Class 3 Assamese Chapter 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী

 Class 3 Assamese Chapter 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী

Class 3 Assamese Chapter 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী, SEBA Chapter 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী Class 3 Assamese Question Class 3 অংকুৰণ Question Answer by Buranjipedia

ময়ূৰ পক্ষীৰ জন্ম কাহিনী (Chapter – 6)

 ক-পাঠভিক্তিক ক্ৰিয়া-কলাপ 

প্ৰশ্ন ১৷ উত্তৰ দিয়া :

(ক) স্বৰ্গৰ ৰাজাজনৰ নাম কি ?

উত্তৰ :- স্বৰ্গৰ ৰাজাৰ নাম ইন্দ্ৰ ৷

(খ) তেওৰ ৰাজসভাৰ নৰ্তকী চৰাইজনীৰ নাম কি ?

উত্তৰ :- তেওঁৰ ৰাজসভাৰ নৰ্তকী চৰাইজনীৰ নাম বালিমাহী।

(গ) দেৱকন্যাই মর্ত্যালৈ যাওঁতে লগত কি লৈ গৈছিল ?

উত্তৰ :- দেৱকন্যাই মৰ্তালৈ যাওঁতে লগত এখন তাঁতশাল লৈ গৈছিল।

(ঘ) দেবকন্যাই তাঁত শালখন কিয় নিছিল ?

উত্তৰ :- পৃথিৱীৰ সৌন্দৰ্য কাপোৰত বুটা বাছি আনিবলৈ দেৱকন্যাই লগত তাঁতশালখনো নিছিল।

প্রশ্ন ২। ময়ূৰ পক্ষীৰ জন্ম কাহিনীটো সহজভাৱে নিজৰ কথাৰে কোৱা।

উত্তৰ :- পাঠটোৰ মূলকথা অংশটো লিখা।

প্রশ্ন ৩। উত্তৰ লিখা :

(ক) দেৱকন্যাই পৃথিবীত কি দেখি বিমুগ্ধ হৈছিল ?

উত্তৰ :- দেৱকন্যাই পৃথিৱীত সৰিয়হ এডৰা দেখি বিমুগ্ধ হৈছিল। 

(খ) তেওঁ প্ৰথম কিছুদিন তাত কেনেদৰে কটাইছিল?

উত্তৰ :- তেওঁ প্রথম কিছুদিন বালিমাহীৰ লগত সবিয়হড়বাৰ মাজে মাজে আৰু নৈৰ পাৰে পাৰে নাচি নাচি জঁপিয়াই ফুৰিছিল।

(গ) দেৱকন্যাই পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ কিয় মন মেলিছিল

উত্তৰ :- লাহে লাহে পৃথিৱীৰ ৰূপ সৌন্দর্যই দেৱকন্যাক আমুৱাবলৈ ধৰাত তেওঁ পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ মন মেলিছিল। 

(ঘ) তেওঁ স্বৰ্গলৈ যাব খোজোতে কি হৈছিল ?

উত্তৰ :- দেৱকন্যাই স্বৰ্গলৈ যাব খোজোতে মেঘ পাৰ হৈ সিপাৰলৈ যাব নোৱাৰি পুনৰ পৃথিবীতে থাকিব লগা হৈছিল।

(ঙ) দেৱকন্যাই স্বৰ্গলৈ ঘূৰি যাব নোৱাৰাত দেৱৰাজে জীয়েকৰ কি কৈছিল ?

উত্তৰ :- ‘তুমি অখাদ্য বস্তু খাই ভুল কৰিলা বাবে পৃথিৱীতে ময়ূৰ পক্ষী হৈ থাকা আৰু তোমাৰ ফুলাম কাপোৰ সাজেই ময়ূৰ পক্ষীৰ ফুলাম পাখি হৈ জিলিকি থাকক’—এই বুলি দেৱৰাজ ইন্দ্ৰই জীয়েকক কৈছিল।

প্রশ্ন ৪। পদুম ফুলৰ চকাত থকা শব্দবোৰ পঢ়া। ভোমোবাৰ পাখিন পৰা অৰ্থ আনি শব্দৰ লগত মিলাই পদুম ফুলৰ পাহিত লিখা।

Class 3 Assamese Chapter 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী


উত্তৰ :-

শব্দ

অর্থ

নর্তকী

নাচনি

হেঁপাহ

আগ্রহ

নেৰা-নেপেৰাকৈ

একেৰাহে

সৌন্দর্য

ৰূপ

আমুৱালে

আমনি লাগিল

খ – ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্ৰঃ ১। পেঞ্চিলত থকা যুক্তাক্ষৰবোৰ কেনেদৰে ভাঙিছে চোৱা। এইবাৰ তলত দিয়া ধৰণেৰে পঢ়োঁ আৰু লিখোঁ আহা।

উত্তৰ :-

মুগ্ধ = গ্ধ     গ + ধ           গ্ধ

ক্ষুদ্ধ = দ্ধ     ব + ধ           দ্ধ

বস্ত্ৰ = স্ত্ৰ       স + ত + ৰ    স্ত্ৰ

মৰ্ত্য = ৰ্ত্য    ৰ + ত + য়    ৰ্ত্য

যত্ন = ত্ন       ত + ন           ত্ন

গ + ধ     গই   ধই   গ্ধ

ব + ধ     বই   ধই    দ্ধ

স + ত + ৰ   সই    তই  তাত ৰ কাৰে  স্ত্ৰ

ৰ + ত + য়   ৰই      ৰ্ত  তাত ৰ কাৰে  ৰ্ত‍্য

ত + ন  তই   নই   ত্ন

প্ৰঃ ২। আন বৰ্ণৰ লগত ‘ন’ যোগ হৈ হোৱা যুক্তাক্ষৰ বোৰ লিখা।

উত্তৰ : গ্ন, ঘ্ন, প্ন, স্ন, ম্ন।

যুক্তাক্ষৰ ভাঙি লিখোঁ : 

অগ্নি  গ্ন  গ + ন   শত্রুঘ্ন  ঘ্ন   ঘ + ন

স্বপ্ন   প্ন  প + ন   স্নান  স্ন   স + ন

নিম্ন   ম্ন   ম+ন

প্ৰঃ ৩। কিছুমান শব্দৰ দুটাকৈ ৰূপ থাকে। যেনে—

স্বর্গ সৰগ, মর্ত্য — মৰত, পক্ষী — পখী।

তলত দিয়া শব্দবোৰৰো আন এটা ৰূপ পাঠটোত আছে। বিচাৰি উলিয়াই খালী ঠাইত সেই শব্দবোৰ লিখা।

বার্তা —   জনম 

উত্তৰ :- বার্তা বতৰা    জন্ম জনম

যতন     পিতৃ

উত্তৰ :- যত্ন যতন    পিতৃ পিতা

বৎসৰ —     নাচনী

উত্তৰ :- বৎসৰ —  বছৰ   নৰ্তকী   নাচনী

প্রঃ ৪। তলত দিয়াবোৰৰ যুক্তাক্ষৰ গঠন কৰা :

উত্তৰ :- 

                                                

             ন+ধ+ন্ধ      ম+ন+ম্ন       দ+ধ+দ্ধ

                 গ্ধ                ত্ন                ব্ধ

প্রঃ ৫। যুক্তাক্ষৰ ভাঙি লিখা :

উত্তৰ :- মুগ্ধ  গ্ধ +     ইন্দ্ৰ ন্দ্ৰ + +

ক্ষুব্ধ ব্ধ +     বস্ত্ৰ স্ত্ৰ + +

বুদ্ধ দ্ধ +     মর্ত্য র্ত্য + + য়

প্রঃ ৬। শব্দ গঠন কৰোঁ আহা :

Class 3 Assamese Chapter 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী


Class 3 Assamese Chapter 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী


প্রঃ ৭। জানি থওঁ আহা :

ধর্ম – ধৰম   কর্ম – কৰম   মিত্র মিতিৰ

ভক্তি – ভকতি   ভগ্নী – ভগিনী,   ভনী শস্য শইচ

প্রঃ ৮। পাঠটোত থকা এক বুজোৱা শব্দবোৰ ‘এ’ৰে আৰম্ভ হৈছে। তেনে শব্দবোৰ বিচাৰি উলিয়াই লিখা।

যেনে— এগৰাকী (এক গৰাকী)

উত্তৰ :- একোবাৰ, এদিনাখন, এডৰা।

গ – জ্ঞান সম্প্ৰসাৰণ

প্রঃ ১। প্রশ্নবোৰৰ উত্তৰ লিখোঁ আহা :

(ক) বুদ্ধদেৱৰ দেউতাকৰ নাম কি ?

উত্তৰ :- বুদ্ধদেৱৰ দেউতাকৰ নাম শুদ্ধোধন।

(খ) সিদ্ধার্থ কাৰ নাম ?

উত্তৰ :- বুদ্ধদেৱৰ আন এটা নাম সিদ্ধার্থ। 

(গ) বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি ?

উত্তৰ :- বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম বৌদ্ধধর্ম।

(ঘ) মহাৰাজ অশোক কিয় ক্ষুব্ধ হৈছিল ?

উত্তৰ :- কলিংগ যুদ্ধত অনেক মানুহ মৰিছিল বাবে অশোক ক্ষুব্ধ আৰু ব্যথিত হৈছিল।

প্রঃ ২। দলত আলোচনা কৰা :

(ক) ময়ূৰ চৰাইৰ বিষয়ে।

উত্তৰ :- ময়ূৰ মৰ্তাৰ বৰ ধুনীয়া চৰাই। ইয়াৰ দেহটো ফুলাম পাখিবে আবৃত। পাখিব চিত্র-বিচিত্ৰ ৰঙে ময়ূৰ চৰাইক সকলোৰে বাবে বৰ আকর্ষণীয় কৰি তুলিছে।

(খ) মাত শুনি ভাল লগা চৰাইৰ বিষয়ে। 

উত্তৰ :- মাত শুনি ভাল লগা চৰাই হ’ল মইনা, ভাটো আৰু শালিকা। এই চৰাই কেইবিধে শিকালে মানুহৰ দৰে মাত মাতিব পাৰে। সেয়ে কিছুমান লোকে এই কেইবিধ চৰাই ঘৰত পুহি মাত মাতিবলৈ শিকায়। ইহঁতৰ মাত শুনিবলৈ শুৱলা।

প্রঃ ৩। ভাবা আৰু কোৱা :

(ক) দেবকন্যাই মর্ত্যৰ ৰং-ৰূপ চাবলৈ যাওঁতে লগত এখন তাঁতশাল লৈ গৈছিল যাতে ধুনীয়া দৃশ্যবোৰ বুটা-বাছি আনিব পাৰে। তোমালোকে ভ্ৰমণলৈ গ’লে লগত কি কি নিয়া আৰু কিয় নিয়া বুজাই কোৱা। 

উত্তৰ :- ভ্ৰমণলৈ গ’লে আমি লগত টোকা বহী আৰু কেমেৰা লৈ যাওঁ। টোকাবহীত ভ্ৰমণৰ আৱশ্যকীয় কথাবোৰ মই লিপিবদ্ধ কৰোঁ আৰু কেমেৰাৰে ভাল লগা দৃশ্যবোৰৰ ছবি তোলোঁ।

(খ) দেৱকন্যাই অখাদ্য খোৱাৰ বাবে পুনৰ স্বৰ্গলৈ ঘূৰি যাব নোৱাৰিলে। অখাদ্য খালে আমাৰ কি কি অপকাৰ হ’ব পাৰে কোৱা।

উত্তৰ :- খাদ্যই আমাৰ স্বাস্থ্য বৰ্দ্ধন কৰে। কিন্তু অখাদ্য আমার স্বাস্থ্যৰ অশেষ অপকাৰ কবে। অখাদ্য খোৱাৰ বাবে শৰীৰত নানা রোগ জন্মিব পাৰে আৰু ৰোগ জন্মিলে ইয়াৰ কুফল আমি ভোগ কৰিব লগা হয়। সেয়ে আমি স্বাস্থ্যৰ অনিষ্টকাৰী অখাদ্য কেতিয়াও খোৱা উচিত নহয়।

(গ) ঘৰচীয়া বা বনৰীয়া চৰাই-চিৰিকটিৰ প্ৰতি তুমি লোৱা যত্নৰ বিষয়ে কোৱা।

উত্তৰ :- ঘৰচীয়া চৰাইবোৰক যেনে— হাঁহ, পাৰ, কুকুৰা আদিক আমি খাদ্যৰ যোগান ধৰো আৰু এইবোৰৰ বাহ বা গবাল পৰিষ্কাৰ কৰি ৰখাৰ চেষ্টা কৰোঁ। কুকুৰ, মেকুৰী, শিয়াল আদিব আক্ৰমণৰ পৰা এইবোৰক ৰক্ষণা-বেক্ষণ দিও। বনৰীয়া চৰাইবোৰৰ কণী আৰু পোৱালিৰ যাতে কোনেও অনিষ্ট কৰিব নোৱাৰে তাৰ প্রতি চেষ্টা কৰোঁ। বনৰীয়া চৰাই যাতে কোনেও বধ কৰিব নোৱাৰে সেই বিষয়ে সমূহীয়াভাৱে চেষ্টা কৰোঁ। 

প্রঃ ৪। ছবিখনত দেখা চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৰ বিষয়ে আলোচনা কৰা।

Class 3 Assamese Chapter 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী


উত্তৰ :- ছবিখনত ভাটৌ, ময়ুৰ, হাঁহ, বগলী আদি চৰাই-চিৰিকটিৰ লগতে হৰিণা, গড়, হাতী, বাঘ আদি জন্তু আৰু সাপো আছে। এই জীৱ-জন্তু, চৰাই-চিৰিকতিৰ সৰহ ভাগেই বনৰীয়া প্ৰাণী। মাথোঁ হাঁহ হেঘৰচীয়া প্ৰাণী। এই প্রাণীবোৰৰ ভিতৰত বাঘ, হাতী, গড়, হৰিণা আদি ডাঠ হাবিত থাকে। ইয়াৰ ভিতৰত বাঘ মাংসভোজী আৰু হাতী, গড়, হৰিণা তৃণভোজী প্রাণী। ময়ূৰ, হাঁহ, ভাটো আদি বিবিধ গছৰ গুটি আৰু শইচ খোৱা চৰাই। বগলী মাছ খোৱা চৰাই। ইহঁতে নৈ, বিলৰ কাষত বাস কৰে।

ঘ – প্রকল্প

প্ৰঃ ১। ময়ূৰ চৰাইৰ পাখিবে কি কি সাজিব পাৰি পাঠ্যপুথিৰ ছবিখন চাই কোৱা।

উত্তৰ :- ময়ূৰ চৰাইৰ পাখিৰ পৰা বিছনী, পাখি-কলম, মুকুট আদি সাজিব পাৰি।

প্ৰঃ ২। ময়ূৰ চৰাইৰ পাখি, চাৰ্ট, ছবি আদি সংগ্রহ কৰি ময়ূৰৰ বিষয়ে এটা টোকা লিখা।

উত্তৰ :- ময়ূৰ এবিধ অতি ধুনীয়া চৰাই। ইয়াৰ গাটো চিত্র-বিচিত্র পাখিৰে আবৃত। ইয়াৰ ফুলাম পাখিয়ে ময়ূৰ চৰাইক অপৰূপ ৰূপ প্ৰদান কৰিছে। ময়ূৰ চৰাই চাবলৈ সেয়ে সকলোৱে হেঁপাহ কৰে। ইয়াৰ পাখিৰ পৰা বিছনী, পাখি-কলম, মুকুট আদি সাজিব পাৰি। ময়ূৰক পবিত্ৰ চৰাই হিচাপে গণ্য কৰা হয়। ময়ূৰ পাখিৰে তৈয়াৰী বিছনী ধর্মীয় কার্যতো ব্যৱহাৰ কৰা হয়। আমাৰ দেশৰ জাতীয় পক্ষী হ’ল ময়ূৰ চৰাই।

প্রঃ ৩। ক্ষেত্র অধ্যয়ন কৰি নাইবা ছবি আদিত ময়ূব, ধনেশ, ভাটৌ, পেলিকান আৰু অন্যান্য পক্ষী চাই আৰু সেইবোৰৰ বিষয়ে টোকা বহীত লিখা।

উত্তৰ :- নিজে কৰা।

প্রঃ ৪। তাঁতশালৰ যতনবোৰৰ এখন তালিকা প্রস্তুত কৰা আৰু কোনবিধৰ কি কাম বুজাই লিখা। 

উত্তৰ :- তাঁতশালৰ যতনবোৰ হ’ল–উঘা, চেৰেকী, বাঁচ, মাকো আৰু তাঁতশাল।

উঘা :- তাঁতশালৰ সৈতে সম্পর্ক থকা এবিধ সঁজুলি। চেৰেকীত ভৰাই থোৱা নেছা সূতা উঘাত পকাই লৈ তাঁত শালৰ কাপোৰৰ তাঁত-বাটি কঢ়া হয়।

চেৰেকী :- নেছা সূতা চেৰেকীত সুমুৱাই লৈ উঘাত পকোৱা হয়। উঘাত চেৰেকীৰ পৰা মৃতা পকাই লৈ ব’বলৈ ওলোৱা কাপোৰৰ বাটি কৰা হয়।

ৰাঁচ :- বাটি কটা সূতা দীঘলে দীঘলে বাঁচত বিন্ধাই লৈ সেই সূতা বিন্ধোৱা ৰাঁচ তাঁতশালত সংযোগ কবি কাপোৰ বোৱা হয়। 

মাকো :- বানি সূতা মহরা আকাৰত মাকোেত ভৰাই মাকোৰ সহায়ত তাঁতশালাত কাপোৰ বোৱা হয়।

 

Post a Comment

Previous Post Next Post