Assam GK in Assamese Language | Assamese General Knowledge
Assam GK MCQs - Assam GK Questions & Answers in Assamese
Language
Assam GK MCQ &
General Knowledge
Here are the Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ &
General Knowledge
১) মহিলা সকলক আৰ্থিক
ভাৱে সবল কৰি তুলিবৰ অসম চৰকাৰে ঘোষণা কৰা আচনি খনৰ নাম কি?
উত্তৰ : অৰুণোদয়
আচনি
২) অসমৰ মুঠ
জনসংখ্যাৰ কিমান শতাংশ মানুহে নগৰ/চহৰত বাস কৰে?
উত্তৰ : ১৪ শতাংশ
৩) বৰ্তমান অসমৰ
শিক্ষিতৰ হাৰ হৈছে---
উত্তৰ : ৭২.১৯%
৪) কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?
উত্তৰ : হাফলং।
৫) অসমৰ ভৌগোলিক আয়তনৰ কিমান ভাগ বনাঞ্চল আছে ?
উত্তৰ : ৩৪.২১%
৬) অসমৰ মুঠ
বনাঞ্চলৰ কিমান ভাগ সংৰক্ষিত ?
উত্তৰ : ৬৬.৫৮%
৭) অসমৰ বনাঞ্চলৰ কিমান ভাগ অসংৰক্ষিত বনাঞ্চল ?
উত্তৰ : ৩৩.৪২%
৮) কাক ‘বনফুলৰ কবি’ নামেৰে জনা যায়?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।
৯) উজনি অসমৰ কোন খন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো
জিলাৰ ‘দুৱাৰ মুখ’ বুলি কোৱা হয়?
উত্তৰ : ডিব্ৰুগড়।
১০) অসমৰ চাহৰ ৰাজধানী কি?
উত্তৰ : Dibrugarh।
১১) অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?
উত্তৰ : ১৯০৫ চনত।
১২) ডিব্ৰু চৈখোৱা
ৰাষ্ট্ৰীয় উদ্যানৰ আয়তন ---
উত্তৰ : ৩৫০ বৰ্গ কি:মি:
১৩) ডিহিং পাটকাই
ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হৈছে---
উত্তৰ : ২৩১.৬ বৰ্গ কি:মি:
১৪) নামেৰী
ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হ'ল---
উত্তৰ : ২০০ বৰ্গ কি:মি:
১৫) অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।
১৬) গুৱাহাটীৰ কোন ঠাইত কফি প্ৰস্তুত
কেন্দ্ৰ আছে?
উত্তৰ : লখৰাত
১৭) অসমৰ সৰ্ববৃহৎ
কফি উৎপাদনকাৰী বাগিচাৰ নাম কি?
উত্তৰ : গুঞ্জং
১৮) অসমত কফি
গৱেষণা কেন্দ্ৰ কত আছে?
১৯) কোন খন ঠাইক ‘Manchester of East’ নামে জনা যায়?
উত্তৰ : Suwalkuchi।
২০) অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত?
উত্তৰ : কাঁহ শিল্পৰ
বাবে।
২১) শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ১৭৬৫ চনত।
২২) সাগৰ পৃষ্ঠৰ পৰা অসমৰ গঢ় উচ্চতা কিমান?
উত্তৰ : ৭৯.৫ মি:
২৩) অসম আন্দোলনত 1979 চনৰ 19 ডিচেম্বৰত মৃত্যু হোৱা প্ৰথম জন শ্বহীদ কোন আছিল?
উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।
২৪) অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?
উত্তৰ : গুৱাহাটী।
২৫) অসমৰ সৰ্বাধিক
চাহ বাগিচা থকা জিলাখন---
উত্তৰ : ডিব্ৰুগড়
২৬) অসমৰ চাহখেতি, বিহাৰৰ আমখেতি, দক্ষিণ ভাৰতৰ ৰবৰ খেতি কৰা হয়______ পদ্ধতিৰে।
উত্তৰ : ৰোপণ
২৭) বৰষুণৰ পৰিমাণৰ(Rain Fall) ওপৰত ভিত্তি কৰি কৃষিক কিমান ভাগত ভাগ কৰা হয় ?
উত্তৰ : তিনিটা
২৮) ভাৰতবৰ্ষৰ ৰাজ্য সমূহৰ মাজত ভৌগোলিক আয়তনত অসমৰ স্থান কিমান ?
উত্তৰ : ষোল্ল
২৯) ছেমায়ুংদুং
হিমবাহৰ পৰা উৎপত্তি হৈছে--
উত্তৰ : ব্ৰহ্মপুত্ৰ
৩০) কোন চনত
অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?
উত্তৰ : ১৯৬১ চনত।
৩১) কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ : ১৮৮২ চনত।
৩২) কামাখ্যা মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত
অৱস্থিত?
উত্তৰ : নীলাচল পাহাৰত।
৩৩) কামাখ্যা মন্দিৰৰ সন্মুখৰ পুখুৰীটোৰ নাম কি?
উত্তৰ : সৌভাগ্য কুণ্ড।
৩৪) অসমত মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান হল_____
উত্তৰ : পোৱা মক্কা (হাজো)।
৩৫) পঞ্চ পীৰৰ দৰগাহ অসমৰ ক’ত অৱস্থিত?
উত্তৰ : ধুবুৰী।
৩৫) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : গোপীনাথ বৰদলৈ।
৩৭) কেন্দ্ৰীয় সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী হল_____
উত্তৰ : ৰেণুকা দেৱী বৰকটকী।
৩৮) অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?
উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।
৩৯) কোন চনত অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো সংঘটিত হৈছিল?
উত্তৰ : ১৫৪৮ চনত।
৪০) অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?
উত্তৰ : ১৯২০ চনত।
৪১) 24×7 দূৰদৰ্শন অসম চেনেলটো
ভাৰতৰ কোনজন মন্ত্ৰীয়ে শুভাৰম্ভ কৰে?
উত্তৰ : প্ৰকাশ জাভেদকাৰে
৪২) কৌশলগত দিশৰ বিকাশ সাধনৰ বাবে
অসমৰ কোনখন ঠাইত এখন কৌশল মহাবিদ্যালয় স্হাপন কৰা হ’ব?
উত্তৰ : মঙলদৈ
৪৩) দেশৰ দ্বিতীয়টো প্লাজমা বেংক
ক’ত মুকলি কৰা হয়?
উত্তৰ : অসমত
৪৪) ভাৰতবৰ্ষৰ কোনখন ৰাষ্ট্ৰীয়
উদ্যানত সোণালী বাঘৰ সন্ধান লাভ কৰা গৈছে?
উত্তৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
৪৫)অৰুণোদয় আচনিৰ দ্বাৰা কিমানটা
পৰিয়ালক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে?
উত্তৰ : ১৭ লাখ