Class 3 Assamese Chapter 12 শিৱসাগৰ চাওঁ আহা

Class 3 Assamese Chapter 12 শিৱসাগৰ চাওঁ আহা

Class 3 Assamese Chapter 12 শিৱসাগৰ চাওঁ আহা, SEBA Chapter 12 শিৱসাগৰ চাওঁ আহা Class 3 Assamese Question Answer Class 3 অংকুৰণ Question Answer by Buranjipedia

শিৱসাগৰ চাওঁ আহা(Chapter – 12)

ক-পাঠভিত্তিক ক্রিয়া-কলাপ 

প্রশ্ন ১। উত্তৰ দিয়া :

(ক) অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত ক’লৈ গৈছিল

উত্তৰ :- অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত শিৱসাগৰলৈ গৈছিল। 

(খ) শিৱসাগৰ পুখুৰীটো কাৰ দিনত খন্দোৱা হৈছিল ?

উত্তৰ :- শিৱসাগৰ পুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ দিনত খন্দোৱা হৈছিল।

(গ) কি দেখি অনিলহঁত অভিভূত হ’ল ?

উত্তৰ :- তলাতল ঘৰৰ কাৰুকার্য দেখি অনিলহঁত অভিভূত হ’ল।

(ঘ) আজান পীৰৰ দৰগাহ ক’ত আছে ?

খে নৈৰ দাঁতিৰ সৰাগুৰি চাপৰিত আজান পীৰৰ দৰগাহ আছে।

(ঙ) মৈদাম কি ?

উত্তৰ :- মৈদাম হ’ল আহোম প্রথা মতে মৃতকক সমাধিস্থ কৰা ঠাই।

(চ) উভতি আহোতে তেওঁলোকে কি চাবলৈ মন কৰিছিল ?

উত্তৰ :- উভতি আহোতে তেওঁলোকে কাজিৰঙাৰ এশিঙীয়া (এটা খড়্গ থকা) গড় চাবলৈ মন কৰিছিল।

প্রঃ ২। (ক) অনিলহঁতক নিবলৈ বাছ আস্থানত কোন কোন ৰৈ আছিল।

উত্তৰ :- অনিলহঁতক নিবলৈ মাহীয়েকৰ পুতেক দীপক আৰু জীয়েক জাহ্নৱী বাছ আস্থানত ৰৈ আছিল।

(খ) অনিলহঁতে লগত টোকা বহী নিয়াৰ কাৰণ কি ?  

উত্তৰ :- অনিলহঁতে শিবসাগৰত দেখিবলৈ পোৱা কীর্তি চিহ্নবোৰৰ বিষয়ে টোকা একোটাকৈ লিখিবলৈকে টোকাবহী লগত লৈ গৈছিল। 

(গ) শিৱসাগৰত থকা কীৰ্তিচিহ্ন সমূহ কি কি ?

উত্তৰ :- শিৱসাগৰত থকা কীৰ্তিচিহ্ন সমূহ হ’ল – বিশাল শিৱসাগৰ পুখুৰী, শিৱদ’ল, বিষ্ণুদ’ল, দেৱীদ’ল, জয়সাগৰ পুখুৰী, জয়দ’ল, তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ, ৰাজপৰিয়ালৰ মৈদাম, আজান পীৰৰ দৰগাহ ইত্যাদি।

প্রশ্ন ২। তলত খেলিমেলিকৈ দিয়া শব্দ আৰু অৰ্থসমূহ মিলাই লিখা।

উত্তৰ :-

শব্দ

অর্থ

স্ফূর্তি

আনন্দ।

বাছ আস্থান

বাছ ৰখোৱা ঠাই।

কীর্তি চিহ্ন

কোনো লোকৰ নাম বা কোনো কাৰ্যৰ কথা চিকাললৈ উজলাই ৰাখিবলৈ নির্মিত চিহ্ন।

তন্নতন্ন

সূক্ষ্মভাৱে বিচাৰ কৰা, চালিজাৰি চোৱা।

অভিভূত

বিহ্বল, তত হেৰোৱা।

মৈদাম

মৃতকক সমাধিস্থ কৰা ঠাই।

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রঃ ১। (ক) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা :

উত্তৰ :- পাঠ্যপুস্তক চোৱা।

(খ) যুক্তাক্ষৰ গঠন কৰোঁ আহা :

উত্তৰ :- পাঠ্যপুস্তক চোৱা।

প্রঃ ২। উদাহৰণত দেখুওৱাৰ দৰে তলৰ বাক্যবোৰ ‘ৰ’, ‘ৰে’, ‘পৰা’, ‘ত’-ৰে পূৰ কৰা। 

উদাহৰণ :- সান্ত্বনা অনিল ___ভনীয়েক। সান্ত্বনা অনিলৰ ভনীয়েক। 

(ক) অনিলহঁত বাছে ____শিৱসাগৰলৈ গৈছিল।

উত্তৰ :- অনিলহঁত বাছেৰে শিৱসাগৰলৈ গৈছিল। 

(খ) সিহঁত শিৱসাগৰৰ ____আজি আহি পালে।

উত্তৰ :- সিহঁত শিৱসাগৰৰ পৰা আজি আহি পালে। 

(গ) শিৱসাগৰ ____ৰংঘৰ আছে।

উত্তৰ :- শিৱসাগৰত ৰংঘৰ আছে।

গ-জ্ঞান সম্প্ৰসাৰণ

প্ৰঃ ১। তলব কবিতা কেইফাকি পঢ়ি তাত থকা যুক্তাক্ষৰ উদাহৰণত দিয়াৰ দৰে ভাঙি দেখুওৱা ৷

(ক) ৰিক্সাত উঠি সান্ত্বনা 

কাজিৰঙালৈ যায়,

এশিঙীয়া গঁড়ৰ খড়্গ দেখি 

ডিঙি মেলি মেলি চায়।

উত্তৰ :- ৰিক্সা ক্স +

সান্ত্বনা ন্ত্ব ++

খড়্গ ড়্গ ড়+

(খ) আহ্নিক গতিৰ ফলত

হয় দিন-ৰাতি 

অপৰাহ্নই পাছবেলা

বেশি দিয়ে ভাটী।

উত্তৰ :- আহ্নিক হ্ন +

অপৰাহ্ন হ্ন +

প্রঃ ২। উত্তৰ দিয়া :

(ক) সান্ত্বনাই কাজিৰঙালৈ কিহেৰে গৈছিল

উত্তৰ :- সান্ত্বনাই ৰিক্সাৰে কাজিৰঙালৈ গৈছিল।

(খ) এশিঙীয়া গঁড় ক’ত পোৱা যায় ?

উত্তৰ :- কাজিৰঙাত এশিঙীয়া গঁড় পোৱা যায়। 

(গ) সান্ত্বনাই ডিঙি মেলি কি চাইছিল ?

উত্তৰ :- সান্ত্বনাই ডিঙি মেলি মেলি এশিঙীয়া গঁড়ৰ খড়্গ চাইছিল। 

(ঘ) দিন-ৰাতি কিহৰ ফলত হয় ?

উত্তৰ :- (পৃথিৱীৰ) আহ্নিক গতিৰ ফলত দিন-ৰাতি হয়। 

(ঙ) পাছবেলাক কি বুলি কয় ?

উত্তৰ :- পাছবেলাক অপবাহ্ন বুলি কয়।

প্রঃ ৩। তলৰ ছবি দুখন চাই আলোচনা কৰি কোৱা আৰু লিখা।

Class 3 Assamese Chapter 12 শিৱসাগৰ চাওঁ আহা


উত্তৰ :- প্রথমখন ছবিত শিৱসাগৰ পুখুৰীৰ পাৰত থকা শিৱদ’ল, বিষ্ণুদ’ল আৰু দেৱীদল দেখিবলৈ পোৱা গৈছে। দ্বিতীয়খন ছবিত কাৰেংঘৰৰ ছবি দেখিবলৈ পোৱা গৈছে।

প্রঃ ৪। তলৰ ছবিকেইখন চোৱা।ঐতিহাসিক কীর্তি চিহ্ন কেইটা চিনাক্ত কৰি তলত নাম লিখা।

উত্তৰ :- 

(ক) শিক্ষকে ছাত্র-ছাত্ৰীক পুথিভঁৰালৰ পৰা পুথিনি ঘরত পঢ়িবলৈ দিব। পিচত তলত উল্লেখ কৰা তালিকাখন পূৰাই প্ৰাত: সভাত পাঠ কৰিবলৈ দিব।

উত্তৰ :-

Class 3 Assamese Chapter 12 শিৱসাগৰ চাওঁ আহা


প্রঃ ৫। তোমালোকৰ অঞ্চলৰ ওচৰে পাজৰে থকা পুৰণিকলীয়া মঠ-মন্দিৰ, পুখুৰী আদিৰ বিষয়ে আলোচনা কৰি লিখা। আৱশ্যকবোধে শিক্ষক আৰু অভিভাৱকৰ সহায় ল’বা।

উত্তৰ :- নিজে কৰা।

Post a Comment

Previous Post Next Post