Class 3 Assamese Chapter 11 পক্ষীকুলৰ অভিযন্তা
Class 3 Assamese Chapter
11 পক্ষীকুলৰ অভিযন্তা, SEBA Chapter
11 পক্ষীকুলৰ অভিযন্তা Class 3 Assamese
Question Answer Class 3 অংকুৰণ Question Answer by Buranjipedia
পক্ষীকুলৰ অভিযন্তা (Chapter – 11)
প্রঃ ১। পক্ষীকুলৰ অভিযন্তা পাঠটোত থকা পদ্যটোৰ
কথাখিনি নিজৰ ভাষাত লিখা।
উত্তৰ :- টোকোৰা চৰাই আকাবত সৰু যদিও, ইহঁতে ডাঙৰ কাম কাজ কৰিব পাৰে। ইহঁতে মনৰ উলাহেৰে সুন্দৰকৈ
বাহ সাজে আৰু এই কামত ইহঁতৰ ভাগৰ নালাগে। ইহঁতৰ পাখি বঙচুৱা আৰু ডেউকাৰ আগছোৱা
হালধীয়া বৰণৰ। ঠোঁট আৰু চকুৰ মণি বাদামী ৰঙৰ। ইহঁতৰ মন বৰ চহকী।
ক-পাঠভিত্তিক
ক্রিয়া-কলাপ
প্রঃ ১। উত্তৰ দিয়া :
(ক) টোকোৰা চৰাই
দেখিবলৈ কেনেকুৱা ?
উত্তৰ :- টোকোৰা এবিধ সৰু চৰাই। ইয়াৰ পাখি ৰঙচুৱা, ডেউকাৰ আগছোৱা হালধীয়া বৰণৰ। ঠোঁট আৰু চকুৰ মণি বাদামী
ৰঙৰ।
(খ) টোকোৰা চৰায়ে
কিহেৰে বাহ সাজে ?
উত্তৰ :- টোকোৰা চৰায়ে গছৰ দীঘল দীঘল পাতবোৰৰ পৰা
আঁহ উলিয়াই তাৰে বাহ সাজে।
(গ) টোকোৰা চৰাইৰ
বাহটো দেখিবলৈ কেনেকুৱা ?
উত্তৰ :- টোকোৰা চৰাইৰ বাহটো দেখিবলৈ গছত ওলমি থকা
টেকেলিৰ দৰে। বাহৰ গুৰি অংশটো ঠেক, মাজৰ অংশ বহল আৰু
তলব অংশটো ক্রমে চিয়া।
(ঘ) কি কি গছত
টোকোৰা চৰায়ে বাহ সাজে ?
উত্তৰ :- টোকোৱা চৰায়ে তামোল, নাবিকল, খেজুর, তাল আদি ওখ গছত বাহ সাজে।
(ঙ) টোকোবা চৰায়ে
কি কি খায় ?
উত্তৰ :- টোকোবা চৰায়ে ধান, মাহ, সৰিয়হ আদি শইচৰ গুটি, ফল পুল, কীট-পতংগ, বনৰীয়া ঘাঁহ-বনৰ
গুটি আদি খায়।
(চ) টোকোবাৰ বাহটো
কিয় বতাহ বৰষুণে অনিষ্ট কৰিব নোৱাৰে ?
উত্তৰ :- টোকোৰা চৰায়ে যোৱনীয়ে কাপোৰ বোৱাৰ দৰে
পাতৰ আঁহেৰে ডাঠকৈ বাহুটো গুঠি উলিয়ায় বাবে বতাহ-বৰষুণে বাহটোৰ অনিষ্ট কৰিব
নোৱাৰে।
(ছ) টোকোৰাক কিয়
পক্ষীকুলৰ অভিযন্তা বুলি কোৱা হয় ?
উত্তৰ :- টোকোবা চৰায়ে বাহটো বব কৌশল খটুৱাই
নিখুঁতকৈ সাজে বাবে টোকোৱাক পক্ষীকুলৰ অভিযন্তা বোলা হয়।
প্রঃ ২। তলত দিয়া শব্দবোৰৰ অর্থ লিখা :
বৰণ, গঠন, বাঞ্ছা, প্রিয়, চহকী, উলাহ, মজবুত, নিখুঁত, চিয়াঁ, অভিযন্তা।
উত্তৰ :-
|
শব্দ |
অর্থ |
|
বৰণ |
ৰঙ। |
|
গঠন |
আকৃতি, গঢ়। |
|
বাঞ্ছা |
আশা। |
|
প্রিয় |
মৰম। |
|
চহকী |
ধনী, উচ্চখাপৰ। |
|
উলাহ |
উছাহ। |
|
মজবুত |
দৃঢ়, টান, সহজে নষ্ট
নোহোৱা। |
|
নিখুঁত |
খুঁত নথকা, দোষ নথকা। |
|
চিয়া |
আন অংশতকৈ ক্ষীণ বা লাহী। |
|
অভিযন্তা |
কাৰিকৰী জ্ঞান সম্পন্ন, নির্মাণ
কৌশলী। |
খা-ভাষা অধ্যয়ন
(ব্যৱহাৰিক ব্যাকৰণ)
১। যুক্তাক্ষৰ গঠন কৰো আহা :
উত্তৰ :- চ + ছ চই ছই চ্ছ
ঞ + চ ঞই চই ঞ্চ
ন + ন নই নই ন্ন
ঞ + জ ঞই জই ঞ্জ
২। খালীঘৰত যুক্তাক্ষৰ লিখি শব্দবোৰ সম্পূৰ্ণ কৰা :
|
গ্ন ঞ্চ ঞ্জ ন্ন চ্ছ
ত্ন |
প্রঃ ৩। ঢোলৰ ভিতৰৰ পৰা শব্দ আনি বাহিৰৰ শব্দৰ লগত
মিলাই একোটাকৈ জতুৱা ঠাঁচ লিখোঁ আহা :
মাৰে, বাছে,
বানে, তোলে,
বায়, বজায়,
কোবায়, পগায়
(ক) গাখীৰ…………….
(খ) পানী……………..
(গ) ধান……………..
(ঘ) চাউল……………..
(ঙ) বাঁহী……………..
(চ) মৰণা……………..
(জ) ঢোল……………..
(ছ) ডাবা……………..
(জ) ঢোল……………..
উত্তৰ :- (ক) গাখীৰ পগায়।
(খ) পানী তোলে৷
(গ) ধান বানে।
(ঘ) চাউল বাছে৷
(ঙ) বাঁহী বজায়।
(চ) মৰণা মাৰে৷
(ছ) ডবা কোবায়।
(ছ) ঢোল বজায়৷
গ-জ্ঞান
সম্প্ৰসাৰণ
প্রঃ ১। দফাটো পঢ়ি প্রশ্নৰ উত্তৰ লিখা।
ৰঞ্জন এজন ভাল ল’ৰা।সি পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকি ভাল
পায়। সিহঁতৰ অঞ্চলটোত বহুতো উচ্চ শিক্ষিত লোক আছে। ৰঞ্জনে ডাঙৰ হৈ অভিযন্তা হোৱাৰ
ইচ্ছা মনতে পাঙিছে। মাক-দেউতাকেও সি শিক্ষিত হোৱাটো বাঞ্ছা কৰিছে। যত্ন কৰিলে
ৰঞ্জন নিশ্চয় এদিন অভিযন্তা হ’ব পাৰিব।
(ক) পৰিষ্কাৰ-পৰিচ্ছন্নকৈ
থাকি কোনে ভাল পায় ?
উত্তৰ :- ৰঞ্জনে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকি ভাল পায়।
(খ) ৰঞ্জনে কি
হ’বলৈ মনতে পাঙিছে ?
উত্তৰ :- ৰঞ্জনে অভিযন্তা হ’বলৈ মনতে পাঙিছে।
(গ) মাক-দেউতাকে
ৰঞ্জনক কি হোৱাটো বাঞ্ছা কৰিছে ?
উত্তৰ :- মাক-দেউতাকে ৰঞ্জনক শিক্ষিত হোৱাটো বাঞ্ছা
কৰিছে।
২। কাক কি বোলে―― কওঁ আৰু লিখোঁ আহা :
(ক) ঢোল, খোল ভাল কৰা লোক— বাদিয়াৰ।
উত্তৰ :- (খ) কাপোৰ বোৱা লোক–বোৱণী।
(গ) লোৰ সামগ্রী তৈয়াৰ কৰা লোক–ক’মাৰ।
(ঘ) মাটিৰ বাচন তৈয়াৰ কৰা লোক–কুমাৰ।
প্রঃ ৩। মই কোন কোৱা।
(ক) মই শুবলাকৈ
মাত মাতো, বসন্তকালত ওলাওঁ, কাউৰীৰ বাহত কণী পাৰোঁ। মোৰ নাম ৷
উত্তৰ :- কুলি।
(খ) মোৰ ঠোঁটটো
ৰঙা, গাটো সেউজীয়া, শিকালে মানুহৰ দৰে কথা ক’ব পাৰোঁ। মোৰ নাম……৷
উত্তৰ :- ভাটো।
(গ) মোৰ গোটেই
গাটো বগা, খন দীঘল, মই খাল-বিলত মাছ বিচাৰি ফুৰোঁ। মোৰ নাম……৷
উত্তৰ :- বগলী।
(ঘ) মোৰ গোটেই
গাটো নীলা, বুকুখন ৰঙা
হালধীয়া আৰু দীঘল ঠোটেৰে মই ওপৰৰ পৰা জঁপিয়াই পানীত মাছ ধৰি খাওঁ। মোৰ নাম……৷
উত্তৰ :- মাছৰোকা।
প্রঃ ৪। তোমাৰ কেতিয়াবা চৰাই হ’বলৈ মন যায় নে ? কি কি চৰাই হ’বলৈ মন যায় আৰু কিয় ?
উত্তৰ :- আকাশত চৰাই উৰি ফুৰা দেখি মোৰো কেতিয়াবা
চৰাই হৈ আকাশত উৰি ফুৰিবলৈ মন যায়। মোৰ চিলনী চৰাই হ’বলৈ মন যায়। চিলনী চৰায়ে
আকাশৰ বহু ওপৰলৈ উৰিব পাৰে আৰু ক্ষিপ্রগতিবে তললৈ নামি আহি খাল-বিলব মাছ ধৰিবও
পাৰে। ইয়াৰ গতি আৰু উৰণ কৌশল মোৰ ভাল লাগে।
প্রঃ ৫। আঁচ টনা যুক্তাক্ষৰ লৈ নিজাকৈ শব্দ সাজি
লিখা।
(ক) ইঞ্জিনিয়াৰক
অসমীয়াত অভিযন্তা বোলে।
উত্তৰ :- ৰঞ্জন বিদ্যালয় ছুটীৰ অন্তত ঘৰলৈ যায়।
(খ) ইচ্ছা থাকিলে
বাঞ্ছা পূর্ণ কৰিব পাৰি।
উত্তৰ :- অনিচ্ছা থাকিলে মনোবাঞ্ছা পূর্ণ নহয়।
প্রঃ ৬। দলত আলোচনা কৰি বৰ্ণ-জালৰ পৰা চৰাইৰ নাম লিখা
৷
উদাহৰণ :- কাউৰী।
উত্তৰ :- ভাটৌ, শালিকা, কপৌ, কুলি, বুলবুলি, কেতেকী।
ঘ-প্রকল্প
প্রঃ ১। তুমি দেখা ৫বিধ চৰাইৰ ছবি সংগ্রহ কৰি এখন
এলবাম প্রস্তুত কৰা আৰু সিহঁতৰ ঠোঁট আৰু পাখিৰ বং বর্ণনা কৰা।
উত্তৰ :- মই দেখা ৫ বিধ চৰাই হ’ল হাঁহ, কুকুৰা, কপৌ, শালিকা আৰু টোকোৰা।
হাঁহ–হাঁহৰ পাখিৰ ৰং বগা, ক’লা, পখৰা আদি হ’ব
পাৰে। হালধীয়া।
কুকুৰা—কুকুৰাৰ পাখিৰ ৰঙো বগা, ক’লা বা আন ৰঙৰ হ’ব পাৰে। কুকুতাৰ ঠোঁটৰ ৰং ৰঙা।
কপৌ—কপৌৰ পাখিৰ ৰং ধোঁৱা বৰণীয়া বা ঈষৎ মটীয়া ৰঙৰ।
কপৌৰ ঠোঁটৰ ৰঙ ক’লা।
শালিকা–শালিকাৰ পাখিৰ বৰণ ক’লা আৰু কফি ৰঙৰ। ঠোঁটৰ ৰঙ
হালধীয়া।
টোকোৰা—টোকোৰা পাখিৰ ৰং ৰঙচুৱা। টোকোৰাৰ ঠোঁট বাদামী
ৰঙৰ।
প্রঃ ২। গছত ওলমি থকা টোকোৰা চৰাইৰ বাহটোৰ ছবি আঁকা।
উত্তৰ :- নিজে আঁকা।

