শতাধিক মহান By buranjipedia
Thales থেলিছ (634
B.C-546 B.C)
জীৱন আৰু
প্ৰকৃতিৰ কথাবােৰ চালি - জাৰি চোৱাটোৱেই বৈজ্ঞানিক পদ্ধতিৰ এটা লক্ষণ । এই ফালৰপৰা
চালে থৈলিছক প্রথম বিজ্ঞানী আখ্যা দিব পাৰি । তেওঁৰ পাছৰ দার্শনিক বিজ্ঞানীসকলে
থেলিছক এজন মহান বিজ্ঞানী আৰু মানুহৰ প্ৰথম বিজ্ঞানী বুলি গণ্য কৰে । গ্রিক
চিন্তাবিদ এপ’ল ’ ড’ৰাছৰ ( Apollo dorus ) মতে
থেলিছৰ জন্ম হৈছিল মাইলেটাছত খ্রিষ্টপূর্ব ৬২৪ ত । গ্রিক বুৰঞ্জীবিদ লিছিয়াছৰ ( Laertius ) মতে তেওঁৰ মৃত্যু হৈছিল ৫৮ তম
অলিম্পিয়াড চলি থকাৰ সময়ত ( খ্রিঃপূঃ ৫৪৮ ৫৪৫ ) ৭৮ বছৰ বয়সত । সেই ফালৰপৰা চালে
তেওঁৰ মৃত্যু সম্ভৱতঃ খ্রিষ্টপূর্ব ৫৪৬ - অত হৈছিল । তেওঁৰ দেউতাকৰ নাম এজামাইছ ( Examyes ) আছিল বুলি জনা যায় । তেওঁ অৱশ্যে
গ্রিক নাছিল ,
থেলিছৰ মাকহে গ্রিক আছিল ।
দেউতাক আছিল ওচৰ - চুবুৰীয়া কেৰিয়ান লােক । থেলিছৰ জন্মৰ প্ৰায় এশ বছৰ আগতেই
যদিও গ্রিকসকলে ফিনিছিয়ান বর্ণমালা গ্রহণ কৰিছিল , তথাপিও কিন্তু বুৰঞ্জী লেখাৰ বাবে বা আগৰ কথা ভৱিষ্যতলৈ সাঁচি ৰখাৰ
বাবে সেই লিখন পদ্ধতি ব্যৱহাৰ কৰা হােৱা নাছিল আৰু সেইবাবে থেলিছৰ নিজৰ বা থেলিছৰ
বিষয়ে তেওঁৰ সমসাময়িক কোনাে লােকৰে কোনাে বুৰঞ্জীমূলক বর্ণনা পােরা নাযায় ।
তেওঁৰ বিষয়ে প্রথম বুৰঞ্জীমূলক উল্লেখ পােৱা যায় পঞ্চম শতিকাৰ বুৰঞ্জীবিদ
হিৰােড’টাছৰ লিখনীতহে । হিডেটাছৰ বৰ্ণনাত পােৱা যায় যে থেলিছে খ্রিষ্টপূর্ব ৫৮৫ ত
হােৱা সূর্যগ্রহণ এটাৰ ভৱিষ্যৎ - বাণী কৰিব পাৰিছিল । সেই সময়ত লিডিয়াৰ ৰজা এলিয়াটিছ
আৰু মিডৰ ছায়াক জেৰিছৰ মাজত এখন যুদ্ধ চলি আছিল । থেলিছে হেলিছ ( Halys ) নামৰ নদী এখনৰ পথ সলনি কৰি দিছিল । (
অৱশ্যে হিৰাে - ডটাছে এই কথাটো বিশ্বাস কৰা নাছিল । ) থেলিছে টিঅ’ছ ( Teos ) নামৰ নগৰৰ ভিত্তিতে এখন সংযুক্ত গ্রিক
চৰকাৰৰ প্ৰস্তাৱ দিছিল বুলি হিৰাে - ড’টাছে লিখি থৈ গৈছে । খ্রিষ্টপূর্ব চতুর্থ
শতিকা - মানৰ ভিতৰতে সাতজন মহান মুনিৰ তালিকাত থেলিছৰ নামটো অন্তর্ভুক্ত হৈছিল ।
ইয়াৰ প্রকৃত কাৰণ স্পষ্টকৈ জনা নগ’লেও এই কথা ক’ব পাৰি যে থেলিছে ইতিমধ্যে
জনসাধাৰণৰ প্ৰভূত সম্মান আদায় কৰিছিল । থেলিছে লিখিতভাৱে কোনাে উপদেশ বা জ্ঞান
তেওঁৰ সমসাময়িক লােক বা শিষ্যসকলক দিয়া নাছিল ( অৱশ্যে তেওঁ যি সময়ৰ লােক সেই
সময়ত এই কথা একো অসম্ভৱাে নহয় । ) আৰু সেইবাবে তেওঁ কোনাে বিশিষ্ট গ্রন্থ লিখি
থৈ গৈছিল বুলি ভাবিবলৈ টান হয় । তেওঁৰ ধ্যান - ধাৰণাসমূহ সম্ভৱতঃ পাছৰ পুৰুষলৈ মৌখিকভাৱে
চলি গৈছিল । সেইবাবে থেলিছেনাে প্ৰকৃততে কি কি আৱিষ্কাৰ কৰিছিল সেই কথা
নিশ্চয়তাৰে কোৱা টান । কিন্তু সেইটো কোনাে বিশেষ গুৰুত্বপূৰ্ণ কথাও নহয় ; কাৰণ তেওঁনাে আচলতে কি কি আৱিষ্কাৰ
কৰিছিল তাৰ ওপৰতে তেওঁৰ পাণ্ডিত্য নিৰ্ভৰ নকৰে । পাছৰ বিশিষ্ট লােকসকলে তেওঁৰ
পাণ্ডিত্য আৰু যুক্তিবাদী মনােভাৱৰ উল্লেখ কৰি গৈছে । সিয়েই তেওঁক এজন বিশিষ্ট
দার্শনিক - বিজ্ঞানী হিচাপে প্রতিষ্ঠিত কৰে । পাছৰ যুগৰ বিশিষ্ট দার্শনিক
এৰিষ্ট’টল আদিয়ে উল্লেখ কৰি গৈছে যে থেলিছেই আছিল প্রথম গ্রিক দার্শনিক আৰু তেওঁ
জ্ঞানৰ সন্ধানত সদায় যুক্তিনিষ্ঠতাৰ ওপৰত জোৰ দিছিল । পাছৰ দার্শনিক এৰিষ্টটল , প্লেটো আদিয়ে সেই যুক্তিযুক্ততাকে
তেওঁলােকৰ পাছৰ পুৰুষলৈ চলাই লৈ গৈছিল । পাছৰ কালৰ গ্রিক পণ্ডিতসকলে ভাবে যে ।
থেলিছে কেইবাটাও গাণিতিক উপপাদ্য আৱিষ্কাৰ কৰিছিল । তাৰ ভিতৰত থেলিছৰ উপপাদ্য
প্রধান । ইয়াত কোৱা হৈছে যে ‘ অর্ধবৃত্তৰ ভিতৰত ৰচিত কোণ সমকোণ । থেলিছে হয়তাে
সেইসময়ৰ ঐতিহ্য মতে ভূমধ্য সাগৰৰ পূব অঞ্চল আৰু ইজিপ্ট আদি ভ্রমণ কৰিছিল আৰু
বেবিলনীয় গণিতৰ কিছু জ্ঞাননা । আয়ত্ত কৰিছিল । বেবিলনীয় গণিত সম্পূর্ণ তেওঁ
আয়ত্ত কৰিছিলনে নাই সেই কথা জনা নাযায় । আনহাতে , বেবিলনীয় লােকসকলে জ্যোতি বিজ্ঞানৰ পৰিঘটনাসমূহৰ সম্পূর্ণ তথ্য
লিখিত ৰূপত ৰাখিছিল আৰু তাৰ ভিতৰত গ্ৰহণৰ পৰিঘটনাও আছিল । এইবােৰৰ ভিত্তিতে
ভৱিষ্যতে গ্রহণনাে কেতিয়া লাগিব তাৰ ভৱিষ্যৎবাণী কৰাটো হয়তাে সম্ভৱ হৈছিল ।
কিন্তু সেই সময়ৰ জ্ঞানৰ ভিত্তিত তেওঁলােকৰ দ্বাৰা বা তেওঁলােকৰ তথ্যৰ ভিত্তিত
থেলিছৰ দ্বাৰা এটা সূর্যগ্রহণ ক’তনাে ঘটিব সেই কথা কৈ দিয়া টান আছিল । সেইবাবে
খ্রিষ্টপূর্ব ৫৮৫ অৰ মেৰ ২৮ তাৰিখৰ সূৰ্য্যগ্রহণটোৰ স্থান আৰু প্রকৃতি সম্বন্ধে
তেওঁ ভৱিষ্যৎ - বাণী কৰা বুলি কোৱা কথাটো সম্পর্কে সন্দেহৰ থল থাকি যায় । থেলিছে
সেইসময়ৰ নাবিকসকলক সপ্তর্ষি মণ্ডলৰ ( গ্রেট বিয়াৰ ) সলনি লঘু সপ্তর্ষিমণ্ডলৰ (
লিটল বিয়াৰ ) সহায়তহে নৌ পৰিচালনা কৰাৰ উপদেশ দিছিল বুলি জনা যায় । থেলিছে
তেওঁৰ জ্যামিতিৰ জ্ঞানৰ সহায়ত ইজিপ্টৰ পিৰামিডৰ জোখ , প্রধানকৈ তাৰ উচ্চতাৰ জোখ লৈছিল বুলি
জনা যায় । তদুপৰি জ্যামিতিৰ জ্ঞানৰ সহায়ত তেওঁ সাগৰৰ জাহাজ একোখনৰ পাৰৰপৰা
দূৰত্ব গণনা কৰি উলিয়াইছিল । এই কথাও পাছত উল্লেখ কৰা হৈছে যে তেওঁ জ্যামিতিৰ
জ্ঞানৰ সহায়ত মিছৰৰ পিৰামিডৰ উচ্চতা জোখাৰ সময়ত এবাৰ মিছৰৰ ৰজা তেওঁৰ দক্ষতা
জানিবৰ বাবে তাত উপস্থিত আছিল । কিন্তু মানুহে কয় যে এই কামত তেওঁৰ কোনাে গভীৰ
জ্যামিতিক জ্ঞানৰ প্রয়ােজন হােৱা নাছিল । তেওঁ মাথোঁ ৰ’দত এডাল দণ্ড পােনকৈ
থিয়কৈ ৰাখিছিল আৰু দিনৰ বিভিন্ন সময়ত তাৰ ছাঁৰ বিভিন্ন দৈর্ঘ্য জুখিছিল । যি
সময়ত দণ্ডডালৰ দৈর্ঘ্য আৰু তাৰ ছাঁৰ দৈর্ঘ্য সমান হৈ পৰিছিল সেই সময়তেই তেওঁ
পিৰামিডৰ ছাঁৰ দৈর্ঘ্য জুখি লৈছিল আৰু এইটোৱেই আছিল পিৰামিডৰ উচ্চতা । জ্যামিতিত
থেলিছৰ আন কেইটামান উদ্ভাৱন আছিল ? ( ১ )
ব্যাসে ত্রিভুজক দ্বিখণ্ডিত কৰে । ( ২ ) কোনাে ত্রিভুজৰ দুটা বাহুৰ দৈর্ঘ্য সমান
হলে ভূমিত উৎপাদিত কোণ দুটাও সমান হয় । ( ৩ ) কোনাে ত্রিভুজৰ ভূমি আৰু তাৰ সংলগ্ন
কোণবােৰ দিয়া থাকিলে সেই ত্রিভুজো নির্দিষ্ট হৈ পৰে । ইয়াত বাহিৰেও আগতে কৈ অহা
অর্ধবৃত্তত অন্তর্ভুক্ত কোণ সদায় সমকোণ হয় বুলিও উপপাদ্যটোত আছে । অৱশ্যে এই
সকলােবােৰ উপপাদ্য থেলিছেই উলিয়াইছিল নে তেওঁৰ নামত ,সন্মানতে আনে পাছতহে যােগ দিছিল সেই
কথা । কোৱা টান । কাৰণ পুৰণিকালত কোনাে জ্ঞানী - গুণী লােকৰ লগত বিশিষ্ট উদ্ভাৱনৰ
কথা যােগ দিয়াৰ প্রথা চলি আহিছিল । এৰিষ্ট'টলে লেখি
থৈ গৈছে যে থেলিছেই প্রথম গােটেই বিশ্বব্রহ্মাণ্ডখন এবিধ বস্তু পানী বা জলীয়
বাষ্পেৰে তৈয়াৰী বুলি ধাৰণা কৰিছিল । তেওঁ দেখিছিল যে আকাশৰপৰা পানী বৰষুণ হিচাপে
তললৈ নামি আহে । গছ - বিৰিখ , জীৱ -
জন্তুৱে সেই পানী গ্রহণ কৰে আৰু সেইবােৰৰ শৰীৰৰপৰা সেই পানী ওলাই আকৌ আকাশ পায় ।
এই চক্ৰত পানীৰ ভূমিকা মন কৰি তেওঁ ধাৰণা কৰিলে যে গােটেই বিশ্বব্রহ্মাণ্ডখন
নিশ্চয় পানী নামৰ মৌলিক বস্তুবিধেৰেই তৈয়াৰী হ'ব লাগিব । এতিয়া আমি জানাে যে পানী বুলি কোনাে মৌলিক কণা নাই ।
পানী অন্য মৌলিক পদার্থ । হাইড্রজেন আৰু অক্সিজেনেৰেহে তৈয়াৰী । থেলিছৰ আগতেও
অৱশ্যে বহুতে ভাবিছিল যে বিশ্বব্রহ্মাণ্ডখন আচলতে পানী নামৰ মৌলিক বস্তুৰেই
তৈয়াৰী । কিন্তু তেওঁলােকে ভাবিছিল যে কোনাে দেৱতাইহে এই পানী তৈয়াৰ কৰিছে ।
থেলিছে পানীৰ এই ধাৰণাত দেৱতাক কোনাে আসন নিদিলে । দেৱতাবর্জিত এখন যুক্তিবাদী
বিশ্বব্রহ্মাণ্ডৰ কল্পনা কৰাটো সেই সময়ত বৰ কঠিন কাম আছিল । এই দর্শন মানুহক
উপহাৰ দি থেলিছেই প্রথম বৈজ্ঞানিক আদর্শ দেখুৱালে । সেইবাবেও থেলিছক প্রথম
যুক্তিবাদী বিজ্ঞানী বুলি কোৱা হয় । পানী বা আন বস্তুৰে বিশ্বব্রহ্মাণ্ডখন গঠিত
হয়নে নহয় সেই ক্ষেত্ৰত শুদ্ধ মতত উপনীত হ’ব পৰা বা নােৱৰাটো থেলিছৰ সফলতা বা
বিফলতা নহয় । তেওঁৰ সফলতা মাত্র এইখিনিতেই যে প্রকৃতিৰ কাৰ্য - কাৰণৰ সম্পর্ক সৰল
পৰিঘটনাৰ সহায়ত ব্যাখ্যা কৰিব পাৰি আৰু তাৰ বাবে ঈশ্বৰৰ বা দেৱতাৰ আশ্রয় লােৱাৰ
কোনাে প্রয়ােজন নাই বুলি তেওঁ মত দিব পাৰিলে । থেলিছৰ যুক্তি আৰু দৰ্শনৰ
কিমানবােৰ কথা পাছলৈ কিমান শুদ্ধ হৈ তিষ্ঠি থাকিল সেইটো সিমান ডাঙৰ কথা নহয় ; কিন্তু তেওঁৰ বিষয়ে গুরুত্বপূর্ণ কথা
এইটোৱেই যে তেওঁ যুক্তি আৰু তৰ্কৰ এটা নতুন দিশ প্রতিষ্ঠা কৰিলে আৰু সেই পদ্ধতি
পাছলৈও চলি গ’ল । তেওঁৰ ছাত্র এনাক্সিমেণ্ডাৰ ( Anaximander ) আৰু পাছৰ যুগৰ দার্শনিকসকলৰ জৰিয়তে
সি মানুহৰ দৰ্শনলৈ লাহে লাহে গভীৰভাৱে সােমাই গৈ থাকিল । সেইটো বৰ সৰু কথা নহয় ।
Pythagoras
পিথাগ’ৰাছ (580 B.C-500
B.C)
পিথাগ’ৰাছ আছিল প্রাচীন গ্রিছৰ
গণিতজ্ঞ , জ্যোতির্বিজ্ঞানী আৰু দার্শনিক ।
তেওঁৰ জন্ম আৰু মৃত্যুৰ সময় সঠিক জনা নাযায় । কোনাে কোনাে মতে তেওঁৰ জন্ম
আনুমানিক খ্রিষ্টপূর্ব ৫৬০ ত আৰু মৃত্যু আনুমানিক খ্রিষ্টপূর্ব ৪৮০ ত হৈছিল ।
তেওঁৰ জন্ম গ্রিছৰ ছামােছত হৈছিল । খ্রিষ্টপূর্ব ৫৩২ ত তেওঁ ছামােছ এৰি ইটালিৰ
ক্ৰটন চহৰলৈ যায় । হয়তাে ছামমাছৰ অত্যাচাৰী শাসকৰ দৃষ্টিৰ আঁতৰ হ’বলৈয়ে তেওঁ
এনে কৰে । ক্ৰটনত তেওঁ নীতি আৰু ধর্মশাস্ত্ৰৰ অধ্যয়নৰ এক টোল গঢ়ি তােলে ।
পিথাগ’ৰাছে প্ৰচাৰ কৰিছিল যে ক্ষমতালােভী লােক কিছুমানক পৰম্পৰাগতভাৱে শাসক হিচাপে
বহুওৱাৰ সলনি গুণী - জ্ঞানী লােককহে তেনে পদত বহুৱাব লাগে । ইয়াৰ ফলতে তেওঁ
শাসকসকলৰ ৰােষত পৰিল । তেওঁৰ টোল পুৰি পেলােৱা হ'ল । পিথাগ’ৰাছ আৰু ছাত্ৰসকল কোনােমতে পলাই সাৰিল । কোনাে কোনােৱে
বিশ্বাস কৰে যে পিথাগ’ৰাছ । থেলিছৰ চিন্তা - চৰ্চাৰদ্বাৰা প্ৰভাৱান্বিত হৈছিল ।
থেলিছৰ সমস্ত ৰচনা তেওঁৰ হাতত পৰিছিল বুলিও বিশ্বাস কৰা হয় । পিথাগ’ৰাছৰ কোনাে
ৰচনা বা গ্রন্থয়েই পােৱা হােৱা নাই । গতিকে তেওঁৰ নামৰ লগত জড়িত উদ্ভাৱনসমূহৰ
কোনবােৰনাে আচলতে তেওঁ উদ্ভাৱন কৰা সেইটো জনা সম্ভৱ নহয় । এনে হ'ব পাৰে যে তেওঁৰ ছাত্ৰ আৰু শিষ্যসকলে
কৰা নানা উদ্ভাৱন সন্মানতে তেওঁৰ নামৰ লগত জোৰাই দিয়া হ'ল । তেওঁৰ মতে বাস্তৱ জগতখনৰ সকলাে
নিভৃত তথ্যয়েই গণিতৰ ভাষাত বা সংখ্যাত প্ৰকাশ কৰিব পাৰি । তদুপৰি সংগীতৰ মূল কথাও
সংখ্যাত প্রকাশ কৰিব পাৰি । জ্যামিতিৰ কেইবাটাও কথা , যেনে ( ১ ) বর্গক্ষেত্ৰৰ বাহ আৰু কৰ্ণ
সমঞ্জস ( commer
) surable ) নহয় আৰু
( ২ ) সমকোণী ত্রিভুজৰ বাহু দুটাৰ বৰ্গৰ যােগফল অতিভুজৰ বৰ সমান তেওঁ আৱিষ্কাৰ কৰা
বুলি কোৱা হয় । কিন্তু বহুতে ভাবে যে সেই জ্যামিতীয় সম্বন্ধবােৰ তেওঁৰ ছাত্ৰসকলে
পাছত উদ্ভাৱন কৰি তেওঁৰ নামত প্ৰচাৰহে কৰিছিল । পঞ্চম শতিকাৰ মাজভাগত পিথাগ’ৰাছৰ
মতবাদৰ বিৰুদ্ধে শাসকগােষ্ঠী আৰু ৰাইজ সজাগ হৈ উঠে আৰু টোলবােৰ ধ্বংস কৰা হয় ।
পিথাগ’ৰাছৰ ছাত্র ফিল’লাউছে পিথাগ’ৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ নানা উদ্ভাৱন কিতাপৰ
আকাৰত লেখি উলিয়াইছিল । পাছৰ দার্শনিক এৰিষ্টটলে এই সকলাে ধাৰণাকে পিথাগ’ৰাছ আৰু
তেওঁৰ ছাত্ৰসকলৰ সন্মিলিত ধাৰণা বুলি অভিহিত কৰিছে । পিথাগ’ৰাছৰ ছাত্র ফিল’লাউছে (
Philolaus )
বিশ্বব্রহ্মাণ্ডখনৰ বিষয়েও এটা
ধাৰণা আগ বঢ়াইছিল । তেওঁৰ মতে এই বিশ্বব্রহ্মাণ্ডৰ কেন্দ্ৰত আছে এটা জ্বলন্ত
অগ্নিপিণ্ড । হয়তাে সূৰ্যটোকেই তেওঁ এই অগ্নিপিণ্ড বুলি বুজাইছিল । এই
ব্রহ্মাণ্ডৰ নক্সাত সূৰ্য্যত বাহিৰেও পৃথিৱী , চন্দ্র , পাঁচোটা
গ্রহ আৰু নক্ষত্রমণ্ডল আছিল । তাৰ লগতে কিন্তু এক ‘ বিপৰীত পৃথিৱী’ও আছে বুলি কোৱা
হৈছিল । তেওঁ আৰু ধাৰণা দিছিল যে পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে এদিনত এবাৰ ঘূৰে ।
এইদৰে ঘূৰোঁতে পৃথিৱীৰ একাংশ আলােকিত হৈ তাত দিন হয় , আন অংশত ৰাতি হয় । তেওঁ গ্রহবােৰৰ
প্রদক্ষিণকালাে হিচাপ কৰি উলিয়াইছিল । আচৰিত কথা যে এই হিচাপ আধুনিক শুদ্ধ হিচাপৰ
বৰ ওচৰা - উচৰি । চন্দ্ৰত মানুহৰ বসবাস আছে বুলিও তেওঁ কৈছিল । তেওঁৰ মতে চন্দ্ৰৰ
বাসিন্দা পৃথিৱীৰ মানুহতকৈ বেছিহে সুখী । নানা ভুল - ত্রুটি থাকিলেও সেই সময়ত
পিথাগ’ৰাছ আৰু তেওঁৰ ছাত্ৰসকলে যি ধাৰণা প্রচাৰ কৰিছিল । বিজ্ঞানৰ ইতিহাসত সি আছিল
অতি মূল্যবান ।
Hippocrates
হিপ’ক্রেটিছ (460 B.C-377
B.C)
গ্রিক উপকথাত আছে , এছক্লেপিয়াছ । ( Asclepius ) আছিল চিকিৎসাবিজ্ঞানৰ দেৱতা এপ’লােৰ
পুতেক । লাহে লাহে তেওঁ মানুহক আৰােগ্য কৰাৰ ক্ষেত্ৰত অতি সফলতা লাভ কৰিলে । আৰু
এজন প্রধান চিকিৎসক হৈ পৰিল । পুৰণি গ্ৰিছত তেওঁৰ সন্মানত মন্দিৰ স্থাপন কৰা হ'ল আৰু সেই মন্দিৰবােৰত ৰােগী বা
শাৰীৰিকভাৱে বিকৃত হােৱা মানুহে আহি গাহৰি বা ভেড়া বলি দি স্বাস্থ্যৰ বাবে
প্রার্থনা কৰা হ'ল । এই মন্দিৰৰ পূজাৰীসকল আচলতে আছিল
চিকিৎসক পূজাৰী আৰু তেওঁলােকক এছক্লেপিয়াড বুলি কোৱা হৈছিল । সেই সময়ত
চিকিৎসাবিজ্ঞানৰ জ্ঞান পিতৃৰপৰা পুত্ৰলৈ পীৰি হিচাপে চলি গৈছিল আৰু তাক বৰ গােপনে
ৰখা হৈছিল । খ্রিষ্টপূর্ব পঞ্চম আৰু চতুর্থ শতিকাৰ সময়ছােৱা আছিল গ্রিক সভ্যতাৰ
এটা সােণালী যুগ । এই শতিকা দুটাতেই জ্ঞান - বিজ্ঞানৰ নানা উন্মেষণ ঘটিছিল । সেই
সময়ত ছক্ৰেটিছ ,
ছফ’কলছ , প্লেটোৰ নিচিনা গুণী জ্ঞানী লােকসকলে
মানুহ , প্রকৃতি আৰু বিশ্বব্রহ্মাণ্ডৰ ৰহস্য
উদঘাটন কৰিছিল । সেই সময়তে হিপ’ক্রেটিছৰ নিচিনা বৈজ্ঞানিক জ্ঞানসম্পন্ন মহান
পুৰুষ এগৰাকীয়ে চিকিৎসাবিজ্ঞানৰ পদ্ধতিটোক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰপৰা আঁতৰাই
নি তাৰ বৈজ্ঞানিক ভিত্তি স্থাপন কৰিবলৈ সক্ষম হৈছিল । হিপ’ক্রেটিছৰ জন্ম হৈছিল কছ
দ্বীপত আনুমানিক খ্রিষ্টপূর্ব ৪৬০ ত । অতীতৰেপৰা বর্তমান যুগলৈকে তেওঁক
পৰম্পৰাগতভাৱে চিকিৎসাবিজ্ঞানৰ পিতৃ বুলি মানি অহা হৈছে । বহুদিন ধৰি তেওঁৰ নাম চিকিৎসা
বিজ্ঞানীৰ এলানি শপতৰ লগত জড়িত কৰি অহা হৈছে । “ হিপ’ক্রেটীয় শপত ’ নামেৰে
জনাজাত এইলানি শপত হিপ’ক্রেটিছৰ দ্বাৰা ৰচিত নহয় বুলি বিজ্ঞানীসকল প্রায় নিশ্চিত
। কিন্তু তথাপিও ইয়াক সামান্য সালসলনি কৰি হলেও বৰ্তমানৰ চিকিৎসাবিজ্ঞানৰ
ছাত্ৰসকলেও ইয়াক গ্রহণ কৰি আহিছে । হিপ’ক্রেটিছৰ জীৱন আৰু কর্ম সম্পর্কে বৰ কম , কথাহে জনা যায় । তেওঁৰ দেউতাক কছ
দ্বীপৰ এটা বৰ বিখ্যাত মন্দিৰৰ পূজাৰী চিকিৎসক আছিল । সেই সময়ৰ নিয়ম অনুসাৰে
দেউতাকে তেওঁকো চিকিৎসা শাস্ত্ৰৰ দীক্ষা দিছিল । এইক্ষেত্ৰত হিপ’ক্রেটিছে ।
সৰুৰেপৰাই ইমান ৰাপ দেখুৱাই আহিল যে দেউতাকে বিচাৰি বিচাৰি তেওঁৰ বাবে অতি গুণী
জ্ঞানী শিক্ষক নিযুক্ত কৰিলে । তেনে এজন শিক্ষক হয়তাে ডেম’ক্রিটাছ আছিল । তেনে
কেইগৰাকীমান শিক্ষকৰপৰাই হিপ’ক্রেটিছে বিজ্ঞান , গণিত , দর্শন
আৰু সুকুমাৰ কলাত উৎকৃষ্ট শিক্ষা লাভ কৰিলে । তেওঁৰ শিক্ষাগুৰুসকলৰ দৰেই হিপ’ক্রেটিছেও
প্রাচীন জগতখনৰ সকলােবিলাক উচ্চস্তৰৰ শিক্ষানুষ্ঠান ভ্রমণ কৰিলে । তেওঁ এথেন্সলৈ
গৈ কেইবাবছৰে থাকিল আৰু তাত চিকিৎসা শাস্ত্ৰৰ শিক্ষকতাও কৰিলে আৰু চিকিৎসাও চলাই গ'ল । তেওঁ হয়তো এটা সময়ত ছলেটিছৰ
বিখ্যাত ছাত্র প্লেটোক ( Plato ) লগ
পাইছিল । প্লেটোৱে তেওঁৰ লেখনীসমুহত কেইবাবাৰাে হিপ’ক্ৰেটিছৰ কথা উল্লেখ কৰিছে ।
প্লেটোৱে হিপ’ত্রেটিছে এইবুলি কোৱা বুলিও উল্লেখ কৰিছে- “ গােটেই জীৱটোৰ প্রকৃতি
নুবুজাকৈ মানুহে দেহটোৰ অংশবিশেষৰ কথা বুজিব নােৱাৰে । ” হিপ’ক্রেটিছে এই কথাত জোৰ
দিছিল যে চিকিৎসকে সদায় ৰােগীজনক অধ্যয়ন কৰিব লাগে ; মাত্র তেওঁৰ ৰােগটো নহয় । তেওঁৰ মতে
ৰােগ নির্ণয় শুদ্ধভাৱে কৰিবলৈ হ'লে
চিকিৎসকে ৰােগীৰ সকলাে ধৰণৰ অৱস্থাৰ বুজ ল’ব লাগিব । তেওঁৰ দৈনন্দিন কাৰ্য্যক্রম , তেওঁৰ পেশা , তেওঁৰ পৰিয়ালৰ অৱস্থা আৰু তেওঁ থকা
পৰিৱেশ আদি ভালদৰে বুজি ল’ব লাগিব । ৰােগী কিৎসা কৰোঁতে চিকিৎসকগৰাকীয়ে প্রকৃতিক
সকলােধৰণে সহায় কৰিবলৈ যত্ন কৰিব লাগিব । কাৰণ প্ৰকৃতিয়েই হৈছে আটাইতকৈ ডাঙৰ
ৰােগ নিৰাময়ক । তেওঁ অতি সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰিব লাগিব আৰু তেতিয়াহে তেওঁ
ৰােগ নির্ণয় আৰু চিকিৎসা কৰিবলৈ সক্ষম হ’ব । এই অতি আধুনিক দৃষ্টিকোণেৰে তেওঁ
চিকিৎসা নিৰাময়ৰ ব্যৱস্থাটোৰপৰা অনিশ্চয়তা , খেলিমেলি আৰু অনুমানবােৰ নােহােৱা কৰি তাত এটা বৈজ্ঞানিক পদ্ধতি
সুমুৱাবলৈ চেষ্টা কৰি আহিছিল । তেওঁৰ আগৰ চিকিৎসকসকলৰ দৰে হিপ’ক্রেটিছেও বিশ্বাস
কৰিছিল যে শৰীৰৰ প্ৰধান চাৰিবিধ প্ৰৰস বা হিউমাৰে ( humour ) মানুহৰ শৰীৰত ৰােগ আৰু স্বাস্থ্য
নির্ণয় কৰে । এই চাৰিবিধ প্রৰসৰ কোনােবাটো বেছি কম হলে বা সিহঁতৰ সন্তুলনত কিবা
ব্যাঘাত জন্মিলে শৰীৰত ৰােগৰ সৃষ্টি হয় । হিপ’ক্রেটিছেও এই তত্ত্বত বিশ্বাস
কৰিছিল । তেওঁ ভাবিছিল যে শৰীৰত কফ , ৰক্ত , পিত্ত আৰু পানী এই চাৰিবিধ । প্ৰৰসৰ
সন্তুলনেহে শৰীৰৰ স্বাস্থ্য বা ৰােগৰ অৱস্থা । নির্ণয় কৰে । প্ৰৰসবােৰৰ ভাৰসাম্য
বা সন্তুলন কিবা । প্ৰকাৰে নষ্ট হলে শৰীৰত ৰােগৰ সৃষ্টি হয় আৰু শৰীৰে প্ৰাকৃতিক
নিয়মেৰে বা বাহিৰা সাহায্যত সেই ভাৰসাম্য যদি পুনৰ উদ্ধাৰ কৰিব পাৰে তেনেহ'লে । ৰােগ নিৰাময় হয় । এই তত্ত্বৰ
গুৰিতে আছিল এটা যুক্তিবাদী চিন্তা । এই তত্ত্বত বিভিন্ন দলৰ চিকিৎসকসকলৰ মাজত
চিন্তাৰ সামান্য পার্থক্য থাকিলেও এই কথা অৱশ্যে প্রতিপন্ন হৈছিল যে
চিকিৎসাবিজ্ঞান হ’ল এক যুক্তিবাদী শাস্ত্র বা বিজ্ঞান । ৰােগ কোনাে দেৱতাৰ ৰােষৰ
বাবে বা কোনাে শাস্তিমূলক ব্যৱস্থা হিচাপে সৃষ্টি নহয় । ইয়াৰ আগতে মৃগী ৰােগৰ
নিচিনা কিছুমান ৰােগ কেৱল কিছুমান দেৱতাৰ ৰােষৰ বাবেহে সৃষ্টি হােৱা বুলি ভাবি অহা
হৈছিল । হিপ’ক্রেটিছৰ দৰে লােকৰ যুক্তিৰ বাবে চিকিৎসাবিজ্ঞানীসকলে এইবােৰক শৰীৰৰ
অস্বাস্থ্যৰ অৱস্থা বা কোনাে কাৰণজনিত ৰােগৰ সৃষ্টি বুলিহে ভাবিবলৈ আৰম্ভ কৰিলে ।
ইয়াতেই যুক্তিবাদী চিন্তাৰ আৰম্ভণি হ'ল ।
বর্তমান কালৰ চিকিৎসাবিজ্ঞানী সকলেও শৰীৰৰ বিভিন্ন ৰসায়নৰ ভাৰসাম্য নষ্ট হলে
শৰীৰলৈ ৰােগৰ অৱস্থা আহে বুলি বিশ্বাস কৰে । হিপ’ক্ৰেটিছৰ দিনতেই ৰসায়নবিজ্ঞানৰ
কোনাে জ্ঞান নােহােৱাকৈয়ে এই চিন্তাৰ বীজ অংকুৰিত হৈছিল আৰু তাৰ বিকাশ হওঁতে
দুহাজাৰ বছৰতকৈও বেছি সময় লাগি গৈছিল । সেই সময়ত মানুহৰ মৃতদেহ আনি কাটি - ছিঙি
পৰীক্ষা কৰাটো সম্পূর্ণ নিষিদ্ধ আছিল আৰু সেইবাবে মানুহৰ শৰীৰৰ ভিতৰখনৰ বিষয়ে
চিকিৎসাবিজ্ঞানৰ জ্ঞানাে আছিল অতি সীমিত । তথাপিও কিন্তু হিপ’ক্রেটিছে তেওঁৰ
কেইবাখনাে গ্রন্থত শৰীৰৰ ভিতৰখনৰ বিষয়ে বিশেষকৈ হাড় , মাংসপেশী আৰু লিগামেন্ট - টেণ্ডন আদিৰ
বিষয়ে বৰ সুন্দৰকৈ আৰু পৰিষ্কাৰকৈ লিখি থৈ গৈছে । শৰীৰৰ ক'ৰবাত হাড় ভাগিলে বা হাড় ইফাল -
সিফাল হ'লে সেইবােৰ তাৰ চিকিৎসাৰ বাবে বেণ্ডেজ
বন্ধা আদি কামত তেওঁ যথেষ্ট পাৰদৰ্শিতা দেখুৱাই থৈ গৈছে । সেই সময়ত গ্রিকসকলৰ
যুদ্ধক্ষেত্রলৈ চিকিৎসকসকলাে গৈছিল আৰু তাত আঘাতপ্রাপ্ত সৈন্য - সামন্তক লগে লগেই
চিকিৎসা বা অস্ত্রোপচাৰ কৰিছিল । হিপ’ক্রেটিছাে তেনেকুৱা যুদ্ধক্ষেত্রলৈ গৈছিলনে
নাই আৰু তেনে চিকিৎসাত জড়িত হৈছিলনে নাই সেই বিষয়ে বিশেষ জনা নাযায় । কিন্তু
শৰীৰৰ আঘাত নিৰাময়ৰ বাবে তেওঁ দি যােৱা ব্যৱস্থাবােৰ অতি সুন্দৰ আৰু দক্ষ বুলি
প্রতীয়মান হৈছে । অস্ত্রোপচাৰ কক্ষনাে কেনেদৰে সজ্জিত হ’ব লাগে আৰু তাৰ
যন্ত্রপাতিৰ বিষয়ে কেনেদৰে সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়েও তেওঁ যথেষ্ট
দিহা - পৰামর্শ দি গৈছে । তেওঁৰ মতে শৰীৰৰ আঘাত হােৱা ঠাইডােখৰ অতি সুন্দৰকৈ
পৰিষ্কাৰ কৰিব লাগে আৰু কটা ঠাইৰ কাষডােখৰ বেজে দি বান্ধি পেলাব লাগে । ইয়াৰ পাছত
ঘা । শুকোৱা শাক - ৰৱেৰে সেই ঠাই ঢাকি দিব লাগে । ৰােগীৰ পথ্য যত্ন আৰু পৰিচৰ্যাৰ
ওপৰতাে যে শৰীৰৰ আঘাত নিৰাময় অতিকৈ নিৰ্ভৰ কৰে সেই কথাও তেওঁ সেই তেতিয়াই লিখি
থৈ গৈছে । বহুতাে চিকিৎসাবিজ্ঞানীৰ মতে হিপ’ক্ৰেটিছে কুৰি শতিকাৰ হস্পিটেল এখনত
সােমােৱা হলেও একেবাৰে অপ্রস্তুত হৈ পৰিলেহেঁতেন । তেওঁ লিখি থৈ যােৱা ‘
হিপ’ক্রেটিছৰ সংকলন ’ নামৰ গ্ৰন্থ তাৰ পাছৰ পাঁচশ বছৰ ধৰি চিকিৎসকসকলে ধর্মগ্রন্থৰ
দৰে ব্যৱহাৰ কৰিছিল । ইয়াত ৮-৭টা চিকিৎসাবিজ্ঞানৰ বিষয় আলােচনা কৰা হৈছিল আৰু
চিকিৎসাবিজ্ঞানৰ প্রায় সকলাে দিশ সামৰি লােৱা হৈছিল । চিকিৎসক প্রশিক্ষণ আৰু দৰৱৰ
ব্যৱহাৰৰ বিষয়ে ইয়াত যিবােৰ কথা কোৱা হৈছে সেইবােৰ আজিকালিৰ আধুনিক
চিকিৎসাপদ্ধতিৰ ধ্যান - ধাৰণাতাে সােমাই পৰিছে । আগতে কৈ অহা হৈছে যে হিপ’ক্ৰেটিছৰ
আগতে মৃগী আদিৰ নিচিনা ৰােগক মানুহে দেৱতাৰ ৰােগ বুলিহে ভাবি আহিছিল । তেওঁলােকে
নানা তন্ত্র মন্ত্র বা আসুৰিক পদ্ধতিৰে এই ৰােগৰ চিকিৎসা কৰিবলৈ যত্ন কৰিছিল আৰু সদায়
ৰােগী আৰু পৰিয়ালক পতিয়ন নিয়াইছিল যে দেৱতাৰ ৰােষৰ বাবেহে এইবােৰ ৰােগ হৈছে ।
কিন্তু হিপক্ৰেটিছে এই কথা নহয় বুলি ডাঠি ক’বলৈ আৰম্ভ কৰিলে । তেওঁ এই বুলি মত
প্রকাশ কৰিলে যে চিকিৎসকসকলে এই ৰােগৰ প্রকৃত কাৰণ নাজানে বাবেহে এনেদৰে দেৱতাৰ
ৰােষ বা মানুহৰ পাপৰ কথা কয় । তেওঁ দোহাই ক'লে যে
ৰােগ যিমানেই টান বা ভয়ানক নহওক কিয় , তাৰ
কোনাে প্রাকৃতিক কাৰণ থাকিবই লাগিব । ইয়াৰ ফলত চিকিৎসাপদ্ধতিৰ পৰা লাহে লাহে
ৰহস্য , অলৌকিকতা আৰু অন্ধবিশ্বাস আঁতৰি যাবলৈ
বাধ্য হ’ল । এই দিশত প্রথম পদক্ষেপ আগ বঢ়ালে হিপ’ক্রেটিছেই । তদুপৰি ব্যস্ত
চিকিৎসকৰ সুবিধাৰ বাবে তেওঁ হাতপুথিৰ দৰেও কিছুমান কথা আগ বঢ়াইছিল । হিকটি বন্ধ
কৰিবলৈ হাঁচি মৰােৱাটো তেওঁৰ দিনৰপৰা চলি অহা এটা ঘৰুৱা ব্যৱস্থা । কোনাে মানুহৰ
খাদ্য যে আন মানুহৰ বাবে বিষাে হ’ব পাৰে এই কথাও হিপ’ক্রেটিছৰপৰাই প্রবাদ বাক্যৰ
দৰে চলি আহিছে । হিপ’ক্রেটিছেই তেওঁৰ ছাত্ৰসকলক তেওঁলােকৰ চিকিৎসা ব্যৱসায় তাৰম্ভ
কৰাৰ আগতে এলানি প্রতিজ্ঞা ল’বলৈ দিছিল । তেতিয়াৰপৰা পৰি সংশােধিত ৰূপত সেইলানি
প্রতিজ্ঞায়েই আজিলৈকে চিকিৎসাবিজ্ঞানৰ ছাত্ৰসকলক গ্ৰহণ কৰােৱা হৈ আহিছে । এই
প্রতিজ্ঞালানিৰ ভিতৰত প্রধান হ’ল- “ মােৰ জীৱন আৰু এই পেশা সদায় পৱিত্ৰ কৰি ৰাখিম
। ” ৰােগীক সদায় সর্বোচ্চ স্থান দিব লাগিব , চিকিৎসকসকলে
নির্দিষ্ট নীতি - নিয়মৰ মাজেৰেহে ৰােগ । চিকিৎসা কৰিব লাগিব ; সকলাে ৰােগীকে কোনাে । পার্থক্য
নােহােৱাকৈ সমান বুলি জ্ঞান কৰিব লাগিব হিপ’ক্রেটিছৰ দিনতে আৰম্ভ হােৱা এনে দর্শন
আজিৰ আধুনিক চিকিৎসাবিজ্ঞানেও গ্ৰহণ কৰিছে । আনুমানিক খ্রিষ্টপূর্ব ৩৭৭ ত
হিপ’ক্রেটিছৰ মৃত্যু হয় ।
Democritus
ডেম’ক্রিটাছ (460
B.C-370 B.C)
বিশ্বব্রহ্মাণ্ডৰ পাৰমাণৱিক তত্ত্ব আগ
বঢ়োৱা গ্রিক দার্শনিক ডেম’ক্রিটাছৰ জীৱনৰ বিষয়ে বৰ বেছি একো জনা নাযায় । তেওঁ
হয়তাে এডেৰা নামৰ অঞ্চলটোৰ এজন ধনী নাগৰিক আছিল আৰু তেওঁ পূবৰ ফালৰ বহু দেশ ভ্রমণ
কৰিছিল । তেওঁ বহুদিন জীয়াই আছিল বুলিও পৰােক্ষ তথ্যৰপৰা অনুমান হয় । ডায় জিনিছ
লাছিয়াছ ( Diogenes
Lairtius ) নামৰ
তৃতীয় শতিকাৰ গ্রিক বুৰঞ্জীবিদগৰাকীৰ মতে ডেম ’ - ক্রিটাছে মানুহৰ জ্ঞানৰ প্রায়
সকলাে দিশ সামৰি মুঠতে ৭৩ খনমান গ্রন্থ লিখিছিল । তাৰে প্রায় সমস্তখিনিয়েই নষ্ট
হৈ গল । মাত্র অ'ত - ত'ত তেওঁ নীতিশাস্ত্র সম্বন্ধে লেখা কিছু অংশহে পােৱা যায় ।
নীতিশাস্ত্ৰৰ বাহিৰেও তেওঁ গণিতবিজ্ঞান , মহাকাশবিজ্ঞান
, চিকিৎসাবিজ্ঞান , জীৱবিজ্ঞান আদি বিজ্ঞানৰ বিভিন্ন
শাখাত অৱদান দি থৈ গৈছে । ডেম’ক্রিটাছৰ আণৱিক তত্ত্ব হয়তাে তেওঁৰ শিক্ষাগুৰু
লিউছিপাছে ( Leucippus
) উদ্ভাৱন কৰা মূল তত্ত্বৰ আধাৰতে
স্থাপিত । লিউছিপিছ গ্রিক চহৰ মাইল্টাছত আনুমানিক খ্রিষ্টপূর্ব ৪৯০ ত জন্মগ্রহণ
কৰিছিল আৰু হয়তাে গ্রিক আণৱিক তত্ত্বৰ তেৱেঁই মূল উদ্ভাৱক আছিল । এই তত্ত্বত
ডেম’ক্রিটাছেননা কি অৰিহণা যােগাইছিল সেই কথা কোৱা টান । হয়তাে ডেম’ক্রিটাছ
লিউছিপাছৰ বৰ মৰমৰ ছাত্র বা একপ্রকাৰ পুত্ৰৰ দৰেই আছিল । কিন্তু এনে এটা একদিশী মত
গ্ৰহণ কৰাটো বৰ যুক্তিযুক্ত নহ’বও পাৰে , কাৰণ
ডেম’ক্রিটাছৰ এটা যে বৰ সজীৱ আৰু বিশ্লেষণধর্মী মন আছিল সেই কথা তেওঁৰ নানা
অৰিহণাৰ ভিত্তিতেই অনুমান কৰিব পাৰি । ডেম’ক্রিটাছে চলাই দিয়া আণৱিক তত্ত্বৰ মতে
বাস্তৱ জীৱনৰ সকলাে কথায়েই কিছুমান পৰমাণুআৰু শূন্যৰদ্বাৰা ( void ) গঠিত । আচলতে এই পাৰমাণৱিক তত্ত্বত
শূন্যৰ প্রয়ােজনাে বৰ মূল্যৱান । কাৰণ শূন্য অবিহনে ইয়াৰ পৰমাণুবিলাক গতিশীল
হ’বই নােৱাৰিব । ইয়াৰ আগতে কিন্তু বিশ্বব্রহ্মাণ্ডখন একেবাৰে স্থিৰ আৰু তাত
গতিশীলতাৰ কোনাে স্থান নাই বুলি ভবা হৈছিল । আনকি আমাৰ জ্ঞানেন্দ্রিয় সমূহে যি
পৰিৱৰ্তন দেখুৱাই থাকে তাকো একপ্ৰকাৰ মায়া বুলিহে কোৱা হৈছিল । ডেম’ক্রিটাছৰ
পৰমাণু তত্ত্বৰ পৰমাণুবােৰ আছিল চকুৰে নেদেখা আৰু সদায় থকা বা শাশ্বত । এইবােৰ
ইমান সৰু আছিল । যে ইয়াৰ আকাৰ আৰু সৰু কৰিব পৰা নহৈছিল । এই তত্ত্বত এইবুলিও ভবা
হৈছিল যে সকলাে পৰমাণুৱেই একে । উদাহৰণ স্বৰূপে , পানী আৰু লােৰ পৰামাণুবােৰ কিন্তু পানীৰ পৰমাণুবােৰৰ গাটো মিহি আৰু
গােলাকাৰ হােৱা বাবে সেইবােৰে ইটোৱে সিটোৰ গাত লাগি নাথাকি পিছলি যায় , আৰু সেইবাবে পানী বৈ যাব পাৰে ।
আনহাতে লােৰ পৰমাণুবােৰৰ গাটো খহটা আৰু ওখােৰা - মােখাৰা হােৱা বাবে সেইবােৰ ইটো
সিটোৰ গাত লাগি থাকে , আৰু
সেইবাবে লােৰ গােটা বস্তু হৈ স্থিৰ হৈ থাকে । আমাৰ বিশ্বব্রহ্মাণ্ডখনৰ সৃষ্টিৰ কথা
ডেম’ক্রিটাছে এইদৰে ব্যাখ্যা কৰিছিল ঃ পৰমাণু বিলাকৰ মূল গতি সকলাে দিশতে থাকে । ই
একপ্রকাৰ কম্পনৰ দৰে । ইয়াৰ ফলত কিছুমান সংঘৰ্ষৰ সৃষ্টি হয় আৰু বিশেষকৈ এক
ঘূর্ণমান গতিৰাে সৃষ্টি হয় । তাৰ ফলতেই একে ধৰণৰ পৰমাণুবিলাক গােট খায় আৰু
সেইবােৰে গােট খাই ডাঙৰ ডাঙৰ বস্তু বা জগতৰ সৃষ্টি কৰে । তেওঁৰ মতে যান্ত্রিক
নিয়মবােৰেই জগতখন নির্ণয় কৰিব পাৰে , তাৰ বাবে
কোনাে বুদ্ধিমান , কাৰণ
এটাই বিশেষ উদ্দেশ্য আগত লৈ কাম কৰাৰ প্ৰয়ােজন নহয় । পৰমাণুৰ ধৰ্মৰ বাবেই বা
পৰমাণুবােৰৰ প্রয়ােজনতেই এই জগতবােৰ সৃষ্টি হৈছিল । পৰমাণু আৰু শূন্যৰ সংখ্যা
অসীম হােৱা বাবে আৰু তাৰ গতিও সদায় থকা বাবে অসীম সংখ্যক জগতৰ সৃষ্টি হ’ল আৰু
এইবােৰ সৃষ্টি আৰু ক্ষয়ীভৱনৰ বিভিন্ন অৱস্থাত থকা পৰমাণুৰে গঠিত হ’ল । আমাৰ
ইন্দ্রিয়সমূহে গ্ৰহণ কৰা সংবাদ , যেনে ৰং , সােৱাদ আদিৰ বিষয়েও ডেম’ক্রিটাছে
তেওঁৰ আণৱিক তত্ত্বৰ সহায়ত ব্যাখ্যা আগ বঢ়াইছিল । তেওঁৰ মতে কোনাে বস্তুৰপৰা
ওলােৱা পৰমাণুৱে আমাৰ অন্তৰাত্মাত যি প্ৰভাৱ বিস্তাৰ কৰে তাৰ ফলতে আমি বিভিন্ন ৰং , সােৱাদ আদি অনুভূতি পাওঁ । উদাহৰণ
স্বৰূপে , তেওঁ কৈছিল যে আমি যে মিঠা , সােৱাদ আদি পাওঁ তাৰ সৃষ্টি হ’ল
গােলাকাৰ আৰু অতি সৰু পৰমাণুৰদ্বাৰা । তেৱেঁই প্ৰথমতে আমি দেখা বিভিন্ন ৰঙৰ
ব্যাখ্যা আগ বঢ়াবলৈ প্রকৃত প্রচেষ্টা চলাইছিল । তেওঁ ভাবিছিল এয়া পৰমাণুবােৰৰ
স্থানৰ বাবে হয় , যৌগবােৰৰ
গঠনকাৰী পৰমাণুবােৰৰ আকৃতিৰ বাবে নহয় । উদাহৰণ স্বৰূপে , তেওঁ ভাবিছিল যে বগা ৰঙৰ সৃষ্টি হয়
কোনাে ছাঁৰ সৃষ্টি কৰিব নােৱৰা চেপেটা আৰু মিহি পৰমাণুৰদ্বাৰা । আনহাতে খহটা আৰু
অসমান পৰমাণুবােৰে ক'লা ৰঙৰ
সৃষ্টি কৰে । ডেম’ক্রিটাছৰ তত্ত্ব মতে যিহেতু অসীম সংখ্যক পৰমাণু আৰু অসীম সংখ্যক
শূন্য থাকিব পাৰে , সেইবােৰে
অসীম সংখ্যক বিশ্বব্রহ্মাণ্ডৰাে সৃষ্টি কৰিব পাৰে । কিন্তু আমি অন্য
বিশ্বব্রহ্মাণ্ডবােৰ দেখা নাপাওঁ এইবাবেই যে আমাৰ বিশ্বব্রহ্মাণ্ডখন একে একে ধৰণৰ
পৰমাণুসংযুক্ত এখন ‘ ছালে’ৰে গঠিত । অন্য বিশ্বব্রহ্মাণ্ডতননা কি পৰিৱেশ বা কি
অৱস্থা । বিৰাজ কৰে সেই বিষয়ে আমি একোকে নাজানাে । অন্য তেনে কিছুমান ব্রহ্মাণ্ডত
হয়তাে সূৰ্য্য ,
চন্দ্র বা মানুহাে নাথাকিব পাৰে
। অন্য অর্থত তাত ভৌতিক নিয়মবিলাক সম্পূর্ণ বেলেগ হ'ব পাৰে । ডেম’ক্রিটাছৰ এই ধৰণৰ
ধাৰণাবিলাক কুৰি শতিকাৰ শেষ ভাগৰ বিশ্বব্রহ্মাণ্ডৰ ধাৰণাৰ লগত কিছু কিছু পৰিমাণে
মিলি যায় আৰু সেইবাবেই । আধুনিক বিজ্ঞানীসকলে ডেম’ক্রিটাছক অতি মেধাসম্পন্ন আৰু
অতি বিশ্লেষণধর্মী মন থকা এজন বিজ্ঞ লােক বুলি ভাবে ।
Aristotle
এৰিষ্টটল (384 B.C-322
B.C)
তেওঁ নিজেই প্রতিষ্ঠা কৰা অধ্যয়ন
কেন্দ্ৰৰ দীঘল খােলা ঠাইত এৰিষ্টটলে সিদিনা পায়চাৰি কৰি ফুৰিছিল । মাজে মাজে তেওঁ
অলপ আগতে হাতত পৰা বার্তাটোত চকু ফুৰাইছিল । তেওঁৰ গম্ভীৰ , পাণ্ডিত্যপূর্ণ মুখখনত ক’ততা একো ফুটি
ওলােৱা নাছিল যদিও তেওঁৰ অন্তৰখন কিন্তু ক্ষোভ , হতাশা । আৰু ঘৃণাৰে ভৰি পৰিছিল । বাতৰিটো আছিল— মহামতি
আলেকজেণ্ডাৰৰ মৃত্যু হৈছে । মেছিডনৰ ৰজা , সম্রাট
আলেকজেণ্ডাৰ তেওঁৰ এসময়ৰ ছাত্র আছিল । এতিয়া তেওঁৰ মৃত্যুৰ পাছত একপ্রকাৰ
বিদ্রোহে গা কৰি উঠিছে — মেছিডনৰ শিকলি দলিয়াই পেলাবলৈ এথেন্ছৰ প্ৰজা উদগ্রীৱ হৈ
পৰিছে । “ সম্রাট আলেকজেণ্ডাৰৰ লগত তােমাৰ সৌহার্দ্যৰ বাবে এতিয়া তােমাৰ
শত্ৰুবােৰে ৰাইজক তােমাৰ বিৰুদ্ধে উচটাব পাৰে । ছক্ৰেটিছক কিমান অন্যায়ভাৱে দোষী
সাব্যস্ত কৰি হত্যা কৰা হ’ল মনত আছে নহয় ? তুমি
তৎক্ষণাৎ এথেন্থৰপৰা পলাই যােৱা ! ” — বার্তাটোত বন্ধু এজনে লিখিছিল । সেইবাবে
খ্রিষ্টপূর্ব ৩২৩ ত , ৬২ বছৰ
বয়সত , এৰিষ্টটলে তেওঁৰ মৰমৰ গৱেষণা -
অধ্যয়ন মন্দিৰ এৰি কিছু দূৰৰ ইউবিয়া নামৰ দ্বীপলৈ গুচি গ’ল । এৰিষ্ট’টলৰ জন্ম
হৈছিল মেছিডনিয়াৰ ষ্টেগিৰা নামৰ সৰু নগৰ এখনত । তেওঁৰ দেউতাক নিক’মেকাছ মেছিডনৰ
ৰজাৰ চিকিৎসক আছিল । সৰুতে এৰিষ্ট’টলে দেউতাক - মাক আৰু ঘৰুৱা শিক্ষকৰ
তত্ত্বাৱধানতেই শিক্ষা লাভ কৰিছিল । দেউতাকৰ প্ৰভাৱতে তেওঁৰ সৰুতেই প্রাকৃতিক
বিজ্ঞানৰ প্ৰতি বৰ ৰাপ জন্মিছিল । ওচৰৰ সাগৰৰ পাৰৰপৰা তেওঁ সাগৰীয় জীৱৰ নানা
নমুনা সংগ্রহ কৰিছিল । দেউতাকৰ মৃত্যুৰ পাছত তেওঁক দার্শনিক প্লেটোৰ অধীনত
শিক্ষাগ্রহণ কৰাৰ বাবে এথেছৰ বিশ্ববিদ্যালয়লৈ পঠোৱা হয় ( খ্রিঃপূঃ ৩৬৭ ) ।
প্লেটোৱে অতি সােনকালেই বুজি পাইছিল যে এই ছাত্রজন অতি মেধাৱী । ইয়াৰ পাছৰ কুৰি
বছৰ কাল এৰিষ্ট’টলে প্লেটোৰ একাডেমিতে ‘ সত্য আৰু সুন্দৰৰ সাধনাত কটায় । এই
একাডেমিত ছাত্র সকলে শাসনৰ তত্ত্ব আৰু ধাৰণাত বাহিৰেও গণিত , জ্যোতির্বিজ্ঞান আৰু বিজ্ঞানৰ অন্য
শাখাৰাে অধ্যয়ন কৰিব পাৰিছিল । এৰিষ্টটলে বিজ্ঞানৰ কথাবােৰতাে যথেষ্ট মনােযোেগ
দিছিল । প্লেটোৰ অতি মৰমৰ ছাত্র হলেও প্লেটো আৰু এৰিষ্টটলৰ মাজত ভালেখিনি পার্থক্য
আছিল । প্লেটো আছিল গণিত , দর্শন , বিজ্ঞান আদিৰ গুণাত্মক ( এবষ্ট্রেক্ট
) দিশটোৰ প্ৰতিহে আকৃষ্ট , আনহাতে
এৰিষ্টটলে । বিজ্ঞান - গণিত আদিৰ কাৰ্য্যকৰী দিশটোতহে অধিক মনােনিৱেশ কৰিছিল ।
তেওঁ প্ৰকৃতিৰ পৰ্যৱেক্ষণ কৰাত আৰু জীৱিত বস্তুৰ শ্রেণীবিভাজন কৰাত গুৰুত্ব দিছিল
। খ্রিষ্টপূর্ব ৩৪২ ত প্লেটোৰ মৃত্যুৰ পাছত এৰিষ্ট ‘ টলক মেডিনিয়াৰ ৰজা ফিলিপে আলেক জেণ্ডাৰৰ
শিক্ষক নিযুক্তি দি ওভােতাই আনিলে । তেতিয়া আলেকজেণ্ডাৰৰ বয়স চৈধ্য বছৰ । তাৰ
পাছৰ সাত বছৰ কাল তেওঁ আলেজেণ্ডাৰণ শিক্ষক হিচাপে কাম কৰিছিল । ইয়াৰ পাছতেই আলেক
জেওৰ সম্রাট মহামতি আলেকজেণ্ডাৰ হৈ পৰে । মেছিডনিয়াত কাম কৰা অৱস্থাত এৰিষ্ট ‘
টলে যথেষ্ট ধন - বিত পােৱাত বাহিৰেও গােটেই দেশ জুৰি বহুতাে সহকাৰীৰ সহায় লাভ
কৰিলে । তেওঁলােকৰ হতুৱাই অপৰ্য্যাপ্ত পৰিমাণৰ জীৱৰ নমুনা সংগ্রহ কৰাই পর্যবেক্ষণ
কৰাই তাৰ ফলাফল এৰিষ্টটলে সংগ্রহ কৰিলে । এইবােৰৰ সহায়ত জীৱসমূহক সিহঁতৰ গঠনৰ
জটিলতা , পুনৰজনমৰ ৰীতি আৰু তেজৰ লক্ষণ আদিৰ
ভিত্তিত শ্রেণীবিভাজন কৰি তেওঁ জীৱবিজ্ঞান নামৰ বিজ্ঞানৰ শাখাটো প্রতিষ্ঠা কৰিলে ।
আনকি তাৰে কিছুমান ছেদন কৰি সিহঁতৰ ভিতৰৰ গঠনাে তেওঁ অধ্যয়ন কৰিলে । ওঠৰ শতিকাত
লিনিয়াছে নতুনকৈ শ্রেণীবিভাজন নকৰা পৰ্য্যন্ত এৰিষ্টটলৰ এই শ্রেণীবিভাজনেই
কেইবাশতিকা জুৰি তিষ্ঠি থাকিল । আমাৰ পৃথিৱীখনৰ বিকাশৰ বিভিন্ন স্তৰত পৃষ্ঠভাগৰপৰা
পাহাৰ - পর্বতবােৰ ওপৰ উঠি আহে , তাৰ
ক্ষয় হয় ,
সেইবােৰ সমান হৈ পৰে , তাৰ পাছত সাগৰলৈ ৰূপান্তৰিত হয় —
এৰিষ্টটলৰ এই ধাৰণা এতিয়াও শুদ্ধ বুলি ধৰা হয় । আলেকজেণ্ডাৰে ৰাজভাৰ গ্ৰহণ কৰাৰ
পাছত এৰিষ্টটল পুনৰ এথেন্ছলৈ আহিল আৰু তাত অধ্যয়ন কেন্দ্র স্থাপন কৰিলে । এই
অধ্যয়ন কেন্দ্ৰবােৰক ‘ পেৰিপেটেটিক স্কুল ’ বা ‘ খােজকাঢ়ি পঢ়া ’ বিদ্যালয়
বােলা হৈছিল । কাৰণ ইয়াত এৰিষ্টটল আৰু ছাত্ৰসকলে বহল মুকলি ঠাই আৰু বাগিচাত
একেলগে খােজ কাঢ়ি কাঢ়ি পাঠ্যক্রম আলােচনা কৰিছিল । মানুহৰ ইতিহাসত এৰিষ্টটলৰ মনৰ
সমকক্ষ মন বিচাৰি পাবলৈ নাই বুলিলেও হয় । তেৱেঁই ন্যায়শাস্ত্ৰ আৰু মনস্তত্ত্বক
বৈজ্ঞানিক ভিত্তি দিবলৈ সক্ষম হয় । এৰিষ্টটলে প্রায় এহাজাৰখন কিতাপ লিখিছিল ।
তাৰে প্ৰায়ভাগেই নিশ্চিহ্ন হৈ গৈছে । মাত্র খােজ কাঢ়ি পঢ়া বিদ্যালয়ত দিয়া
তেওঁৰ বক্তৃতাৰ টোকা কিছুমানহে পােৱা গৈছে । এৰিষ্ট'টলে তেওঁৰ পৰ্যৱেক্ষণ আৰু শ্রেণী বিভাজনৰ ভেটিত আগবঢ়োৱা
জীৱবিজ্ঞানৰ তত্ত্ববােৰ কালজয়ী আছিল । কিন্তু পদার্থবিজ্ঞান আৰু জ্যোতির্বিজ্ঞানৰ
জগতত তেওঁৰ তত্ত্ববােৰ বৈজ্ঞানিক পৰ্য্যৱেক্ষণৰ ভিত্তিত প্রতিষ্ঠিত নাছিল ।
সেইবােৰ দার্শনিক ব্যাখ্যাৰ ওপৰতহে প্রতিষ্ঠিত আছিল । সূক্ষ্ম পৰ্যৱেক্ষণৰ ওপৰত
নিৰ্ভৰ নকৰি মাত্র ‘ কিয় ? ’ ৰ
ব্যাখ্যা দিবলৈ যােৱাৰ দোষতে তেওঁ ঘােষণা কৰিছিল যে সকলাে বস্তুৱে তাৰ ‘ প্রাকৃতিক
স্থান ’ বিচাৰি যায় — আৰু তেনে কৰোঁতে গধুৰ বস্তু পাতল বস্তুতকৈ আগতে মাটিত পৰে ।
এই কথা শুদ্ধ নহয় বুলি পাছত গেলিলিৱে প্ৰমাণ কৰিলে । এৰিষ্টটলে এইবুলিও ঘােষণা
কৰিছিল যে প্ৰকৃতিত ভেকুৱামৰ ( বায়ু - শূন্য স্থানৰ ) সৃষ্টি কৰিব নােৱাৰি ।
কিন্তু পাছত বিজ্ঞানীসকলে ভেকুৱামৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ল । এৰিষ্টটলে দিয়া
বস্তুৰ গতি সম্বন্ধীয় এটা তত্ত্ব এই আছিল যে বস্তুৰ প্ৰাকৃতিক অৱস্থা হ’ল স্থিৰ
অৱস্থাহে ; বস্তু এটাক গতিশীল কৰি ৰাখিবলৈ হ'লে বল এটা প্রয়ােগ হ’ব লাগিবই ।
কিন্তু সােতৰ শতিকাত নিউটনে প্রমাণ কৰিলে যে কোনাে বলৰ প্রয়ােগ নহ'লেহে গতিশীল বস্তু এটা সমান বেগেৰে , সৰল ৰেখাৰে চলি গৈ থাকে । এৰিষ্টটলে
এই বুলিও বিশ্বাস কৰিছিল যে জগতখন মাত্র চাৰিটা মৌলিক বস্তু — পানী , মাটি , বায়ু আৰু জুইৰে গঠিত । কিন্তু শতিকাৰ পাছত শতিকা জোৰা পৰীক্ষা -
নিৰীক্ষাত প্রমাণিত হ’ল যে পদার্থৰ গঠন ইয়াতকৈ বহু বেছি জটিল । জ্যোতির্বিজ্ঞানৰ
ক্ষেত্ৰত এৰিষ্টটলৰ যুক্তি আছিল অতি তীক্ষ । কিন্তু , তেওঁ গ্ৰহণ কৰা পৰ্যৱেক্ষণবােৰ অশুদ্ধ
হােৱা বাবে তেওঁৰ সিদ্ধান্তও অশুদ্ধয়েই হৈছিল । উদাহৰণ স্বৰূপে , তেওঁ ধৰি লৈছিল যে পৃথিৱীখন নির্দিষ্ট
স্থানত স্থিৰ হৈ আছে । আৰু ই ব্রহ্মাণ্ডৰ কেন্দ্র । জ্যামিতীয়ভাৱে নিখুঁত
বৃত্তবােৰ হ’ল জ্যোতিষ্কবােৰৰ কক্ষ আৰু জোনটোৰ নিজা পােহৰ আছে । কেইবা শ বছৰ পাছত
গেলিলিঅ ’ ,
কেপলাৰ আদিয়ে প্রমাণ কৰিলে যে
এই ধাৰণাবােৰ ভুল , পৃথিৱী
আৰু গ্ৰহবােৰ উপবৃত্ত আকৃতিৰ কক্ষপথতহে ঘূৰে আৰু জোনটোৱে মাত্র সূৰ্য্যৰ ৰশ্মি
প্রতিফলিতহে কৰে । কিন্তু এৰিষ্টটল তেওঁৰ জীৱনকালতে এনে এক সন্মানিত পণ্ডিত হিচাপে
প্রতিষ্ঠিত হৈছিল যে তেওঁৰ পাছতাে ডেৰ হাজাৰ বছৰলৈ তেওঁৰ মতবাদবােৰ ভুল - শুদ্ধৰ
বিচাৰ নােহােৱাকৈ চলি থাকিল । জীৱবিজ্ঞানৰ বাহিৰে বাকী সকলাে ক্ষেত্ৰতে তেওঁৰ
মতবাদে বৈজ্ঞানিক প্রগতিত বাধাৰহে সৃষ্টি কৰিছিল । কিন্তু এৰিষ্টটলে কৈ গৈছিল , “ সকলাে মানুহে প্রাকৃতিকভাৱেই জানিব
খােজে । ” তেওঁ নিজেও সদায় জানিব খুজিছিল । সেই স্পৃহাৰ বাবেই তেওঁ নতুন সত্যত
উপনীত হৈছিল । পাছৰ মানুহে ‘ জানিব নুখুজি তেওঁৰ কথাকে গুৰু - বাক্য মানি চালি -
জাৰি নােচোৱা বাবে বহুযুগলৈ বহুতাে ভুল কথা মানি থাকিল ।
Euclid
ইউক্লিড (330 B.C-275
B.C)
জ্যামিতিৰ নানা উদ্ভাৱনৰ বাবে
ইউক্লিডৰ নাম আমি সৰুৰেপৰাই জানি থাকে । কিন্তু এইজনা বিদগ্ধ গণিতজ্ঞৰ জীৱনৰ
বিষয়ে বিশেষ একো জনা নাযায় । আনকি তেওঁৰ জন্ম আৰু মৃত্যুৰ তাৰিখাে জনাৰ কোনাে
উপায় নাই । মাত্র ইয়াকেহে জনা যায় যে তেওঁৰ জন্ম প্লেটোৰ মৃত্যুৰ ( আনুমানিক
খ্রিষ্টপূর্ব ৩৪৭ ) কিছু পাছত আৰু তেওঁৰ মৃত্যু আর্কিমিডিছৰ জন্মৰ ( আনুমানিক
খ্রিষ্টপূর্ব ২৮৭ ) ৰ কিছু পাছত হৈছিল । জনা যায় যে আলেকজেড্রিয়াত ইউক্লিডে ৰজা
টলেমি -১ ছটাৰৰ ৰাজত্বকালত ( খ্রিঃপূঃ ৩২৩ ২৮৫/২৮৩ ) এখন বিদ্যালয় স্থাপন কৰিছিল
আৰু তাত শিক্ষকতাও কৰিছিল । গ্রিক দার্শনিক প্রক্লাছে ( Proclus )
পঞ্চম
শতিকাত ৰচনা কৰা তেওঁৰ ৰচনাসমূহত ইউক্লিড বিষয়ে লেখোতে দুটা মজাৰ ঘটনাৰ উল্লেখ
কৰিছে । তেওঁৰপৰা জ্যামিতিৰ কেইটামান পাঠ লৈ টান পাই । ৰজা টলেমিয়ে তেওঁক এবাৰ
বােলে সুধিছিল— “ জ্যামিতি শিকাৰ কিবা উজু উপায় আছে নেকি ? ” তেতিয়া ইউক্লিডে বােলে উত্তৰ
দিছিল— “ জ্যামিতি শিকাৰ বাবে কোনাে ৰাজকীয় পথ নাই ! ” এবাৰ এজন ছাত্ৰই বােলে
জ্যামিতিৰ কেইটামান পাঠ শিকিয়ে সুধিছিল— “ এইবােৰ শিকি তেওঁৰ কি লাভ হ’ব ? ” — ইউক্লিডে বােলে তেতিয়া লগে লগে
চাকৰ এজনক মাতি আনি ক'লে— “ এওঁক
তিনিটা পেনি দিয়া , কাৰণ কিবা
এটা শিকিলেই এওঁৰ লাভ হ’ব লাগিব । ” এইবােৰ ঘটনা কিমান সত্য ক’ব নােৱাৰি ।
ইউক্লিডৰ জীৱন সম্পর্কে বিশেষ একো জনা নগ’লেও তেওঁৰ কৰ্মৰাজি সম্বন্ধে কিন্তু
বিশদভাৱে জনা যায় । বিশেষকৈ জ্যামিতিৰ ক্ষেত্ৰত তেওঁৰ অৱদানসমূহ পাছৰ যুগলৈও
স্থায়ী হৈ ৰ'ল ।
এলিমেণ্টছ ( Elements ) আৰু ডেটা ( Data ) নামৰ তেওঁৰ দুখন বিখ্যাত জ্যামিতিৰ
গ্ৰন্থ নষ্ট নােহােৱাকৈ ৰৈ গ'ল । তাৰে ‘ এলিমেণ্টছ ' নামৰ গ্ৰন্থখন সর্বকালৰ সবাতােকৈ
বেছি বিক্ৰী যােৱা গ্রন্থ । ছপাৰ পদ্ধতি আৱিষ্কৃত হােৱাৰ পাছত এই গ্রন্থখনৰ কমেও
এহাজাৰ সংস্কৰণ ছপা হৈছে । জ্যামিতিৰ চৰ্চা ইউক্লিডৰ আগতেও আছিল । কিন্তু তাত
যুক্তিবােৰ যথাক্রমে আগ নাবাঢ়ি জঁপিয়াই যােৱাদি গৈছিল । সেইবােৰ অধ্যয়ন কৰি
ইউক্লিড সন্তুষ্ট নহ'ল । তেওঁ
লাহে লাহে জ্যামিতিৰ যুক্তিবােৰ যথাযথভাৱে সজাই জ্যামিতিক এক ক্রমবদ্ধ বিষয়
হিচাপে প্রতিষ্ঠা কৰিলে । ইউক্লিডে তেওঁৰ জ্যামিতিৰ বর্ণনাত প্রয়ােজনীয়
পৰিভাষাবােৰ প্ৰথমতে স্পষ্টকৈ বর্ণনা কৰি ল'লে । উদাহৰণ স্বৰূপে , তেওঁ সৰলৰেখা , ‘ বিন্দু ’ , ‘ ত্রিভুজ ’ আদিৰ স্পষ্ট সূত্র দিলে
। তাৰ পাছত তেওঁ এইবােৰৰ পৰম প্ৰমাণ বা স্বতঃসিদ্ধ কথাবােৰ — যিবােৰ যিকোনাে
যুক্তিবাদী মানুহে প্রমাণ নােহােৱাকৈ গ্রহণ কৰিব — সেইবােৰ বৰ্ণাই ল’লে । তাৰ পাছত
তেওঁ বহুতাে প্রতিজ্ঞা লৈ এটাৰ পাছত এটাকৈ প্ৰমাণ কৰি গ'ল । প্রতিজ্ঞাবােৰ প্রমাণ কৰাৰ
বাবে তেওঁ প্ৰথম খােজত অংকন , দ্বিতীয় খােজত কল্পনা , তৃতীয় খােজত প্রমাণ আৰু শেষ
খােজত সিদ্ধান্ত — এনেদৰে কেইবাটাও স্তৰ মানি লৈছিল । জ্যামিতিৰ এই আৰ্হি আজি ইমান
বছৰ পাছতাে আমি প্রায় একেদৰেই অনুসৰণ কৰোঁ । বিজ্ঞানী নিউটনে তেওঁৰ সকলাে প্রমাণৰ
বাবেই ইউক্লিডৰ জ্যামিতিৰ সহায় লৈছিল । শতিকাৰ পাছত শতিকা পাৰ হৈ গল । কিন্তু
ইউক্লিডৰ জ্যামিতি আৰু উপপাদ্যবােৰ নির্বিবাদে চলি গৈ থাকিল । ইউক্লিডৰ সমান্তৰাল
প্রতিজ্ঞা নামৰ উপপাদ্য এটা অৱশ্যে বহুতাে গণিতজ্ঞই মানি ল’ব খােজা নাছিল । এই
উপপাদ্যত আছিল যে—
ক ’ সৰলৰেখাত নথকা কোনাে বিন্দু ‘
প ’ - ৰ মাজেৰে ক'ৰ লগত লগ
নলগাকৈ মাত্র এডালহে সৰলৰেখা ( খ ) টানিব পাৰি । এই উপপাদ্যৰ বিৰুদ্ধে নানা যুক্তি
দিয়া হৈছিল যদিও কোনােৱে মুখ খুলি ইউক্লিড জ্যামিতিৰ বিৰুদ্ধাচৰণ কৰিব পৰা নাছিল
। ওঠৰ শতিকাতহে জার্মান গণিতজ্ঞ কার্ল গাউছে ( Karl Gauss ) এক অনা - ইউক্লিডীয় জ্যামিতিৰ
উদ্ভাৱন কৰিলে । তাত সেই সমান্তৰাল উপকল্প মানি লােৱা নহ'ল । অৱশ্যে তেওঁৰ মৃত্যুৰ পাছলৈকে
এই কথা প্রকাশ কৰা নহ'ল । ৰুছ
গণিতজ্ঞ বাচেভস্কি ( Lobachevsky ) আৰু হাংগেৰীয় গণিতজ্ঞ বলাইহে ( Bolyai ) প্রথম অনা - ইউক্লিডীয় জ্যামিতি
প্রকাশ কৰে । অৱশ্যে তাতে ইউক্লিডৰ জ্যামিতিৰ বহুতাে উপপাদ্য আৰু পদ্ধতিৰ প্ৰয়ােগ
কৰা হৈছিল । কিন্তু ইউক্লিডৰ কামৰ অৱদান জ্যামিতিৰ জগতখনৰ বাহিৰেও সমস্ত বিজ্ঞানৰ
জগতখনতে আছে । তেৱেঁই প্রথম যুক্তিবােৰ আগ বঢ়াই নি তাৰ সহায়ত নতুন সত্য বা সিদ্ধান্তত
উপনীত হােৱাৰ বাট দেখুৱায় । জ্যামিতিৰ বাহিৰেও ইউক্লিডে আলােকবিজ্ঞান , সংখ্যাবিজ্ঞান আদিৰাে চিন্তা -
চৰ্চা কৰিছিল । অৱশ্যে আলােকবিজ্ঞানত তেওঁ আমাৰ চকুৰপৰা পােহৰ গৈ কোনাে বস্তুত
পৰিলেহে আমি তাক দেখো বুলি প্লেটোৰ দিনৰ ভুল ধাৰণাটোকে মানি লৈছিল । তেওঁ জ্যোতির্বিজ্ঞাননা
চর্চা কৰিছিল — ব্রহ্মাণ্ডখন তেওঁ গােলকীয় বুলি ধৰি লৈছিল আৰু স্থিৰ তৰাবােৰৰ
উদয় আৰু অস্ত যােৱাৰ সময় নির্ণয় কৰিছিল । ইউক্লিড প্রথম শ্রেণীৰ বিজ্ঞানী বা
প্রথম শ্রেণীৰ গণিতজ্ঞ আছিল নে নাই সেই বিষয়ে মতানৈক্য থাকিব পাৰে । কিন্তু তেওঁ
যে প্রথম শ্ৰেণীৰ শিক্ষক আছিল তাত কাৰাে সন্দেহ থাকিব নােৱাৰে — কাৰণ তেওঁৰ দ্বাৰা
ৰচিত পাঠ্যপুথি ( এলিমেন্ট ’ ) দুহাজাৰ বছৰ ধৰি প্রায় অপৰিৱৰ্তিত অৱস্থাতে
ব্যৱহৃত হৈ আহিছে ।
Eratosthenes
ইট’স্থেনিছ (284
B.C-240 B.C)
এগ্লাঅ'ছৰ পুতেক ইট’স্থেনিছৰ জন্ম উত্তৰ আফ্রিকাৰ গ্রিক নগৰী ছিৰিনত
সম্ভৱতঃ খ্রিষ্টপূর্ব ২৮৪ ত হৈছিল । তেওঁ সৰুতে এথেস্থত শিক্ষা লাভ কৰিছিল ।
শিক্ষা শেষ কৰি তেওঁ এথছতে বসবাস কৰিছিল যদিও ৰজা ৩ য় টলেমিৰ আহ্বানত পাছত (
খ্রিষ্টপূর্ব ২৪৬ মানত ) আলেকজেন্ড্রিয়ালৈ গৈ তাত অধ্যয়ন - গৱেষণা কৰিবলৈ লয় ।
পাছলৈ তেওঁক বৃহৎ ৰাজকীয় পুথিভঁৰালৰ পুথিভঁৰালীৰ দায়িত্ব দিয়া হ'ল । মৃত্যুৰ দিনলৈকে ইট’স্থেনিছ এই
পদবীত আছিল । ইট’স্থেনিছ অকল বিজ্ঞানীয়েই নাছিল । সাহিত্য আৰু দৰ্শনত তেওঁৰ
যথেষ্ট অৱদান আছিল । তেওঁ জ্যোতির্বিজ্ঞানৰ ভিত্তিতে এটা দীঘল কবিতা লিখিছিল ।
সাহিত্যৰ সমালােচনা , দর্শন , প্রাচীন কমেডি , জ্যোতির্বিজ্ঞান , ভূগােল , বুৰঞ্জী আদি বিষয়তাে তেওঁ গ্রন্থ
প্রণয়ন কৰিছিল । তেওঁ লিপ ইয়াৰৰ হিচাপ থকা কেলেণ্ডাৰ এখনাে প্রস্তুত কৰিছিল ।
তেৱেঁই প্রথম পৃথিৱীৰ প্রকৃত মানচিত্র এখন প্রস্তুত কৰিছিল । আচৰিত কথা এয়ে যে
তাত তেওঁ ঠাই একোখন চিহ্নিত কৰিবলৈ আজিকালিৰ দৰে অক্ষৰেখা আৰু দ্রাঘিমাৰ সহায়
লৈছিল । ইট’স্থেনিছে একে দ্রাঘিমাৰেখাতে থকা আলেকজেড্রিয়া আৰু ছিয়েনত দুপৰীয়া
কোনাে দণ্ডৰ ছাঁ জুখি তাৰ সহায়ত পৃথিৱীৰ পৰিসীমাৰ দীঘ নির্ণয় কৰিছিল । তাৰ
সহায়ত তেওঁ পৃথিৱীৰ ব্যাস ৭৮৫০ মাইল ( বা ১২,৬৩০ কিল'মিটাৰ )
বুলি । হিচাপ কৰি উলিয়াইছিল । এই হিচাপ আধুনিক হিচাপৰ ( ৭,৯৩০ মাইল , ১২,৭৫৬ কিলমিটাৰ ) বৰ ওচৰা - উচৰি আছিল ।
পৃথিৱীৰ অক্ষ তাৰ কক্ষপথৰ তলৰ লগত কিমান হেলনীয়া হৈ থাকে তাৰ নিখুঁত হিচাপে ইট’স্থেনিছে
উলিয়াবলৈ সক্ষম হৈছিল । মৌলিক সংখ্যাবােৰ নির্ণয় কৰিবৰ বাবে তেওঁ উদ্ভাৱন কৰা ‘
ছালনী প্রক্রিয়া ’ ( sieve method ) গণিতৰ এক
অতি উল্লেখযােগ্য উদ্ভাৱন । মৌলিক সংখ্যাবােৰ হ’ল এনে সংখ্যা যিবােৰ নিজৰ বাহিৰে
একতকৈ ডাঙৰ আন কোনাে গােটা সংখ্যাৰে হৰণ নাযায় । ইট’স্থেনিছৰ মতে তাৰ বাবে সকলাে
স্বাভাৱিক সংখ্যাকে একাদিক্রমে সজাই ল’ব লাগে । তাৰ পাছত ১ টো কাটি , ২ ৰ পাছত প্রতি দ্বিতীয় সংখ্যা কাটি
পেলাব লাগে ( যেনে , ৪ , ৬ , ৮ , ... ) ; ৩ ৰ পাছত
প্রতি তৃতীয় সংখ্যা কাটি পেলাব লাগে ( যেনে , ৬ , ৯ , ১২ , ... ) , এনেকৈ n অৰ পাছত প্ৰতি n তম
সংখ্যাটো কাটিব লাগে । বাকী থাকি যােৱা ২ , ৩ , ৫ , ৭ , ... আদি
মৌলিক সংখ্যা হ’ব । এই পদ্ধতিৰে যিমান দূৰলৈ মন যায় , সিমান দূৰলৈ মৌলিক সংখ্যাবােৰ উলিয়াই
যাব পাৰি । এনেবােৰ । বিশিষ্ট অৰিহণাৰ বাবে ইট’স্থেনিছক প্রাচীন কালৰ এগৰাকী
আগশাৰীৰ বিজ্ঞানী বুলি সন্মান যচা হয় ।
Ptolemy
(Claudius Ptolemaeus) টলেমি (c.127-145)
দ্বিতীয় শতিকাৰ আলেকজেড্রিয়াৰ
প্রধান পুথিভঁৰালটোত প্রাচীন জ্যোতির্বিজ্ঞানী , গণিতবিজ্ঞানী । আৰু ন্যায়বাগীশসকলৰ মূল্যৱান গ্রন্থৰ অভাৱ নাছিল ।
তালৈ ক্লডিয়াছ টলেমিয়াছ নামৰ এজন গ্রিক প্রতিদিনে কিতাপ পঢ়িবলৈ আহিছিল ।
ক্লডিয়াছ টলেমিয়াছ বা চমুকৈ টলেমিৰ জন্ম হৈছিল । ইজিপ্টত । কিন্তু তেওঁৰ সৰু
কালছােৱাৰ বিষয়ে বিশেষ একোৱেই জনা নাযায় । কোনাে কোনাে বুৰঞ্জীবিদে তেওঁৰ
জীৱনকাল ৭৫-১৫০ চন , আৰু আন
কিছুমানে ৯০–১৬৮ চন বুলি ভাবে । আলেকজেণ্ডিয়াৰ পুথিভঁৰালত জ্যোতির্বিজ্ঞান আৰু
গণিতৰ নানা পৰস্পৰবিৰােধী মতবাদ অধ্যয়ন কৰাৰ পাছত এই কথাই টলেমিৰ মনলৈ আহিল যে
বিশ্বব্রহ্মাণ্ডখনৰ গঠন বুজিবলৈ গণিত আৰু ন্যায়শাস্ত্ৰৰ ওচৰতে আশ্রয় ল’ব লাগিব ।
খ্রিষ্টপূর্ব ২৩০ ত এৰিষ্টাৰকাছে মত দিছিল যে সূৰ্য্য ব্রহ্মাণ্ডৰ কেন্দ্র ।
কিন্তু , অধ্যয়নৰ বাবে যন্ত্রপাতি নথকা বাবে
আৰু পুৰণি দৰ্শনৰ লগত মতবিৰােধ হােৱা বাবে মানুহে এই মত মানি ল’বলৈ টান । পাইছিল ।
অন্য কিছুমান জ্যোতির্বিজ্ঞানীয়ে পৃথিৱীক ব্রহ্মাণ্ডৰ কেন্দ্ৰ বুলি ভাবিছিল ।
তেওঁলােকৰ মতে চন্দ্র , গ্রহবােৰ
আৰু সূৰ্য্যই পৃথিৱীৰ চাৰিওফালে । নির্দিষ্ট ঐককেন্দ্রিক বৃত্তত ঘূৰি ফুৰে ।
কিন্তু এই তত্ত্বৰ সহায়ত কোনাে নির্দিষ্ট সময়ত গ্রহবােৰৰ স্থান । যথাযথভাৱে
হিচাপ কৰি উলিয়াব পৰা নগৈছিল । পাৰ্গাৰ এপ’ল’নিয়াছে খ্রিষ্টপূর্ব ২০০ ত আৰু
নিছিয়াৰ হিপাৰকাছে খ্রিষ্টপূর্ব ১৫০ ত পৃথিৱীক ব্রহ্মাণ্ডৰ কেন্দ্ৰ বুলি ধৰি
লৈছিল । তেওঁলােকে কৈছিল যে আকাশৰ অন্য জ্যোতিষ্কবােৰে কেতবােৰ নিজা নিজা সৰু সৰু
বৃত্তত পৃথিৱীৰ চাৰিওফালে ঘূৰে— পৃথিৱী এই বৃত্তবােৰৰ কেন্দ্ৰত নাথাকে । টলেমিয়েও
এই তত্ত্বকে গ্রহণ কৰিলে । তেওঁ গ্রহবােৰৰ কক্ষপথ হিচাপে কিছুমান বিভিন্ন কেন্দ্ৰৰ
বৃত্ত গণিতৰ সহায়ত হিচাপ কৰি উলিয়ালে ইয়াৰ সহায়ত তেওঁ বৰ শুদ্ধকৈ গ্রহবােৰৰ
স্থান নির্ণয় কৰিব পৰা হ'ল ।
তেওঁৰ এই নিখুঁত গণনা একপ্রকাৰ আচৰিত কথায়েই আছিল , কাৰণ তেওঁ আকাশৰ জ্যোতিষ্ক সমূহে নিখুঁত বৃত্ত - পথেৰে ভ্ৰমণ কৰা
বুলি ধৰি লৈহে গণনা কৰিছিল । কিন্তু এই ধাৰণা শুদ্ধ নাছিল । কেপলাৰে পাছত প্ৰমাণ
কৰিলে যে এই কক্ষপথবােৰ উপবৃত্তাকাৰহে । টলেমিয়ে তেওঁৰ এই পৃথিৱীকেন্দ্রিক তত্ত্ব
আৰু গ্রহকেইটাৰ গতি - সম্পর্কীয় তেওঁৰ গণনাবােৰ ‘ জ্যোতির্বিজ্ঞানৰ বিশদ আলােচনা
’ বা ‘ এলমাজেষ্ট ’ ( AImagest ) নামৰ
তেওঁৰ গ্ৰন্থখনৰ অন্তর্ভুক্ত কৰে । তেওঁ এই মত দাঙি ধৰে যে আকাশখন গােলকীয় আৰু ই
তেনে গােলকীয়ভাৱেই গতি কৰে । তেওঁ আৰু কয় যে পৃথিৱীখনাে গােলকীয় আৰু ই
বিশ্বব্রহ্মাণ্ডৰ কেন্দ্ৰত অৱস্থিত । তদুপৰি ই একেবাৰে গতি নকৰে । ১৪০০ বছৰ ধৰি
চলি থকা টলেমি এই পৃথিৱীকেন্দ্রিক তত্ত্ব ক’পাৰনিকাছে পাছত ভুল বুলি ঘােষণা কৰে
আৰু তেওঁৰ সূৰ্য্যকেন্দ্রিক তত্ত্ব ঘােষণা কৰে । ভুল ধাৰণাৰ ওপৰত প্রতিষ্ঠিত হলেও
টলেমিৰ তত্ত্বই কিন্তু গ্রহ আৰু নক্ষত্ৰবােৰৰ পৰম্পৰ সম্বন্ধ আৰু আকাশৰ জ্যোতিষ্কবােৰৰ
স্থান নির্ণয় কৰিব পাৰিছিল । তদুপৰি নাবিকসকলক ই নিখুঁত ভৌগােলিক নক্সা দিব
পাৰিছিল । এলমাজেষ্ট’ত টলেমিয়ে দেখুৱাইছিল যে জ্যোতির্বিজ্ঞানত ত্রিকোণমিতি
ব্যৱহাৰ কৰিব পাৰি । তেওঁ বৃত্তটোক ৩৬০ টা সমান ভাগ বা ডিগ্রিত ভাগ কৰি তাক আকৌ
মিনিট আৰু ছেকেণ্ডত ভগাইছিল । তেওঁ 70 ৰ মান
৩.১৪১৬ বুলি হিচাপ কৰি উলিয়াইছিল । প্ৰকৃততে , হিপাৰকাছ আৰু টলেমিয়ে তলীয় আৰু গােলকীয় ত্রিকোণমিতিৰ ভেটি
স্থাপন কৰিছিল । টলেমিৰ আন এটা অতি উল্লেখযােগ্য অৱদান আছিল তৰাৰ তালিকা প্রস্তুতি
। তেওঁ ১,০২৮ টা তৰা চিনাক্ত কৰি তাৰ তালিকা (
কেটেলগ ) এখন প্রস্তুত কৰিছিল । আগতে মানুহে টোকা কৰাতকৈ ইয়াত প্রায় চাৰিশ অধিক
তৰা আছিল । তেওঁ ‘ অপ্টিকছু ' নামৰ
পােহৰবিজ্ঞানৰ পুথি এখনাে ৰচনা কৰিছিল যদিও সেই পুথিখন নােহােৱা হৈ গ'ল । তেৱেই প্রথমে বিভিন্ন মাধ্যমত
পােহৰৰ প্রতিসৰণ অধ্যয়ন কৰিছিল । মেৰিনাছ অব টায়াৰ নামৰ এগৰাকী ভূগােলবিজ্ঞানীৰ
কামৰ ভিত্তিত টলেমিয়ে এখন ভূগােলবিজ্ঞানাে লিখিছিল । আগৰ গ্রিক পণ্ডিতসকলে
উদ্ভাৱন কৰা অক্ষৰেখা আৰু দ্রাঘিমাৰ হিচাপৰপৰা তেওঁ ব্রিটিছ দ্বীপপুঞ্জৰপৰা আৰব হৈ
ভাৰতলৈকে তেতিয়াৰ দিনত জনা সকলাে ঠাইৰ অৱস্থান নির্ণয় কৰিছিল । পৃথিৱীৰ আকাৰৰ
ভুল ধাৰণাৰ বাবে তাত কিছু ভুল হৈছিল যদিও সিয়েই নাবিকসকলৰ বাবে বৰ সহায়ক হৈছিল ।
প্রায় ১৪০০ বছৰ ধৰি টলেমিৰ জ্যোতি - বিজ্ঞানৰ তত্ত্ব আৰু ধাৰণাবোেৰ বিতৰ্কৰ
উৰ্ব্বত থাকি প্রতিষ্ঠিত হৈ থাকিল । কোনাে যন্ত্রপাতি নােহােৱাকৈয়ে কেৱল যুক্তি
আৰু বিশ্লেষণেৰে টলেমিয়ে যি বৈজ্ঞানিক তত্ত্বত উপনীত হৈছিল সেই কথা ভাবিলে আচৰিত
নহৈ নােৱাৰি ।
Hero
of Alexandria (c. 100)
গ্রিক গণিতজ্ঞ আৰু বিজ্ঞানী হিৰােৰ
জীৱন সম্পর্কে বৰ বেছি একো জনা নাযায় , মাত্র
তেওঁ তেওঁৰ বৈজ্ঞানিক অৱদানসমূহৰ বাবেহে অমৰ হৈ থাকিল । হিৰােক হেৰন ( Heron ) নামেৰেও ক'ৰবাত ক'ৰবাত উল্লেখ কৰা দেখা যায় । ৬২ খ্রিষ্টাব্দত তেওঁ চন্দ্ৰৰ গ্ৰহণ
এটা পৰ্যৱেক্ষণ কৰিছিল বুলি জনা যায় । তেওঁ বহুতাে গ্রন্থ প্রণয়ন কৰিছিল , তাৰে কিছুমান লেটিন আৰু আৰবী অনুবাদ
হিচাপেহে পাছলৈ থাকি গ’ল । তেওঁ ইজিপ্তৰ শিক্ষাৰ কেন্দ্ৰ আলেকজেন্ড্রিয়াত
শিক্ষাদান কৰিছিল ; তাতেই
তেওঁ এক কাৰিকৰী শিক্ষানুষ্ঠানে প্রতিষ্ঠা কৰিছিল । হিৰােৰ অতি উল্লেখনীয়
গ্রন্থসমূহ হ’ল ও মেট্রিকা ( Metrica ) , মেকানিকা
( Mechanica
) , নিউমেটিকা ( Pneumatica ) , ডায়’পট্রা ( Dioptra ) , আৰু কেট’ট্রিকা ( Catoptrica ) । ইয়াৰে মেট্রিকা আছিল জ্যামিতি সম্বন্ধীয় , আৰু ১৮৯৬ চনলৈ এই গ্রন্থৰ কোনাে
সন্ধান পােৱা হােৱা নাছিল । মেকানিকা আৰু নিউমেট্রিকা আছিল বলবিজ্ঞানৰ গ্ৰন্থ , ডায়’পট্রা আছিল ভূমি - জৰীপ বিষয়ক
আৰু কেটট্রিকা আছিল আলােকবিজ্ঞান বিষয়ক গ্রন্থ । তেওঁ আছিল এক মহান আৱিষ্কাৰক আৰু
তেওঁৰ বহুতাে তত্ত্ব সময়তকৈ বহুখিনি আগতীয়া আছিল । তেওঁৰ অতি বিশিষ্ট অৰিহণা হ’ল
ত্রিভুজৰ কালি নির্ণয়ৰ ফৰমুলাৰ আৱিষ্কাৰ আৰু ভাপ আৱৰ্তৰ ( Steam turbine ) আদি ৰূপৰ আৱিষ্কাৰ । বায়ুৰ প্রকৃতি
সম্পর্কে হিৰােৰ বিশেষ বােধ আছিল । তেওঁ ভাবিছিল যে বায়ু ক্ষুদ্র কণাৰে গঠিত আৰু
ইয়াক প্ৰসাৰিত বা সংকুচিত কৰিব পাৰি । বায়ু যে শুহি আনিব পাৰি তাকো তেওঁ জানিছিল
। ৰবার্ট বয়লে বায়ুৰ ধৰ্ম আৱিষ্কাৰ কৰাৰ ১৫০০ বছৰ আগতেই তেওঁ এই ধাৰণাবােৰ দিছিল
। কেট’ পৃট্রিকা’ত তেওঁ পােহৰৰ প্রতিফলনৰ কথা আৰু ‘ মেকানিকা’ত লিভাৰ , ঘর্ষণ , ভাৰকেন্দ্ৰ আৰু গধুৰ ওজনৰ উত্তোলনৰ বাবে এলানি গিয়েৰ চকাৰ
ব্যৱহাৰৰ বিষয়ে আলােচনা কৰিছিল । গণিতজগতলৈ হিৰােৰ আটাইতকৈ উল্লেখনীয় অৱদান হ’ল
বাহুৰ হিচাপেৰে ত্রিভুজৰ কালি নির্ণয়ৰ ফৰমুলাৰ আৱিষ্কাৰ । তেওঁ ত্রিভুজৰ কালি A ৰ মান A = / S ( sa ) ( s - b ) ( s - c ) বুলি প্ৰকাশ কৰিছিল । ইয়াত S হ’ল ত্রিভুজটোৰ পৰিসীমাৰ আধা জোখ , আৰু a , b , আৰু c তিনিটা বাহুৰ দীঘ । ‘ মেকানিকা’ত তেওঁ ইয়াৰ বিশদ আলােচনা আগ
বঢ়াইছে । তদুপৰি তাত তেওঁ বহুভুজ , বৃত্ত , উপবৃত্ত আদিৰ কালি নির্ণয় ; গােলক , শংকু , ছিলিণ্ডাৰ
আদিৰ পৃষ্ঠ ;
বিভিন্ন বস্তুৰ আয়তন নির্ণয় ; কিছুমান আয়তন আৰু কালিক নির্দিষ্ট
অনুপাতত নানা ভাগত ভগােৱাৰ পদ্ধতি আদি বিশদভাৱে লিখি থৈ গৈছে । হিৰাে ‘
ডায়’ট্রা’ত ভূমি - জীপত ব্যৱহৃত যন্ত্র থিয়’ড’লাইট ( theodolite ) , চকাই ভ্ৰমণ কৰা দূৰত্ব নির্ণায়ক
যন্ত্র হড’মিটাৰ ( hodometer ) আদিৰ
উল্লেখ আছে । এইবােৰ তেওঁৰ নিজা আৱিষ্কাৰ আছিল । তেওঁৰ ‘ নিউমেটিকা’ত ছাইফন , হিৰােৰ ফোৱাৰা ’ , পানীৰে চলােৱা অর্গেন , আৰু গেছ , পানী , ভাপ আৰু বায়ুমণ্ডলীয় চাপেৰে চলােৱা যান্ত্রিক যতন কেতবােৰৰ উল্লেখ
আছে । সৰল যন্ত্ৰৰ ব্যৱহাৰিক প্রয়ােগ ; আৰু চৰাই
আৰু জন্তুৰ আকৃতিৰ স্বয়ংক্রিয় যন্ত্ৰৰ বিষয়েও তেওঁ ‘ মেকানিকা আৰু ‘
নিউমেটিকা’ত আলােচনা কৰিছে । হিৰােৱে উদ্ভাৱন কৰা যন্ত্রপাতিৰ ভিতৰত অতি
উল্লেখনীয় আছিল ‘ এ’লিপাইল ’ ( aeolipile ) । এই যন্ত্ৰত এটা ফোপােলা গােলকত পানী
ভৰাই তাক জুইৰ ওপৰত ৰখা হৈছিল । গােলকটোৰ দুই বিপৰীত বিন্দুৰপৰা দুডাল পাইপ ওলাই
আছিল । পাইপ দুডাল এনেকৈ বেঁকা কৰা আছিল যে গােলকটোত তাপ দিলে পাইপ দুডালেৰে
স্পর্শকীয়ভাৱে ভাপ ওলাই গৈছিল । ফলত গােলকটো ঘূৰি আছিল । ই আছিল আজিকালিৰ ভাপ
আৱৰ্তৰ প্ৰাথমিক অৱস্থা । ১৯ শতিকালৈকে এই ধাৰণা মানুহে ব্যৱহাৰ কৰা নাছিল । ইয়াত
বাহিৰেও তেওঁ কৰা উদ্ভাৱনসমূহৰ ভিতৰত এবিধ পানী ঘড়ীও আছিল ।
Galen
গেলেন (129-C.199)
১৬১ খ্রিষ্টাব্দ । ৰােমৰ বিখ্যাত
এৰিষ্টটলীয় দার্শনিক ইউডিমাছ ( Eudemus ) ডাঙৰ
নৰিয়াত পৰিছিল । ৰােম নানা পন্থাৰ বিখ্যাত বিখ্যাত চিকিৎসকসকলে হাত দাঙি দিছিল ।
মৃত্যুৱে যেন ইউডিমাছক হাত বাউল দি মাতিছিল । শেষ আশ্রয় হিচাপে তেওঁ ডেকা গ্রিক
চিকিৎসক গেলেন মাতি পঠালে । উচ্চাকাংক্ষী গেলেন উচ্চ অধ্যয়ন আৰু ভাল জীৱিকাৰ
সন্ধানত কিছুদিন আগতে ৰােমত উপস্থিত হৈছিলহে মাত্ৰ । গতিকে এই প্রত্যাহান তেওঁ
ভালেই পালে । তেওঁ উপস্থিত হ’লত তাত থকা প্ৰৱীণ চিকিৎসকসকলে তেওঁক ইতিকিং কৰি
সুধিলে , “ তুমিননা কোন পন্থাৰ চিকিৎসক ? ” অকণাে ভয় নাখাই গেলেনে উত্তৰ দিলে , “ মােৰ কোনাে পন্থা । নাই । যিসকলে
হিপ’ক্রেটিছ বা আন কাৰােবাৰ শিক্ষাকে সর্বশেষ শিক্ষা বুলি গ্ৰহণ কৰে , মই তেওঁলােকক দাস বুলিহে ভাবো । ” তাৰ
পাছত তেওঁ যি দৰৱ আৰু পথ্য দিলে । তাতেই কেইদিনমানৰ ভিতৰতে ইউডিমাছ ভাল হৈ উঠিল ।
তেওঁ ৰামৰ চিকিৎসকসকলৰ ঈর্ষাৰ পাত্ৰ হৈ উঠিল , কিন্তু ইউডিমাছ আৰু তেওঁৰ বন্ধুবৰ্গৰ বৰ প্রিয়পাত্রও হ’ল ।।
গেলেনৰ জন্ম হৈছিল ১২৯ চনত এছিয়া মাইনৰৰ ৰােমান প্রদেশৰ ৰাজধানী পাৰগেমনত । তেওঁৰ
দেউতাক নিকন এজন নামী খেতিয়ক আৰু স্থপতি আছিল । নিকনে গেলেনৰ মনত সৰুতেই ভাষা , সাহিত্য , প্রাকৃতিক বিজ্ঞান আৰু গণিতৰ প্ৰতি
ৰাপ জন্মাই তুলিছিল । নিজৰ পামত গেলেনে উদ্ভিদ আৰু প্ৰাণীৰ জীৱনৰ বহুতাে ৰহস্য
জনাৰ সুযােগ । পাইছিল । চৈধ্য বছৰমান বয়সতে পাৰগেমনৰ খুব ভাল ভাল শিক্ষকসকলৰ
অধীনত তেওঁ শিক্ষা লাভ কৰিছিল আৰু তেতিয়াই এৰিষ্টটলৰ গ্রন্থসমূহ অধ্যয়ন কৰি
জীৱবিজ্ঞানৰ বিশদ জ্ঞান আয়ত্ত কৰিছিল । যুৱক অৱস্থাতে এবাৰ গেলেনৰ বৰ টান নৰিয়া
হ’ল । ধর্মপ্রাণ দেউতাকে একমাত্র পুত্রক তেতিয়া ৰােগ নিৰাময়ৰ দেৱতা এক্লেপিয়াছৰ
মন্দিৰলৈ লৈ গৈ তাত প্রার্থনা কৰিলে । তাত গােটেই ৰাতি প্রার্থনা কৰি থাকোতে তেওঁ
এটা সপােন দেখিলে । এছক্লেপিয়াছে । সপােনত তেওঁক ক'লে যে যদি পুতেকক চিকিৎসক কৰিবলৈ মান্তি হয় , তেনেহলে তেওঁৰ প্রার্থনা সফল হ’ব ।
গেলেনে দেউতাকক ইমান ভাল পাইছিল যে তেওঁৰ কথা মতে চিকিৎসাবিজ্ঞান পঢ়িবলৈ তৎক্ষণাৎ
ৰাজী হল । সপােনৰ এই কাহিনী কিমান বিশ্বাসযােগ্য কোনােৱে ক’ব নােৱাৰে । কিন্তু
গেলেনে । পেৰগেমনৰ বিখ্যাত চিকিৎসাবিজ্ঞানী , হিপ’ক্রেটিছৰ
বিখ্যাত অনুসৰণকাৰী , ছেটাইৰাছৰ
( Satyrus )
অধীনত চিকিৎসাবিজ্ঞানৰ অধ্যয়ন
আৰম্ভ কৰিলে । তেওঁৰ কুৰি বছৰ বয়সত তেওঁৰ অতি মৰমৰ , অতি শ্রদ্ধাৰ দেউতাকৰ মৃত্যু হ’ল । এই
ঘটনাই তেওঁক বৰ আঘাত দিলে । ১৫৩ চনত গেলেনে গ্রিক শিক্ষাৰ সর্বোৎকৃষ্ট কেন্দ্র
আলেকজেস্ট্রিয়ালৈ যাত্রা কৰিলে । ইয়াতে তেওঁৰ আদৰ্শ পুৰুষ হিপ’ক্রেটিছে পাঁচশ
বছৰ আগতে চিকিৎসাৰ গৱেষণা কৰিছিল আৰু প্রশিক্ষণাে দিছিল । ইয়াত থকা চাৰিটা বছৰতে
বিখ্যাত শিক্ষকসকলৰপৰা আৰু উৎকৃষ্ট পুথিভঁৰালৰ সহায়ত তেওঁ চিকিৎসাৰ বিশদ জ্ঞান
আহৰণ কৰি নিজকে দক্ষ চিকিৎসক হিচাপে প্রতিষ্ঠা কৰিলে । সাতাইছ বছৰ বয়সত তেওঁ পুনৰ
পাৰগেমনলৈ ঘূৰি আহিল । তাত প্রধান পুৰােহিতৰ নেতৃত্বত প্রতি বছৰে এক গ্লেডিয়েটৰ
প্ৰতিযােগিতা পতা হৈছিল । এই প্রতিযােগিতাত গ্লেডিয়েটৰ চলাইছিল দাস বা বন্দীবােৰে
। প্রতিযােগিতাটো বৰ নিদাৰুণ আছিল । গ্লেডিয়েটৰ চলাওঁতাবােৰৰ হাত - ভৰি ভগাটোতাে
সাধাৰণ কথাই ,
আনকি মূৰ ফাটি , চকু ওলাই , পেট ফাটি যােৱাৰ দৰে ঘটনাও ঘটিছিল ।
গ্লেডিয়েটৰ চলাওঁতাসকলক আৰােগ্য কৰােৱাটো প্রয়ােজনীয় । আছিল এইবাবেই যে তেওঁলােক পাছৰ বছৰৰ বাবে মূল্যবান
সামগ্রী আছিল । সেইবাবে তেওঁলােকৰ আঘাতৰ চিকিৎসাৰ বাবে এই প্রতিযােগিতাত এজন
সুদক্ষ চিকিৎসকৰ প্ৰয়ােজন হৈছিল । মুখ্য পুৰােহিতে গেলেনকে এই দায়িত্ব যাচিলে ।
গেলেনে দেখিলে যে মানুহৰ শাৰীৰবিজ্ঞান অধ্যয়নৰ বাবে আৰু শল্য চিকিৎসাৰ প্ৰয়ােগৰ বাবে
এয়া এক ডাঙৰ সুবিধা । আঘাতপ্রাপ্তসকলৰ আৰােগ্যৰ ক্ষেত্ৰত তেওঁ বৰ সফল হল । ইয়াৰ
পাছত গেলেন ৰােমলৈ যায় আৰু তাত কিছুদিন থাকে । তাত অৱশ্যে বিভিন্ন পন্থা মনা
চিকিৎসকসকলে তেওঁক ইতিকিংহে কৰিছিল আৰু বদনাম গাই তেওঁৰপৰা ৰােগী আঁতৰাই পঠাইছিল ।
মনৰ দুখতে তেওঁ ৰােম এৰি গুচি আহিবলৈ ওলাল । এনেতে ৰােমান উচ্চ বিষয়া ফ্লেভিয়াছৰ
ঘৈণীয়েকৰ টান নৰিয়া হ’ল । ৰােমৰ ভাল ভাল ডাক্তৰেও যেতিয়া একো কৰিব নােৱাৰিলে , গেলেন ডাক পৰিল । গেলেন চিকিৎসাত
ৰােগী ভাল হৈ উঠিল । এই কথাত সন্তুষ্ট হৈ ক্লেভিয়াছে গেলেন বহুতাে ধন - সােণ দিলে
যাতে তেওঁ শৰীৰবিজ্ঞানৰ অধ্যয়ন কেন্দ্র এটা পাতিব পাৰে । গেলেনে তাত গাহৰি , ভেড়া , কুকুৰ , মেকুৰী , ঘোঁৰা আদি নানা তৰহৰ জন্তু কাটি
অধ্যয়ন কৰিলে । মৃতদেহ ছেদ কৰাটো নিষিদ্ধ আছিল বাবে গেলেনে তাত সুবিধা পালে
বান্দৰৰ দেহ ছেদ কৰি অধ্যয়ন কৰিছিল । তেওঁ বিশ্বাস কৰিছিল যে বান্দৰৰ শৰীৰৰ
ভিতৰখন মানুহৰ শৰীৰৰ দৰেই হ'ব আৰু
বান্দৰ শাৰীৰবিজ্ঞানৰ অধ্যয়নৰ যােগেদি মানুহৰ শাৰীবিজ্ঞানৰ জ্ঞান লাভ কৰিব পৰা
যাব । ইয়াতেই গেলেনে মাংসপেশী আৰু স্নায়ুৰ কাৰ্য্যাৱলীৰ বিষয়ে বিশদ জ্ঞান আহৰণ
কৰিলে । তদুপৰি ,
জন্তুৰ ওপৰত চলােৱা পৰীক্ষাৰ
সহায়ত কেন্দ্রীয় স্নায়ুতন্ত্ৰৰ বিষয়েও বিতং জ্ঞান আহৰণ কৰিলে । তাৰ ফলতে
ৰাজহাড় বা মস্তিষ্কৰ কোনাে অংশত দুর্ঘটনা বা ৰণ আদিত আঘাত পালে শৰীৰৰ বিশেষ বিশেষ
অংশনাে কিয় পক্ষাঘাতগ্রস্ত হৈ পৰে সেই বিষয়েও বিশেষ অন্তর্দৃষ্টি লাভ কৰিবলৈ
সক্ষম হয় । হিপ’ক্রেটিছে যদিও কৈ গৈছিল যে মানুহৰ বুদ্ধি মস্তিষ্কতহে থাকে , এৰিষ্টটলে কিন্তু মানুহৰ বুদ্ধি
কলিজাতহে থাকে বুলি ভাবিছিল । এবাৰ দৈবাৎ এটা জন্তুৰ কণ্ঠৰ ( লেৰিক্স ) স্নায়ু
কটা যােৱাত গেলেনে প্রমাণ পালে যে মস্তিষ্কৰপৰা অহা স্নায়ু কিছুমানেহে বাকশক্তি
নিয়ন্ত্রণ কৰে ,
এৰিষ্ট'টলে ভবাৰ দৰে কলিজাৰপৰা অহা সংকেতে
নহয় । গেলেনৰ শাৰীৰবিজ্ঞানৰ বিতং কথা ’ নামৰ গ্রন্থখন তেওঁৰ জন্তুৰ বিশেষকৈ
বান্দৰৰ শৰীৰ ছেদ কৰা অভিজ্ঞতাৰ ভিত্তিত ৰচিত । মানুহৰ মৃতদেহ ছেদ কৰাত বাধা -
নিষেধ থকা বাবে গেলেনে মানুহৰ শৰীৰৰ ভিতৰখন তন্নতন্নকৈ পৰীক্ষা কৰি চাব পৰা নাছিল
। গতিকে , তেওঁৰ শাৰীৰবিজ্ঞানৰ জ্ঞানৰ
সীমাবদ্ধতা থাকি গ’ল । তথাপিও কিন্তু তেওঁৰ গ্রন্থ । শাৰীৰবিজ্ঞানৰ কর্তৃত্বশীল
গ্রন্থ হিচাপে পাছৰ ১২০০ বছৰ কাল চলি থাকিল । ১৬ শতিকাত ভেছালিয়াছৰ ( Vesalius ) সময়লৈকে শাৰীৰবিজ্ঞানৰ সকলাে
শিক্ষকেই গেলেনৰদ্বাৰা ৰচিত পুথিকে পাঠ্যপুথি হিচাপে চলাই গ'ল । কিন্তু কাকো গুৰু নামানি নিজে
সত্যত উপনীত হ’ব খােজা গেলেনে তেওঁক শ শ বছৰ ধৰি এনেকৈ গুৰু মনা বুলি জানিলে বৰ
দুখ পালেহেঁতেন । নিজৰ জীৱনকালত গেলেনে চাৰিশতকৈও অধিক গ্রন্থ লিখিছিল । কিন্তু
১৯২ চনত হােৱা এক অগ্নিকাণ্ডত এক্লেপিয়াছৰ মন্দিৰৰ লগতে থকা । বৃহৎ পুথিভঁৰালটো
ধ্বংস হ’ল আৰু তাতে গেলেন গ্ৰায়ভাগ গ্রন্থয়েই নষ্ট হ'ল । এই ঘটনাত গেলেনে বৰ দুখ পালে ।
তেওঁ পাৰগেমনলৈ উভতি আহিল । তেতিয়া তেওঁৰ বয়স তিনিকুৰিৰাে অধিক । জীৱনৰ শেষ
দিনকেইটা তেওঁ তাতে কটাব খুজিলে আৰু ইচ্ছা প্রকাশ কৰিলে যে তেওঁৰ মৃত্যু হলে তেওঁক
যেন তেওঁৰ পূজ্য দেউতাকৰ সমাধিৰ ওচৰতে সমাধি দিয়া হয় । গেলেনক মানুহে খিংখিঙীয়া
, অহংকাৰী আৰু মেজাজী মানুহ বুলি
ভাবিছিল । কিন্তু তেওঁ আছিল অতি সৎ আৰু নিষ্ঠাৱান । তেওঁৰ বন্ধু - বান্ধৱাে বৰ কম
আছিল । কিন্তু তেওঁ আৰােগ্য কৰা ৰােগী আৰু তেওঁলােকৰ শুভাকাংক্ষীসকলে তেওঁক দেৱতাৰ
দৰে জ্ঞান কৰিছিল ।
Hypatia
হাইপেছিয়া (C.370-415)
কেৱল মহিলা বাবেই বিজ্ঞানৰ ইতিহাসত
তুলনামূলকভাৱে উপেক্ষিতা হৈ ৰৈ যােৱা হাইপেছিয়া নামৰ মহিলাগৰাকী আচলতে প্রাচীনকালৰ
প্ৰথম বিখ্যাত মহিলা গণিতবিজ্ঞানী আছিল । ইজিপ্টৰ আলেকজেস্ক্রিয়াৰ এই
গণিতবিজ্ঞানীগৰাকীৰ অৰিহণা বহুকেইখন ভূমধ্যসাগৰীয় দেশত বহু যুগ ধৰি সমাদৃত হৈছিল
। কিন্তু তেওঁ উপস্থাপন কৰা ধাৰণাবোেৰ শক্তিশালী খ্রিষ্টীয় ধর্মগুৰুসকলৰ
ধর্মবাণীৰ পৰিপন্থী আছিল বাবে সেই ধর্মগুৰুসকলে তেওঁক হত্যা কৰিবলৈ হুকুম জাৰি
কৰিছিল । শেষত অন্য অজুহাতত তেওঁক নির্মমভাৱে হত্যা কৰা হয় । হাইপাছিয়াৰ জন্ম
হৈছিল ইজিপ্টৰ আলেক জেড্রিয়াত আনুমানিক ৩৭০ খ্রিষ্টাব্দত । তেওঁৰ দেউতাক থিয়নাে
( Theon ) এজন গণিতজ্ঞ আৰু দার্শনিক আছিল ।
দেউতাকৰ অনুপ্ৰেৰণাতে তেওঁ নিঅ’প্লেট ” নিষ্ট একাডেমিত গণিত আৰু জ্যোতি বিজ্ঞান
অধ্যয়ন কৰিছিল । সেই সময়ৰ নিঅ'প্লেটনিষ্ট
একাডেমিত প্লেটো , এৰিষ্টটল
, পিথাগ’ৰাছ আদিৰ তত্ত্বকথাবােৰ শিকোৱা
হৈছিল । এথেনছ ,
ইটালি আদি ভ্ৰমণ কৰি হাইপেছিয়া
পুনৰ আলেকজেন্ড্রিয়ালৈ উভতি আহে আৰু সেই একাডেমিতে শিক্ষকতা আৰম্ভ কৰে । ত্রিছ
বছৰ বয়সতে নিজ বুদ্ধি আৰু পাৰদৰ্শিতাৰ গুণত তেওঁ সেই একাডেমিৰ সঞ্চালিকা নিযুক্ত
হয় । তেওঁৰ বাগ্মিতা , বিনয়
আৰু সৌন্দৰ্য্যৰ লগতে তেওঁৰ বৌদ্ধিক দক্ষতাৰ বাবে বহুতাে ছাত্র তেওঁৰ প্ৰতি
বিশেষভাৱে আকর্ষিত হৈ পৰিছিল । তাৰ ভিতৰত gafar erfast ! ( Synesius of Cyrene ) আছিল — তেৱেঁই পাছত আনুমানিক ৪১০
খ্রিষ্টাব্দত ট’লেমাইছৰ বিছপ হৈছিল । তেওঁ হাইপেছিয়ালৈ লিখা বহুকেইখন চিঠি
এতিয়াও সংৰক্ষিত হৈ আছে । হাইপেছিয়া যেন জ্ঞান আৰু বিজ্ঞানৰ এক প্রতিমূর্তিহে
আছিল । আদিকালৰ খ্রিষ্টানসকলে তাক একপ্রকাৰ বিধর্মী কথা বুলি ভবা হৈছিল । সেইবাবে
হাইপেছিয়াকে কেন্দ্ৰ কৰি আলেকজেড্রিয়াত খ্রিষ্টান আৰু অ - খ্রিষ্টানসকলৰ মাজত
মৰামৰি - কটাকটি আৰম্ভ হৈ গৈছিল । হাইপেছিয়াই আগৰ কালৰ গণিতজ্ঞসকলৰ নানা গৱেষণা
উদ্ভাৱন সংকলন কৰি তাৰ টিপ্পনি লিখিছিল । তাৰ ভিতৰত আলেক জেস্ক্রিয়াৰ
ডায়’ফেণ্টাছৰ ( Diophantus ) ‘ এৰিথমেটিকা
আৰু পাৰ্গাৰ এপ’লনিয়াছৰ ( Apollonius ) কনিচ্ছ ’
আদি আছিল । জ্যোতির্বিজ্ঞানত তেওঁ টলেমিৰ ( Ptolemy ) নিয়মসমূহৰ
বিষয়েও টিপ্পনি লিখিছিল । এই টিপ্পনিসমূহ কালৰ বুকুত হেৰাই গ'ল যদিও ইয়াৰ শিৰােনামাসমূহ আৰু
ছিনেছিয়াছৰ চিঠিবিলাক থাকি গল । এইবােৰ আৰু ছিনেছিয়াছে তেওঁৰপৰা এষ্ট্র’লেব আৰু
হাইড্র’স্ক প সজাৰ বাবে লােৱা দিহা পৰামৰ্শৰ । বিশদ উল্লেখৰপৰা বিজ্ঞানৰ
ইতিহাসবিদসকলে অনুমান কৰে যে হাইপেছিয়াৰ গণিত আৰু জ্যোতির্বিজ্ঞানত যথেষ্ট
পাৰদর্শিতা আছিল । ইয়াৰে এষ্ট’লেব নামৰ যতনটো জ্যোতির্বিজ্ঞান আৰু নৌচালনত
ব্যৱহৃত হৈছিল । আৰু হাইড্র’স্ক’প নামৰ যতনটো জুলীয়া বস্তুৰ আপেক্ষিক গুৰুত্ব
নির্ণয় কৰাত ব্যৱহৃত হৈছিল । হাইপেছিয়াৰ দর্শনাে বৈজ্ঞানিক ৰুচিসম্পন্ন দর্শন
বুলি । উল্লিখিত হৈছে । ৪১২ খ্রিষ্টাব্দত আলেকজেন্ড্রিয়াত ধর্ম - বিষয়ক উত্তেজনা
বাঢ়ি আহিছিল । বৰ গােড়া খ্রিষ্টান বিছপ ছাইৰিল ( Bishop Cyril ) নগৰখনৰ ধর্মগুৰু হৈ ইহুদি আৰু
নিঅপ্লেটনিষ্টসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিলে । ৰােমান ৰাজনীতিক অৰেষ্টিছ ( Orestes ) কোনাে ধর্মতে বিশ্বাস নকৰা লােক বুলি
জ্ঞাত আছিল । তেওঁৰ লগত হাইপেছিয়াছৰ আন্তৰিক সম্পর্ক গঢ়ি উঠা বুলি ভবা হৈছিল ।
সেই অভিযােগ অজুহাততে বিছপ ছাইৰিলৰ অনুগামীসকলে ৪১৫ খ্রিষ্টাব্দত এদিন হাইপেছিয়াক
নির্মমভাৱে আক্রমণ কৰি তেওঁৰ ঘোঁৰা - বাগীখনৰপৰা তেওঁক টানি লৈ । যায় আৰু এটা
গীর্জালৈ লৈ গৈ অবর্ণনীয় অত্যাচাৰ কৰি কৰি হত্যা কৰে । এই হত্যাৰ প্রকৃত উদ্দেশ্য
কি জনা নাযায় যদিও সেই ঘটনাৰ মাজতে পণ্ডিতসকলে । আলেকজেড্রিয়া এৰি গুচি যাবলৈ
আৰম্ভ কৰিলে । ফলত প্রাচীন জগতৰ জ্ঞানৰ
এক স্বীকৃত কেন্দ্র আলেকজেস্ক্রিয়াৰ পতন ঘটিল । দুখৰ কথা যে হাইপেছিয়াক প্রাচীন
বিজ্ঞান জগতৰ এক বিদুষী মহিলা হিচাপে মনত ৰখাতকৈও , তেওঁৰ নৃশংস হত্যাৰ বাবেহে বেছিকৈ মনত ৰাখিবলগীয়া হল ।
Liu
Hui লিউ হুই (?-250)
লিউ হুই নামৰ চীনৰ বিশিষ্ট
গণিতবিজ্ঞানীজনে । মাত্র এখনহে গ্রন্থ ৰচনা কৰি থৈ গৈছে । অৱশ্যে । এনেও হ’ব পাৰে
যে তেওঁ আন গ্রন্থ ৰচনা কৰিছিল ; কিন্তু
সেইবােৰ কালক্ৰমত নষ্ট হৈ গৈছে । কিন্তু এখন মাত্র গ্রন্থেৰেই তেওঁ বিজ্ঞান জগতলৈ
যি অৱদান আগ বঢ়াই থৈ গৈছে তাৰ বাবে তেওঁৰ নাম বিজ্ঞান জগতত উল্লেখনীয় হৈ আছে ।
পৃথিৱীৰ বিশিষ্ট গণিতবিজ্ঞানীসকলে আজিও তেওঁৰ নাম শ্ৰদ্ধাৰে সোঁৱৰে । লিউ হুইৰ
শিশুকাল বা তেওঁৰ শিশুকালৰ পঢ়া শুনাৰ বিষয়ে বৰ বেছি একো জনা নাযায় । তেওঁ লেখা
চিউ চিয়াং ছুৱান শু ’ নামৰ গ্ৰন্থখন চীনদেশৰ সমস্ত গণিতৰ গ্ৰন্থৰ মাজত এতিয়াও
শীর্ষ স্থানত আছে । এই গ্রন্থৰ নামটো অনুবাদ কৰিলে ‘ নটা খণ্ডৰ গাণিতিক অৱদান ’ হ’ব
। লিৱে ‘ হাই - তাও ছুৱনে চিং ’ বা ‘ সাগৰৰ দ্বীপত গণিতৰ সহায়িকা নামৰ আন এখন
গ্রন্থও ৰচনা কৰিছিল । কিন্তু এই গ্রন্থ তেওঁৰ পাছৰ সময়ত তেওঁৰ ছাত্র আৰু শিষ্য -
শিষ্যাদিয়ে অনেক সালসলনি কৰি পেলাইছিল । চীনত চীন শি - হুয়াং ৰজা হােৱাৰ পাছত
তেওঁ এই গ্রন্থখনি পুৰি পেলাইছিল । কিন্তু বিভিন্ন ঠাইত এই গ্রন্থৰ নানা অংশৰ
প্রতিলিপি সংগ্রহ কৰিব পৰা হ'ল আৰু
সেইবাবে কিছু সালসলনি কৰা অৱস্থাত হলেও গ্রন্থখন আকৌ উদ্ধাৰ হ’ল । কিন্তু ইয়াৰ
বহুদিন পাছত এই দুয়ােখন গ্রন্থকে একেলগ কৰি নতুন সংকলন এটা উলিওৱা হয় । ইয়াৰ
নাম দিয়া হয় ‘ ছুৱান - চিং শিশু । ইয়াৰ অর্থ হ’ল ‘ দহ খণ্ডৰ গণিতীয় সহায়িকা ।
চীনৰ বিশিষ্ট পণ্ডিতসকলে অভিমত প্রকাশ কৰিছিল যে এই গ্রন্থৰ পাছত হাজাৰ বছৰ ধৰি
চীনত এনে মূল্যৱান গ্রন্থ আৰু ৰচিত হােৱা নাছিল । বহু বছৰ ধৰি এই গ্রন্থ পাঠ্যপুথি
হিচাপে চলি আহিছিল । একো একোজন ছাত্রই তিনি - চাৰি বছৰ ধৰি এই গ্রন্থ অধ্যয়ন কৰিব
লাগিছিল আৰু সেয়া অকল চীনতে নাছিল , ৭০২ চনত
জাপানত বিদ্যালয় স্থাপন হােৱাৰ পাছত জাপানৰ বিদ্যালয়বােৰতাে এই গ্রন্থ পাঠ্যপুথি
হিচাপে নির্দিষ্ট কৰি দিয়া হৈছিল । ১০৮৪ আৰু ১২১৩ চনত এই গ্রন্থ দুবাৰ আকৌ চপােৱা
হৈছিল । ১৫ শতিকাৰ বিশ্বকোষত এই গ্রন্থৰ বিষয়ে বিশেষভাবে উল্লেখ আছে । এই গ্রন্থৰ
প্রথম অধ্যায়ত মাটিৰ জোখনাে কিদৰে ল’ব লাগে সেই বিষয়ে বিশদ বর্ণনা আছে । ত্রিভুজ
, চতুর্ভুজ , বৃত্ত আৰু বৃত্ত খণ্ডৰ ক্ষেত্রফল
নির্ণয়ৰ উপায়াে ইয়াত দিয়া আছে । তদুপৰি ভগ্নাংশ যােগ , বিয়ােগ , পূৰণ আৰু হৰণৰ নিয়মাে ইয়াত উল্লিখিত
আছে । লিউ হুয়ে বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত ‘ পাই’ৰ মান ৩.১৪ বুলি নির্ণয়
কৰিছিল । তেওঁ এটা বৃত্তৰ ভিতৰত আবৃত কৰি ৯৬ টা বাহু থকা এটা বহুভুজ আঁকি বহুভুজৰ
পৰিসীমা আৰু ব্যাসৰ অনুপাত উলিয়াইছিল । সেই মান তেওঁ ৩.১৪ পাইছিল । কিন্তু তাৰ
পাছত বহুভুজৰ বাহুৰ সংখ্যা বঢ়াই দি তেওঁ ৩০৭২ বাহুৰ বহুভুজ আঁকিলে । ইয়াৰ পাছত
এই অনুপাত নির্ণয় কৰাত তাৰ ফল হ’ল ৩.১৪১৫৯ । এই মান আধুনিক মানৰ বৰ ওচৰৰ ।
দ্বিতীয় অধ্যায়ত তেওঁ শতকৰাৰ অংক আৰু অনুপাতৰ অংক আলােচনা কৰিছে । তৃতীয় অধ্যায়ত
সম্পত্তি কিদৰে ভাগ কৰিব লাগে আৰু আয়কৰ পৰিশােধৰ কিদৰে সমাধান কৰিব লাগে তাৰ
সমান্তৰ আৰু গুণােত্তৰ শ্রেণী ব্যৱহাৰৰদ্বাৰা বৰ্ণনা কৰিছে । আন এটা অধ্যায়ত তেওঁ
জ্যামিতি আৰু পৰিমিতিৰ নানা সমস্যা বিশদভাৱে বৰ্ণনা কৰিছে । আয়তক্ষেত্ৰৰ কালি আৰু
এটা বাহু দিয়া থাকিলে অন্য বাহুৰ মান উলিওৱাৰ নিয়মাে তেওঁ দিছে । এতিয়া এই
কামটো নিম্ন শ্ৰেণীৰ ছাত্ৰয়াে কৰিব পাৰে । কিন্তু সেই সময়ত এই কামৰ প্ৰথম
উদ্ভাৱক হিচাপেই তেওঁ স্বীকৃত হৈছিল । বৃত্তৰ কালি দিয়া থাকিলে পৰিসীমা উলিওৱা
আৰু ঘনকৰ আয়তন দিয়া থাকিলে বাহুৰ জোখ উলিওৱাৰ নিয়মাে তেওঁ দিছিল । গােলকৰ
আয়তনৰপৰা গােলকৰ ব্যাস নির্ণয় কৰাৰ উপায়াে ইয়াত বর্ণিত আছে । আন এটা অধ্যায়ত
প্রিজম , পিৰামিড , চতুস্তলক , শংকু আৰু ঘন বস্তুৰ আয়তন নির্ণয় কৰি
গণিতক কিদৰে প্রযুক্তিবিদ্যা হিচাপে ব্যৱহাৰ কৰিব পাৰি তাৰ উদাহৰণ দিছে । এটা
অধ্যায়ত তেওঁ আয়কৰ বিষয়ক আলাে চনাও কৰিছে । অন্য এটা অধ্যায়ত লাভ আৰু লােকচানৰ
অংক তেওঁ বিভিন্ন উদাহৰণেৰে বুজাই দিছে । তেওঁ শেষৰফালৰ এটা অধ্যায়ত অজ্ঞাত ৰাশিৰ
সহায়ত কিদৰে একঘাত সমীকৰণ তৈয়াৰ কৰিব পাৰি তাৰ কথা বর্ণনা কৰিছে আৰু একেবাৰে
শেষৰ অধ্যায়টোত নানা উদাহৰণেৰে পিথাগ’ৰাছৰ উপপাদ্য বর্ণনা কৰিছে । লিউ হুইৰ এই
গােটেই গ্রন্থখনতে নানা ধৰণৰ শ শ উদাহৰণ দিয়া আছে আৰু এইবােৰ বৰ আমােদজনক
উদাহৰণাে । এইদৰেই লিউ হুয়ে গণিতৰ বিকাশত বিশিষ্ট অৰিহণা যােগাই থৈ গৈছে ।
Shen
Kua শেন কুৱা (1031-1095)
শেন কুৱাৰ জন্ম হৈছিল চীন দেশত ১০৩১
চনত । তেওঁৰ দেউতাকৰ নাম আছিল শেন চৌ আৰু মাকৰ নাম আছিল দু । তেওঁৰ দেউতাক চাকৰিৰ
দায়ত নানা ঠাই ঘূৰি ফুৰিবলগীয়া হৈছিল আৰু শেন কুৱাকো সদায় লগত লৈ ফুৰিছিল ।
সৰুকালত শ্রেন কুৱাই মাকৰপৰাই শিক্ষা - দীক্ষা লাভ কৰিছিল । সেই সময়তে তেওঁ চীন
দেশৰ উন্নতিৰ বাবে কৰা বিভিন্ন পৰিকল্পনাৰ কামবােৰৰ প্ৰতি আকর্ষিত হৈছিল । আনকি
চিকিৎসাবিজ্ঞানেও তেওঁক আকর্ষণ কৰিছিল । ১০৫১ খ্রিষ্টাব্দত শেন কুৱাৰ দেউতাকৰ
মৃত্যু হ’ল । তেতিয়াৰপৰা শ্বেন কুৱা কর্মক্ষেত্ৰত সােমাই পৰিল । তেওঁ প্ৰথমতেই
জলসম্পদ নিয়ন্ত্রণ আৰু জল সংশ্লেষণৰ বিষয়ে বিভিন্ন কাৰ্য্যকৰী আঁচনি প্রস্তুত
কৰিলে আৰু এইবােৰ অচিৰেই কর্মক্ষেত্ৰত প্রযুক্ত হ’ল । ইয়াৰ পাছত তেওঁ
জ্যোতির্বিজ্ঞানৰ প্রতিও আকর্ষিত হ’ল । ১০৭২ চনত তেওঁ চীনৰ । জ্যোতিবৈজ্ঞানিক
সংস্থাৰ সঞ্চালক নিযুক্ত হ’ল । সেই সময়তে তেওঁ পঞ্জিকাৰ সংশােধনৰ কাম আৰম্ভ কৰিলে
আৰু এই কাম বৰ দক্ষতাৰে সমাধানাে । কৰিলে । ইয়াৰ পাছত তেওঁ চীনৰ অৰ্থ পৰিষদৰ
প্রধান নিযুক্ত হ’ল । কিন্তু সেই সময়ত ৰজাই নতুন । নতুন ধৰণৰ কৰ আদায়ৰ চেষ্টা
কৰোঁতে শ্বেনে আপত্তি কৰিলে আৰু সেইবাবে ৰজাৰ লগত তেওঁৰ মনােমালিন্য হ’ল । শেনক
সেইবাবে আন পদবী দি ইয়েনছাে নগৰলৈ পঠোৱা হ’ল । কিন্তু তাত মাত্র যােল্ল মাহৰ
ভিতৰত তেওঁ নিজৰ দক্ষতা প্রমাণ । কৰিলে । সেই সময়ত ৰজাই নিজ হাতেৰে লিখি খেনলৈ
২৭৩ খন চিঠি পঠাইছিল । জীৱনৰ শেষছােৱা কাল শ্বেনে চহৰৰ বাহিৰত ঘৰ - বাৰী কৰি তাতে বসতি
কৰিছিল । সাত বছৰ কাল তেওঁ অকলেই আছিল আৰু ইয়াৰ বেছিভাগ সময়েই অসুখ - বিসুখৰ
মাজতেই পাৰ হৈছিল । জীৱনৰ শেষ দিনটোত তেওঁ নিজৰ ঘৰতেই আছিল । তেওঁৰ লেখাৰ বিষয় বৰ
বিচিত্ৰ আছিল । কনফুছিয়াছৰ সাহিত্য আলােচনা , চাকৰি - জীৱনৰ অভিজ্ঞতা , সৃজনীধৰ্মী
সাহিত্য , সামাজিক আচাৰ ব্যৱহাৰ বিষয়ক ৰূপক , সংগীত , গণিত , প্রশাসন , জ্যোতির্বিজ্ঞান , জ্যোতির্বিজ্ঞানৰ যন্ত্রপাতিৰ বিৱৰণ , প্রতিক্ষা , চিত্রকলা , চাহ , দৰৱ আৰু কবিতা আদি ভাবিব নােৱৰা ধৰণে বিভিন্ন বিষয় তেওঁ তেওঁৰ
লেখাৰ ভিতৰত সামৰি লৈছিল । জীৱনৰ শেষ বয়সত তেওঁ তিনিখন অতি গুৰুত্বপূৰ্ণ গ্রন্থ
লিখি থৈ গৈছে । তাৰে এখন গ্রন্থ হ’ল চিকিৎসা পদ্ধতিৰ তত্ত্ব আৰু দর্শন বিষয়ক
ৰচনাৰে ভৰা । দ্বিতীয় গ্রন্থখনত অভিজ্ঞ কৃষকসকলৰ কৃষিবিষয়ক চিন্তা - চৰ্চা
সন্নিৱিষ্ট কৰা হৈছে । তৃতীয় গ্রন্থখনত তেওঁ প্রাচীন বিজ্ঞান আৰু
প্ৰযুক্তিবিজ্ঞান সম্পর্কে বিশদভাৱে আলােচনা কৰিছিল । শ্বেনৰ নিজৰ জীৱনৰ বিভিন্ন
অভিজ্ঞতাৰ কথাও এই গ্ৰন্থখনৰ অন্তর্ভুক্ত কৰা হৈছে । এই গ্রন্থখনৰ সােতৰটা খণ্ডৰ
সাতােটা খণ্ডই প্রকৃতি বিষয়ক । বিশ্বব্রহ্মাণ্ডৰ গ্রহ - নক্ষত্ৰৰ গতি বিষয়ৰ নানা
সমস্যাৰ সমাধান শ্বেনে দি থৈ গৈছে । প্রথমতে বীজগণিতৰ সহায়ত প্রমাণ কৰা বহুতাে
কথা পাছত তেওঁ জ্যামিতিৰ সহায়ততা প্রমাণ কৰিছে । সূৰ্য্যগ্রহণ , আৰু চন্দ্রগ্রহণৰ বিষয়ে তেওঁ
গুৰুত্বপূৰ্ণ মতবাদ দাঙি ধৰিছিল । জ্যোতির্বিজ্ঞানৰ অধ্যয়নৰ বাবে বিভিন্ন
যন্ত্রপাতি সজা আৰু তাৰ উন্নতি সাধনৰ বিষয়েও তেওঁ বিশদভাৱে আলােচনা কৰিছে । তেওঁ
জ্যোতির্বিজ্ঞানৰ বিশেষ যন্ত্র কম্পাছ যথেষ্ট উন্নত কৰি সাজিছিল । মানচিত্র
আঁকিবলৈ শ্বেনে এনে কম্পাছ ব্যৱহাৰ কৰিছিল । তেওঁ টর্নেডােৰ বিষয়ে এনে বিশদভাৱে
আলােচনা কৰিছিল যে তেওঁৰ উচ্চমানৰ বৈজ্ঞানিক বিশ্লেষণ - অভিজ্ঞ মনটোৰ কথা বুজিবলৈ
একো অসুবিধা নহয় । শেনে যে কেৱল বিজ্ঞানৰ চিন্তা - চৰ্চা কৰিছিল সেয়া নহয় ।
তেওঁ উচ্চ পদৰ চৰকাৰী চাকৰি কৰি নানা প্রশাসনিক অৱদাননা দি থৈ গৈছে । শেনৰ
বৈচিত্র্যময় জীৱনে তেওঁৰ পাছৰ যুগৰ বিজ্ঞানী আৰু চিন্তাবিদসকলক অনুপ্রাণিত কৰি
গৈছে ।
Li
Shih-Chen লি শ্বিহ - চেন (1518-1519)
লি শ্বিহ - চেন প্রকৃত অর্থতেই এজন
প্রকৃতি প্রেমী আছিল । তেওঁৰ দেউতাকে তেওঁ চৰকাৰী চাকৰি কৰাটোহে বিচাৰিছিল ।
কিন্তু প্রথমতে প্রশাসনিক চাকৰিৰ বাবে শিহ - চেন সাজু হৈছিল । আৰু প্রথম পৰ্য্যায়ৰ
পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও তেওঁ কিন্তু ইয়াৰ পিছৰ পৰ্য্যায়ৰ পৰীক্ষাটো
তিনিবাৰ দিও উত্তীর্ণ হ’ব নােৱাৰিলে । তেওঁলােকৰ বংশৰ সকলাে লােক আদিৰেপৰাই
চিকিৎসক আছিল । তেওঁলােকে সেই সময়ত নানা ধৰণৰ দৰৱ - পাতি উদ্ভাৱননা কৰিছিল ।
প্রশাসনিক পৰীক্ষা দি দি ল’ৰা হতাশ হােৱা দেখি দেউতাকে তেওঁক পৰিয়ালৰ পেশালৈয়ে
আহিবলৈ উপদেশ দিলে । ১৫১৮ চনত চিকাঅ ’ প্ৰদেশৰ অৱা - ছিয়াঅ’ পা নামৰ ঠাইত লি হি -
চেনে জন্মগ্রহণ কৰিছিল । তেওঁৰ দেউতাক লি ইয়েন - অ’ৱেন চিকিৎসক আছিল । আচলতে
তেওঁৰ গােটেই বংশটোৱেই আছিল চিকিৎসকৰ বংশ । তেওঁ ইয়েন - অ’ৱেনৰ ইম্পিৰিয়েল
মেডিকেল একাডেমিত এটা সৰু চাকৰিও কৰিছিল । নানা ৰােগৰ দৰৱৰ বিষয়ে তেওঁ পাঁচখন
গ্রন্থও ৰচনা কৰিছিল । অৱশ্যে পাছলৈ আৰু সেইবােৰ পােৱা নগ’ল । চিকিৎসাবিজ্ঞানলৈ
মনােযােগ দিয়েই লি শ্বিহ চেনে সেই বিষয়ৰ প্রতি যথেষ্ট আকর্ষণ অনুভৱ কৰিলে । তেওঁ
দেউতাকৰ ওচৰতে চিকিৎসাবিজ্ঞানৰ প্রথম অধ্যয়ন আৰম্ভ কৰিলে । দেউতাকৰ ওচৰত থিয় হৈ
থাকি তেওঁ অস্ত্রোপচাৰ চোৱা কৰিলে । সেই সময়ত চিকিৎসাবিজ্ঞানৰ যিবােৰ গ্রন্থাদি
পােৱা গৈছিল সেই সকলাে শ্বিহ - চেনে অধ্যয়ন কৰিলে । কোনাে কথা বুজি নাপালে তেওঁ
দেউতাকৰ পৰাই সেইবােৰ বুজি লয় । এটা সময়ত তেওঁ চিকিৎসাবিজ্ঞানত এনে দক্ষতা আৰু
সুনাম উপার্জন । কৰিলে যে কোনাে ডিগ্রি নােহােৱাকৈয়ে তেওঁ চীনৰ চৰকাৰী চিকিৎসা
বিভাগত চিকিৎসকৰ পদ লাভ কৰিলে । তেওঁ চিকিৎসাবিজ্ঞানৰ বাৰখন গ্রন্থ ৰচনা কৰি থৈ
গৈছে । কিন্তু অকল চিকিৎসাবিজ্ঞানৰে নহয় জ্যোতিষ , ধর্মতত্ত্ব আৰু বিজ্ঞানবিষয়ক গ্রন্থও তেওঁ লিখি থৈ গৈছে । ইয়াৰ
বাহিৰেও প্ৰকৃতিৰ প্রতি প্রবল আকর্ষণ অনুভৱ কৰা লি শ্বিহ - চেনে কবিতা আৰু গল্পও
ৰচনা কৰি তাৰ সংকলনাে কৰি থৈ গৈছে । আনকি অলংকাৰ শাস্ত্ৰৰ নিয়মৰ বিষয়েও তেওঁ এখন
গ্রন্থ লিখিছিল । তেওঁ চীন ভাষাত লেখা পেন - ছাঅ ’ কাং মিঅ ’ নামৰ দৰৱ - জাতিৰ
গ্ৰন্থখন বহুযুগ পাছলৈও চলি আছিল । এই গ্রন্থ ৰচনা কৰিবৰ বাবে তেওঁ বিশদ অধ্যয়ন
আৰু গৱেষণা কৰিছিল । তেওঁৰ আগৰ চীন দেশৰ সকলাে চিকিৎসা - গৱেষকৰ প্রাচীন পুথিসমূহ
হি - চেনে বিশদভাৱে অধ্যয়ন কৰিছিল আৰু এই কাম ৩০ বছৰ বয়সৰ ভিতৰতে সম্পূর্ণ
কৰিছিল । সেইবাবে তেওঁৰ এই গ্রন্থখনত তেওঁৰ আগৰ আঠশ গ্রন্থৰ নানাধৰণৰ তথ্য সংকলন
কৰিছিল আৰু এই কাম তেওঁ অকলশৰেই সমাধা কৰিছিল । ১৫৫৬ চনৰপৰা তেওঁ গােটেই চীন দেশ
ভ্রমণ কৰি ফুৰিছিল আৰু দৰৱ তৈয়াৰ কৰা বিভিন্ন কাৰখানালৈ গৈ সেইবােৰত অধ্যয়ন
গৱেষণা কৰিছিল । তাৰ বাহিৰেও তেওঁ নানা ধৰণৰ মণিক , উদ্ভিদ আৰু প্রাণী সংগ্রহ কৰি আনিছিল । ১৫৯০ চনত এজন প্ৰকাশকে
তেওঁৰ এই গ্রন্থ প্রকাশ কৰিবলৈ ৰাজী হ’ল । কিন্তু এই গ্রন্থ প্রকাশ হােৱালৈকে লি
শ্বিহ চেন বাচি নাথাকিল । ১৫৯৩ চনত তেওঁৰ মৃত্যু হল । আৰু তেওঁৰ এই গ্রন্থ ১৫৯৬ চনতহে
প্রকাশিত হল । শিহ - চেনৰ এই গ্রন্থখনিত কেৱল ঔষধ - পাতিৰ বর্ণনাই নহয় ইয়াত
মণিকবিজ্ঞান ,
ধাতুবিজ্ঞান , উদ্ভিদবিজ্ঞান আৰু প্রাণীবিজ্ঞানৰ
বিস্তৃত আলােচনা আছে । তেওঁৰ এই গ্রন্থত দৰৱৰ বাহিৰেও বাকী সকলাে দিশকে এনেদৰে
শ্ৰেণীবিভাগ কৰা হৈছে যে এইবােৰ দেখিলে এইখন এখন আধুনিক গ্রন্থ যেনহে লাগে । এই
গ্রন্থখনত ৫২ টা অধ্যায় আছিল আৰু ১৮৯২ টা বিৱৰণ আছিল । ইয়াত ২৭৫ বিধ মণিকৰ
পৰিচয় আছিল আৰু ৪৪৪ ধৰণৰ প্ৰাণীৰ বৰ্ণনা । আছিল । এই গ্রন্থখনত তেওঁ মুঠতে ১১,০৯৬ টা ব্যৱস্থা পত্ৰৰ উল্লেখ কৰিছে ।
ইয়াৰ ৮,১৬১ টা ব্যৱস্থা । তেওঁৰ নিজৰ অৱদান
আছিল । বাকীবোেৰ আছিল আগৰ মহৎ চিকিৎসাবিজ্ঞানীসকলৰ অৱদানৰপৰা সংগ্ৰহ কৰা । তেওঁৰ
এই গ্রন্থত ১১০০ খন চিত্ৰ আছিল । এই গ্রন্থৰ বহুতাে সংস্কৰণ পাছত প্ৰকাশ হৈছিল ।
লি হি - চেনৰ এই গ্রন্থখন ১৬৩৭ চনত জাপানী ভাষাত প্রকাশিত হয় । পর্তুগীজ
ব্যৱসায়ীসকলে এই গ্ৰন্থখন জাপানলৈ লৈ গৈছিল । কিন্তু ইয়াৰ পাছত ই পৃথিৱীৰ
বিভিন্ন দেশলৈ চলি যায় । ডু হডে নামৰ ফ্রান্সৰ এজন বিজ্ঞানীয়ে এই গ্রন্থখনৰ কথা
উল্লেখ কৰিছিল আৰু ডু হডেৰ গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ হােৱাৰ পাছত ইউৰােপৰ মানুহে
এই চীনা পণ্ডিতজনৰ বিষয়ে জানিবলৈ পায় । ডাৰউইনাে হয়তাে লিৰ এই গ্রন্থৰদ্বাৰা
অনুপ্রাণিত হৈছিল । কাৰণ ডাউইনৰ ৰচনাৰ মাজত লিৰ গ্ৰন্থ ‘ পেন - ছাঅ ’ কাং মিঅ’ৰ
নানা কথা উল্লেখ কৰা দেখা গৈছে । এগৰাকী বিশিষ্ট উদ্ভাৱক আৰু গৱেষক হােৱাত বাহিৰেও এগৰাকী অতি পৰিশ্ৰমী
আৰু নিষ্ঠাৱান সংকলক হিচাপেও লি শ্বিহ - চেনে বিজ্ঞানজগতলৈ উল্লেখনীয় অৱদান আগ
বঢ়াই থৈ গৈছে ।
Al-Battani
আল - বাত্তানি (858-929)
ইছলাম জগতৰ এগৰাকী নামঞ্জুলা গণিত আৰু
জ্যোতির্বিজ্ঞানী আল - বাত্তানিয়ে বিজ্ঞানৰ এই দুই শাখাত এনে উল্লেখনীয় অৱদান আগ
বঢ়াই গৈছে যে তেওঁক বহুতেই পশ্চিমৰ জ্যোতির্বিজ্ঞানী টলেমি । লগতেই তুলনা কৰে ।
আল - বাত্তানিৰ জন্ম হৈছিল ৮৫৮ খ্রিষ্টাব্দত ছিৰিয়াৰ বাতান নামৰ ঠাইত । অৱশ্যে
তেওঁৰ জন্মচনৰ বিষয়ে কোনােৱেই নিশ্চিত নহয় । তেওঁৰ গণিতৰ প্ৰতিভা তেওঁৰ
সমসাময়িক আৰু পাছৰ যুগৰ পণ্ডিতসকলে স্বীকাৰ কৰি গৈছে । লেটিন ইউৰােপৰ মানুহে
তেওঁক আলবাতে গনিয়াছ । নামেৰেহে জানিছিল । আল - বাত্তানিয়ে ৮৭৭ খ্রিষ্টাব্দৰপৰা
৯১৮ খ্রিষ্টাব্দলৈ সুদীর্ঘ চাৰি দশক কাল জ্যোতিষৰ অধ্যয়ন - গৱেষণা চলাইছিল আৰু
ইয়াৰ বেছি ভাগেই চলাইছিল এন্টিঅকৰ বীক্ষণাগাৰত । এই গৱেষণালানি ‘ দ্য
ছায়েন্টিয়া ষ্টেলাৰাম আৰু ‘ দ্য নিউমাৰিছ ষ্টেলাৰাম এ ম’টিবাছ ’ নামৰ গ্ৰন্থত
সংকলিত হৈছে । আল - বাত্তানিয়ে ক্রান্তিবিন্দুৰ অয়ন চলন নতুনকৈ গণনা কৰি
উলিয়ায় । নতুন মানবােৰেৰে তেওঁ এক সাৰণী প্রস্তুত কৰে । ইয়াৰ মানবােৰ অধিক
নির্ভুল বুলি স্বীকৃত হৈছে । আল - বাত্তানি নিজে যদিও ত্রিকোণমিতিৰ আৱিষ্কর্তা
নাছিল , তথাপিও তেওঁ ত্রিকোণমিতি নানা ধৰণে
ব্যৱহাৰ কৰিছিল । ত্রিকোণমিতিৰ নানা মান ব্যৱহাৰ কৰি তেওঁ জ্যোতির্বিজ্ঞানৰ উন্নতি
সাধন কৰে । তেওঁ সূৰ্য্যঘড়ীও ব্যৱহাৰ কৰিছিল । এই ঘড়ীক বাৰ ভাগত ভগাই তেওঁ এনে
মান উলিয়াইছিল : cot 0 = 12 cos 0/sin 0 টলেমিৰ ‘ এলমাজেষ্টত থকা কেইবাটাও সম্বন্ধ আল - বাত্তানিয়ে
ভালদৰেজানিছিল বুলি প্ৰমাণ পােৱা গৈছে । ৯২৯ চনত আল - বাত্তানিৰ মৃত্যু হয় ।
Iban
Rusad ইবন ৰুছড (1126-1198)
১১২৬ খ্রিষ্টাব্দত কৰডােভাৰ এটা
আভিজাত পৰিয়ালত ইবন ৰুছডৰ জন্ম হৈছিল । তেওঁৰ সম্পূর্ণ নাম আছিল আবুল ৱালিদ
মহম্মদ ইবন আহমদ ইবন মহম্মদ ইবন ৰুছড় । সৰুকালৰ শিক্ষাৰ পাছতে ইবনে একেলগে
চিকিৎসাবিজ্ঞান আৰু আইন পঢ়িবলৈ আৰম্ভ কৰে । ইয়াৰ পাছত তেওঁ দর্শনশাস্ত্র অধ্যয়ন
কৰে । গ্রিক দর্শন পঢ়ি তেওঁ মনে - প্রাণে এৰিষ্ট'টলৰ দর্শন সমর্থন কৰিবলৈ লয় । আৰবী ভাষাত এৰিষ্টটলৰ গ্রন্থসমূহ
অনুবাদ হােৱাৰ পাছৰেপৰাই আৰব জগতখনে তেওঁৰ দৰ্শনৰ বিশদ জ্ঞান । পাবলৈ ধৰিলে । আল
কিন্দি , ইবনছিনা আদিয়েও এৰিষ্ট'টলৰ দৰ্শন চর্চা কৰিছিল । ইবন ৰুছডেও
সেই দর্শন । আৰবী অনুবাদৰপৰা অধ্যয়ন কৰিবলৈ সুবিধা পালে আৰু তাত তেওঁ গভীৰভাৱে
মনােনিৱেশ কৰিলে । এই দৰ্শনৰ প্রচ্ছদপটতে ইবনে পাছত এই ধাৰণা দিবলৈ আৰম্ভ কৰিলে যে
বিশ্বব্রহ্মাণ্ড আচলতে এখন বস্তুৰ জগত আৰু ই কিছুমান নিয়ম মানি চলে । মানুহৰ
চেতনা বা বুদ্ধিয়েই আচলতে অবিনশ্বৰ আৰু তাত বাহিৰে অবিনশ্বৰ বুলি আন একো নাই । এই
ধাৰণা প্ৰচাৰ কৰোঁতে তেওঁ যথেষ্ট সাহসৰ পৰিচয় দিবলগীয়া হৈছিল । তেওঁৰ ককাক আছিল
কৰডােভাৰ মছজিদ ইমাম । অথচ এনে এটা কথা ইবনে ক’বলৈ আৰম্ভ কৰিলে যে যাৰ পুৰণি
ভাবধাৰাৰ লগত বিশেষ মিল নাই । সেইবাবে গােড়া মুছলমান । পণ্ডিতসকলে ইবনৰ জীৱনেই
প্রায় শেষ কৰি দিব খুজিছিল । কিন্তু ইবনে এই পণ্ডিতবােৰৰ প্ৰশ্নৰ উত্তৰ পণ্ডিতৰ
ভাষাৰেই দিলে । তেওঁ কেইবাখনাে পুথি লিখি এইবােৰ সমস্যাৰ সমাধান কৰিবলৈ যত্ন কৰিলে
। তেওঁৰ এখন পুথিৰ নাম আছিল ‘ তহাফুৎ আল হাফুৎ ' । ইবনে তেওঁৰ পুথিত সকলাে কথা যুক্তিৰে প্রতিপন্ন কৰিলে যদিও তেওঁৰ
যুক্তি মানি ল’বলৈ কোনাে সাজু নহ'ল । কাৰণ
সেই সময়ত গােড়ামি আৰু ধর্মান্ধতাইহে সমাজখন গাঢ় কৰি থৈছিল । কোনেও যুক্তিত
মূল্য দিব খােজা নাছিল । গােড়া ইছলাম নেতা আল - ঘাজ্জালিয়ে খলিফা ইয়াকুব আল
মানছুৰৰ লগত কথা - বতৰা পাতি ইবনক দেশৰপৰাই বিতাড়িত কৰি পঠালে । ইবনৰ পুথিবােৰ
তেওঁ ৰাইজৰ সন্মুখতে পুৰি পেলােৱাৰ ব্যৱস্থা কৰিলে । কেৱল যুক্তিবাদী কথা কোৱাৰ
বাবেই ইবনে নিজৰ দেশতেই ঠাই নাপালে । কিন্তু ইহুদি দার্শনিকসকলে ইবনৰ যুক্তি শুনি
বহুতখিনি পতিয়ন গ'ল ।
তেওঁলােকে ইবনৰ পুথিসমূহ যি পাৰে যােগাৰ কৰি তাক হিব্রু ভাষাত অনুবাদ কৰাৰ
ব্যৱস্থা কৰিলে । ইবনৰ নামটো আছিল যথেষ্ট দীঘল । তেনে এটা মুছলমানী নাম ইহুদীসকলৰ
বাবে বৰ টান হৈ পৰিছিল । সেইবাবে অনুবাদ কৰোঁতে তেওঁৰ নাম দিলে আভেছ । আভেৰছৰ
ধাৰণা হিচাপে লেটিন আৰু ইউৰােপীয় জগততাে ইবনৰ ধাৰণাসমূহ হিব্রু ভাষাৰ যােগেদিয়েই
পাছত প্রচলিত হ’ল । কিন্তু সেই সময়ত সমাজখনত ধর্মান্ধতাৰ শেষ নাছিল । এইবাৰ
ধর্মান্ধ খ্রিষ্টানসকলে হুলস্থূল লগালে যে । আভেৰছৰ দৰ্শনে যিশুখ্রিষ্টৰ তত্ত্বকেই
অৱজ্ঞা কৰিছে । ১২১০ খ্রিষ্টাব্দত পেৰিছত এই ঘােষণা কৰা হ'ল যে কোনেও আভেৰছৰ ধাৰণা আৰু দর্শন
প্রচাৰ কৰিব নােৱাৰিব । ১১৯৮ চনতেই অৱশ্যে ইবন ৰুছডৰ মৃত্যু হৈছিল । গতিকে তেওঁ এই
প্রতিবাদৰ জোৱাৰৰ কথা একো জানিব নােৱাৰিলে । ইবনে ‘ কিতাপ আল - কুলিয়াৎফিল - টিব
’ নামেৰে চিকিৎসাবিজ্ঞানৰ গ্ৰন্থ এখনাে লিখিছিল । এই গ্রন্থত তেওঁ শাৰীবিদ্যা
বিশদভাৱে আলােচনা কৰিছিল । তাত বাহিৰেও তেওঁ শৰীৰৰ ৰােগ সম্পর্কে নানা মৌলিক
কথাৰাে তাত উল্লেখ কৰিছিল । ইয়াতেই প্রথমবাৰৰ বাবে তেওঁ উল্লেখ কৰিছিল যে বসন্ত
ৰােগ এজন মানুহৰ এবাৰ হােৱাৰ পাছত তেওঁ দ্বিতীয়বাৰলৈ আৰু সেই ৰােগত আক্রান্ত নহয়
। আমাৰ চকুৰ পর্দা ৰেটিনাখনৰ বিষয়েও ইবনৰ সঠিক ধাৰণা আছিল । ১২৫৫ খ্রিষ্টাব্দত
ইবনৰ এই চিকিৎসাবিজ্ঞানৰ গ্রন্থখনৰ লেটিন অনুবাদ হয় । হিব্রু ভাষালৈ এইখন দুবাৰাে
অনূদিত হৈছিল । এতিয়া ইবন ৰুছডৰ নাম শিক্ষিত জগতৰ বহুতেই । নাজানিব পাৰে । কিন্তু
গােড়া ধর্মান্ধতাৰ বিৰুদ্ধে যুঁজ দি তেওঁ বিজ্ঞানক প্রতিষ্ঠা কৰি গৈছিল ।
Nasir
Al-din Att-Tusi নাছিৰ আল - দিন আত - তুছি (1201-1276)
এতিয়াৰেপৰা প্ৰায় ছাৰে সাতশ বছৰ
আগতে নাছিৰ আল - দিন আত - তুছি নামৰ এগৰাকী মধ্যপ্রাচ্যৰ বিজ্ঞানীয়ে ত্রিকোণমিতিক
জ্যোতিষ শাস্ত্ৰৰ ভিতৰৰপৰা বাহিৰ উলিয়াই আনি গণিতৰ ভিতৰত তাক সন্মানিত স্থান
দিছিল । তেওঁ ৰচনা কৰা ত্রিকোণমিতি বিষয়ক গ্রন্থ ‘ কিতাপ শ্বকল আল - কাট্টা
মধ্যপ্রাচ্যৰ সর্বশ্রেষ্ঠ ত্রিকোণমিতি - বিষয়ক গ্রন্থ হিচাপে বিবেচিত হৈছে । ১৮৯১
চনত এই গ্রন্থখন ফৰাচী ভাষালৈ অনূদিত হােৱাৰ পাছত বিশ্ববাসীয়ে এই বিষয়ে জানিবলৈ
পায় । ফলত নাছিৰ আল - দিন । আত - তুছিয়ে পৃথিৱীৰ বিজ্ঞ সমাজত স্বীকৃতি লাভ
কৰিবলৈ আৰম্ভ কৰে । ওমৰ খায়ামৰ পাছৰেপৰাই বাগদাদত জ্ঞান বিজ্ঞান চর্চা ক্রমে
ক্রমে কমি আহিবলৈ ধৰিছিল । ১১০০ চনৰপৰা ১৩০০ চনমানলৈ প্ৰায়ে যুদ্ধ বিগ্রহ লাগি
আছিল । ১২৫৬ চনত আৰবৰ ৰজা হুলাগু খাঁৰ ওচৰত বাগদাদে পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়
আৰু হুলাগুৱে বাগদাদ দখল কৰি লয় । ৰজা হুলাগু সদায় জ্ঞান - বিজ্ঞানৰ ডাঙৰ সমর্থক
আছিল । তেওঁ বিভিন্ন ঠাইৰপৰা বিশেষজ্ঞসকলক মাতি আনি গৱেষণা - অধ্যয়নৰ কামত লগাই
দিছিল । ইয়াৰ পাছত হুলাগুৱে এটা বীক্ষণাগাৰ তৈয়াৰ কৰিবৰ কাৰণে প্রচেষ্টা চলায় ।
তেওঁ পাৰস্যৰ সম্রাট হৈয়ে তেনে এটা বীক্ষণাগাৰ বা মান - মন্দিৰ নিৰ্মাণৰ বাবে
উদ্যোগ আৰম্ভ কৰে । তেওঁ উর্মিয়া নামৰ এটা ধুনীয়া হ্রদৰ পূবফালে থকা মাৰাঘা নামৰ
ঠাইখনত সেই বীক্ষণাগাৰ নিৰ্মাণৰ প্ৰস্তুতি চলায় । সম্রাটে বহুদিন ধৰি পাৰস্যৰ
দার্শনিক , গণিতবিজ্ঞানী আৰু জ্যোতির্বিজ্ঞানী
নাছিৰ আল - দিন আত - তুছিৰ নাম শুনি আহিছিল । সম্রাটে তেওঁকো । সেই বীক্ষণাগাৰলৈ
আহি কাম কৰিবলৈ অনুৰােধ জনালে । আত - তুছিয়ে আহি সেই দায়িত্ব গ্রহণ কৰিলে । আত -
তুছিৰ জন্ম হৈছিল খােৰাছানৰ তুছ নামৰ এখন ঠাইত ১২০১ চনৰ ফেব্ৰুৱাৰী মাহত । সেই
সময়ত বিখ্যাত পণ্ডিত কামাল আত - দিন ইবন ইউনােছৰপৰা আত - তুছিয়ে শিক্ষা গ্রহণ
কৰিছিল । কিন্তু মুছলমান শাসনকর্তাসকলে তেওঁক বন্দী কৰি লৈ গৈছিল । তেতিয়া বাছ -
বিচাৰৰ বিশেষ কোনাে ব্যৱস্থা নাছিল । শাসনকর্তাৰ কথায়েই শেষ কথাৰ দৰে আছিল ।
সেইবাবে ১২৫৬ চনলৈ তেওঁ বন্দী অৱস্থাতেই জীৱন কটাবলগীয়া হৈছিল । কিন্তু ৰজা ।
হুলাগুৱে তেওঁক সেই কাৰাগাৰৰপৰা মুক্তি দিয়ে আৰু নিজৰ ৰাজসভাৰ এজন পণ্ডিত হিচাপে
তেওঁক সন্মান জনায় । হুলাগুৰ নানা কামত আত - তুছি এজন বৈজ্ঞানিক পৰামৰ্শদাতাৰ দৰে
আছিল । সেইবাবে তেওঁৰ পাণ্ডিত্যত মুগ্ধ হৈ হুলাগুৱে মাৰাঘাৰ বীক্ষণাগাৰৰ দায়িত্ব
আত - তুছিৰ হাতত তুলি দিছিল । ১২৫৯ চনত সেই বীক্ষণাগাৰৰ নির্মাণ সম্পূর্ণ হৈ
উঠিছিল আৰু তাত জ্যোতির্বিজ্ঞান আৰু গণিত বিজ্ঞানৰ গৱেষণা আৰম্ভ হৈছিল । আত -
তুছিৰ যত্নত তাত নানাধৰণৰ জ্ঞান - বিজ্ঞানৰ পুথিৰে এটা পুথিভঁৰালাে সজোৱা হৈছিল ।
আজিকালি তৰাঘৰ বা প্লেনেটৰিয়াম আমি বহুতে দেখিছোঁ । তাত এটা গম্বুজৰ ভিতৰত
কৃত্রিমভাৱে আকাশৰ দৃশ্য সৃষ্টি কৰা হয় । মাৰাঘাৰ বীক্ষণাগাৰতাে তেনেদৰে আকাশৰ
দৃশ্য সৃষ্টি কৰি নক্ষত্রমণ্ডল অধ্যয়ন কৰাৰ ব্যৱস্থা আছিল । ইয়াৰ পুথিভঁৰালটোত
পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা সংগ্ৰহ কৰা চাৰি লাখৰাে বেছি গ্রন্থ আছিল । চুলতান
হুলাগুৱে যি দেশকেই জয় কৰক ৰেপৰাই তেওঁ গ্রন্থাদি সংগ্রহ কৰি এই বীক্ষণাগাৰৰ
পুথিভঁৰালত তাক সংৰক্ষিত । কৰিছিল । আলেকজেণ্ডিয়া আদি ঠাইৰ বিখ্যাত পুথিভঁৰালৰ
কথা প্রায়ে শুনা যায় । আনকি ডেনমার্ক জ্যোতির্বিজ্ঞানী টাইকো ব্রাহেৰ
বীক্ষণাগাৰত ১৬০০ চনত বহুতাে যন্ত্রপাতি আৰু পুথি - পাজিৰ ব্যৱস্থা আছিল বুলি জনা
যায় । কিন্তু এই বীক্ষণাগাৰ তাৰ তুলনাত মুঠেই তলৰ নাছিল । আত - তুছিয়ে এই
বীক্ষণাগাৰৰ প্রশাসক আৰু সঞ্চালক হিচাপে দেশ বিদেশৰ জ্যোতির্বিজ্ঞানীসকলক ইয়ালৈ
নিমন্ত্রণ কৰি আনিছিল । তাৰ ভিতৰত চীনৰপৰা অহা জ্যোতি বিজ্ঞানীও আছিল । বীক্ষণাগাৰটোত
বহুধৰণৰ জ্যোতিষীয় তালিকা আৰু নক্সা প্রস্তুত কৰা হৈছিল । তাৰ ভিতৰত অতি
উল্লেখনীয় আছিল ‘ আল - জিজ আল - ইলখানি ’ । সেই সময়ত পাৰস্য সম্রাটৰ উপাধি আছিল
ইলখানি । এই উপাধিৰেই এই জ্যোতিষীয় তালিকাবিলাকৰ নাম ৰখা হৈছিল । ১২৬০ চনৰপৰা
১২৭২ চনলৈ প্রায় ১২ বছৰ ধৰি নানা গৱেষণা - অধ্যয়ন চলােৱাৰ পাছত আল জিজ আল -
ইলখানি ’ নামৰ মূল গ্রন্থখনিকে ধৰি জ্যোতিষীয় তালিকাবিলাক প্রস্তুত হৈ উঠিছিল ।
মূল গ্রন্থখনি পাছি ভাষাত আছিল । পিছত ইয়াক আৰবী ভাষালৈ অনুবাদ কৰা হয় । ইয়াত
হিপাৰকাছ , টলেমি , আল - বাত্তানি আদিৰ ধ্যান - ধাৰণা অনুসৰণ কৰি নতুন ধৰণে জ্যোতিষীয়
নক্সা প্রস্তুত কৰা হৈছিল । আত - তুছি আৰু তেওঁৰ সহযােগী জ্যোতি বিজ্ঞানীসকলে
টলেমিৰ জ্যোতিষৰ ধাৰণাবােৰ সমর্থন কৰা নাছিল । টলেমিৰ ধাৰণা খণ্ডন কৰি তেওঁ এখন
গ্রন্থ লিখিছিল আৰু তাৰ নাম আছিল ‘ আল তাধকিৰ । ত্রিকোণমিতিক প্রাধান্য দি তাক
গণিতবিজ্ঞানৰ ভিতৰুৱা কৰাৰ পাছত তেওঁ সেই যুগৰ সর্বশ্রেষ্ঠ ত্রিকোণমিতিৰ কিতাপখন
ৰচনা কৰিছিল । এই কথা আগতে উল্লেখ কৰা হৈছে । ১২৭৬ চনত আত - তুছিৰ মৃত্যু হয় ।
মধ্যপ্রাচ্যৰ জ্ঞান - বিজ্ঞানৰ জগতখনৰ সর্বশেষ খ্যাতিমান পুৰুষ হিচাপে নাছিৰ আল -
দিন আত - তুছিৰ নাম সদায় উল্লেখনীয় হৈ থাকিব ।
Omar
Khayyam ওমৰ খায়াম (10451131)
বহুতৰে ধাৰণা আছে যে বিজ্ঞান আৰু
সাহিত্যৰ পথ সম্পূর্ণ পৃথক — প্রায় ওলােটামুখী । কিন্তু ওমৰ খায়ামে নিজৰ জীৱন
আৰু দর্শনেৰে প্ৰমাণ কৰিলে । যে সি তেনে নহয় । বিশ্ববিখ্যাত এই কবিগৰাকী । এগৰাকী
বিজ্ঞানীও আছিল । সাধাৰণতে মানুহে তেওঁৰ কবিত্বৰ প্ৰতিভাতহে বেছি গুৰুত্ব আৰােপ
কৰা দেখা যায় । ওমৰৰ সময়ত আৰবীয় বীজগণিতে এক উচ্চ পর্যায় পাইছিলগৈ । সেই সময়ত
জ্যামিতিৰ যথেষ্ট বিকাশ ঘটিছিল । কিন্তু ওমৰৰ পাছত জ্যামিতি আৰু বীজগণিতৰ এই চর্চা
ক্রমে স্নান হৈ যায় । ওমৰৰ সময়ৰ বীজগণিত আল - খৈয়াৰিজমিৰ ( মহম্মদ ইবন মুছা আল
- খৈয়াৰিজমিৰ ,
৮০০– ৮৫০ ) দিনৰ বীজগণিততকৈ
উন্নতহে হৈছিল । ১৮৫১ চনত ওমৰৰ বীজগণিত ফৰাচী ভাষালৈ অনূদিত হােৱাৰ পাছৰে পৰা তাৰ
সােৱাদ বিশ্ব বাসীয়েও পালে । ওমৰে তেওঁৰ বীজগণিতত আল - খৈয়াৰিজমিৰ পাছত আৰবীয়
বীজগণিতত যিমানখিনি চিন্তা - চৰ্চা হৈছিল সকলাে সামৰি লৈছে । গ্রীকসকলতকৈও যে
আৰবীয় বীজগণিত আৰু আগ বাঢ়ি গৈছিল সেই কথা ওমৰৰ এই গ্রন্থতেই প্রমাণ পােৱা যায় ।
ওমৰে ত্রিঘাত সমীকৰণৰ সমাধানৰ বিষয়েও নানা কাম কৰিছিল । সেই সমীকৰণবিলাকক তেওঁ
প্ৰথমতে ২৭ টা ভাগত ভাগ কৰিছিল আৰু তাৰ পাছত একো একোটা ভাগক আকৌ ৪ ভাগত ভাগ কৰিছিল
। সমীকৰণৰ সমাধান তেওঁ জ্যামিতিৰ সহায়ত কৰিছিল । এই কামৰ বাবে তেওঁ বিশ্লেষণাত্মক
জ্যামিতিৰ আৰম্ভণি কৰিছিল । ফৰাচী বিজ্ঞানী ডেকার্টে ইয়াৰ বহুদিন পাছতহে
বিশ্লেষণাত্মক জ্যামিতিৰ উদ্ভাৱন কৰে । ওমৰ আৰু ডেকাৰ্টৰ পদ্ধতিৰ অৱশ্যে বহুতাে
পার্থক্য আছিল । তথাপিও এই পদ্ধতিৰ প্ৰথম উদ্ভাৱক হিচাপে ওমৰ যথেষ্ট কৃতিত্বৰ
যােগ্য । ওমৰ খায়ামৰ আন এটা পাৰদৰ্শিতাৰ বিষয় আছিল জ্যোতিষ । ১০৭৫ খ্রিষ্টাব্দত
ওমৰে আৰব চুলতানৰ ইচ্ছানুসৰি পুৰণি পাছি পঞ্জিকাৰ সংস্কাৰ ঘটায় । তেওঁ চুলতানৰ
মান মন্দিৰত এই সংস্কাৰৰ কাম আৰম্ভ কৰে আৰু বৰ দক্ষতাৰে কম সময়তে এই কাম সমাধা
কৰে । চুলতান জালালে এই পঞ্জিকা পাছত প্ৰকাশ কৰিছিল । এই পঞ্জিকাৰ নামেই চুলতানৰ
স্মৃতিত ‘ আল - তাৰিখ আল - জালালি ’ ৰখা হয় । এই পঞ্জিকা একেবাৰে নির্ভুল আছিল ।
আনকি গ্রেগৰীয় পঞ্জিকাৰ তুলনাতাে ই নির্ভুলেই আছিল । ইৰাণৰ নিছাপুৰত ১০৪৮ চনৰ ১৮
মে তাৰিখে ওমৰ খায়ামৰ জন্ম হৈছিল । তেওঁৰ নামৰ উপাধি খায়ামটো ( তষু সাজোঁতা )
হয়তাে তেওঁৰ দেউতাকৰ পেশাৰপৰাই আহিছিল । তেওঁ বিজ্ঞান আৰু দৰ্শনত তেওঁৰ নিজৰ ঠাই
নিছাপুৰতেই প্রথম শিক্ষা লাভ কৰিছিল । তাৰ পাছত বাচ্ আৰু সমৰখণ্ডতা শিক্ষা লাভ
কৰিছিল । তাতেই তেওঁ বীজগণিতৰ শিক্ষা সম্পূর্ণ কৰিছিল । পঞ্জিকাৰ সংশােধনৰ পাছত
চুলতানে তেওঁক এছ ফাহান নামৰ নগৰীত অন্য জ্যোতির্বিজ্ঞানীসকলৰ লগত লগ লাগি এটা মান
মন্দিৰ সজাৰ ভাৰ দিছিল । কিন্তু পৃষ্ঠপােষকৰ মৃত্যুৰ পাছত ১০৯২ চনত ওমৰ মক্কালৈ
তীর্থ যাত্ৰা কৰিবলৈ যায় । তাৰ পাছত নিছাপুৰলৈ উভতি আহি তেওঁ শিক্ষকতাও কৰে আৰু
ৰাজসভাত মাজে মাজে ভৱিষ্যতৰ ঘটনাৰ ভৱিষ্যদ্বাণী কৰিবলৈ লয় । এই অতি মেধাৱী
লােকজনে দখলৰ ভিতৰলৈ অনা বিষয়বােৰৰ ভিতৰত আছিল আইন , ইতিহাস , গণিতবিজ্ঞান , চিকিৎসাবিজ্ঞান আৰু জ্যোতির্বিজ্ঞান ।
‘ ৰুবায়েত’ৰ পাছত তেওঁ কবিতা লেখা মানুহ হিচাপে গােটেই পৃথিৱীতে বিখ্যাত হৈ পৰিল
যদিও গদ্য সাহিত্যতাে তেওঁৰ বিশেষ দখল আছিল । কিন্তু দুর্ভাগ্যবশতঃ তেওঁৰ কোনাে
গদ্য - সাহিত্যই বর্তমানলৈ তিষ্ঠি নাথাকিল । এই বিখ্যাত পাৰ্ছি কবি , গণিতবিজ্ঞানী আৰু
জ্যোতির্বিজ্ঞানীগৰাকীৰ নিছাপুৰত ১১৩১ চনৰ ৪ ডিচেম্বৰ তাৰিখে মৃত্যু হয় ।