Class 3 Assamese Chapter 7 সবৰমতী আশ্ৰমত গান্ধীজী

 Class 3 Assamese Chapter 7 সবৰমতী আশ্ৰমত গান্ধীজী

Class 3 Assamese Chapter 7 সবৰমতী আশ্ৰমত গান্ধীজী, SEBA Chapter 7 সবৰমতী আশ্ৰমত গান্ধীজী Class 3 Assamese Question Answer Class 3 অংকুৰণ Question Answer by Buranjipedia

সবৰমতী আশ্ৰমত গান্ধীজী(Chapter – 7)

 ক – পাঠভিত্তিক ক্রিয়া-কলাপ 

প্ৰঃ ১। দলত ভাগ হৈ পাঠৰ ছবি কেইখনত কি কি দেখিছা আলোচনা কৰা।

উত্তৰ :- প্রথমখন ছবিত মানুহ এজনে গান্ধীজীক নমস্কাৰ জনাই সভালৈ নিমন্ত্রণ জনাইছে। দ্বিতীয়খন ছবিত গান্ধীজীয়ে কচোবানজনক ঘোঁবাগাড়ী আনিবলৈ কৈছে। তৃতীয়খন ছবিত গান্ধীজীয়ে আন এজন এখন চাইকেল আনি দিবলৈ কৈছে। চতুর্থখন ছবিত গান্ধীজীয়ে কেইজনমান লোকক চাইকেল আনি দিয়ার কারণে ধন্যবাদ জনাইছে। পঞ্চম ছবিত গান্ধীজীৰ ওচৰত থিয় হৈ হাতযোৰ কৰি কচোৱান জনে গান্ধীজীক পলম হোৱা কারণে ক্ষমা খুজিছে। ষষ্ঠখন ছবিত গান্ধীজীয়ে কচোবানজনক মহৎকাম কৰা বাবে প্রশংসা কৰিছে।

প্রঃ ২। উত্তৰ দিয়া :

(ক) গান্ধীজীয়ে ঘোবা-গাড়ীখন কেই বজাত আনিবলৈ কৈছিল?

উত্তৰ :- গান্ধীজীয়ে ঘোঁৰা গাড়ীখন বাতিপুৱা আঠ বজাত আনিবলৈ কৈছিল। 

(খ) সময়মতে কোন আহি নাপালেহি ?

উত্তৰ :- সময়মতে কচোৱানজন ঘোঁৰা-গাড়ীখন লৈ আহি নাপালেহি। 

(গ) “সময়ৰ কাম সময়ত হোৱাটো মই বাঞ্ছা কৰোঁ”—কথাষাৰ কোনে কৈছিল ? 

উত্তৰ :- কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল।

প্রঃ ২। (ক) গান্ধীজীয়ে চাইকেল চলাই হ’লেও সভাত কিয় উপস্থিত হৈছিলগৈ ?

উত্তৰ :- মহাত্মা গান্ধীয়ে সময়ৰ কাম সময়তে কৰাটো বিচাবিছিল বাবেই চাইকোলেৰে হ’লেও সময়মতে সভাত উপস্থিত হৈছিল। 

(খ) “মোক ক্ষমা কৰক” বুলি কচোৱানজনে কাক আৰু কিয় কৈছিল ?

উত্তৰ :- কচোৱানজনে কথাষাৰ মহাত্মা গান্ধীক কৈছিল। কচোৱানজনে মহাত্মা গান্ধীক ৰাতিপুৱা আঠ বজাত তেওঁৰ ঘোঁৰা-গাড়ীৰে সভা এখনলৈ লৈ যোৱাৰ কথা আছিল। কিন্তু কচোৱান জনে মহাত্মা গান্ধীক সভালৈ লৈ যাব নোৱাৰিলে বাবে তেওঁ ইয়াৰ বাবে গান্ধীজীৰ ওচৰত ক্ষমা বিচাৰিছিল। 

(গ) গান্ধীজীয়ে কচোৱানজনক ‘মহৎ কাম কৰিলা’ বুলি কিয় কৈছিল ?

উত্তৰ :- কচোৱানজনে মহাত্মা গান্ধীক সভালৈ লৈ যোৱাৰ কাৰণে আহি থাকোতে বাটত এজন বগীয়া মানুহক হস্পিতাললৈ নিব লগা হৈছিল। কচোৱানজনে ৰোগীজনক হস্পিতাললৈ লৈখোৱা অধিক জৰুৰী কাম বুলি গণ্য কৰিছিল বাবে মহাত্মা গান্ধীয়ে কচোৱানজনক ‘এটা মহৎ কাম কৰিলা বুলি তেওঁক প্ৰশংসা কৰিছিল।

প্ৰঃ ৩। কাৰ (স্বৰ) চিন নথকা শব্দৰ কাষৰ বাকচত ৰঙা ৰং আৰু –কাৰ (স্বৰ) চিন থকাবোৰত ক’লা ৰং দিয়া।

উত্তৰ :- 

পলম    ৰঙা     মহৎ       ৰঙা    মহান    ক’লা

গান্ধী    ক’লা    সময়ত    ৰঙা     কাম    ক’লা

হ’ল      ৰঙা      মই        ৰঙা

সহায়   ক’লা     এখন      ৰঙা  (ৰং নিজে দিয়া)।

প্রঃ ৪। পাঠৰ আধাৰত তলৰ বাক্যবোৰ ক্ৰমত সজাই লিখা :

উত্তৰ :- গান্ধীজীক এখন গাৱঁৰ সভালৈ নিমন্ত্রণ কৰিছিল।

গান্ধীজীয়ে সভালৈ যাবৰ বাবে এখন ঘোঁৰা গাড়ী বন্দোবস্তু কৰিলে।

কচোৱানজন সময়মতে নাহিল।

গান্ধীজীয়ে চাইকেল চলাই সভালৈ গ’ল।

কচোৱানজনে পাছত আহি ক’লে— “মই ৰোগী এজনৰ হাস্পতালত থৈ অহাৰ বাবে পলম হল।”

প্রঃ ৫। শুদ্ধ বানানটোত ঘৰণীয়া চিন দিয়া। কাষৰ খালী ঠাইত শব্দটো পুনৰ লিখা : 

(ক) শবৰমতী / সৱৰমতি / সবৰমতী  

উত্তৰ :- সবৰমতী ৷

(খ) গান্ধীজি / গান্ধীজী / গান্ধিজী 

উত্তৰ :- গান্ধীজী ৷

(গ) হাস্পতাল / হাস্পাতাল / হাম্পাটাল 

উত্তৰ :- হাস্পতাল 

প্রঃ ৬৷ শুদ্ধ শব্দটোত ঘূৰণীয়া চিন দিওঁ আহা :

উত্তৰ :- (ক) ৰোগীক চিকিৎসা কৰা ঠাই (হাস্পাতাল)/থানা

(খ) ঘোঁৰা-গাড়ী চলোৱা মানুহ গাৰোৱান/কচোৱান

(গ) ঋষি-মুনি বাস কৰা ঠাই বিদ্যালয়/আশ্ৰম

(ঘ) সভাত উপস্থিত থকা লোক সভাসদ/সমাজকর্মী

(ঙ) সভাত বক্তৃতা দিয়া লোক গায়ক/বক্তা

খ – ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্ৰঃ ১। যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখোঁ আহা :

উদ্দেশ্য = দ্দ – দ + দ   দই দই = দ্দ

বাঞ্ছা = ঞ্ছ – ঞ + ছ   ঞই ছই = ঞ্ছ

২। যুক্তাক্ষৰ গঠন কৰো আহা :

দ + দ   দই    দই    দ্দ

ঞ + ছ  ঞই   ছয়    ঞ্ছ

প্রঃ ৩। যুক্তাক্ষৰৰ সহায়ত শব্দ লিখা :

উত্তৰ :- দ্দ উদ্দাম   খদ্দৰ

উত্তৰ :- ঞ্ছ – বাঞ্ছিত     লা লাঞ্ছনা না

প্রঃ ৪। দলত আলোচনা কৰি বাক্য লিখা :

উত্তৰ :- উদাহৰণ

Class 3 Assamese Chapter 7 সবৰমতী আশ্ৰমত গান্ধীজী


প্রঃ ৫। বেটৰ ভিতৰত থকা যুক্তাক্ষৰবোৰ উপযুক্ত ঠাইত লিখা।

উত্তৰ :- 

Class 3 Assamese Chapter 7 সবৰমতী আশ্ৰমত গান্ধীজী


প্রঃ ৬। ফুলৰ পৰা শব্দ আনি বাক্য কেইটা সম্পূৰ্ণ কৰা :

Class 3 Assamese Chapter 7 সবৰমতী আশ্ৰমত গান্ধীজী


―――――কল খায়।

―――――মানে দাঁত।

ৰোগী চিকিৎসা কৰা ঠাইক  ――――বোলে।

উত্তৰ :- বান্দৰে কল খায়।

দন্ত মানে দাঁত।

ৰোগী চিকিৎসা কৰা ঠাইক হাস্পতাল বোলে।

ৰোগী চিকিৎসা কৰা ঠাইক হাস্পতাল বোলে।

প্রঃ ৭। একবচন আৰু বহুবচন জানি ল’বৰ বাবে তলৰ ‘ক’ অংশ আৰু ‘খ’ অংশৰ শব্দবোৰ চাই একবচন আৰু বহুবচন কাক বোলে লিখা।

ক–অংশ

খ–অংশ

মই

আমি

তুমি

তোমালোক

তেওঁ

তেওঁলোক

সি

সিহঁত

তাই

তাহাঁত/সিহঁত

ওপৰৰ ‘ক’ অংশৰ শব্দবোৰে এজনক বুজাইছে। আনহাতে ‘খ’ অংশত থকা শব্দবোৰে বহুকে বুজাইছে।

ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে এজন বা এটাক বুজোৱা শব্দকে একবচন বোলে। আনহাতে দুজন বা তাতকৈ অধিকক বুজোৱা শব্দার বহুবচন বোলে। 

প্রঃ ৮। বহুবচন বুজোৱা শব্দ ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা।

উদাহৰণ :- মই সভালৈ যাম। 

               আমি সভালৈ যাম।

(ক) তুমি ঘোঁৰা-গাড়ী এখন যোগাৰ কৰিবা।

উত্তৰ :- তোমালোকে ঘোঁৰা গাড়ী এখন যোগাৰ কৰিবা।

(খ) সি সময়মতে নাহিল। 

উত্তৰ :- সিহঁত সময়মতে নাহিল।

(গ) তেওঁ সদায় সময়মতে কম-কাজ কৰে।

উত্তৰ :- তেওঁলোকে সদায় সময়মতে কাম-কাজ কৰে। 

প্ৰঃ ৯। বেজীৰ ভিতৰত থকা বিপৰীত অর্থ বুজোৱা শব্দেৰে খালী ঠাই পূৰ কৰা :

Class 3 Assamese Chapter 7 সবৰমতী আশ্ৰমত গান্ধীজী


উত্তৰ :- সুখী – অসুখী।

সম্মান – অসম্মান।

অসুবিধা – সুবিধা

ৰোগী – নিৰোগী।

গ – জ্ঞান সম্প্ৰসাৰণ

প্রঃ ১। তুমি বিদ্যালয়লৈ যাওঁতে তোমাৰ লগৰীয়া এজনে উজুটি খাই দুখ পালে তুমি কি কৰিবা ?

উত্তৰ :- উজুটি খাই দুখ পালে লগৰীয়াজনক মই সহায় কৰিম। তেওঁ উজুটি খোৱা ঠাইৰ পৰা যদি তেওঁ বাহিৰ হোৱা নাই, তেনেহলে সেই ঠাইখন হাতেবে মোহাৰি দিম। তেজ ওলালে তাত প্ৰথমে যন্ত্রণার উপশম ঘটাবলৈ চেঁচা পানী ঢালিবলৈ চেষ্টা কৰিম। তাৰ পিছত তেজ বন্ধ কৰিবলৈ ওচৰৰ মানুহৰ সহায় লম।

প্রঃ ২। সময়ৰ কাম সময়ত নকৰিলে কি হয় লিখা।

(ক) সময়ত আহাৰ নাখালে।

উত্তৰ :- সময়ত আহাৰ নাখালে স্বাস্থ্যৰ ক্ষতি হয়।

(খ) সময়ত ঔষধ নাখালে।

উত্তৰ :- সময়ত ঔষধ নাখালে ৰোগ নিৰাময় নহয়।

(গ) সময়ত নিজৰ কাম নকৰিলে। 

উত্তৰ :- কামত পিছপৰি ৰ’ব লগা হয়।

(ঘ) সময়ত বেল ষ্টেচনত উপস্থিত নহ’লে।

উত্তৰ :- বেল যাত্রা বাতিল হৈ পৰে। 

প্রঃ ৩। বিদ্যালয়ত তুমি কি কি নিয়ম মানি চলা।

উত্তৰ :- মই সময়মতে বিদ্যালয়লৈ যাওঁ। নিয়মীয়া ভাবে প্রার্থনা সভাত যোগদান কৰোঁ। হাই-উৰুমি কৰাৰ পৰা বিৰত থাকো। শ্রেণীত শিক্ষকৰ কথা মানি চলোঁ আৰু শিক্ষকে পঢৱালে বা কিবা বুজালে মনোযোগেবে শুনো। বিদ্যালয় ছুটি হলেও শান্তিপূর্ণভাৱে হাই-উকমি নকৰাকৈ ঘৰলৈ উভতি আহোঁ।

প্রঃ ৪। নিজৰ মতে খালী ঠাই পূৰ কৰা :

উত্তৰ :- মই ৯-৩০ বজাত ঘৰৰ পৰা বিদ্যালয়লৈ যাবৰ বাবে সাজু হওঁ। বিদ্যালয়ত ৯.৫০ বজাত প্ৰাতঃসভা আৰু ১০ বজাৰ লগে লগে শ্রেণী আৰম্ভ হয়। ১ বজাত মধ্যাহ্ন ভোজন কৰাৰ পিছত পুনৰ ২ বজাত শ্রেণীত সোমাওঁ। ৩-৩০ বজাত আমাৰ বিদ্যালয় ছুটী হয়।

প্রঃ ৫। ‘যেতিয়াৰ যিটো বন’ পদ্যটোৰ মূল কথাখিনি লিখা। 

উত্তৰ :- প্রত্যেক কামৰ বাবে একোটা নির্দিষ্ট সময় থাকে। সেয়ে প্রতিটো কাম মানুহে কামটোৰ বাবে নির্দিষ্ট বা নিৰ্ধাৰিত সময়ত কৰিব লাগে। কিন্তু কৰিব লগা কামটো পিছলৈ কৰিব বুলি পেলাই থ’লে সেই কামটো পাছলৈ হৈ নুঠিবও পাৰে। কাৰণ মানুহৰ জীৱনত বিপদ-আপদৰ সীমা-সংখ্যা নাই। তদুপৰি পল, দণ্ড কৰি আমাৰ জীৱনৰ দিন টুটি আছে। সেয়ে কৰিবলগা কামটো সময়মতে কৰি গলেহে কামো সহজ হৈ পৰে আৰু নতুন কামত হাত দিবলৈ সময়ো ওলায়। সেয়ে সময়ৰ কাম সময়ত কৰি কৰ্মত অগ্রগতি লাভ কৰিবলৈ সতত চেষ্টা কৰিব লাগে। 

প্রঃ ৬। আমি পালন কৰা আচৰণ সমূহ কি কি লিখা।

উত্তৰ :- আমি পালন কৰা আচৰণ সমূহ হ’ল— আলহী আদৰা, উপহাৰ গ্রহণ করা, ক্ষমা বিচবা, শুভেচ্ছা জনোৱা, সেৱা কৰা ইত্যাদি।

ঘ – প্রকল্প

প্রঃ ১। তিনিজন মহৎ লোকৰ ছবি সংগ্রহ কৰি তেওঁলোকৰ বিষয়ে দুশাৰীকৈ বাক্য লিখা। 

উত্তৰ :- তিনিগৰাকী মহ লোক হ’ল— মহাত্মা গান্ধী, জবাহৰলাল নেহৰুক আৰু ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ।

মহাত্মা গান্ধী :- মহাত্মা গান্ধীক ভাৰতৰ জাতিৰ জনক বোলা হয়। তেৱেঁই অহিংস আন্দোলনৰ যোগেদি ব্ৰিটিছৰ বিৰুদ্ধে যুক্তি ভাৰতক স্বাধীন কৰিছিল। অহিংসা নীতিৰ বাবেই তেওঁ গোটেই পৃথিবীতে জনাজাত।

জৱাহৰলাল নেহক জবাহবলাল নেহৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্রধানমন্ত্রী আছিল। তেরেই স্বাধীন ভাবতব শিল্প-উদ্যোগ, বিজ্ঞান, ব্যবসায় বাণিজ্য আৰু বৈদেশিক নীতির প্রকৃত রূপকাৰ আছিল।

° সর্বপল্লী ৰাধাকৃষ্ণণ :- ° সর্বপল্লী বাধাকৃষ্ণণ এগবাকী প্রখ্যাত দার্শনিক আৰু শিক্ষাবিদ আছিল। তেওঁ ভাৰতৰ বাষ্ট্রপতির পদ অলংকৃত কৰিছিল। তেওঁৰ জন্মদিন ৫ ছেপ্টেম্বৰ তাৰিখটো ভাৰতত শিক্ষক দিবস হিচাপে পালন কৰা হয়।(ছবি নিজে সংগ্রহ কৰা)।

প্ৰঃ ২। পাঁচটাকৈ মহৎ লোকৰ বাণী সংগ্রহ কৰি তোমাৰ বহীত

উত্তৰ :- নিজে কৰা। 

প্রঃ ৩। তুমি পুৱা শুই উঠাৰ পৰা ৰাতিলৈ কি কি কৰা তাৰে এখন দিনলেখা লিখা।

উত্তৰ :- নিজে কৰা।

 

Post a Comment

Previous Post Next Post