Assam GK in Assamese Language
| Assamese General Knowledge-Buranjipedia
Assam GK MCQs
- Assam GK Questions & Answers in Assamese Language
Assam GK MCQ
& General Knowledge
Here are the Assam GK MCQ &
General Knowledge questions and answers for all competitive
exams) Read all these most important Assam GK MCQ &
General Knowledge- Assam General Knowledge, Assam History, Assam
Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১)ৰাষ্ট্ৰপতিয়ে লোকসভাত
সংখ্যাগৰিষ্ঠতা(Majority in loksabha) অৰ্জন কৰা দলৰ নেতাজনক কি পদত নিযুক্তি দিয়ে?
উত্তৰ:প্ৰধানমন্ত্ৰী।
২)কেবিনেট মন্ত্ৰী পৰিষদ
সমূহীয়াকৈ কাৰ ওচৰত দায়ী?
উত্তৰ:লোকসভা
৩)কোনখন পাৰ্বত্য নিবাসীক,‘পাৰ্বত্য নিবাসৰ ৰাণী’
বুলি জনা যায়?
উত্তৰ:মুচৌৰি।
৪)অসমৰ একমাত্ৰ পাৰ্বত্য
নিৱাসখনিৰ নাম কি?
উত্তৰ:হাফলং।
৫)মহাৰাষ্ট্ৰৰ কোনখন ঠাই
প্ৰাচীন গুহা আৰু ভাস্কৰ্যৰ(Ancient caves and sculpture) বাবে বিখ্যাত?
উত্তৰ:অজন্তা
গুহা।
৬)স্বাধীন ভাৰতৰ প্ৰথম
গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ:চি
ৰাজাগোপালাচাৰী।
৭)অনন্য খোদিতকৰণ আৰু
স্থাপত্য ৰূপাংকনৰ বাবে Mount Abu স্থিত জৈন মন্দিৰটোৰ নাম কি?
উত্তৰ:ৰাজস্থানৰ
দিলৱাৰ মন্দিৰ।
৮)ঔৰংগাবাদৰ ওচৰত অৱস্থিত
বিশ্ববিখ্যাত গুহাবোৰৰ নাম কি?
উত্তৰ:ইলোৰা
গুহা।
৯)বিখ্যাত মীনাক্ষী মন্দিৰ
ক’ত অৱস্থিত?
উত্তৰ:মাদুৰাই।
১০)মুম্বাইৰ পৰা ১৫ মাইল
নিলগত অৱস্থিত ১৮ শতিকাৰ বিখ্যাত বৌদ্ধ (Bouddhust cave temple)গুহা মন্দিৰটোৰ নাম কি?
উত্তৰ:এলিফেন্টা
গুহা।
১১)জগন্নাথ মন্দিৰৰ বাবে
বিখ্যাত ঠাই কোনখন?
উত্তৰ:পুৰী।
১২)জৈন মন্দিৰ(Jain temple) আৰু গৰম পানীৰ
উহৰ বাবে বিখ্যাত ঠাইডোখৰৰ নাম কি?
উত্তৰ:ৰাজগীৰ জি
(বিহাৰ)।
১৩)মধ্যপ্ৰদেশৰ কোনখন ঠাই
বৌদ্ধসকলৰ গৃহস্বৰূপ আৰু Buddha stupa বাবেও বিখ্যাত?
উত্তৰ:সাঁচী।
১৪)ছাহজাহানে তেওঁৰ পত্নী (Momtaj)মমতাজৰ স্মৃতিত নিৰ্মাণ কৰা স্মৃতিসৌধটোৰ নাম কি?
উত্তৰ:তাজমহল।
১৫)২০০৩ চনৰ পৰা প্ৰবাসী (NRI Day)ভাৰতীয় দিৱস কোনটো দিনত পালন কৰা হয়?
উত্তৰ:৯ জনুৱাৰি।
১৬)অষ্ট্ৰেলীয়া দিৱসৰ(Australian Day) দিনা
ভাৰতীয়সকলৰ এটা বিশেষ দিৱস উদযাপিত হয়। এই বিশেষ দিনটো কি?
উত্তৰ:২৬
জানুৱাৰী,(গণতন্ত্ৰ দিৱস)।
১৭)ভাৰতবৰ্ষত National Technology Day প্ৰত্যেক বছৰে কোনদিনাখন পালন কৰা হয়?
উত্তৰ:১৮
ডিচেম্বৰ।
১৮)কৃষ্ণ’ শব্দত থকা ‘ষ্ণ’
যক্তাক্ষৰটোত ?? কোনদুটা আখৰ যোগ হৈ আছে?
উত্তৰ:ষ+ণ৷
১৯)সাৰিন্দা’কি?
উত্তৰ:বাদ্য।
২০)‘আমৈ’ শব্দৰ বিপৰীত লিংগৰ
শব্দটো কি?
উত্তৰ : তাৱৈ৷
২১)‘ল্য’ যুক্তাক্ষৰটোত কি
কি আখৰ যুক্ত হৈ আছে?
উত্তৰ:ল+য৷
২২)‘পঞ্চতন্ত্ৰৰ সাধু’ কোনে
ৰচনা কৰিছিল?
উত্তৰ:বিষ্ণু
শৰ্মা।
২৩)মহেন্দ্ৰ কন্দলি কাৰ শিক্ষাগুৰু
আছিল?
উত্তৰ:শংকৰদেৱৰ।
২৪)বাঘে কেনেকৈ মাতে।
উত্তৰ:হৌকৰে।
২৫)সহস্ৰ’ মানে কি?
উত্তৰ:হাজাৰ।
২৬)নিগাজী’ মানে কি?
উত্তৰ:স্থায়ী।
২৭)‘লণ্ডন’ শব্দটোত থকা ন্ড
যুক্তাক্ষৰটোত ?? কি কি কি আখৰ যুক্ত হৈ আছে?
উত্তৰ:ণ + ড।
২৮)অসম এখন ৰাজ্যৰ নাম৷
বাক্যটোত বিশেষ্য পদ কোনটো?
উত্তৰ:অসম।
২৯)“ৰেখাৰ চুলিকোছা
কিছকিছিয়া ক’লা”। এই বাব্যটোত বিশেষণীয় বিশেষণ পদ কোনটো?
উত্তৰ:কিছকিছিয়া।
৩০)অলপ ধতুৱা মানে কি?
উত্তৰ:ভয়াতুৰ।
৩১)ভাৰতীয় চলচ্চিত্ৰ জগতৰ
সৰ্বোচ্চ পুৰষ্কাৰটোৰ নাম কি?
উত্তৰ:দাদা চাহেব
ফাল্কে বঁটা।
৩২)কোনখন উপন্যাসক আধাৰ
হিচাপে লৈ দেৱানন্দ অভিনীত ‘গাইড’ চলচ্চিত্ৰখন নিৰ্মিত হৈছিল?
উত্তৰ:কে আৰ
নাৰায়ণনৰ দ্বাৰা ৰচিত গাইড উপন্যাসৰ আধাৰত।
৩৩)অমিতাভ বচ্চন আৰু ৰাণী
মুখাৰ্জী অভিনীত বলিউডৰ জনপ্ৰিয় ‘ব্লেক’ চলচ্চিত্ৰ কোনজন ব্যক্তিৰ জীৱনৰ দ্বাৰা
অনুপ্ৰাণিত কাহিনীৰ ওপৰত নিৰ্মিত?
উত্তৰ:হেলেন
কিলাৰ।
৩৪)‘The Bible’ নামৰ ইংৰাজী
গ্ৰন্থখন কোনে তামিল ভাষালৈ অনুবাদ কৰিছিল?
উত্তৰ:অৰুমুগানাভালাৰ।
৩৫)বিভূতি ভুষণ বেনাৰ্জীৰ
দ্বাৰা ৰচিত এখন উপন্যাসৰ আধাৰত ‘পথেৰ পাঁচালী’ নামৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাণ
হৈছিল।এই চলচ্চিত্ৰৰ নিৰ্মাতা কোন আছিল?
উত্তৰ:সত্যজিৎ
ৰায়।
৩৬)ৰাজেশ খান্না অভিনীত
প্ৰথম চলচ্চিত্ৰখনৰ নাম কি?
উত্তৰ:ৰাজ।
৩৭)হিন্দী চলচ্চিত্ৰ জগতৰ
কোনজন অভিনেতাক ‘Dadamoni’ নামেৰেও জনা যায়?
উত্তৰ:অশোক
কুমাৰ।
৩৮)সুগন্ধি পখিলা’ৰ কবি
আখ্যা দিয়া হয় কোনজন সাহিত্যিকক?
উত্তৰ:হীৰেন
ভট্টাচাৰ্য্য।
৩৯)‘অ’ কুলি, অ’ কুলি’ বুলি কুলি চৰাইক(The cuckoo bird) লৈ ৰচনা কৰা বিখ্যাত কবিতাটো কোনে ৰচিছিল?
উত্তৰ:মিত্ৰদেৱ
মহন্ত।
৪০)সৰ্বাধিক শিক্ষিত হাৰ থকা
কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি?
উত্তৰ:চণ্ডীগড়।