Assam GK in Assamese Language | Assam Geography General Knowledge-Buranjipedia

Assam GK in Assamese Language | Assam Geography General Knowledge-Buranjipedia

অসমৰ বিশিষ্ট ব্যক্তি আৰু তীৰ্থ স্থান সমূহৰ বিষয়ে -  Assam  GK Quiz Questions & Answers in Assamese Language-Buranjipedia

অসমৰ বিশিষ্ট ব্যক্তি আৰু তীৰ্থ স্থান সমূহৰ বিষয়ে

 

Here are the  Assam  General Knowledge questions and answers for all competitive exams) Read all these most important Assam General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

অসমৰ বিশিষ্ট ব্যক্তি আৰু তীৰ্থস্থান সমূহৰ বিষয়ে-Buranjipedia

অসমৰ বিশিষ্ট ব্যক্তি আৰু তীৰ্থস্থান সমূহৰ বিষয়ে-Buranjipedia

১)  গুৱাহাটী মহানগৰীৰ সন্ধ্যাচল পাহাৰ বশিষ্ঠ মুনিয়ে বাস কৰা ঠাই খনৰ নাম কি?

উত্তৰ : বশিষ্ঠাশ্ৰম।

২) অসমৰ বৃহত্তম চাহ বাগিচাখনৰ নামটো কি?

উত্তৰ : মোনাবাড়ী চাহ বাগিচা 

৩) অসমত  চাহপাত প্ৰস্তুত(Tea Processing Plant) কৰা কাৰখানা  কিমান  টা আছে ?

উত্তৰ :  ৫৯৮ টা 

৪) পৃথিৱীৰ ভিতৰত প্ৰথম স্থান লাভ লাভ কৰা চাহ নিলাম কেন্দ্ৰটোৰ নাম কি??

উত্তৰ : গুৱাহাটী চাহ নিলাম কেন্দ্ৰ

) কলিঙ্গ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল?

উত্তৰ :  জগজিৎ সিং

৬) গহপুৰ থানাত (Gohpur Police Station) ব্ৰিটিছৰ গুলীত মৃত্যু বৰণ কৰা অসমৰ বীৰাঙ্গনা গৰাকীৰ নাম কি??

উত্তৰ : কনকলতা বৰুৱা।

৭) অসমৰ অক্ষৰৈখিক আৰু দ্ৰাঘিমাৰৈখিক বিস্তৃতি কিমান?

উত্তৰ : ২৪°' উ: অক্ষ: পৰা ২৭°৫৮' উ: অক্ষ: আৰু ৮৯°' পূ: দ্ৰা: পৰা ৯৬°' পূ: দ্ৰা: লৈ 

৮) পাটকাই পৰ্বত কি?

উত্তৰ : ভংগিল পৰ্বত 

৯) চাহ, কুঁহিয়াৰ, কফি  আদি_____ কৃষিৰ ভিতৰত পৰে।

উত্তৰ : বাণিজ্যিক কৃষি 

১০) অসমৰ 'ত এলুমিনিয়ামৰ বাচন-বৰ্তন প্ৰস্তুত কৰা হয় ?

উত্তৰ : বঙাইগাঁও 

১১) অসমৰ ক'ত প্ৰথম মৰাপাটৰ কল স্থাপন কৰা হৈছিল ?

উত্তৰ : বিজয়নগৰ 

১২) অসমৰ কোন ঠাইত চিমেন্ট কাৰখানা আছে ?

উত্তৰ :   বোকাজান 

১৩) পৃথিৱীৰ বৃহত্তম নদী-দ্বীপটোৰ নাম কি?

উত্তৰ : মাজুলী 

১৪)   কাক অসম কেশৰী নামেৰে জনা যায়??

উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী।

১৫)  জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)।

১৬) ব্ৰহ্মপুত্ৰ উপত্যকা (Brahmaputra valley) আৰু বৰাক উপত্যকাৰ মাজ পৰ্বত শাৰীৰ নাম কি?

উত্তৰ : বৰাইল পৰ্বত

১৭) অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম কি কি?

উত্তৰ : কাৰ্বি আংলং, উত্তৰ কাছাৰ 

১৮) অসমৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান?

উত্তৰ : ৭৮,৪৩৮ বৰ্গ কি:মি: 

১৯) ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ দৈৰ্ঘ্য হ' কিমান?

উত্তৰ : ৭২০ কি:মি: 

২০)  প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

২১)  প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি?

উত্তৰ : অচ্যুত শইকীয়া।

২২)   বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক  কোন?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

 ২৩)   ভাৰতৰ ভিতৰত দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ খন কোনখন?

উত্তৰ : নাহৰকটীয়া তৈলক্ষেত্ৰ

২৪) নাহৰকটীয়াৰ পৰা নুনমাটিলৈ কিমান কি:মি তেলৰ নলী পথ আছে

উত্তৰ :  ৪৪০ কি:মী:

২৫) অসমৰ _____ জিলাত লোণাপানীৰ উহ আছে

উত্তৰ :  কাছাৰ

 ২৬) অসমৰ ক'ত টিনপাত প্ৰস্তুত কৰা কাৰখানা আছে?

উত্তৰ : আমিনগাঁওত 

 ২৭) অসমৰ মহিলা শিক্ষিতৰ হাৰ হৈছে---

উত্তৰ :  ৬৬.২৭% 

২৮) অসমৰ পুৰুষ শিক্ষিতৰ হাৰ হৈছে---

উত্তৰ :  ৭৭.৮৫% 

২৯)   Regional Laboratory of Science and Industrial Research Council অসমৰ ক’ত অৱস্থিত?

উত্তৰ : যোৰহাট।

৩০) 2011 চনৰ সমীক্ষা মতে অসমৰ মুঠ জনসংখ্যা কিমান?

উত্তৰ :  , ১১,৬৯,২৭২ 

৩১) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলো'মিটাৰত কিমান জন/জনী ?

উত্তৰ :  ৩৯৭ জন/জনী 

৩২) অসমৰ  জনসংখ্যাৰ _____ শতাংশ মানুহে গাঁৱত বাস কৰে 

উত্তৰ :  ৮৬ শতাংশ 

৩৩)   কোন খন ঠাই তৈল নগৰী নামে জনা যায়?

উত্তৰ : ডিগবৈ।

৩৪)   কোন খন ঠাইক অসমৰ ‘ প্ৰেমৰ নগৰী’ বুলি জনা যায়?

উত্তৰ : তেজপুৰ।

৩৫)  অসমৰ প্ৰথম স্নাতক, বেৰিষ্টাৰ, আই. চি. এছ.  জন কোন?

উত্তৰ : আনন্দৰাম বৰুৱা।

৩৬)  একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা গৰাকীৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত হৈছিল। ‘ভাৰত শ্ৰেষ্ঠ কলাবিদ’ আৰু ‘কলাগুৰু’ উপাধিৰে বিভূষিত এই গৰাকী ব্যক্তি কোন

উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা।

৩৭) কিমান চনত ডিগবৈ তৈলক্ষেত্ৰ আৱিষ্কাৰ হয় ?

উত্তৰ : ১৮৮৯ চনত

৩৮)  সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া বিজ্ঞানী জন(Assamese Scientist) কোন?

উত্তৰ : ৰাঘব চন্দ্ৰ ডেকা।

৩৯) 2021 চনৰ G20 শীৰ্ষ সন্মিলন কোনখন দেশত অনুষ্ঠিত হব?

উত্তৰ :  ইটালী

৪০)   শ্ৰী সূৰ্য পাহাৰ থকা অসমৰ জিলা কোনখন?

উত্তৰ : গোৱালপাৰা।

৪১) ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?

উত্তৰ : তৰুণ ৰাম ফুকন।

৪২)  অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটীত।

৪৩) ব্ৰহ্মপুত্ৰ শদিয়াৰ পৰা মোহনালৈ কিমান দৈৰ্ঘ্য?

উত্তৰ : ২,৮৯০ কি:মি: 

Post a Comment

Previous Post Next Post