Class 3 Assamese Chapter 8 গাই গাই যাওঁ
Class 3 Assamese Chapter
8 গাই গাই যাওঁ, SEBA Chapter 8
গাই গাই যাওঁ Class 3 Assamese
Question Answer Class 3 অংকুৰণ Question Answer by Buranjipedia
গাই গাই যাওঁ(Chapter – 8)
ক-পাঠভিত্তিক
ক্রিয়া-কলাপ
প্রঃ ১। গীতকেইফাকি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে দলত
ভাগহৈ গোৱা। ভালকৈ নোৱাৰিলে জনাসকলৰ পৰা শিকি লৈ বাৰে বাৰে অনুশীলন কৰিবা।
উত্তৰ :- নিজে কৰা।
প্রঃ ২। উত্তৰ দিয়া :
(ক) ৰ’দালিক
বহিবলৈ কি পীৰা পাৰি দিম বুলি কৈছে ?
উত্তৰ :- ৰ’দালিক বহিবলৈ বা পীৰা পাৰি দিম বুলি কৈছে।
(খ) ৰ’দালিৰ মাকৰ
কেইডালি চুলি ?
উত্তৰ :- ৰ’দালিৰ মাকৰ তিনিডালি চুলি।
(গ) বতা চৰায়ে
ধান নাখালে কি খাব ?
উত্তৰ :- বতা চৰায়ে ধান নাখালে চাউল খাব।
(ঘ) ৰতনপুৰত কি কি
বাদ্য বজায় ?
উত্তৰ :- ৰতনপুৰত ঢোল আৰু খোল বাদ্য বজায়।
(ঙ) খঁৰা শিয়ালৰ
বিয়াত কোনে তামোল কাটে ?
উত্তৰ :- খঁৰা শিয়ালৰ বিয়াত ঘনচিৰিকাই তামোল কাটে।
প্রঃ ৩। শেষৰ ধ্বনি মিলা শব্দ পাঠৰ পৰা বিচাৰি চোৱা
উদাহৰণত দেখুওৱাৰ দৰে দুটাকৈ শব্দ লিখা :
উদাহৰণ :- আলি→চুলি জালি
উত্তৰ :- চৰাই→কৰাই কোৱাই খাম→যাম দিম
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রঃ ১। (ক) শব্দ গঠন কৰোঁ আহা :
উদাহৰণ :- ৰদ→ৰ’দালি
উত্তৰ :- তৰা→তৰালি বেজ বেজালি ল’ৰা→ল’ৰালি
খৰ→খৰালি
প্রঃ ৩। পদ্যটোত দিম, খাম, যাম আদি কিছুমান
শব্দ আছে। এনে শব্দবোৰ কোন ক্ষেত্ৰত ব্যৱহাৰ হয় লিখা।
উত্তৰ :- পিছলৈ কৰা বা হোৱা বুজাবলৈ দিন, খাম, যাম’ আদি শব্দ ব্যবহার হয়। যেনে –ৰ’দালিক ৰ’দ দিবলৈ
বা পীৰা পাৰি দিয় বুলি কৈছে, কিন্তু বব পীৰা
পাৰি দিয়া নাই, দিম বুলি কৈছেছে। অর্থাৎ দিয়া কামটো পিছত কৰিব।
সেয়ে যি কাম পিছত করা বা হোৱা বুজোৱা হয় তাকে ভবিষ্যত কাল বোলে। যেনে – মই ঘৰলৈ
যাম। অৰুণ বিদ্যালয়লৈ যাব। ৰাম ঘৰলৈ আহিব। ইত্যাদি।
কিছুমান ভবিষ্যৎ কাল বুজোৱা শব্দ : যাম, খাম, আহিব, যাব, ধৰিব, আনিব, কৰিব ইত্যাদি।
প্রঃ ৪। ভৱিষ্যত বুজোৱা শব্দ লিখোঁ আহা :
উদাহৰণ :- দে→ দিম, দিবি, দিব
উত্তৰ :-
খ→ খাম খাবি খাব
যা→ যাম যাবি যাব
কাট→ কাটিম কাটিবি কাটিব
প্রঃ ৫। পদ্যফাকি নিজৰ মতে লিখোঁ আহা :
উত্তৰ :-
|
কবিৰ মতে |
মোৰ মতে |
|
হুৰ্ হুৰ্ বতা চৰাই |
হুৰ্ হুৰ্ পাৰ চৰাই |
|
মোৰ ধান নাখাবি |
মোৰ মাহ নাখাবি |
|
তোক দিম গোট কৰাই |
তোক দিম মাহ কৰাই |
|
ধানো খাম |
মাহ’ খাম |
|
চাউলো খাম |
ধানো খাম |
|
দুয়ো নাচি-বাগি |
দুয়ো নাচি-বাগি |
|
ঘৰলৈ যাম |
বাহলৈ যাম |
প্রঃ ৬। কি-গীতৰ লগত কি কি বাদ্য বজায় মিলাই নিজৰ
বহীত লিখোঁ আহা।
উত্তৰ :-
|
ব্যৱহৃত বাদ্যযন্ত্র |
গীত |
|
ঢোল |
হোলীগীত, গোৱালপৰীয়া
লোকগীত |
|
সাৰিন্দা |
গোৱালপৰীয়া লোকগীত |
|
বাঁহী |
লোকগীত |
|
দোতাৰা |
লোকগীত, টোকাৰী গীত, জিকিৰ |
|
পেঁপা |
বিহুগীত, হুঁচৰি |
|
খঞ্জৰী |
লোকগীত, জিকিৰ |
|
খোল |
বৰগীত, হোলীগীত |
|
মৃদংগ |
বৰগীত, নাম প্ৰসংগ |
|
দগৰ |
নাম-প্রসংগ |
|
টকা |
বিহুগীত |
|
বিহুঢোল |
বিহুগীত |
|
বৰঢোল |
বিহুগীত |
|
খাম |
বাগুৰুম্বা |
|
ভোৰতাল |
নাম-প্রসংগ |
প্ৰঃ ৬। তলত দিয়া শব্দবোৰৰ পৰা এটা বুজোৱা আৰু
এটাতকৈ বেছি বুজোৱা শব্দকেইটা লিখা – বগলী, ফুল কল, ছাগলী।
উত্তৰ :-
|
এটাক বুজোৱা শব্দ |
এটাতকৈ বেছি বুজোৱা শব্দ |
|
বগলীটো |
বগলীজাক |
|
ফুলটো |
ফুলথোপা |
|
কলটো |
কলথোক |
|
ছাগলীটো |
ছাগলী জাক, ছাগলীপাল |
প্রঃ ৭। বহুত বুজাবলৈ কি কি শব্দ ক’ত ব্যৱহাৰ হয়
শিকো আহা :
উত্তৰ :- বিলাক :- মানুহ বিলাক, কিতাপ বিলাক, বস্তুবিলাক।
বোৰ :- ল’ৰাবোৰ, গৰুবোৰ, বস্তুবোৰ, আমবোৰ।
সকল :- ভকতসকল, দেউতাসকল, আইসকল, মাতৃসকল।
পাল :- ছাগলাপাল, ভেড়াপাল, ম’ইপাল, গৰুপাল।
দল :- ল’ৰাদল, ছোৱালীদল, সৈন্যদল, খেলুৱৈদল
থোপা :- ফুলথোপা, আঙুৰথোপা, লিচুথোপা।
হঁত :- দেউতাহঁত, ল’ৰাহঁত, ছোৱালীহঁত।
শ্ৰেণী :- পর্বতশ্রেণী, উদ্ভিদশ্রেণী, শ্রমিকশ্রেণী।
গ-জ্ঞান
সম্প্ৰসাৰণ
প্রঃ ১। উত্তৰ দিয়া :
(ক) ৰ’দালিক ৰ’দ
দিবলৈ খাটনি ধৰিছে–বদ নিদিলে আমাৰ কি কি অসুবিধা হ’ব পাৰে ?
উত্তৰ :- ৰ’দ নিদিলে আমাৰ অনেক অসুবিধা হয়।
যেনে–ৰ’দৰ তাগ নাপালে তিতা কাপোৰ নুশুকায়। বদৰ তাপৰ অভাৱত পানী বাষ্প হ’ব নোৱাবে
বাবে আকাশত ডাৱৰৰ সৃষ্টি নহ’ব আৰু ডাৱৰ নহলে বৰষুণো নহ’ব। ব’দব তাপেহে গছ-গছনি আৰু
জীৱ-জগতক সজীৱ কৰি ৰাখে। কাৰণ জীৱ সজীৱ হৈ থাকিবলৈ আবশ্যক হোৱা উত্তাপ ৰ’দৰ পৰাই
প্ৰাণী জগতে আহৰণ কৰে। বদৰ তাপত হে পানী বাষ্প হৈ আকাশলৈ গতি কৰি ডাৱৰ আৰু বৰষুণৰ
সৃষ্টি কৰে।
(খ) ধান নাখালে
চৰাইক গোট কৰাই দিব, তোমালোকে চৰাইক
আৰু কি কি খাবলৈ দিব পাৰিবা ?
উত্তৰ :- চৰায়ে শইচৰ গুটি আৰু গছ-গছনিব গুটি ভক্ষণ
কৰে। সেয়ে চৰাইক খাবলৈ আমি ধান, চাউল, বিবিধ মাহ, সৰিয়হ আদি দিব
পাৰিম।
(গ) ঢোল, খোল ৰতনপুৰত বায়; তোমালোকৰ অঞ্চলত
কি কি বাদ্য বজায় ?
উত্তৰ :- আমাৰ অঞ্চলত ঢোল, খোল, বৰঢোল, বিহুঢোল, দোতাৰা, বাঁহী, দগৰ, ভোৰতাল, পেঁপা, টকা, খঞ্জৰী, মৃদংগ, আদি বাদ্য বজায়।
(ঘ) খঁৰা শিয়ালৰ
বিয়াত ঘনচিৰিকাই তামোল কাটে, আমাৰ বিয়াতো
তামোল-পাণ কাটে। বিয়াত তামোল কটাৰ বাহিৰেও কি কি কটা, গোঁঠা আৰু সজোৱা দেখিছা ?
উত্তৰ :- বিয়াত কল-কুঁহিয়াৰ, ফল-মূল কাটে। ফুলৰ মালা, সকমলা, গৰখীয়া ভাব ওঁঠে আৰু ৰভা সজায়, মানুহ বহিবলৈ চকী-মেজ-সজায়, খাদ্যগৃহত খাদ্য
সজায়।
প্রঃ ২। তলৰ পদ্য কেইফাকি পঢ়ি আঁচটনা শব্দৰ লগত
মিলাই খালী। ঠাই পূৰ কৰা।
উত্তৰ :-
(ক) ৰঙচুৱা পাখিৰে
কণমানি চৰাই
চোতালত দিছে ধান, মাহ
খোৱাহি পেট ভৰায় ।
উত্তৰ :-
(খ) অকণমানি ভণ্টিজনী
নাম তাইৰ হিয়া
ব’হাগ মাহৰ মাজভাগত
তাইৰ বায়েকৰ বিয়া ।
উত্তৰ :-
(গ) বৰদৈচিলা আহিল দেখোন
মেলি দীঘল চুলি
হালি জালি নাচিছে
নিম গছৰ পুলি ।
প্রঃ ৩। ভাবা আৰু উত্তৰ দিয়া :
(ক) বৰষুণ দিলে
আমি কি কৰোঁ ?
উত্তৰ :- বৰষুণ দিলে আমি বাহিৰত শুকাবলৈ মেলি দিয়া
বয়-বস্তুবোৰ ঘৰৰ ভিতৰত সুমুৱাই থওঁ। বৰষুণত তিতিলে অসুখ হ’ব বাবে ক’ৰবালৈ যাব লগা
হ’লৈ মূৰৰ ওপৰত ছাতি বা জাপি লৈহে যাও। অৱশ্যে বৰষুণৰ পানীত তিতি সেই পানীত কাগজব
নাও উটুৱাই বৰ মজা লাগে। বৰষুণ পৰি হোৱা চিপ্চিপ্ শব্দবোৰ শুনিবলৈ সংগীতৰ দৰে
মধুৰ যেন লাগে। বৰষুণৰ এনে শব্দ শুনি আনন্দ লাভ কৰোঁ।
(খ) ধান আৰু চাউলৰ
পৰা কি কি জলপান কৰা হয় ?
উত্তৰ :- ধান আৰু চাউলৰ পৰা, চিবা, বিবিধ-পিঠা, সান্দহ, লাড, পায়স, কোমল চাউলৰ জলপান
আদি বিবিধ জলপান তৈয়াৰ কৰিব পাৰি।
প্রঃ ৪। পাঠ্যপুথিৰ গীতটি পঢ়ি ছবিত থকা নাচনীজনীয়ে
কোনবিধ অলংকাৰ ক’ত পিন্ধিব কোৱা।
হাতত মুঠি খাৰু
ডিঙিত জোনবিৰি
ঢোলবিৰি দুগদুৰ্গী বাজে,
কাণতে খুৰীয়া
আঙুলিত আঙঠি
ওলাই আহা নাচোনৰ সাজে।
উত্তৰ :- নাচনীয়ে হাতত মুঠি খাৰু, ডিঙিত জোনবিবি আৰু ঢোলবিবি, কাণত থুৰীয়া আৰু
হাতৰ আঙুলিত আঙঠি পিন্ধিব।
প্রঃ ৫। আঁচটনা শব্দবোৰ কি কি ক্ষেত্ৰত ব্যৱহাৰ হয়
জানো আহা। জিলিঙনি, ৰেঙণি
গাজনি-ঢেৰেকনি, হোহোৱনি, খলকনি, খিল্ খিলাই
টিলিখিলাই।
উত্তৰ :- (ক) আবেলি বেলিৰ জিলিঙনি ঘৰৰ মজিয়াত পৰিছে।
(থ) ধলপুৰা আকাশত বেলিৰ ৰেঙণি পৰিছে।
(প) মেঘৰ গাজনি-ঢেকেনিত কাৰো মাত কোনেও নুশুনা হৈ
পৰিছে।
(ঘ) বতাহল হোহোরনিয়ে বাতিব পৰিৱেশ ভয়াল কৰি তুলিছে।
(ঙ) নাৰকীয়াই নঠা মাৰি নৈৰ পানীত খলকনি তুলিছে।
(চ) বহুৱাজনৰ বহুবালি দেখি দর্শকসকলে খিলখিলাই
হাঁহিছে।
(ছ) ডেকাসকলে বিষতলীত কাম-বন নকৰাকৈ টিথিল্মিলাই
ফুৰিছে।
ঘ-প্রকল্প
প্রঃ ১। পুৰণি আলোচনী বা বাতৰি কাকতৰ পৰা বিভিন্ন
চৰাইৰ ছবি সংগ্ৰহ কৰি ডাঠ কাগজত আঠা লগাই বেৰত ওলোমাই থ’ব পৰাকৈ তালিকা প্রস্তুত
কৰা।
উত্তৰ :- নিজে কৰা।
প্রঃ ২। ধাননিত বৰ্তা চৰাইৰ বাহিৰে ধান খাবলৈ আৰু কি
কি চৰাই আছে তালিকা কৰা।
উত্তৰ :- ধান প্ৰায়ভাগ চৰাইবে খাদ্য। সেয়ে ধান
খাবলৈ হাঁহ, ৰাজহাঁহ, টোকোৱা, কপৌ, ভাটো, শালিকা, আদি বিবিধ চৰাই আহে। ইয়াৰ ভিতৰত টোকোবা চৰাইৰ ডাকে একোডবা
ধান উদংকৈ খাই খেতিয়কৰ বৃহৎ অনিষ্ট সাধন কৰে।


