Class 3 Assamese Chapter 14 মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা

 Class 3 Assamese Chapter 14 মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা

Class 3 Assamese Chapter 14 মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা, SEBA Chapter 14 মৰমৰ আই Class 3 Assamese Question Answer Class 3 অংকুৰণ Question Answer by Buranjipedia

মৰমৰ আই – আনন্দচন্দ্ৰ আগৰৱালা (Chapter – 14)

ক-পাঠভিত্তিক ক্রিয়া-কলাপ

প্রঃ ১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা।

উত্তৰ :- নিজে কৰা।

প্ৰঃ ২। দলত ভাগ হৈ ক্রম অনুসৰি পদ্যটিৰ একোটিকৈ দফা আবৃত্তি কৰোঁ আহা।

উত্তৰ :- নিজে কৰা।

প্ৰঃ ৩। উত্তৰ দিয়া ।

(ক) ‘মৰমৰ আই’ পদ্যটিৰ কৰিগৰাকীৰ নাম কি ?

উত্তৰ :- কবিগৰাকীৰ নাম আনন্দচন্দ্ৰ আগৰৱালা। 

(খ) কোনে আমাক তুলি-তালি ডাঙৰ-দীঘল কৰে ?

উত্তৰ :- জন্মদাত্রী আই বা মাতৃয়ে আমাক তুলি-তালি ডাঙৰ দীঘল কৰে।

(গ) আইৰ মাতটো কেনেকুৱা ?

উত্তৰ :- আইব মাতটো মউসনা মিঠা।

(ঘ) “মোৰ প্ৰতি এনে যাৰ মৰম অসীম”—’যাৰ’ বুলি কাক কোৱা হৈছে ?

উত্তৰ :- যাৰ বুলি মৰমৰ আইক কোৱা হৈছে।

প্রঃ ৪। উত্তৰ দিয়া :

(ক) কি, কি কাৰণত আই আমাৰ অতি পূজনীয়া ?

উত্তৰ :- আই আমাক অতি কষ্টেৰে তুলি-তালি ডাঙৰ-দীঘল কৰে।ৰোগ হ’লে বুকুত সাবটি ৰাখি আৰোগ্যৰ বাবে যত্ন লৈ উজাগৰে বাতি তৃতীয়। আমার যাতে কোনো কাৰণতে কোনো প্রকাৰৰ কষ্ট নহয় তাৰ প্রতি মাতৃ সদায় সচেতন তথা যত্নবান। গতিকে মাতৃ আমাৰ বাবে প্ৰকৃততে অতি পূজনীয়া।

(খ) আয়ে কেনেদৰে আমাক নিচুকাইছিল ?

উত্তৰ :- আয়ে বুকুৰ মাজত লৈ নাম-গুণ গাই আমাক নিচুকাইছিল।

(গ) নৰিয়া হলে আয়ে কি কি কৰে

উত্তৰ :- নৰিয়া হ’লে একেথিৰে মুখলৈ চাই, হুমুনিয়াহ কাঢ়ি, উজাগৰে ৰাতি কটায় আৰোগ্যৰ বাবে সকলো চেষ্টা কৰে।

প্রঃ ৩। বাক্য সাজা : 

মৰম, তুলি-তালি, পূজনীয়া, চেনেহ। 

উত্তৰ :- মৰম :- ডাঙৰে সৰুক মৰম কৰে। তুলি-তালিঃ মাতৃয়ে অশেষ কষ্ট সহি আমাক তুলি-তালি ডাঙৰ-দীঘল কৰে।

পূজনীয়া :- পৃথিৱীৰ সবাতোকৈ পূজনীয়া হ’ল জন্মদাত্রী মাতৃ।

চেনেহ :- মাতৃৰ সন্তানৰ প্ৰতি থকা চেনেহ অকৃত্রিম।

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্ৰঃ ১। তলত দিয়া অমিল যুক্তাক্ষৰ শব্দটো বাছি কাষৰ ঘৰত লিখা :

(ক) গ্রহ, উগ্র, ভদ্র, গ্রাম

উত্তৰ :- ভদ্রা।

(খ) সত্য, খাদ্য, অমাত্য, নিত্য

উত্তৰ :- খাদ্য।

(গ) কষ্ট, নষ্ট, সস্তা, দুষ্ট

উত্তৰ :- সস্তা।

(ঘ) যুগ্ম, গুল্ম, অযুগ্ম, বাগ্মী

উত্তৰ :- গুল্ম।

প্রঃ ২। তলৰ শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দ পদ্যটিত আছে। বিচাৰি উলিয়াই লিখা। 

উদাহৰণ :

পলম=ততালিকে

তিতা=শুকান

পিতা=আই, মাতৃ

হঁহা=কন্দা

সুখ=দুখ


প্ৰঃ ৩। প্রথম আখৰটোৰে আৰম্ভ হোৱা শব্দ লিখা :

উত্তৰ :- 

কলম=কমল

কনক=কঁঠাল

পদুম=পলম

পবন=পলস

গজালি=গধূলি

গধু=গৰখীয়া

লতা=লগ

লগৰীয়া=লব

গ-জ্ঞান সম্প্ৰসাৰণ

প্ৰঃ ১। উত্তৰ দিয়া :

(ক) আনন্দচন্দ্ৰ আগৰৱালাৰ কোন চনত জন্ম হৈছিল ?

উত্তৰ :- আনন্দচন্দ্ৰ আগৰৱালাৰ ১৮৭৪ চনৰ ৫ চেপ্তেম্বৰত জন্ম হৈছিল।

(খ) আনন্দচন্দ্ৰ আগৰৱালাৰ ক’ত জন্ম হৈছিল

উত্তৰ :- আনন্দচন্দ্ৰ আগৰৱালাৰ তেজপুৰৰ কলংপুৰ মৌজাত জন্ম হৈছিল।

(গ) আনন্দচন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কি আছিল ?

উত্তৰ :- আনন্দচন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কাশীৰাম আগৰৱালা আছিল। 

(ঘ) আনন্দচন্দ্ৰ আগৰৱালাৰ মাতৃৰ নাম কি আছিল ?

উত্তৰ :- আনন্দচন্দ্ৰ আগৰৱালাৰ মাতৃৰ নাম বাধিকা আগৰৱালা আছিল। 

(ঙ) আনন্দচন্দ্ৰ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি

উত্তৰ :- আনন্দচন্দ্র আগৰৱালার কবিতা পুথিখনৰ নাম ‘জিলিকনি’।

(চ) আনন্দচন্দ্ৰ আগৰৱালাৰ শিশু পুথি দুখন কি কি ?

উত্তৰ :- আনন্দচন্দ্ৰ আগৰৱালাৰ শিশু পুথি দুখন হ’ল–কোমল পাঠ আৰু আদি পাঠ।

প্ৰঃ ২। ভাষা আৰু কোৱা : 

(ক) নৰিয়া হ’লে মাকে আল-পৈচান ধৰে বুলি পদ্যটোত আছে। তোমাৰ নৰিয়া হ’লে তোমালোকৰ ঘৰৰ মানুহে কি কি কৰে

উত্তৰ :- মোৰ নৰিয়া হ’লে দেউতাই চিকিৎসকৰ ওচৰলৈ গৈ ঔষধপাতি আনে। আয়ে গৰম পানীৰে ভবি হাত ধোৱাই দি আদৰ-যত্ন কৰি ৰাখে আৰু আৱশ্যকীয় খাদ্যৰ যোগান ধৰে।

(খ) কোন কোন তোমাৰ মৰমৰ ? তেওঁলোকক তোমাৰ কিয় মৰম লাগে ?

উত্তৰ :- ভাইটি আৰু ভনীজনী মোৰ বৰ মৰমৰ। সিহঁত মোতকৈ সৰু বাবে সিহঁতলৈ মৰম লাগে।

(গ) মাকৰ সীমাহীন মৰমৰ বাবে কবিয়ে চেনেহ-ভকতি বঢ়াৰ কথা কৈছে। তুমি তোমাৰ অভিভাৱক আৰু শিক্ষকৰ বাবে কি কৰিম বুলি ভাবিছা ?

উত্তৰ :- মই মোৰ অভিভাৱক আৰু শিক্ষকে সদায়ে মোৰ হিত চিন্তা কৰে বাবে তেওঁলোকক মই শ্রদ্ধা-ভক্তি কৰিম আৰু তেওঁলোকে দেখুৱাই দিয়া পথেৰে আগবাঢ়িবলৈ চেষ্টা কৰিম।

প্ৰঃ ৩। পাঠত দিয়া অৱণৰ সাধুটোৰ পৰা কি শিকিলা লিখা। 

উত্তৰ :- শ্রৱণৰ সাধুটোৰ পৰা ইয়াকে শিকিব পাৰি যে পিতৃ-মাতৃয়ে আমাক অশেষ দুখ-কষ্ট ভুঞ্জি ডাঙৰ-দীঘল বা লালন পালন করে। সেয়ে আমি তেওঁলোকৰ ওচৰত ঋণী। এই ঋণ পরিশোধ করা সম্ভৱ নহর যদিও আমি পিতৃ-মাতৃক যথেষ্ট শ্রদ্ধা-ভকতি কবি তেওঁলোকৰ সুখ-শান্তিব বাবে সকলো দুখ-কষ্ট সহ্য কৰিবলৈ সাজু থাকিব লাগে।

ঘ-প্রকল্প

প্রঃ ১। স্থান বিশেষে আমি আইক আই, মা, আম্মা, বৌটি, মাই আদিৰে সম্বোধন কৰি মাতো। তোমালোকৰ ঠাইত আইক কোনে কি সম্বোধনেৰে মাতে জানি লৈ লিখা। 

উত্তৰ :- আমাৰ অঞ্চলত আইক আই, মা, আৰু মাই বুলি সম্বোধন কৰি মাতে।

প্ৰঃ ২। আই, মা, জননীক লৈ ৰচনা কৰা পদ্য/কবিতা/গান সংগ্রহ কৰি এলবাম প্রস্তুত কৰা। 

উত্তৰ :- ডাঙৰব পৰামৰ্শ লৈ পুথিভঁৰালৰ পৰা এনে পদ্য/কবিতা/গান থকা গ্রন্থ সংগ্ৰহ কৰি তাৰপৰা লিখি উলিয়াই এলবামটো নিজে প্রস্তুত কৰা।

প্রঃ ৩। কেঁচুৱাক উমলিবলৈ দিয়া সামগ্ৰীবোৰৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰ :- কেঁচুৱাক উমলিবলৈ দিয়া সামগ্ৰীবোৰ হ’ল হৰেক ৰকমৰ প্লাষ্টিক জাতীয় খেলৰ সামগ্ৰী যেনে টেনিছ বল, ক্রিকেট খেলা বেট, বল, বন্ধা-বঢ়া সা-সঁজুলি, পুতলা, মটৰ গাড়ী ইত্যাদি।

Post a Comment

Previous Post Next Post