Assam GK in Assamese Language PART 21 | Assamese General Knowledge-Buranjipedia

 

 Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language PART 21 | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

)কোনজন ভাৰতীয় মূলৰ লোকক বিশ্ববিখ্যাত(Worldfamous) তথ্য প্রযুক্তি কোম্পানী IBM মুখ্য বিষয় হিচাপে নিয়োগ কৰা হৈছে—

উত্তৰ:অৰবিন্দ কৃষ্ণ।

)অলপতে কৰোণাত(Corona) আক্ৰান্ত হৈ মৃত্যু হোৱা ৱাজিদ খান হ’ল-

উত্তৰ:সংগীত পৰিচালক।

)কৰোনা মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ব বেংকে(World Bank) ভাৰতলৈ কিমান টকা আগবঢ়াইছে?

উত্তৰ:বিলিয়ন ডলাৰ।

)2019-20 বিত্তীয় বৰ্ষত ভাৰতবৰ্ষৰ বিকাশৰ হাৰ কিমান বুলি ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ে প্রকাশ কৰিছে?

উত্তৰ:4.2%

)ৰাষ্ট্ৰীয় শিক্ষানীতি(National education policy) যাক অলপতে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰিছেইয়াৰ প্ৰস্তুতকৰণ সমিতিৰ অধ্যক্ষ কোন আছিল?

উত্তৰ:কে কস্তুৰীৰংগণ।

)2020 জনৰ জানুৱাৰী মাহত চীন দেশৰ মহামাৰীৰ ৰূপ ধৰা ভাইৰাছবিধ হল

উত্তৰ:কৰোণা।

)আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষ(International Monitary Fund)ৰ মুখ্য অর্থনীবিদ হিচাপে নিযুক্তি পাইছে

উত্তৰ:গীতা গোপীনাথ।

)কৰোনা মহামাৰীৰ সম্ভাব্য ঔষধ বুলি প্ৰচাৰ লাভ কৰা ‘হাইড্ৰক্সিক্লৰ’কুইন’ নামৰ ঔষধবিধ বিশ্বৰ উৎপাদনৰ কিমান শতাংশ ভাৰতত উৎপাদন হয়?

উত্তৰ:70%

)কোনখন দেশ অলপতে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নির্মানকাৰী(Smartphone manufacturer) হিচাপে পৰিগণিত হৈছে

উত্তৰ:ভাৰত।

১০)বিখ্যাত লিংগৰাজ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ:ভুৱনেশ্বৰ

১১)ভাৰতৰ ছুইজাৰলেণ্ড বুলি কোৱা পাৰ্বত্য নিৱাসখনৰ নাম কি?

উত্তৰ:গুলমাৰ্গ।

১২)ৰাষ্ট্ৰীয় সংহতি দিৱস কোন তাৰিখে পালন কৰা হয়?উল্লেখ্য যে সেই দিনটোতে চীনে ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰ:২০ অক্টোবৰ।

১৩: “সন্দেছে আতি হ্যায়…”গীতটো শুনিলেই মনত পৰে জনপ্ৰিয় হিন্দী চিনেমা ব’ৰ্ডাৰ’ৰ নাম৷ এই জনপ্ৰিয় চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল?

উত্তৰ:জে পি দত্তা৷

১৪)প্ৰসিদ্ধ সংগীত শিল্পী উদিত নাৰায়ণে(Udit Narayana) প্ৰথম গীত পৰিৱেশন কৰা চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ:উন্নিছ-বিছ।

১৫)মধ্যপ্ৰৃদেশত অৱস্থিত বিখ্যাত মন্দিৰটোৰ নাম কি?

উত্তৰ:খাজুৰাহো৷

১৬)কোনখন পাৰ্বত্য নিবাসক মেঘালয়ৰ ৰাজধানী আৰু উত্তৰ-পূব ভাৰতৰ ফেছন ৰাজধানী(Fashion Capital) বুলি জনা যায়?

উত্তৰ:শ্বিলং।

১৭))ভাৰতৰ উচ্চতম ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰ:নতুন দিল্লী।

১৮)ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হয়।

উত্তৰ:২৬ জানুৱাৰী,১৯৫০ চন।

১৯)ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান?

উত্তৰ:৫ বছৰ।

২০)ভাৰতৰ জাতীয় পতাকাত থকা অশোক চক্ৰত(Ashoka Chakra) কিমানডাল দণ্ড আছে?

উত্তৰ:২৪ ডাল।

২১)ভাৰতৰ সংবিধানত বৰ্তমান কিমানটা অনুসূচী আছে?

উত্তৰ:১২টা।

২২ভাৰতত হিন্দীৰ পিছতে সৰ্বাধিক কথিত ভাষাটো কি?

উত্তৰ:তেলেগু।

২৩১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ(Indo-Pak War) অন্তত কোনখন নতুন ৰাষ্ট্ৰ গঠিত হৈছিল?

উত্তৰ:বাংলাদেশ৷

২৪ভাৰতবৰ্ষত এজন নাগৰিকে কিমান বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে?

উত্তৰ:১৮ বছৰ।

২৫)শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ফিল্মফেয়াৰ(Film fare Award) বঁটা লাভ কৰা প্ৰথমখন চলচ্চিত্ৰ কোনখন?

উত্তৰ:দো বিঘা জমিন

২৬)ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন?

উত্তৰ:হৰিশ্চন্দ্ৰ ভাটৱাডেকাৰ।

২৭)কোনখন ভাৰতীয় বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূখণ্ডৰ পৰিসীমাত স্বৰ্গৰোহিণীব্লেক পিক আদি পৰ্বতশৃংগ অৱস্থিত?

উত্তৰ:গোবিন্দ বন্যপ্ৰাণী অভয়াৰণ্য।

২৮)মুম্বাইৰ পোতাশ্ৰয়ত অৱস্থিত ওখ মুকলি প্ৰৱেশদ্বাৰটোৰ নাম কি?

উত্তৰ:ভাৰতৰ প্ৰৱেশদ্বাৰ মুম্বাই।

২৯)অলপতে ৰাছিয়াৰ 75 সংখ্যক বিজয় দিৱস পেৰেডত ভাৰতৰ কোনগৰাকী মন্ত্রীয়ে অতিথি হিচাপে অংশ লৈছিল?

উত্তৰ:ৰাজনাথ সিং।

৩০)ভাৰতৰ কোনখন ৰাজ্যই 2020 চনৰ 18 জুন তাৰিখত ‘Mask Day পালন কৰা হৈছে?

উত্তৰ:কৰ্ণাটক।

৩১)অলপতে মৃত্যু হোৱা জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুত্ৰৰ(Sushant singh Rajput) অভিনীত অন্তিমখন ছবিৰ নাম কি?

উত্তৰ:দিল বেছাৰা।

৩২)কোনখন দেশৰ যাত্রীবাহী বিমান(Passanger Aircraft) এখন ইৰাণৰ সেনাবাহিনীয়ে ভুলক্রমে গুলীয়াই ধ্বংস কৰি 176 যাত্ৰীক হত্যা কৰে

উত্তৰ:ইউক্ৰেইন।

৩৩)ভাৰতীয় অসামৰিক সেৱাৰ উচ্চতম পদটো কি?

উত্তৰ:কেবিনেট সচিব

৩৪)প্ৰতিনিয়ত শব্দৰ অৰ্থ কি?

উত্তৰ:সদায়।

৩৫)ৰমণী’ শব্দৰ একে অৰ্থৰ আনটো নাম কি?

উত্তৰ:সুন্দৰী।

৩৬)মাহাত্ম্য শব্দটোৰ ত্ম্য যুক্তাক্ষৰটোত কি কি আখৰ(letter) যোগ হৈ আছে?

উত্তৰ:ত+ম+য৷

৩৭)প্ৰতিমাৰ খনিকৰ কোন?

উত্তৰ:চন্দ্ৰকুমাৰ আগৰৱালা।

৩৮)‘অসমীয়া ভাষাৰ গঠন আৰু বিকাশ’ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ:ড° বাণীকান্ত কাকতি।

৩৯ৰজতৰঙ্গিনী গ্ৰন্থৰ ৰচক কোন?

উত্তৰ:কলহন৷

৪০কোন চনত বংগ বিভাজন হৈছিল?

উত্তৰ:১৯০৫ চনত৷


Post a Comment

Previous Post Next Post