Space and Space agencies GK in Assamese Language | Assamese General Knowledge-Buranjipedia
Space and Space agencies GK MCQs - Assam GK Questions & Answers in Assamese Language-Buranjipedia
Space and Space
agencies MCQ & General Knowledge
Here
are the Space and Space agencies MCQ & General Knowledge questions and answers for all competitive
exams) Read all these most important Space and Space
agencies MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz
in order to answer the questions :-By Buranjipedia
Space and Space agencies MCQ
& General Knowledge by Buranjipedia
১) আমি বাস কৰা তাৰকা
ৰাজ্যখনৰ নাম কি?
উত্তৰ : হাতীপটি।
২) কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয়?
উত্তৰ : পৃথিৱী।
৩) মহাকাশ (Space )ভ্ৰমণ
সম্পৰ্কীয় অধ্যয়ন কি কোৱা হয়?
উত্তৰ : এষ্ট্ৰ’নটিকাছ। (Astronautics)।
৪) মহাকাশৰ
পৰা স্পষ্টভাৱে (Man made object ) দেখা মানুহে সজা পৃথিৱীৰ একমাত্ৰ বস্তুটোকি?
উত্তৰ : চীনৰ প্ৰাচীৰ।
৫) মহাকাশত
ভ্ৰমণ কৰা পৃথিৱীৰ প্ৰথম প্ৰাণীটো(First Animal in space) কি?
উত্তৰ : লাইকা(LaYka) নামৰ এটা কুকুৰ
৬) টেলিফোন, ফেক্স, টেলিভিছন, ইণ্টাৰনেট
আদিৰ সংযোগ স্থাপনৰ বাবে কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়। এই উপগ্ৰহবোৰৰ এটা চমু
নাম আছে ; নামটো কি?
উত্তৰ : ‘ছেটকম’। (Satcom)।
৭) ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ(Rakesh Sharma) শৰ্মাই
মহাকাশ যাত্ৰাত ভাৰত ভূমিৰ অলপ মাটি লগত নিছিল। মাটিখিনি কোনখন ঠাইৰ আছিল?
উত্তৰ : দিল্লীৰ ৰাজঘাট।
৮) দীৰ্ঘদিনীয়া
মহাকাশ ভ্ৰমণৰ বাবে ৰকেটত কি ইন্ধন ব্যৱহাৰ কৰা হয়?
উত্তৰ : নিউক্লীয় ইন্ধন।
৯) মাৰ্কিন
যুক্তৰাষ্ট্ৰৰ প্ৰথম মহাকাশ ষ্টেচনটো কি?
উত্তৰ : Skylab (১৯৭৩) পতন ইংৰাজী ১৯৭৯
চনত।
১০) মঙ্গল
গ্ৰহৰ পৃষ্ঠভাগৰ ফটো লোৱা প্ৰথম মহাকাশ যানখনৰ নাম কি?
উত্তৰ : মেৰিনাৰ – ৪ (আমেৰিকা যুক্তৰাষ্ট্ৰ)
১১) ভাৰতৰ
প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
উত্তৰ : আৰ্যভট্ট
১২) ISRO ৰ
সম্পূৰ্ণ নাম কি?
উত্তৰ : ইছৰো (ISRO)
– Indian Space Research Organisation
১৩) পৃথিৱী
আৰু সূৰ্যৰ মাজৰ দূৰত্ব কিমান?
উত্তৰ : ১৫০ নিযুত কিলোমিটাৰ।
১৪) আমাৰ
সৌৰজগতখন হাতীপটি তাৰকা ৰাজ্যৰ পৰা কিমান দূৰত্বত অৱস্থিত?
উত্তৰ : ৩০ হাজাৰ আলোকবৰ্ষ দূৰত্বত।
১৫) প্ৰথম মহাকাশচাৰি গৰাকীৰ নাম কি?
উত্তৰ : ইউৰি গাগাৰিণ (১২/৪/৬১ চন)।
১৬) আমেৰিকাৰ
প্ৰথম মানৱবাহী যান খনৰ নাম কি?
উত্তৰ : ফ্ৰিডম-৭ (Freedom-7)।
১৭) মহাকাশলৈ
যোৱা প্ৰথম মহিলা গৰাকী কোন?
উত্তৰ : ভেলেণ্টিনা টেৰেস্ক’ভা
১৮) কৃত্ৰিম
উপগ্ৰহ(Artificial Satallite) উৎক্ষেপণ কৰা প্ৰথম দেশখনৰ
নাম কি?
উত্তৰ : ৰাচিয়া (১৯৫৭ চন)।
১৯) ‘ইনছেট –
১ ডি’ কৃত্ৰিম উপগ্ৰহটো কোনটো মহাকাশ ষ্টেচনৰ পৰা মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল?
উত্তৰ : কেপ কেনাভেৰাল।
২০) আমেৰিকা
যুক্তৰাষ্ট্ৰৰ মহাকাশ(NASA) গৱেষণা সংস্থাৰ সম্পূৰ্ণ
নাম কি?
উত্তৰ : National
Aeronautics And Space Administration।
২১) উপগ্ৰহ
এটাক কক্ষপথলৈ নিক্ষেপ কৰিবলৈ ব্যৱহাৰ কৰা যানখনক কি বোলে?
উত্তৰ : স্পেছ শ্বাটল।
২২) সুদূৰ
সংবেদনৰ বাবে অকলশৰীয়াকৈ ব্যৱহাৰ কৰা প্ৰথমটো উপগ্ৰহৰ নাম কি?
উত্তৰ : ERTS-1
২৩) ‘সূৰ্যহে
সৌৰজগতৰ কেন্দ্ৰ’ এই কথা বিজ্ঞান(Scientifically) সন্মতভাৱে প্ৰথম কোনে
ঘোষণা কৰিছিল?
উত্তৰ : নিকোলাচ কপাৰনিকাছ।
২৪) মহাকাশত
জ্যোতিষ্কৰ দূৰত্ব জোখা একক কি?
উত্তৰ : আলোকবৰ্ষ।
২৫) মহাকাশযান
এখনে কোনো গ্ৰহ বা চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণ এৰাই যাবৰ বাবে প্ৰয়োজন হোৱা
গতিবেগত কি কোৱা হয়?
উত্তৰ : মুক্ত বেগ বা Escape Velocity।
২৬) চন্দ্ৰ
পৃষ্ঠত প্ৰথম খোজ পেলোৱা মহাকাশচাৰী ‘নীল আমষ্ট্ৰং’(Neil Armstrong) চন্দ্ৰৰ
মাটিত কিমান সময় আছিল?
উত্তৰ : 21 ঘণ্টা 36 মিনিট 21 ছেকেণ্ড।
২৭) ৰকেট
ইঞ্জিন এটাৰ চলনত নিউটনৰ গতিসূত্ৰৰ কোনটো নীতি প্ৰয়োগ কৰা হয়?
উত্তৰ : তৃতীয় সূত্ৰ।
২৮) ৰকেট(Rocket Engine) ইঞ্জিন
এটা চলাচলৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ব্যৱস্থাটো কি?
উত্তৰ : অতি উচ্চচাপৰ গেছ(High Pressure gas) উৎপন্ন কৰিব পৰা ব্যৱস্থা।
২৯) Path-Finder কি?
উত্তৰ : মঙ্গল গ্ৰহৰ অভিমুখী এখন মহাকাশযান। বৰ্তমান ই মৃত।
৩০) টেলিসংযোগ
ব্যৱস্থাৰ বাবে কোনবোৰ কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়?
উত্তৰ : ভূ-স্থিৰ উপগ্ৰহ।
৩১) সৌৰজগতৰ
বৃহত্তম গ্ৰহানুটোৰ নাম কি?
উত্তৰ : Sirious।
৩২) পৃথিৱী
সূৰ্য্যৰ চাৰিওফালে ঘূৰে,(Earth
Orbits Sun) এই ধাৰণাটো প্ৰথম কোনে দিছিল?
উত্তৰ : গ্ৰীক জ্যোতিবিজ্ঞানী এৰিষ্টাৰ্কাছে।
৩৩) কোনটো
গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়?
উত্তৰ : মঙ্গল গ্ৰহ।
৩৪) শনিগ্ৰহৰ
দুটা আঙুঠিৰ মাজৰ খালী ঠাইখিনিক কি কোৱা হয়?
উত্তৰ : কাছিনি অঞ্চল।
৩৫) কৃত্ৰিমভাৱে
গ্ৰহ, নক্ষত্ৰৰ
স্থিতি, পৰিৱৰ্ত্তন
আদি নিখুঁট(Precisely) ভাৱে দেখুৱাবলৈ সজা
বিজ্ঞানসন্মত গৃহক কি কোৱা হয়?
উত্তৰ : তাৰকাগৃহ।