচত লিখা।
(ক) বগলীয়ে বাহ গছত বাহ সাজিছে।
উত্তৰ :- বগলীয়ে বাঁহ গছত বাহ
সাজিছে।
(খ) ম’হবোৰে দলনিত ঘাহ খাই আছে।
উত্তৰ :- মইবোৰে দলনিত ঘাঁহ, খাই আছে।
(গ) ল’ৰাহতে হাকুটিৰে আম পাৰিছে।
উত্তৰ :- ল’ৰাহঁতে হাঁকুটিবে আম
পাৰিছে।
(ঘ) আইতাই দাত উলিয়াই হাহিছে।
উত্তৰ :- আইতাই দাঁত উলিয়াই
হাঁহিছে।
প্ৰঃ ৬। অর্থ জানি লৈ বাক্য গঠন
কৰোঁ আহা :
উদাহৰণ :- হাট :- আমাৰ অঞ্চলত দেওবাৰে হাট বহে।
হাত :- হাতেৰে আমি কাম কৰোঁ।
বাহ, বাঁহ, কত ক’ত, মহ ম’হ, লৰা, ল’ৰা, গাত গাঁত, কলা ক’লা, বল ব’ল।
উত্তৰ :- বাহ :- চৰায়ে গছৰ ডালত বাহ বান্ধে।
বাঁহ :- বাঁহ এবিধ তৃণজাতীয় উদ্ভিদ।
কত :- বাগিচাত কত ধৰণৰ ফুলগছ আছে।
ক’ত :- অসমৰ ক’ত নদীদ্বীপ আছে ?
মহ :- মহ এবিধ ক্ষুদ্র প্রাণী।
ম’হ :- মানুহে ম’হৰ পিঠিত উঠিব পাৰে।
লৰা :- ল’ৰাবোৰে হাঁকুটিৰে আম গছজোপা
বৰকৈ লৰাইছে।
ল’ৰা :- ৰাম এজন শান্ত ল’ৰা।
গাত :- গধুৰ বস্তু কঢ়িয়াবলৈ হাতীৰ
গাত অসীম বল আছে।
গাঁত :- ৰভা দিওঁতে মাটিত গাঁত মান্দি
খুঁটা পোতা হয়।
কলা :- কাণেৰে নুশুনা মানুহক কলা বোলে।
ক’লা :- কাউৰীৰ বৰণ ক’লা।
বল :- ল’ৰাহঁতে পথাবত বল খেলিছে।
বল :- ব’ল, আমি খেলিবলৈ যাওঁ।
গ – জ্ঞান সম্প্ৰসাৰণ
প্রঃ ১। সাঁথৰ ভাঙো আৰু কওঁ আহা
:
(ক) পাঁচটা আখৰেৰে মোৰ নামটি গঠিত,
মিঠাফল বুলি সবাৰো বিদিত।
প্রথমে দ্বিতীয়ই মিলি মৌ-ৰস
বুজাওঁ,
প্রথমে পঞ্চমে মিলি পোহৰ বিলাওঁ,
চতুর্থই পঞ্চমে মিলি এটি ফল হওঁ,
ভাবি-শুনি কোৱাচোন মই কোন হওঁ ?
উত্তৰ :- মধুৰীআম।
(খ) বাঘৰ দৰে জঁপিয়ায়
কুকুৰৰ দৰে বহে,
শিলৰ দৰে তল যায়
তুলাৰ দৰে ভাঁহে।
উত্তৰ :- ভেকুলী।
প্ৰঃ ২। ল’ৰাহঁতে হাঁকুটিৰে আম
পাৰিছে। তোমালোকে ওখ গছ-বিৰিখৰ পৰা কিহেৰে আৰু কেনেকৈ ফল-ফুল পাৰা তাৰ এখন তালিকা
কৰা।
উত্তৰ :- ওখ গছ-বিৰিখৰ পৰা তলত
দিয়া উপায়বোৰ অৱলম্বন কৰি ফল-ফুল পাৰা হয়।
গছত-উঠি, হাঁকুটিৰে হেঁচুকি, ফর্মুটি দলিয়ায় ফল-ফুল পাৰা
হয়।
প্রঃ ৩। খগেনে কগীয়া খুবাকক
হাত ধৰি নিছিল। তোমালোকৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হ’লে তুমি কি কৰা।
উত্তৰ :- আমাৰ পৰিয়ালৰ কাৰোবাৰ
অসুখ হ’লে পৰিয়ালৰ লোকমিলিয়ে আলোচনা কৰি আৰু আৱশ্যক হ’লে চুবুৰীৰ লোকৰ
দিহা-পৰামৰ্শ লৈ ৰোগীজনক চিকিৎসকৰ ওচৰলৈ লৈ যাওঁ, ঘৰত থকা সময়ছোৱাত ৰোগীজনে যাতে কোনো অসুবিধাৰ
সন্মুখীন হ’ব লগা নহয় তাৰ বাবে তেওঁৰ ওচৰত থাকি তেওঁক আৱশ্যকীয় সহায় আগবঢ়াওঁ।
ঘ – প্রকল্প
প্রকল্প :- ডাঠ কাগজত বিভিন্ন চৰাইৰ বাহৰ
ছবি আঁকা।
উত্তৰ :- নিজে কৰা।