Assam GK in Assamese Language | Ahom Kingdom General Knowledge PART 1-Buranjipedia

Assam GK in Assamese Language | Ahom Kingdom General Knowledge-Buranjipedia

Assam History GK MCQs -  Ahom Kingdom GK Questions & Answers in Assamese Language-Buranjipedia

Assam History MCQ & General Knowledge 

Here are the  Assam History MCQ & General Knowledge and answers for all competitive exams) Read all these most important Assam History MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language | Ahom Kingdom General Knowledge PART 1-Buranjipedia

MCQ on History of Assam & General Knowledge 

১) আহোম ৰাজধানী  কিমান চনত স্থাপন কৰা হৈছিল?

উত্তৰ : ১২৫৩ চনত

২)  আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বাধীন ৰজা কোন আছিল?

উত্তৰ : চন্দ্ৰকান্ত সিংহ।

৩)  ‘ৰংঘৰ কোনে সাজিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।

৪)  জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

৫)  অসমত 600 বছৰ  ৰাজত্ব কৰা আহোমৰ ৰাজধানী চহৰ খনৰ নাম কি?

উত্তৰ : শিৱসাগৰ।

৬)  ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : ১৭৫২ চনত।

৭)  দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল?

উত্তৰ : কামৰুপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াৰ সময়ত ‘পানী তোলা’ অনুষ্ঠানৰ সুবিধাৰ্থে দীঘলী পুখুৰীটো খন্দাইছিল।

৮)  আহোম সকলৰ শেষৰ কীৰ্তি স্তম্ভটো  ক’ত অৱস্থিত?

উত্তৰ : বশিষ্ঠাশ্ৰমত।

৯) আহোমৰ শেষ কীৰ্তিস্তম্ভটো  ক'ত অৱস্থিত?

উত্তৰ : বশিষ্ঠাশ্ৰমত

১০) কোনজন আহোম ৰজাই প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?

উত্তৰ : চুহুংমুং

১১) হাজোৰ পোৱামক্কা কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : গিয়াচুদ্দিন আউলিয়া

১২) কোনজন ৰজাৰ মৃত্যুৰ পিছত বৰ্মন বংশৰ (Barman dynasty)অন্ত পৰিছিল?

উত্তৰ : ভাস্কৰ বৰ্মন

১৩) কেতিয়া অসমত দাস প্ৰথা  বিলুপ্ত সাধন কৰা হয়?

উত্তৰ : ১৮৪৩ চনত

১৪)  আহোম আৰু মোগলৰ শেষ ৰণ খন কেতিয়া  হৈছিল?

উত্তৰ : ১৬৮১ চনত।

১৫) আহোম মুদ্ৰা বোৰৰ আকাৰ কি আছিল?

উত্তৰ : আঠচুকীয়া

১৬)   কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ?

উত্তৰ : শিৱ দ’ল।

১৭)  নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : চিত্ৰাচল।

১৮)   কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলি জনা যায়?

উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।

১৯) অসমত জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল?

উত্তৰ : আহোম সকলে

২০) চুতীয়া ৰাজ্য জয় কৰি আহোম সকলে  শাসনৰ বাবে কোনজন বিষয়া নিয়োগ কৰিছিল?

উত্তৰ : শদিয়াখোৱা গোহাঁই

২১) পাটকাই পাহাৰ পাৰ হৈ আহোম সকল  অসমত প্ৰবেশ কৰোতে কোন জনগোষ্ঠীয়ে আগ ভেটি যুদ্ধ কৰিছিল?

উত্তৰ : নগা

২২)  আটাইতকৈ দীঘলীয়া  ৰাজত্ব কৰা আহোম ৰজাজনৰ নাম কি ?

উত্তৰ : চুকামফা

২৩)  অসমৰ কোন খন ঠাইত  শিৱ দ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল আছে  ?

উত্তৰ : শিৱসাগৰ।

২৪)  প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

২৫)  আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি?

উত্তৰ : জয়সাগৰ পুখুৰী।

২৬) কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত মুছলমান সকলে প্ৰথম অসম আক্ৰমণ কৰিছিল?

উত্তৰ : চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ দিনত

২৭) আহোমৰ ৰাজধানী  কোন ৰজাৰ দিনত গড়গাঁও ত প্ৰতিষ্ঠা কৰা হয়?

উত্তৰ : চুক্লেংমুং ৰ দিনত

২৮) বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কোন ৰজাৰ দিনত  কৰা হয়?

উত্তৰ : প্ৰতাপ সিংহ

২৯)  অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চুকাফা।

৩০)  মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত।

৩১)  চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বীৰপাল।

৩২) উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?

উত্তৰ : গদাধৰ সিংহই

৩৩) মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?

উত্তৰ : চন্দ্ৰকান্ত সিংহ

৩৪) কোন তাৰিখে চুকাফা দিৱস পালন কৰা হয়?

উত্তৰ : ২ ডিচেম্বৰ

৩৫) বামুণী কোৱৰ বুলি কাক জনা যায়?

উত্তৰ : চুডাংফা

৩৬) আহোম ৰাজ্যৰ প্ৰথম জন বৰপাত্ৰগোহাই কোন আছিল?

উত্তৰ : কনছেং

৩৭) তুৰ্বকে কিমান চনত অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১৫৩২ চনত

৩৮) মূলাগাভৰু কাৰ পত্নী আছিল?

উত্তৰ : ফ্ৰাচেংমুং বৰগোঁহাই

৩৯) কাক গড়গঞা ৰজা বুলি জনা যায়?

উত্তৰ : চুক্লেণমুং

৪০) নগা আলি কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : চুক্লেণমুং

৪১) ৰুদ্ৰসাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : লক্ষ্মী সিংহই

৪২) কোনজন আহোম ৰজাৰ দিনত লতাকটা ৰণ হৈছিল?

উত্তৰ : ৰাজেশ্বৰ সিংহ

৪৩) মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম স্বৰ্গদেউৰ দিনত হৈছিল?

উত্তৰ : স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত

৪৪) মানৰ দ্বিতীয় অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?

উত্তৰ : পুৰন্দৰ সিংহ

৪৫)  ‘পঞ্চতীৰ্থ’ নামৰ  পঞ্চম খন তীৰ্থ কি?

উত্তৰ : অশ্বক্লান্ত।

৪৬)  অশ্বক্লান্ত মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : উত্তৰ গুৱাহাটী।

৪৭)  কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

৪৮)    ‘উমানন্দ’মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

৪৯)  বিল্বেশ্বৰ দেৱালয় অসমৰ কোন খন ঠাইত অৱস্থিত?

উত্তৰ : বেলশৰ (নলবাৰী)

৫০)  গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?

উত্তৰ : গোপেশ্বৰ দেৱালয় (Gopeshwar dewaloy)তেজপুৰত অৱস্থিত আৰু  পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।

৫১)  মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰত।

৫২)  নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৫২ চনত।

৫৩)  শুক্ৰেশ্বৰ মন্দিৰটো কোন চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : প্ৰমত্ত সিংহই, ১৭৪৪ চনত।

৫৪)  মদন কামদেৱ(Madan Kamdev) মন্দিৰ গুৱাহাটীৰ পৰা কিমান দূৰত অৱস্থিত?

উত্তৰ : ৩৪ কিঃ মিঃ। 

৫৫)  1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?

উত্তৰ : চাওলুং চুকাফা।

৫৬)  হিউৱেন চাং অসমলৈ আহোতে কামৰুপৰ ৰজা কোন আছিল

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।

৫৭) ম'হগড় ৰণ কাৰ কাৰ মাজত হৈছিল?

উত্তৰ :   চন্দ্ৰকান্ত সিংহ আৰু মানৰ মাজত

৫৮) মাজুলী সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৫৬৩ চনত

৫৯) মাজুলী সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?

উত্তৰ : কোচ ৰজা নৰনাৰায়ণ আৰু  খোৰা ৰজা  মাজত

Post a Comment

Previous Post Next Post