Class 3 Assamese Chapter 9 সাহসী ছোৱালীজনী
Class 3 Assamese Chapter
9 সাহসী ছোৱালীজনী, SEBA Chapter 9
সাহসী ছোৱালীজনী Class 3 Assamese
Question Class 3 অংকুৰণ Question Answer by Buranjipedia
সাহসী ছোৱালীজনী(Chapter – 9)
ক-পাঠভিত্তিক
ক্রিয়া-কলাপ
প্ৰঃ ১। উত্তৰ দিয়া :
(ক) দলটোৱে কি
ধ্বনি দি শোভাযাত্রা কৰিছিল ?
উত্তৰ :- দলটোৱে ‘বন্দেমাতৰম্, বন্দেমাতৰম্’ ধ্বনি দি শোভাযাত্রা কৰিছিল।
(খ) শোভাযাত্রা
কৰি দলটো কোনফালে আগবাঢ়িছিল ?
উত্তৰ :- শোভাযাত্ৰা কৰি দলটো গহপুৰ থানা অভিমুখে
আগবাঢ়িছিল।
(গ) শোভাযাত্ৰাৰ
সন্মুখত থকা ছোৱালীজনীয়ে কি গীত জুৰিলে ?
উত্তৰ :- ছোৱালীজনীয়ে জুৰা গীতটো হ’ল—
‘ডেকা গাভৰুৰ দল!
বীৰ-বীৰাংগনাৰ দল!
নতুন তেজেৰে ৰাঙলী ৰূপহী
কৰহি ধৰণী তল।
খোজৰ ভৰত কঁপক ধৰণী,
তৰুণ চকুত জ্বলক অগনি,
শতসহস্ৰ মৃত্যু নেওচি,
ব’ল আগুৱাই বল।
(ঘ) পতাকা
উৰুৱাবলৈ যাওঁতে পুলিচে কি কৰিলে?
উত্তৰ :- পতাকা উকৱাবলৈ যাওঁতে পুলিচে ছোৱালীজনীক
গুলীয়াই নিহত কৰিলে।
(ঙ) দেশৰ বাবে
প্রাণ আহুতি দিয়া ছোৱালীজনীৰ নাম কি?
উত্তৰ :- ছোৱালীজনীৰ নাম কনকলতা বৰুৱা।
প্রঃ ২। তলৰ কথাকেইষাৰ কোনে কৈছিল ?
(ক) ‘সাৱধান, আৰু আগ নাবাঢ়িবা ; এখোজ আগবাঢ়িলেই
গুলী কৰিম।’
উত্তৰ :- ব্ৰিটিছ শাসনাধীন গহপুৰ থানাৰ পুলিচে এই
কথাষাৰ আন্দোলনকাৰীক লক্ষ্য কৰি কৈছিল।
(খ) “এইখন আমাৰ
দেশ’ এইখন দেশত বিদেশীৰ কোনো অধিকাৰ নাই ৷ থানাত আমি জাতীয় নিচান উৰুৱামেই।”
উত্তৰ :- আন্দোলনকাৰীৰ সম্মুখভাগত থিয় দি জাতীয়
পতাকা হাতত লৈ এই কথাষাৰ কনকলতা নামৰ কম বয়সীয়া ছোৱালীজনীয়ে কৈছিল।
প্ৰঃ ৩। তলৰ শব্দবোৰৰ অৰ্থ লিখা।
উত্তৰ :-
|
শব্দ |
অর্থ |
|
হুংকাৰ |
গোজৰ, গোজৰণি। |
|
ভ্রূক্ষেপ |
কেৰাহিকৈ চোৱা। |
|
আগচি |
বাট ভেটি ধৰ। |
|
উত্তপ্ত |
তপত, গম। |
|
উদ্যত |
আগবাঢ়ি যোৱা, সাজু, প্রস্তুত। |
|
আহুতি |
উচ্চৰ্গা, জুইত ঘিউ
ঢলা কার্য, প্রাণ বিসর্জন দিয়া। |
প্রঃ ৪। তলৰ শব্দবোৰৰ সহায়ত খালী ঠাই পূৰ কৰা।
নিচান, ভ্রূক্ষেপ, উত্তপ্ত, উদাত্ত
(ক) ___কণ্ঠেৰে তাই স্বদেশ প্ৰেমৰ গীত জুৰিলে।
উত্তৰ :- উদাত্ত।
(খ) পুলিচৰ হুংকাৰ
শুনাৰ পাছত পৰিৱেশ ___হৈ পৰিল।
উত্তৰ :- উত্তপ্ত।
(গ) ছোৱালীজনীয়ে
পুলিচৰ হুংকাৰলৈ ___নকৰিলে।
উত্তৰ :- ভ্রূক্ষেপ।
(ঘ) থানাত আমি
জাতীয় __উৰুৱামেই।
উত্তৰ :- নিচান।
খ-ভাষা অধ্যয়ন
(ব্যৱহাৰিক ব্যাকৰণ)
প্ৰঃ ১। যুক্তাক্ষৰ ভাঙি লিখোঁ আহা―
উত্তপ্ত প্ত প + ত পই তই
প্ত
আহ্বান হ্ব হ + ব হই বই
হ্ব
সহস্র স্র স + ৰ সই ৰই স্র
কৃষ্ণ ষ্ণ ষ + ণ সই ণই ষ্ণ
ভ্ৰূক্ষেপ ভ্রূ ভ + ৰ + ঊ ভই বই ভ্ৰ তাত ঊকাৰে ভ্রূ।
✔ চিহ্ন আৰু ভুলটোৰ
কাষত X চিন দিয়া।
উত্তৰ :-
প্রঃ ৩। তলত দিয়া শব্দবোৰৰ বিপৰীত লিংগ বুজোৱা
শব্দবোৰ লিখা।
ডেকা, বীৰ, ল’ৰা, ল’ৰাটো, ৰূপহ, এজন
উত্তৰ :-
|
শব্দ |
বিপৰীত লিংগ |
|
ডেকা |
গাভৰু |
|
ল’ৰা |
ছোৱালী |
|
ৰূপহ |
ৰূপহী |
|
বীৰ |
বীৰাংগনা |
|
ল’ৰাটো |
ছোৱালীজনী |
|
এজন |
এজনী |
৪। তলত পুংলিংগ আৰু স্ত্রীলিংগ শব্দবোৰ শিকি লোৱা ৷
উত্তৰ :-
|
পুংলিংগ |
স্ত্রীলিংগ |
|
দেউতা |
মা |
|
তাৱৈ |
আমৈ |
|
খুৰা |
খুৰী |
|
বন্ধু |
বান্ধৱী |
|
দৰা |
কইনা |
|
গায়ক |
গায়িকা |
|
নিলাজ |
নিলাজী |
|
ককা |
আইতা |
|
পেহা |
পেহী |
|
বাঘ |
বাঘিনী |
|
নায়ক |
নায়িকা |
|
শিক্ষক |
শিক্ষয়িত্রী |
|
ছাত্র |
ছাত্রী |
|
বলধ |
গাই |
প্ৰঃ ৫৷ চাই চাই লিখা :
উত্তৰ :- স্বাধীনতা আমাৰ জন্মস্বত্ব
গ-জ্ঞান
সম্প্ৰসাৰণ
প্ৰঃ ১। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য
সাজা :
সপ্তম, সপ্ত, এসপ্তাহ, সহস্ৰ, গুহা
উত্তৰ :- সপ্তম (অর্থ সাত)
; সপ্ত (অর্থ–সাত)
:- দীননাথ সপ্তম শ্ৰেণীৰ ছাত্ৰ।
এ সপ্তাহ (অর্থ–সাতদিন) :- সাত দিনত এসপ্তাহ হয়।
সহস্ৰ (অর্থ— হাজাৰ) :- সহস্র শব্দই এহাজাৰক বুজায়।
প্ৰঃ ২। ‘ও’ আৰু ‘ত্ত’ ৰ পার্থক্য দেখুৱাই দুয়োটাৰে
কেইটামান শব্দ গঠন কৰা।
উত্তৰ :- ‘ও’ আৰু ‘ত্ত’ ৰ পার্থক হ’ল–
(ক) ‘ও’ এটা স্বৰবৰ্ণ। আনহাতে ‘ত্ত’ হ’ল ‘ত + ত’ যুক্ত
হৈ হোৱা এটা যুক্ত ব্যঞ্জনবর্ণ। ‘ও’ স্বৰবৰ্ণত মাত্রা নাথাকে, আনহাতে ‘দ্ভ’ যুক্তবর্ণটোত মাত্রা থাকে। তলত দিয়া বৰ্ণৰ
পৰা কেইটামান শব্দ গঠন কৰি দেখুওৱা হ’ল—
ও–ওখ, ওব, ওজন, ওপৰ, ওজা, ওপজা।
ত্ত–উত্তৰ, সত্তৰ, উদাত্ত, উন্মত্ত, উত্তম, নৰুত্তম।
প্ৰঃ ৩। ভাৰতৰ জাতীয় পতাকাখন আঁকা, ইয়াৰ বিষয়ে কেইটামান বাক্য লিখা।
(ছবি নিজে আঁকা।)
উত্তৰ :- জাতীয় পতাকা জাতিৰ মৰ্যাদাৰ প্রতীক। আমাৰ
ভাৰতবৰ্ষৰ জাতীয় পতাকাখন তিনি বৰণীয়া। ইয়াৰে ওপৰত গেৰুৱা, মাজত বগা আৰু তলৰ অংশ সেউজীয়া ৰঙৰ। গেৰুৱা ৰঙে ত্যাগ আৰু
সাহস, বগা ৰঙে সত্য আৰু শান্তি, সেউজীয়া ৰঙে প্ৰগতি, বিশ্বাস আৰু
শক্তিক বুজায়। জাতীয় পতাকাৰ সোঁমাজত থকা চক্ৰটো ধৰ্মচক্র। স্বাধীনতা দিবস, গণতন্ত্র দিৱস আৰু ৰাষ্ট্ৰীয় উৎসৱত জাতীয় পতাকা উত্তোলন
কৰা হয়। জাতীয় পতাকাক সকলোৱে শ্রদ্ধা আৰু সম্মান কৰিব লাগে।
প্রঃ ৪। তলত উল্লেখ কৰা তাৰিখবোৰ আমি কি কি দিৱস
হিচাপে পালন কৰোঁ লিখা।
১৫ আগষ্ট, ২৬ জানুৱাৰী, ২ অক্টোবৰ, ২০ জুন, ১৭ জানুৱাৰী।
উত্তৰ :- ১৫ আগষ্ট স্বাধীনতা দিৱস।
২৬ জানুৱাৰী – গণতন্ত্র দিৱস।
২ অক্টোবৰ – গান্ধীজয়ন্তী।
২০ জুন – বিষ্ণুৰাভা দিৱস।
১৭ জুন – শিল্পী দিৱস।
ঘ-প্রকল্প
প্ৰঃ ১। ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰা কেই
গৰাকীমান ব্যক্তিৰ ছবি সংগ্রহ কৰা।
উত্তৰ :- নিজে কৰা।
প্ৰঃ ২। “সাহসী ছোৱালীজনী” পাঠটো নাটকীয় সংলাপেৰে
অভিনয় কৰা।
উত্তৰ :- ডাঙৰৰ পৰা শিকি বুজি নিজে অভিনয় কৰিবলৈ
চেষ্টা কৰা।
