Class 3 Assamese Chapter 10 আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ
Class 3 Assamese Chapter
10 আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ, SEBA Chapter 10 আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ Class 3 Assamese
Question Class 3 অংকুৰণ Question Answer by Buranjipedia
আব্দুলহঁতৰ নতুন
ট্ৰেক্টৰ (Chapter – 10)
ক-পাঠভিত্তিক
ক্রিয়া-কলাপ
প্রঃ ১। উত্তৰ দিয়া :
(ক) আব্দুলৰ
দেউতাকে নতুনকৈ কি কিনি আনিছে ?
উত্তৰ :- আব্দুলৰ দেউতাকে নতুনকৈ এখন ট্রেক্টৰ কিনি
আনিছে।
(খ) আব্দুলৰ
দেউতাক কেনে ধৰণৰ খেতিয়ক ?
উত্তৰ :- আব্দুলৰ দেউতাক এজন ভাল আৰু আদর্শ খেতিয়ক।
(গ) আব্দুলৰ দেউতাকে পোৱা বঁটাটো কি ?
উত্তৰ :- আব্দুলৰ দেউতাকে আদর্শ খেতিয়ক হিচাপে
চৰকাৰী বঁটা পাইছে।
(ঘ) উজ্জ্বল আৰু
সংগীতা আব্দুলহঁতৰ ঘৰলৈ যোৱাৰ কাৰণ কি ?
উত্তৰ :- আব্দুলৰ দেউতাকে নতুনকৈ কিনি অন্য
ট্ৰেক্টৰখন চাবলৈ উজ্জ্বল আৰু সংগীতা আব্দুলহঁতৰ ঘৰলৈ গৈছিল।
(ঙ) “আমিও তাত গৈ
উঠিব পাৰিম নে?”– এই বুলি সংগীতাই
ক’ত উঠাৰ কথা সুধিছিল ?
উত্তৰ :- সংগীতাই ট্রেক্টবখনত উঠাৰ কথা কৈছিল।
(চ) উজ্জ্বলহঁতে
কি শুনি উচাপ্ খালে ?
উত্তৰ :- উজ্জ্বলহঁতে পানী যোগান ধৰা বা পানী তোলা
কলৰ ধপ্ ধপ্ শব্দ শুনি উচাপ্ (পাম্পৰ) খাইছিল।
(ছ) “সেইবোৰ পচন
সাৰ। দলিয়াই নষ্ট নকৰিবা।”–ফৰিদাই কাক তেনেকৈ কৈছিল ?
উত্তৰ :- উজ্জ্বলে মাটিৰ দ’মৰ পৰা এমুঠি এমুঠি কৈ
মাটি সংগীতাৰ গালৈ দলিয়াই ধৰা দেখি উজ্জ্বলক ফবিদাই কথাষাৰ কৈছিল যে, সেইবোৰ মাটি নহয়, পচন সাৰ হে।
প্ৰঃ ২। পচন সাৰ কেনেকৈ প্ৰস্তুত কৰে ?
উত্তৰ :- মাটিত এটা পাঁচ-ছয় ফুট দ’ গাঁত খান্দি সেই
গীতটো বন-জাৱব, গছৰ পাত, পেলনীয়া
শাক-পাচলিৰ বাকলি, গোবৰ আদিৰে পূৰ কৰিব লাগে। গাঁতটো পূৰ হ’লে তাত
কোৱেৰে মাটি চপাই দি গাঁতটো বন্ধ কৰিব লাগে। এনেদৰে গাঁতটো কেইমাহমান থকাৰ পাচত
তাৰ ভিতৰৰ বস্তুবোৰ গেলি-পচি এক ধৰনৰ কলা বৰণীয়া মাটিৰ লেখীয়া পদাৰ্থত পৰিণত
হয়। এই পদার্থবিধকে পচন সাৰ বোলে। এইবোৰ কোবেৰে গাঁতৰপৰা তুলি আনি খেতি পথাৰৰ চহা
মাটিত দিব লাগে বা আন শইচৰ গুৰিতো দিলে ফচল ভাল হয় আৰু উৎপাদন বৃদ্ধি পায়।
প্রঃ ৩। ট্ৰেক্টৰেৰে কি কি কাম কৰে ?
উত্তৰ :- ট্রেক্টৰেৰে মাটি চহোৱা হয়। মানুহে
ট্ৰেক্টৰৰ সহায়ত মৰণাও মাবিব পাৰে। ট্ৰেক্টৰত ট্রেলাৰ সংযোগ কবি মাটি কাঢ়িওৱা বা
আন গধুৰ বয়-বস্তুও কঢ়িয়াব পাৰি।
প্রঃ ৪। পাঠটোত থকা যুক্তাক্ষৰবোৰ বিচাৰি উলিয়াই
যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা।
উত্তৰ :- পাঠটোত থকা যুক্তাক্ষৰবোৰ হ’ল–ব্দুল, আদর্শ, ট্ৰেক্টৰ, উজ্জ্বল, সঙ্গীতা, শব্দ।
আব্দুল ব্দু = বই দই ব্দ তাত
উ-কাৰে ব্দু।
আদর্শ র্শ = ৰ + শ ৰই শই র্শ
ট্ৰেক্টৰ = ট্র = ট + ৰ টই ৰই ট্র।
ক্ট = ক + ট কই টই ক্ট।
উজ্জ্বল জ্জ্ব = জ + জ + ব জই জই জ্জ তাত ব-কাৰে জ্ব।
সঙ্গীতাঙ্গী ঙ্গী ঙ + গ + ঈ ঙই গই ঙ্গ তাত ঈকাৰ ঙ্গী।
শব্দ ব্দ ব + দ বই দই ব্দ।
খ-ভাষা অধ্যয়ন
(ব্যৱহাৰিক ব্যাকৰণ)
প্রঃ ৫। কলহত থকা শব্দবোৰ যুক্তাক্ষৰৰ লগত মিলাই
চকৰিটোত লিখা।
উত্তৰ :-
প্রঃ ৬। তলত দিয়া শব্দবোৰৰ দ্বাৰা বাক্য সাজা :
খেতিপথাৰ, বঁটা, পেলনীয়া।
উত্তৰ :- খেতিপথাৰ :- কৃষকে খেতিপথাৰত খেতি কৰে।
বঁটা :- ভাল কামৰ বাবে
মানুহে চৰকাৰৰ পৰা বঁটা পায়।
পেলনীয়া :- পেলনীয়া জাৱৰ
জোঁথৰৰ পৰা পচন সাৰ তৈয়াৰ কৰিব পাৰি।
প্রঃ ৭। ‘হঁত’ কি ক্ষেত্ৰত ব্যৱহাৰ হয় লিখা আৰু হত
ব্যৱহাৰ হোৱা কেইটামান শব্দ লিখা।
উত্তৰ :- এজনতকৈ বেছি বুজাবৰ বাবে ‘হত’ শব্দ ব্যৱহাৰ
কৰা হয়।
‘হঁত’ ব্যৱহাৰ হোৱা কেইটামান শব্দ হল— আব্দুলহঁত, সিহঁত, উজ্জ্বলহঁত
ইত্যাদি।
প্রঃ ৮। বোৰ, বিলাক, লোক, মথা, জাক, থোপা আদি কেতিয়া
ব্যৱহাৰ কৰা হয়? এইবোৰ যুক্ত হোৱা
শব্দ কেইটামান লিখা।
উত্তৰ :- এজনতকৈ বা এটাতকৈ বেছি বুজাবৰ বাবে বোৰ, বিলাক, লোক, মখা, জাক, থোপা আদি ব্যৱহাৰ
কৰা হয়। যেনে—গৰুবোৰ, মানুহবিলাক, দেবলোক, ল’ৰা মথা, চৰাইজাক, ফুলথোপা ইত্যাদি।
প্ৰঃ ৯। তলৰ বহুত বুজোৱা শব্দ প্রয়োগ কৰি বাক্যকেইটা
পূৰোৱা :
বোৰ থোপা জাক কোছা
(ক) ল’ৰা __খেলিছে।
উত্তৰ :- ল’ৰাবোৰে খেলিছে।
(খ) ফুল __ফুলদানিত সজাইছে।
উত্তৰ :- ফুলখোপা ফুলদানিত সজাইছে।
(গ) বগলী __আকাশত উৰিছে।
উত্তৰ :- বগলীজাক আকাশত উৰিছে।
(ঘ) ৰমলাৰ __চুলি দীঘল।
উত্তৰ :- ৰমলাৰ চুলিকোছা দীঘল।
গ-জ্ঞান
সম্প্ৰসাৰণ
১০। কোৱা আৰু লিখা :
(ক) মহাত্মা
গান্ধীৰ জন্মৰ তাৰিখটো কি ?
উত্তৰ :- ২ অক্টোবৰ।
(খ) মাটি কিহেৰে
সহজে চহাব পাৰি।
উত্তৰ :- ট্ৰেক্টৰেৰে মাটি সহজে চহাব পাৰি।
(গ) সোণ কেনেকুৱা
ধাতু ?
উত্তৰ :- সোণ উজ্জ্বল ধাতু।
প্রঃ ১১। কেনেকুৱা শব্দ হয় ?
উদাহৰণ :- পানী তোলা কল চলিলে ধপ্ ধপ্
উত্তৰ :- (ক) নলীৰে জোৰেৰে পানী ওলালে হৰ্ হৰ্
(খ) জোতা পিন্ধি খোজ কাঢ়িলে কেৰেপ্ কেৰেপ্
(গ) নিজবাৰ পানী বাগৰিলে ঝিৰ্ ঝিৰ্
(ঘ) ঘৰৰ চালৰ পৰা পানী পৰিলে টোপ্ টোপ্
প্রঃ ১২। অভিজ্ঞতা বর্ণনা কৰা।
(ক) উজ্জ্বলহঁতে
আব্দুলহঁতৰ ট্ৰেক্টৰখন চাবলৈ গৈ লাভ কৰা অভিজ্ঞতা।
উত্তৰ :- উজ্জ্বলহঁতে আব্দুলহঁতৰ ট্ৰেক্টবখন চাবলৈ গৈ
ভালেখিনি নতুন অভিজ্ঞতা লাভ কৰিলে। তেওঁলোকে খেতি পথাৰত ট্রেক্টাৰৰে কিদৰে মাটি
চহোৱা হয় সেয়া নিজ চকুৰে দেখিলে। পানী তোলা কলব সহায়ত কিদৰে খেতি পথাৰত পানী
যোগান ধৰা হয় সেয়াও দেখিলে। লগতে পচন সাৰৰ বিষয়েত জানিলে।
(খ) নিজৰ ঘৰত বা
ওচৰত আনে কিনা নতুন যান-বাহন চোৱাৰ অভিজ্ঞতা।
উত্তৰ :- উজ্জ্বলহঁতৰ ঘৰৰ কাষত বৰুৱাহঁতে এখন নতুন
ট্রাক কিনি অন্যা দেখি উজ্জ্বলহঁত চাবলৈ গ’ল। ট্রাক যে বস্তু-বাহানি আন ঠাইলৈ
কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হয় সিহঁতে সেই কথা জানিলে। আগৰ দিনত এনে ক্ষেত্ৰত
গৰুগাড়ী বা ম’হৰ গাড়ী ব্যৱহাৰ কৰা হৈছিল। গৰু গাড়ী বা ম’হব গাড়ীতকৈ ট্রাকেৰে
বস্তু-বাহানি কঢ়িওৱা যে অধিক উপযোগী সেই কথাও উজ্জ্বলহঁতে শিকিলে। উজ্জ্বলহঁতে
ইতিমধ্যে চুবুৰীত থকা • স্কুটাৰ, মটৰ চাইকেল আদি
বাহনেৰে এঠাইৰ পৰা আন ঠাইলৈ সোনকালে যাবপৰা ব্যৱস্থা সম্পর্কেও জানিছিল।
প্রঃ ১৪। পাঠটোত, । ! ? “ ” চিহ্নবোৰৰ
ব্যৱহাৰ লক্ষ্য কৰিছা।
দলত আলোচনা কৰি তলৰ বাক্যবোৰত । ; !? “ ” চিহ্নবোৰ দি পুনৰ লিখা।
(ক) বা : কি
ধুনীয়া ট্ৰেক্টৰ উজ্জ্বলে ক’লে।
উত্তৰ :- “বা : ! কি ধুনীয়া ট্ৰেক্টৰ”— উজ্জলে ক’লে।
(খ) আমিও তাত গৈ
উঠিব পাৰিমনে সংগীতাই সুধিলে।
উত্তৰ :- “আমিও তাত গৈ উঠিব পাৰিমনে?”—সংগীতাই সুধিলে।
(গ) এনেতে এটা ধপ্ঞ্চপ্
শব্দ হ’ল শব্দটো শুনি উজ্জ্বলহঁতে উচাপ্ খাই ক’লে কি অ’ এইটো ?
উত্তৰ : এনেতে এটা ধপ্ ধপ্ শব্দ হ’ল। শব্দটো শুনি
উজ্জ্বলহঁতে উচাপ্ খাই ক’লে—“কি অ’ এইটো ?”
ঘ-প্রকল্প
প্ৰঃ ১। তোমাৰ বিদ্যালয়ৰ চৌহদত কেনেকৈ পচন সাৰ
প্ৰস্তুত কৰিবা? শিক্ষকৰ সহায়ত
এটি প্রকল্প প্রস্তুত কৰা।
উত্তৰ :- বিদ্যালয়ত শিক্ষক সকলৰ সহযোগত পচনসাৰ
প্ৰস্তুত কৰা সম্পর্কে এটা প্রকল্প তৈয়াৰ কৰিবলৈ প্ৰস্তুতি চলোৱা হ’ল। এই
উদ্দেশ্যে বিদ্যালয় চৌহদত এটা ৬/৭ ফুট দীঘল আৰু ৮ ফুট বহল এটা গাঁত খন্দাৰ আঁচনি
কৰা হ’ল। প্রকল্প মতে গাঁতটো খন্দা হ’লে তাত বিদ্যালয় চৌহদত পোৱা জাৱৰ-জোঁথৰ, গছৰ সৰা পাত আদি গাঁতটোত পেলোৱাৰ ব্যৱস্থা কৰা হ’ব। এই
জাবৰ-জোঁথৰৰ ওপৰত বিদ্যালয়ৰ খেলপথাৰত পোৱা গৰু-ছাগলীৰ গোবৰ গোটাই গাঁতত পেলোৱাৰ
ব্যৱস্থা কৰা হ’ব। পুনৰ ইয়াৰ ওপৰত জাৱৰ-জোঁথৰ আৰু এই জাবৰ-জোঁথৰৰ ওপৰত পুনৰ গোবৰ
পেলাই তাৰ ওপৰত মাটি চপাই দি তাত মাজে সময়ে পানী ছটিয়াই থকাৰ ব্যৱস্থা কৰি পচন
সাৰ প্ৰস্তুত সম্পূৰ্ণ কৰা হ’ব।
প্রঃ ২। খেতিৰ সঁজুলিৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰ :- খেতিৰ সঁজুলি সমূহ হ’ল– নাঙল, যুৱঁলি, কোৰ, কাচি, এছাৰি, খন্তি, দা, মৈ, বিন্ধা, খাৱনি, ওখোন, দলিমাৰি আদি।
প্রঃ ৩। তলৰ সঁজুলি বিলাকৰ নাম আৰু কামৰ বিষয়ে লিখা।
(চিত্র পাঠ্যপুথিত চোৱা।)
উত্তৰ :- কাচি :- ধান, মৰা পাট, গমধান আদি খেতি
পথাৰৰ পৰা কাটিবলৈ ব্যৱহাৰ কৰা লোৰে তৈয়াৰী খেতিৰ সঁজুলি। ইয়াৰ ধাবাল অংশত দাঁত
থাকে। এইবিধ সঁজুলি হাতেৰে ধৰিবলৈ সুবিধা হোৱাকৈ কাঠৰ নাল এটা লগাই লোৱা হয়।
নাঙল :- ভাঁজ লগা কাঠেৰে
নাঙলন কোব সাজা হয়। এই কোনটোৰ সন্মুখত ফুটা এটা কৰি কাঠৰ ভিলা এটা লগোৱা হয়।
নাঙলৰ কোৱৰ তলভাগত মাটি কাটিব পৰাকৈ লোব ফাল এটা লগোৱা হয়। কাঠৰ কোবটোত ফাল আৰু
ডিলা লগোবার পাছত নাঙল সা কাম সম্পূর্ণ হয়। মাটি চহাবলৈ নাঙল ব্যবহৃত হয়।
যুঁৱলি :- মাটি চহাবলৈ গৰু
বামই নাঙলত জুৰিবলৈ গৰু, ম’হৰ কান্ধত যুঁৱলি দি নাঙলৰ সৈতে ইয়াৰ জুবি লোৱা
হয়। এই বুবলি কাঠ বা বাঁহেৰে সজা হয়।
মৈ :- চাহ কৰা মাটিৰ
চপৰা ভাঙিবলৈ আৰু মাটি সমান কৰিবলৈ মৈ ব্যৱহাৰ কৰা হয়। নৈ ভলুকা বাঁহেৰে সজা হয়।
কোৰুনা :- মৰণা মাবি গুটি
ধান বা আন শইচ চপাবৰ বাবে কোৰোনা ব্যৱহাৰ কৰা হয়। অর্ধচন্দ্ৰাকৃতিৰ কাঠত দীঘল
বাঁহৰ নাল লগাই এইবিধ সঁজুলি সাজি উলিওৱা হয়।
