Class 3 Assamese Chapter 13 কামৰ সৰু-বৰ নাই

 Class 3 Assamese Chapter 13 কামৰ সৰু-বৰ নাই

Class 3 Assamese Chapter 13 কামৰ সৰু-বৰ নাই, SEBA Chapter 13 কামৰ সৰু-বৰ নাই Class 3 Assamese Question Answer Class 3 অংকুৰণ Question Answer by Buranjipedia

কামৰ সৰু-বৰ নাই (Chapter – 13)

ক-পাঠভিত্তিক ক্ৰিয়া-কলাপ

প্রশ্ন ১। উত্তৰ দিয়া :

(ক) চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো কি ?

উত্তৰ :- চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো হ’ল এটা লোৰ চতি।

(খ) চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন কোন ?

উত্তৰ :- চিপাহী কেইজনক আদেশ দি থকা ব্যক্তিজন হ’ল চিপাহীহঁতৰ ওপৰৱালা বিষয়া, এজন জমাদাৰ।

(গ) অৱশেষত চিপাহীকেইজনক সহায় কৰিবলৈ কোন আগবাঢ়ি আহিল ?

উত্তৰ :- অৱশেষত চিপাহী কেইজনক সহায় কৰিবলৈ ঘোঁৰাত উঠি থকা মানুহজন আগবাঢ়ি আহিল।

(ঘ) প্রধান সেনাপতিজনৰ নাম কি

উত্তৰ :- প্রধান সেনাপতিজনৰ নাম জর্জ ৱাছিংটন।

(ঙ) প্রধান সেনাপতিজনে পিছলৈ কি পদত অধিষ্ঠিত হয় ?

উত্তৰ :- প্রধান সেনাপতিজনে পিছলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়।

প্রশ্ন ২। কোনে, কাক কৈছিল ?

(ক) “ধৰ ধৰ পাৰিবি, উঠিল, দে দে, বল দে”।

উত্তৰ :- জমাদাৰে তেওঁৰ তলতীয়া চিপাহী সকলক কৈছিল।

(খ) “চিপাহীকেইজনে চতিটো তুলিব পৰা নাই। আপুনি অলপ হাত-উজান দিলেই দেখোন চতিটো ওপৰলৈ উঠে।” 

উত্তৰ :- ঘেৰাত উঠি থকা মানুহজনে (প্রধান সেনাপতিজনে) জমাদাবক সথাখিনি কৈছিল।

প্রঃ ৩। পাঠত থকা ধৰণে দফাটো সম্পূর্ণ কৰোঁ আহা। 

উত্তৰ :- ঘোঁৰাত উঠি থকা মানুহজনে কিছুপৰ ঘটনাটো চাই থাকিল। জমাদাৰ চাহাৰে আকৌ আদেশ দিলে -“পাৰিবিহক, দে বল দে, এই উঠিল।” কিন্তু কি হ’ব, চিপাহীকেইজনৰ শক্তিয়ে আঁটিলেহে; তেওঁলোকে চতিটো তুলিবলৈ বাৰে বাৰে চেষ্টা কৰি লেবেজান হৈ পৰিল।

প্রঃ ৪। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা : 

থমকি, চেষ্টা, লজ্জিত, উজান, হুটা, সক্ষম, প্রধান, শংকিত, ভেম।

উত্তৰ :-

শব্দ

অর্থ

থমকি

গতি বন্ধ কৰা, ৰৈ যোৱা।

চেষ্টা

যত্ন, অধ্যবসায়।

লজ্জিত

লাজ পোৱা অৱস্থা।

উজান

উজাই অহা, আগুৱাই অহা, সঁহাৰি জনোৱা।

হুঁটা

কর্কশ, অশিষ্ট।

সক্ষম

সমর্থ, কর্ম কৰাৰ যোগ্যতা।

প্রধান

মুখ্য, মুৰব্বী।

শংকিত

ভীত, ভয়পোৱা।

ভেম

অহংকাৰ, গর্ব।

প্রঃ ৫। উদাহৰণ দিয়া ‘ং’ যুক্ত শব্দটো পঢ়া। দলত আলোচনা কৰি তেনে আৰু পাঁচটা ‘ং’ যুক্ত শব্দ লিখা। উদাৰণ সংকেত।

উত্তৰ :- সংঘাত, সংগ্রাম, সংলাপ, সংবাদ, সংযম।

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রঃ ১। উদাহৰণত দেখুওৱাৰ দৰে এটা দীঘলীয়া বাক্যক কেইবাটাও সৰু সৰু বাক্যত ভাগ কৰা।

উদাহৰণ :- তেওঁ ঘোঁৰাৰ পৰা নামি টুপীটো আৰু চোলাটো সোলোকাই থ’লে।

যেনে :- (১) তেওঁ ঘোঁৰাৰ পৰা নামিল। 

(২) তেওঁ টুপীটো সোলোকাই থ’লে।

(৩) তেওঁ চোলাটো সোলোকাই থ’লে।

উত্তৰ :- দীঘলীয়া বাক্য :- তেওঁ গাড়ীৰ পৰা নামি টোপোলাটো আৰু ছাতিটো হাতত তুলি ল’লে।

চুটি বাক্য :- (১) তেওঁ গাড়ীৰ পৰা নামিলে। 

(২) তেওঁ টোপোলাটো হাতত তুলি ল’লে।

(৩) তেওঁ ছাতিটো হাতত তুলি ল’লে।

প্রঃ ২। ফুলৰ পাহিত থকা শব্দৰে বাক্য কেইটা সম্পূৰ্ণ কৰা।

Class 3 Assamese Chapter 13 কামৰ সৰু-বৰ নাই


উত্তৰ :- (ক) মনোজে কেঁকো-জেকোকৈ মোনাটো দাঙি নিছে। 

(খ) মোৰ পলম হ’ল, দায়-দোষ নধৰিব। 

(গ) ৰাইজে হাত-উজান দিয়াত কামটো সহজে সমাধা হ’ল।

গ-জ্ঞান সম্প্ৰসাৰণ

প্ৰঃ ১। শুদ্ধ যুক্তাক্ষৰটোত () চিন দিয়া : 

প + ত = প্ত, তপ

উত্তৰ :- প + ত = প্ত

ক + ত = ক্ত, তক 

উত্তৰ :- ক + ত = ক্ত

ন + ত = ন্ত, তন

উত্তৰ :- ন + ত = ন্ত

প্রঃ ২। কি কি আখৰ যোগ হৈ যুক্তাক্ষৰটো গঠন হৈছে ভাঙি লিখা।

উত্তৰ :- 

প্ল +

দ্দ +

ক্ল +  

হ্ন +

প্ৰঃ ৩। পঢ়া আৰু লিখা :

দীপ্ত দী— বিপ্লব বি—ৱ উত্তৰ উ ক্তৰ

পঞ্জাব প অন্ত

উত্তৰ :- দীপ্ত, বিপ্লৱ, উত্তৰ, ৰক্ত, পঞ্জাব, অন্ত।

প্ৰঃ ৩। সৰুৰে পৰা সকলোৱে ভাল হোৱাৰ হাবিয়াস কৰে। জর্জ বাছিংটনে তেনে হাবিয়াস কৰি একাগ্রতা আৰু পৰিশ্ৰমৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিলগৈ। এই কথাষাৰৰ আলমত— এতিয়া ভাবা আৰু কোৱা।

(ক) তুমি ভবিষ্যতলৈ কি হোৱাৰ ইচ্ছা কৰা ?

উত্তৰ :- ভবিষ্যতে মই এগবাকী শিক্ষক হ’বলৈ ইচ্ছা কৰোঁ। 

(খ) তোমার সেই ইচ্ছা পূৰণ কৰিবলৈ এতিয়াৰে পৰা কি কি কৰিব লাগিব ?

উত্তৰ :- সেই ইচ্ছা পূৰণ কৰিবলৈ এতিয়াৰে পৰা প্ৰতিটো পাঠ—–মই ভালদৰে বুজিবলৈ চেষ্টা কৰিম আৰু পঢ়া-শুনাত যাতে কোনো খুঁত বৈ নাযায় তাৰ বাবে সচেষ্ট হয়।

প্রঃ ৪। পাঠ্যপুথিৰ দফাটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(ক) ঘৰুৱা কাম বনবোৰ কি কি ?

উত্তৰ :- ঘৰুৱা কাম মানে ঘর সবা, বিছনা পরা, দুৱাৰ খিৰিকী খোলা, নিজৰ কাপোৰ আৰু নিজৰ খোৱা বাচন নিজে ধোৱা, নিজৰ জোতা, চেণ্ডেল, পলিচ কৰা ইত্যাদি।

(খ) তোমালোকৰ ঘৰুৱা কাম কোনে কৰে ?

উত্তৰ :- আমাৰ ঘৰুৱা কাম—মা-দেউতা আৰু ময়ো কৰোঁ।

(গ) তুমি ঘৰত কি কি কাম কৰা ?

উত্তৰ :- মই ঘৰত ঘৰসৰা, দুৱাৰ খিৰিকী খোলা বাচন ধোৱা, দুই এপদ নিজৰ কাপোৰ ধোৱা আদি কাম কৰোঁ। 

(ঘ) তুমি ঘৰ চাফা কৰিবলৈ কি কি সঁজুলি ব্যৱহাৰ কৰা

উত্তৰ :- ঘৰ চাফা কৰিবলৈ বাঢ়নী বা ঝাড়ু, মকৰা জাল ও চাবলৈ ফুলঝাড়ু, ঘৰৰ ভিতৰৰ ধূলি-মাকতি বাহিৰলৈ উলিয়াই দিবৰ বারে ধুলি-মাকতি আঁতৰোৱা প্লাষ্টিকৰ ঝাড সদৃশ সঁজুলি, ঘৰ মচিবলৈ সোপাকানি আদি ব্যৱহাৰ কৰোঁ।

(ঙ) মহাত্মা গান্ধীয়ে নিজে কৰা কামবোৰ কি কি ?

উত্তৰ :- মহাত্মা গান্ধীয়ে নিজে কৰা কামবোৰ হ’ল–ঘৰ সজা, জোতা পলিচ কৰা, শৌচাগাৰ চাফা কৰা, যঁতৰত সূতা কাটি কাপোৰ বোৱা ইত্যাদি।

প্রঃ ৫। ছবিকেইখন চোৱা আৰু কোৱা।

Class 3 Assamese Chapter 13 কামৰ সৰু-বৰ নাই


প্ৰঃ ৬। কোনে কি কৰিছে কোৱা।

Class 3 Assamese Chapter 13 কামৰ সৰু-বৰ নাই


উত্তৰ :-

Class 3 Assamese Chapter 13 কামৰ সৰু-বৰ নাই

প্ৰঃ৭। উত্তৰ দিয়া :

(ক) তুমি কি কি কাম কৰি ভালপোৱা ?

উত্তৰ :- মই চাফ-চিকুণ হৈ থাকিবলৈ ঘৰ সৰা, পঢ়াৰ মেজ পরিপাটি কৈ বখা, কাপোৰ-কানি পৰিষ্কাৰ কৰি ৰাখিবলৈ, ঘৰৰ মকৰা জাল গুচাবলৈ ভাল পাওঁ।

(খ) বিদ্যালয়ত তোমালোকে কি কি কাম কৰা কোৱা আৰু লিখা।

উত্তৰ :- আমি বিদ্যালয় গৃহ আৰু ইয়াৰ চৌহদ চাফা কৰি ৰাখিবলৈ ঘৰ সৰা, চৌহদৰ বন-জাৱৰ আঁতৰ কৰা, আদি কাম কৰোঁ।

ঘ-প্রকল্প

প্ৰঃ ১। এতিয়ালৈকে পোৱা তোমাৰ চিনাকি যুক্তাক্ষৰ বোৰৰ এখন তালিকা কৰা।

উত্তৰ :- ল্য, জ‍্য, স্য, ব্য, ন্ঠ, ল্প, ম্ভ, ম্ভ্ৰ, স্ক, স্কৃ, ব্রু, ধ্ৰু, স্ম, , শ্ৰূ, গ্ধ, দ্ব, স্ত্র, র্ত্য, ত্ন, গ্ধ, স্ত, স্ত্র, গ্ন, ঘ্ন, প্ল, ম্ন, স্ন, দ্ৰ, দ্ধ, দ্দ, ঞ্চ, , স্ক, ন্ধ, , প্ত, হ্ব, স্ৰ, ষ্ণ, ৰূ, ক্ট, জ্জ, গ্ল, জ্ঞ, , ন্ন, চ্ছ, ত্ন, ডা, ক্স, জ্ব, , হু, ক্ত, প্ত ইত্যাদি।

Post a Comment

Previous Post Next Post